ফটাঢোল

ভিক্টৰিয়া মেমোৰিয়েল দৰ্শন – সুকুমাৰ গোস্বামী

ঘটনাৰ নায়ক আমাৰ সকলোৰে প্ৰিয় চৌধুৰী বাবু। সম্পূৰ্ণ নামটো দি এইটো লিখনি তেওঁলৈ পঠিয়াই এগালমান গালি খাই থোৱাৰ অভিজ্ঞতাৰ বাবে চৌধুৰী বাবু বুলিয়েই কাহিনী আগবঢ়ালোঁ। সমনীয়া হ’লেও স্নাতক মহলাৰ পৰা পুণাত অধ্যয়ন কৰাৰ সূত্ৰে চহৰ খনৰ বিষয়ে তেওঁৰ অভিজ্ঞতা আমাতকৈ বেছি কাৰণ আমি গুৱাহাটীত স্নাতক সম্পূৰ্ণ কৰি স্নাতকোত্তৰ অধ্যয়নৰ বাবেহে পুণালৈ গৈছিলোঁ। পুণাৰ পুৰণি ছাত্ৰ হিচাবে সকলো ক্ষেত্ৰতে চৌধুৰী চাহাব আগৰণুৱা, পিচিঅ’ বা পাণ দোকানত এক দুই লাইন মাৰাঠী কৈও কেতিয়াবা কেতিয়াবা আমাৰ দৰে নৱাগত সকলৰ মাজত চমক সৃষ্টি কৰে,

Read more

সেই দহমিনিট – মণিষা কাকতি

১ ছেপ্টেম্বৰ, ২০১৯। দেওবাৰ। আপাত দৃষ্টিত দিনটোৰ বিশেষত্ব এয়াই আছিল যে সেইদিনা মহাপুৰুষ শংকৰদেৱৰ তিথি আছিল। কিন্তু মোৰ বাবে সেই দিনটোক অন্য এটা পাহৰিব নোৱাৰা ঘটনাইহে চিৰদিন বিশেষ কৰি ৰাখিব। সেইদিনা গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা এখন আছিল। আবেলি ৩ বজাত। বন্ধৰ দিন হোৱা হেতুকে কিছু লাগতিয়াল সামগ্ৰী কিনাৰ উদ্দেশ্যে ঘৰৰপৰা অলপ সোনকালেই ওলাই গ’লোঁ। এক গুলীত দুই চিকাৰৰ পৰিকল্পনা। বজাৰ-সমাৰ কৰি ভোক লগাত ভাবিলোঁ, ভাতসাজ প্ৰেছ ক্লাবৰ কাৰ্ত্তিকদাৰ কেণ্টিনতে খোৱা যাওক। যিহেতু তালৈ যাবলগা আছেই; গতিকে লৰালৰি কৰাৰ

Read more

তাবিজ বেগ – ওমপ্ৰকাশ নাথ

: হেৰি মেধি, এ সন্ধিয়াকে এপাক মাৰিবহে আমাৰ ফালে ৷ : হয় নেকি ? এ যাম বাৰু দিয়ক ৷ পিছে ল’ৰা-বোৱাৰী আহিছে বোলে? : অঁ অঁ, এই দুপৰীয়া পালেহি… হলিৰাম আৰু ফুলমাইৰ মন আজি হলিৰ দৰে ৰঙীন আৰু ফুলৰ দৰে ফুলাম হৈ আছে৷ কাৰণ? কাৰণ ল’ৰাই বিয়া পাতি ন বোৱাৰীক নতুনে নতুনে নি যি কোৱাৰ্টাৰত সুমুৱালে, তাৰ পিছত এয়া ডেৰ বছৰীয়া ৰোমাঞ্চ শেষ কৰি দ্বিতীয়বাৰলৈ আহিছে ঘৰলৈ পুৰণা হৈ৷ গাঁৱৰ বুঢ়া-মেথাৰ মনত আকৌ সেই বাহি বিয়াৰ দিনাৰ কইনাজনীয়ে হৈ আছে,

Read more

উৰুকাৰ হাঁহ চোৰ – কাজল প্ৰিয়া

মাঘ বিহুৰ উৰুকাৰ ৰাতি। চুবুৰীয়া গোটেই পিলিঙা গেং মিলি ভোজভাত খাবলৈ লৈছোঁ। লগৰ সকলোৱে মোক ধৰিলে আমাৰ ঘৰৰ পৰা হাঁহ এটা দিব লাগিব মই। মই মায়ে খুৱাই-বোৱাই নোদোকা কৰা হাঁহ কেইটালৈ মনত পেলালোঁ। ওহোঁ! মায়ে ভোজত মোকেই পুৰি খাবলৈ দিলেও হাঁহ নিদিয়ে মই ভালকৈ জানো।বহুত সময় ধ্যানত বহাৰ পিছত ঋষি মুনিৰ দৰে গম্ভীৰ সুৰত ক’লো লগৰবোৰক : হাঁহ খাৱ যদি চুৰ কৰিব লাগিব। সকলো মান্তি হ’ল, ঠিক হ’ল মোৰ সৈতে মৌচুমী আৰু প্ৰাঞ্জল যাব। মাষ্টাৰ প্লেন মই বনালো। নিজৰ ঘৰত

Read more

দুৰ্গা পূজাৰ লটিঘটি – অনুৰূপ মহন্ত

: ৰুক চালে….ৰুক : কাহা ভাগ ৰহা হেই চালে..ৰুক মই প্ৰাণৰ কাতৰে পূজা চাবলৈ অহা মানুহৰ ভিৰ ফালি ফালি আগে আগে দৌৰিছোঁ…কেৱল দৌৰিছোঁ আৰু পাছে পাছে চি.আৰ.পি.এফৰ যোৱান এজনে অনা অসমীয়া গালি এসোপা পাৰি পাৰি হাতত মস্ত বেত এডাল লৈ মোৰ পিঠি বহল কৰোঁ কৰোঁ কৈ খেদি আছে। ঘটনাটো আজি কিছু বছৰ আগৰ। স্কুলীয়া জীৱন সামৰি কলেজত ভৰি দিয়া সময়ৰে। লগৰ ল’ৰাৰ লগত ময়ো গৈছোঁ দুৰ্গা পূজা চাবলৈ। আমাৰ বাবে পূজা মণ্ডপত পূজা কৰাতকৈ পূজা উপলক্ষে আয়োজন হোৱা মেলা চোৱা,

Read more

ৰাস – এক নষ্টালজিয়া : কমলা দাস

ৰাস বুলি ক’লে এতিয়াও নষ্টালজিক হৈ পৰোঁ! আমি সৰু থাকোঁতে আমাৰ ঘৰৰ ওচৰতে ৰাস থলীখন হোৱা বাবে পাঁচ দিনীয়া ৰাসত প্ৰতি দিনেই গৈছিলোঁ । ৰাসৰ জিলাপী, বেলুন, নাগৰ দোলা আৰু খাৰু মনি আদিৰ আকৰ্ষণত এদিনো নোযোৱাকৈ থাকিব নোৱাৰিছিলোঁ। তাৰ ভিতৰত মুখ্য আকৰ্ষণ আছিল চিনেমা আৰু থিয়েটাৰ চোৱা। কেতিয়াবা আইতাৰ লগত যাত্ৰা পাৰ্টিও চাইছিলোঁ। (আমি খোলা গান বুলি কৈছিলোঁ) ডালমুগ চোবাই চোবাই মাটিত ধানখেৰৰ ওপৰত বহি খোলা গান চোৱাৰ মজাই বেলেগ আছিল! পিছে প্ৰায়েই নাটক আধা মান চোৱাৰ পাছতেই টোপনিয়ে হেঁচা

Read more

বিদ্যাসাগৰ – পার্থপ্ৰতীম চৌধুৰী

দীপক সৰুৰে পৰাই অলপ জধলা ধৰণৰ৷ নতুন কাপোৰজোৰ পিন্ধিলেও যেন কিবা পুৰণি এজোৰহে পিন্ধিছে তেনেকুৱা লাগে৷ প্ৰায় প্ৰতিবাৰেই পূজাৰ সময়ত লগৰবোৰে সুধে, : এইবাৰ নতুন কাপোৰ নললি? আনকনো কিমান ক’ব এই নতুন কপোৰজোৰ দেউতাকে পূজা বুলিয়েই আনি দিছে৷ সেইবাবেই ক্লাছ নাইনত পঢ়ি থাকোঁতেই দীপকে দেউতাকক ক’লে, : দেউতা, এইবাৰ পূজাত নতুন কাপোৰ নালাগে দিয়া৷ মোৰ কেইবাজোৰো ভাল কাপোৰ আছেই৷ শিক্ষক দেউতাকেও ভালেই পালে, যে ল’ৰাটোৱে কম বয়সতে বাহ্যিকতা পৰিত্যাগ কৰিব পাৰিছে৷ সেইবাৰ তেওঁ পূজাৰ সময়ত দীপকক কেইবাখনো কিতাপ কিনি দিলে৷

Read more

অহা-যোৱা – মাতু কুকুৰাচোৱা

আজি ৰহিলা খুৰীৰ মনত অপাৰ আনন্দ… পুৱাই বিছনাৰপৰা উঠিয়েই লৰা-লৰিকৈ কামবোৰ কৰি গাটো পুখুৰীতে জোবোৰা মাৰি আহি ৰঙা চাহ পানী বাটিৰ লগতে ভজা পিঠা মিঠৈ এটা খাই কোবাকুবিকৈ পাকঘৰত সোমালে।আনন্দ লাগিবৰে কথা… ক’ত দিনৰ পাছত আজি চহৰলৈ যাব… আগতে কেতিয়া গৈছিলে ভালকৈ মনতেই নপৰে। যিমান পাৰে সোনকালে পাকঘৰৰ কাম সামৰি আগদিনাই বাকচৰপৰা উলিয়াই থোৱা মুগা মেখেলা আৰু পাৰি দিয়া ভইলৰ চাদৰখন পিন্ধি দদাইক ক’লে  : হেৰি মই ভাত-পানী সব ঠিক কৰি থৈছোঁ,লৈ খাব দেই। মই বাইদেউৰ ঘৰলৈকে যাওঁ। তেওঁ আকৌ

Read more

ৰমা মেধিৰ বিলৈ – বৰ্ণালী ফুকন

ইংৰাজী গানৰ লহৰত কঁপি কঁপি বাজি থকা ফোনটোলৈ ৰমা মেধিয়ে অৱজ্ঞাৰে চালে৷ দুই-এদিনতে ৰমা মেধিৰ বয়সে ষাঠি চুব৷ ৰমা মেধিৰ আজিকালি ফোনটোৱে সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে৷ ভিতৰলৈ চাই চিঞৰি জীয়েকে শুনাকৈ ঘৈণীয়েকক কʼলে – :হৌৰা! অথনিৰ পৰা ফোনটোৱে বেবাই বেবাই নাচি আছে জীয়েৰাক ধৰিবলৈ নোকোৱা কিয়? মেধিয়ে ক্লাছ এইটত পঢ়া জীয়েকক ফোন এটা দিব পাৰিলেও দিয়া নাই৷ তেওঁৰ ধাৰণা, নিজাববীয়াকৈ ফোনটো পালে তাইৰ দৰে বয়সত পঢ়াতকৈ ম’বাইলটোতহে আগ্ৰহ বেছি হʼব৷ ফোনটো বাজি বাজি বন্ধ হ’ল, কিন্তু ভিতৰৰ পৰা কোনো ওলাই

Read more

লটিঘটি – ডলী তালুকদাৰ

: হেৰা, আহা ভাত হ’ল৷ মানুহজনৰ মাতটোত মই ধহমহকৈ সাৰ পালোঁ৷ ছেঃ! বহু দেৰি হ’ল চাগে৷ চুলিকোছাৰ সাঠন লগাই মই বিছনাৰ পৰা ঠিক নামিব লওঁতেই কথাটো মনত পৰিল৷ অ’, ভাত কিয় খাম মই? মই খঙ কৰিহে বিছনাত পৰিছিলোঁ৷ : নাখাওঁ মই ভাত৷ সেইসোপা তুমিয়েই খোৱাগৈ৷ : নহয়য় মানে ভুল হৈ গ’ল অলপ৷ আচলতে চিঠিখনো যে হেৰুৱালোঁ৷ দিনটো একেবাৰে পাহৰি গ’লোঁ৷ হ’ব দিয়া, এনে ভুল আৰু নকৰোঁ৷ মানুহজনে সেমেনা-সেমেনিকৈ ক’লে৷ মই একো এটা উচ্চাৰণ নকৰি বিছনাত বহি থাকিলোঁ৷ মানুহজনে আৰু দুবাৰমান

Read more
1 36 37 38 39 40 70