ফটাঢোল

ডেয়াৰিং – লুনা বৰা

সি থিয় গঢ়াটোৰ পৰা তললৈ জুমি চালে। ইমান দ। মূৰটো ঘূৰোৱা যেন লাগিল। তাৰ উদ্দেশ্যটো পূৰণ হ’ব চাগে। পানীৰ সোঁত আছে। ওপৰৰ পৰা পৰি গ’লে, উটি যাব নে খামুচিবলৈ ঠাই পাব…!! সি ভাবিলে। অলপ ইফাল সিফাল কৰি সি নিজৰ বাবে সঠিক ঠাই কণ বিচাৰিলে। ওহো, ইয়াৰ পৰা নহ’ব, পানীখিনি দেখাই নাপায়, নিমিলিব, অলপ তললৈ নামি গ’লে সহজ হ’ব৷ সি মনতে ঠিক কৰিলে৷ নমাৰ আগতে ডিঙি মেলি দূৰলৈ চাই পঠিয়ালে৷ কিছু আঁতৰত তাৰ লগৰ দুটাই মোবাইলত কিবা চোৱাত ব্যস্ত। সি কি

Read more

চুক্তি বনাম চুক্তি – নীহাৰিকা শইকীয়া বৰা

শাৰদীয় দূৰ্গাপূজা সমাগত। চহৰৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ সংস্কৃতৰ শিক্ষক প্ৰদীপ বৰুৱা আৰু মিচেছ বৰুৱানীয়ে গৰম গৰম জেলেপীৰে আবেলিৰ চাহকাপ খাই বাৰাণ্ডাতে বহিছে। বাটত অলেখ মানুহৰ সমাগম। মিচেছ বৰুৱানীৰ আকৌ এইবোৰ বৰ প্ৰিয়। যেনে ধৰক পূজাৰ উখল-মাখল, বজাৰ-সমাৰ, অফাৰত দিয়া শাৰী, চেণ্ডেল আদি চোৱা লগতে কিনা কিন্তু ল’ৰা-ছোৱালী তিনিটা ডাঙৰ ডাঙৰ হৈ সমনীয়াৰ লগত ফুৰিব পৰা হোৱাৰ পৰাহে আজিকালি পূজা বিহু বুলি বৰকৈ নোলোৱা হ’ল। দীপু, নিকু আৰু মাজনী -তিনিওটা এতিয়া বহু ডাঙৰেই বুলিব পৰা হ’ল। দীপু যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালযৰ ফাইনেল

Read more

জীৱনৰ ৰং – ৰূপজ্যোতি নাথ 

মঞ্চৰ ওপৰত থকা মাইক্ৰ’ফোনৰ আগত ঠিয়হৈ বিভিন্ন ঠাইৰ পৰা অহা কবিসকলে পাঠ কৰি যোৱা প্ৰতিটো কবিতাকেই গভীৰভাৱে ৰসাচ্ছাদন কৰি আমাৰ কবি মহোদয় আপ্লুত হৈ পৰিছে৷ কবিতা বুলিলে পাগল নহলেও কবি সন্মিলনলৈ গলে নিজৰ ভাগৰ কবিতা এটা পাঠ কৰাৰ সুযোগ এটা লাভ কৰাৰ লগতে বিদ্বত মহলৰ সতে কিছু অন্তৰঙ্গ আলাপ কৰাৰো সুবিধা এটা লাভ কৰিব পাৰি৷ অৱশ্যে এনেবোৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকিলে নিজৰ সামাজিক স্থিতিটো‍ও অলপ উত্তৰণ হোৱা বুলি আমাৰ কবি মহোদয়ে অনুভৱ কৰে৷ নহ’লেনো দূৰ-দূৰণিৰ পৰা কবি সন্মিলনত উপস্থিত থাকিবৰ

Read more

গান গোৱাৰ বাসনাৰে এদিন – বৰ্ণালী চৌধুৰী

কলেজত তেতিয়া উচ্চস্বৰত মাইক্ৰফোন বাজি আছিল। ছোৱালীবোৰে হলৰ ভিতৰত প্ৰৱেশ কৰিছিল। মই তেতিয়া কলেজত একেবাৰে নতুনকৈ সোমাইছোঁহে মাথো। এইখিনিতে মই উল্লেখ কৰিব খোজোঁ যে চুচুক-চামাক ভাৱ এটা মোৰ ক্ষেত্ৰত বিৰাজমান।তথাপিও নিজকে প্ৰবোধ দিওঁ যে, এতিয়া মই কলেজ এখনত সোমাইছোঁ। এই ভাৱটো মনলৈ অনাৰ লগে লগে অলপ হ’লেও সাহসটো বাঢ়ে দিয়কচোন। চাওকচোন আৰম্ভণি কেনেকৈ কৰিলোঁ আৰু এতিয়া নিজৰ বিষয়েহে জাহিৰ কৰিব ধৰিছোঁ। এতিয়া আচল কথালৈ আহোঁ। দৰাচলতে সিদিনা আমাৰ কলেজত প্ৰগ্ৰেম এটা আছিল। সাধাৰণতে কলেজত কিবা এখন মিটিং হ’লে ছাত্ৰীসকলৰ বাহিৰেও

Read more

মোৰ গীতৰ ইতি ভব – অংকুমণি ডেকা

শিৰোনামাটো দেখি ধৰিব পাৰিছে চাগে এই অমুকীয়ে এসময়ত গীতৰ জগতখনত বৰ বেয়াকৈ মানে, একেবাৰে ধমহকৈ পিচলি পৰিলে যে দুখ পায় তেনে সমান লাজ পাই থৈছোঁ। কথাটো মোৰ বৰ্তমানৰ বয়সৰ হিচাপত মোৰ মধ্যযুগটোত পৰিব। এদিন ইতিহাসৰ পাতত স্মৃতি বুটলি থাকোঁতে মনলৈ আহিল কথাখিনি, একদম চিনেমাৰ ৰিলৰ দৰেই। সেই সময়ত মই আমাৰ চকটোৰ যি প্ৰতিযোগিতা হয় সকলোতে অংশগ্ৰহণত পাকৈত৷ দেউতাও সেই ক্ষেত্ৰখনৰ লগত জড়িত থকাত ভয় নাছিল। এনেকে পুৰষ্কাৰ নোগোটোৱাও নহয়৷ কবিতা আবৃত্তিত মুঠতে পুৰস্কাৰটো কাকো নিবলৈ নিদিওঁ। এনেকে গৈ মানে মোৰ

Read more

চানগ্লাছ – চিত্ৰলেখা দেৱী 

আজিৰ পৰা পাঁচ বছৰ মানৰ আগৰ কথা৷ মোৰ সোঁ-চকুটোত বেয়াকৈ কিবা ইন্‌ফেকচন হৈ মণিত ঘাঁ লাগি গ’ল৷ ডাক্তৰে অন্য চিকিৎসা কৰাৰ উপৰিও ৰাতিপুৱাৰেপৰা বেলি পৰালৈকে চানগ্লাছ পিন্ধি থকাটো কম্পালচৰি কৰিলে। আমাৰ শ্ৰীমানে আনি দিয়া চানগ্লাছযোৰ সেই দিনাৰেপৰা পিন্ধিবলৈ লাগিলোঁ। ইয়াৰ আগতে মই চানগ্লাছ পিন্ধা নাছিলোঁ। এতিয়া পিন্ধা দিনাৰেপৰা বতৰ ডাৱৰীয়া হ’বলৈ ধৰিলে। এনেয়ে ঠাণ্ডাৰ দিন, তাতে যদি বৰষুণ এজাক দিয়ে কিমান ঠাণ্ডা হ’ব? বাকচৰপৰা চবৰে ডাঠ ডাঠ চুৱেটাৰবোৰ উলিয়াই থ’লোঁ। সেইকেইদিন চকুৰ অসুখৰ বাবে স্কুলৰ পৰা ছুটি লৈ আছোঁ বাবে

Read more

পিতৃসত্য – গুঞ্জৰ দাস

যেনেকৈ দেশতকৈ মোমাই ডাঙৰ নহয়, তেনেকৈয়ে সফ্ৰীআমতকৈ (মধুৰীআমতকৈ) প্ৰেম ডাঙৰ নহয়! ১৯৯৯ চনৰ জুলাই মাহ৷ শিলচৰ ক্ষেত্ৰীয় অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ষান্মাসিক বিৰতি৷ একেই সময়তে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ গৰম বন্ধ (তেতিয়ালৈকে semester/trimester break অহা নাই)৷ আজিৰ দিনত হ’লে যেন গাখীৰতে মহৰ খুটি৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই সময়ত না আছিল মোবাইল ফোন অথবা না আছিল ঘৰে ঘৰে লেণ্ডলাইন ফোন৷ যদি প্ৰেয়সীয়ে খবৰ পঠিয়াইছে যে অমুক তাৰিখত লগ ধৰিব লাগিব তেন্তে সেয়া পাত্থৰ কী লকীৰ৷ নহ’লে পুৰা গৰম বন্ধ বৰবাদ হোৱাটো খাটাং৷ তেনেকুৱা এটি

Read more

কমিনাপন – ৰমেন কুমাৰ দাস

শৰতৰ পৰশত শেৱালী ফুলক বা নুফুলক নৈৰ পাৰত কহুৱাই হাত বাউল দি মাতক বা নামাতক আমিতো ‘বাবা বিশ্বকৰ্মা’ৰ দিৱসটো পালন কৰিবই লাগিব ন। দিনৰ ভাগত পূজা ৰাতি পাৰ্টি, তাৰ মাজে মাজে নাচ… আৰু বহু কিবা কিবি। তাৰ মাজতে নিউজ চেনেলকেইটাই সৰস্বতী পূজাত সৰস্বতী দেৱীক বিচৰাৰ দৰে আমাৰ মাজতো বিশ্ব খনিকৰৰ সন্ধান কৰিবহি। ৱাহ…গুৰু…ৱাহ…! কি মস্তি…! বিশ্বকৰ্মা পূজা বুলিলে মোৰ ওচৰত ইঞ্চুৰেঞ্চ ফেইল হোৱা ক’লা ধোঁৱা মৰা বুঢ়া বাইকখন আৰু দোকানত স্ক্ৰু-ড্ৰাইভাৰ দুডালমান। সেয়াই মোৰ ওচৰত বিশ্ব খনিকৰৰ অৱদান। অইন বেলিৰ

Read more

স্মৃতি – ৰিতন বৰা

পূজাৰ বতৰ । সৰুতে পূজাত ৰাতি ৰাতি ঘৰৰ ডাঙৰ মানুহৰ লগত বাগান শ্ব’ চোৱাৰ আমেজেই সুকীয়া। চিনেমাৰ এক্টৰসকলক চিনি নাপালেও তেতিয়া চিনেমাৰ কাহিনীটো আচল কথা আছিল । আৰু এটা কথা, বেছিভাগ চিনেমা একেজন এক্টৰৰ ( মানে ধৰক অমিতাভ বচ্চনৰ দুই /তিনিখন, ধৰ্মেন্দ্ৰ, জিতেন্দ্ৰৰ দুই /তিনিখন ) আনিছিল বাবে সদায় সদায় একেজন মানুহকে দেখি ভাবিছিলোঁ, চিনেমাখন চাগেʼ টুকুৰা-টুকুৰকৈ দেখাইছে। কেতিয়াবা এক্টৰকেইটাক একোটা নিজৰ নাম দি লৈছিলোঁ। যেনে, অমিতাভ বচ্চনক বাওঁহতীয়া, ধৰ্মেন্দ্ৰক “গগলামাতীয়া”, অৰ্থাৎ মাতটো গল্‌গলীয়া । তদুপৰি পূজাৰ স্থলীত অস্থায়ীভাৱে দিয়া

Read more

‘চাবধান’-বিশ্ৰাম! – জ্যোতিৰূপম দত্ত

মোৰ এটা প্ৰিয় কাম হ’ল ‘ঘুমটি মাৰা’! মানে শোৱা! সাধাৰণভাৱে শোৱা নহয়, ফষ্টি মাৰি শোৱা৷ মানে আমাৰ বৰপেটীয়া দোৱানত ‘ধিচমল্লা দি ঘুমো’! মই একেবাৰে কুম্ভকৰ্ণৰ দৰে শুই থাকি বৰ ভাল পাওঁ৷ শোৱা সময়ত নাকৰ শব্দও বাৰুকৈয়ে হয়৷ যতে ততে শুব পাৰো৷ শুবলৈ বিছনাও নালাগে, চকী-চোফা কিবা এখন হলেই হৈ যায়৷ সময়-অসময় নাই, বিছনাত পৰিলেই চকুৰ পতা জাপ খাই শৰীৰটো আঠুভঙা ‘দ’টোৰ দৰে হৈ যায়৷ বাৰু যি নহওক, মোৰ বাবে টোপনিৰ সমান একোৱেই নাই! বহুদিন আগৰ কথা৷ মই মোৰ বৰ্তমানৰ সহধৰ্মিনী

Read more
1 37 38 39 40 41 70