ফটাঢোল

কলিকতাত লটিঘটি – কংকনা মহন্ত

১৯৯৫ চন মানৰে কথা। আজিকালি পুৰণা কথা বৰকৈ মনত পৰে। এইটো হেনো বুঢ়া হোৱাৰ লক্ষণ। তেতিয়া আমি নাগালেণ্ডৰ তুলিত থাকোঁ, তাৰ পেপাৰমিলত।এওঁৰ হঠাৎ কলিকতাত অফিচৰ এখন মিটিং ওলাল। ল’ৰাৰ পৰীক্ষা শেষ, গতিকে আমিও লগতে ওলালোঁ।আমি কামৰূপ এক্সপ্ৰেছত গৈছোঁ আৰু চল্টলেকৰ পেপাৰমিলৰ গেষ্টহাউচত থকাৰ ব্যৱস্থা। ৰেলত কুউ..ঝক্‌ঝক্‌ কৰি গৈ আছোঁ। মনত ফূৰ্তি! ফুৰিম, বজাৰ কৰিম। এওঁৰ মিটিং অলপ সময়ৰ কাৰণে। সব প্লেনড্। ৰাতিপুৱা সাতটাত হাওৰাত নামি চিধা গেষ্টহাউচত আমাক থৈ এওঁ অফিচলৈ যাব আৰু আবেলি আমি ফুৰিবলৈ ওলাই যাম। এনেই নকয়

Read more

গুৱাহাটীৰ পৰঠা – সুকুমাৰ গোস্বামী

আজিকালিৰ ল’ৰা ছোৱালীক মাক দেউতাকে হৰেক ৰকমৰ খাদ্য সম্ভাৰেৰে টিফিন বনাই স্কুললৈ পঠিওৱা দেখিলে মনত পৰে আমাৰ দুৰ্দশাগ্ৰস্ত শৈশৱৰ কথা। ৫ম শ্ৰেণীৰপৰা সপ্তম শ্ৰেণীলৈ আমাৰ দৈনিক ভাট্টা আছিল ১ টকা, অষ্টম নৱমত ২ টকা আৰু দশম শ্ৰেণীত ৩ টকা। ভাট্টাৰ পৰিমাণ নিৰ্ধাৰণ হৈছিল জিণ্টু হোটেলৰ পৰঠাৰ দামৰ লগত। লেইজাৰ মানেই জিণ্টু হোটেলৰ পৰঠা অথবা কেতিয়াবা কেতিয়াবা ৰমেনৰ দোকানত পোৱা ত্ৰিভুজ আকৃতিৰ মাজত ক্ৰিম থকা এবিধ পাওৰুটি, যাৰ নাম ৰমেন দোকানীয়ে কোৱা মতে হংকং আছিল। প্ৰৱেশিকা পাছ কৰিলো কিন্তু ভাট্টাৰ পৰিমাণ

Read more

সৈনিক স্কুলৰ মধুৰ স্মৃতি – ডাঃ ৰঞ্জন কুমাৰ দাস

লিখাত অমুকা ইমান পাকৈত নহয়। লিখা অভ্যাসো ইমান নাই তথাপি চেষ্টা এটা কৰিলোঁ‌। অৰ্দ্ধাঙ্গিনীয়ে কাঢ়াকৈ কৈছে এইবাৰ মই কিবা এটা লিখিবই লাগিব তাকো ব্যঙ্গ। কিন্তু ব্যঙ্গ লিখা ইমান সহজ জানো? ভাবি গুণী ঠিক কৰিলোঁ‌ স্কুলীয়া দিনৰে মধুৰ কিন্তু মনত পৰিলে আজিও হাঁহি উঠা কেইটামান স্মৃতিকে লিখোঁ‌। ১৯৮৫ চনত সৈনিক স্কুলত ক্লাছ চিক্সত নাম ভৰ্তি কৰিলোঁ‌। হোষ্টেলত থাকিবলৈ আৰম্ভ কৰিলোঁ‌। সৈনিক স্কুলৰ নিয়ম অনুসৰি ৰাতিপুৱা পাঁচ বজাত শুই উঠি মুখ হাত ধুই পি.টি.ত ভাগ ল’ব লাগে সকলোৱে।তাৰপিছত সাত বজাত ৰুমলৈ আহি

Read more

বান্ধৱী সংবাদ – বৰ্ণালী চৌধুৰী

পঢ়ি থকা সময়ৰ কথা। আমি তেতিয়া পুণেত এম. এ পঢ়িবলৈ গৈছিলো। হোষ্টেলত নাথাকি আমি কেইজনীমান ছোৱালী ভাৰাঘৰত থাকিবলৈ লৈছিলো। প্ৰত্যেকটো ৰূমত দুজনীকৈ আছিলো। মোৰ কাষৰ ৰূমত থকা এজনী ছোৱালীৰ ৰূমমেটলৈ বিৰাট ভয়। কাৰণটো আছিল প্ৰতিটো কথাতে তাই ৰূমমেটৰ মতে চলিব লাগে। ৰূমমেটৰ মতে ইমান দূৰলৈ আহিছোঁ যেতিয়া আমি পঢ়ি থকা উচিত। ইপিনে সেই বিশেষ বান্ধৱীজনী মেধাৱী যদিও বেছি সময় পঢ়ি থকা ধৈৰ্য্য তাইৰ নাই। তাৰ বাহিৰে বাকী সময়খিনিও তাইক প্ৰতিটো কথাতে তাই অনুসৰণ কৰি থাকিব লাগে। এনেকৈয়ে তাইৰপৰা অকণমান সময়

Read more

ৰোল নম্বৰ ২ – নিতাশ্ৰী নেওগ

দুহেজাৰ তেৰ চনৰ কথা। কলেজলৈ নতুনকৈ গৈছোঁ। এমাহমান হ’বলৈ তেতিয়াও কিছুদিন বাকী আছেই।কিন্তু মোৰ লগত এইকেইদিনতে এনেকুৱা এনেকুৱা মানে ভাস্কো দাৰ ভাষাৰে ক’বলৈ গ’লে ডিজাইন ডিজাইন ঘটনা ঘটিছে নহয় মই মানে কলেজত ফেমাছেই হৈ গৈছোঁ। অৱশ্যে মই আগৰে পৰাই এনেকুৱা ডিজাইন ডিজাইন ঘটনাৰে সকলোৰে মনোযোগ আকৰ্ষণ কৰাত ওস্তাদ। কিন্তু ইমান কম দিনতে এনেকুৱা অভিজ্ঞতা হোৱা নাছিল৷ মোৰ এই জনপ্ৰয়তাৰ দৌৰ আৰম্ভ হৈছিল সেইদিনা যিদিনা এজন ছাৰে কিবা অংক পঢ়াওঁতে (অ নহয় ইংৰাজীৰহে কিবা অংক এটা আছিল হ’বলা )এখন গাড়ীৰ দাম

Read more

কিয় খালোঁ বাৰু ঘটং – ভাস্কৰ বৰডেকা

অষ্টম শ্ৰেণীত পঢ়ি থকাৰ সময়ৰ ঘটনা৷ প্ৰাইভেট স্কুলত পঢ়িছিলোঁ যদিও অংকত টিউচন ল’বলগীয়া হৈছিল৷ গ্ৰুপ টিউচন, ল’ৰা-ছোৱালী একেলগে, উৰনীয়া মন, এজনীৰ প্ৰেমত পৰি গ’লোঁ নহয়৷ কিন্তু একপক্ষীয়৷ মই পঢ়া স্কুলখনত মোৰ দূৰ সম্পৰ্কীয় ভাই এজনৰো তাইলৈ মন লাগিছিল৷ সি গম পালে যে মই তাইৰ লগত টিউচন কৰোঁঁ৷ সি তাইক পটাই দিবলৈ খাটনি ধৰিবলৈ ধৰিলে৷ বিনিময়ত মোৰ তাৰ নাটকত এটা পাৰ্ট দিব বুলি কওঁতে মান্তি হ’লোঁ৷ কিন্তু, সি মোক পোষ্টমেন বনালে৷ ময়ো মোৰ নামটো এডিট কৰি তাইক চিঠি দিবলৈ ল’লোঁঁ৷ পজিতিভ

Read more

অনিমন্ত্ৰিত অতিথি – ধূৰ্জ্জুটি কাকতি

ল’ কলেজৰ ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছিলোঁ‌৷ ক্লাচ আবেলি হৈছিল। এদিন কলেজলৈ গৈ গম পালোঁ‌ আমাৰ লগৰ এজনীৰ বিয়া৷ লগৰ মানে ক্লাচৰহে লগৰ। মাত বোল কেতিয়াও হোৱা নাই৷ বিয়াত আমাক মতাও নাই৷ তেতিয়া আকৌ কলেজীয়া দিন, বিয়া খাই বৰ ভাল লাগে৷ যি নহওক বিয়াত মতা নাই যেতিয়া কিনো কৰিম, মনৰ আশা মনতে লৈ থাকিলোঁ‌। গধুলি দেখিছোঁ‌ বিয়াত মতা ভাগ্যবান ল’ৰা কেইটাই ভাল ড্ৰেছ পাতি কৰি আহিছে৷ আমাৰ আগত পুৰা ভিআইপিৰ দৰে ভাও এটা দিছে। সিহঁতি কলেজৰ পৰা চিধা বিয়ালৈ যাব৷ এনেতে

Read more

চেনি খোৱাৰ লটি ঘটি – ডলী তালুকদাৰ

কোৱা হয় মানুহৰ জীৱনৰ আটাইতকৈ মধুৰ সময় হ’ল শৈশৱ। নিৰ্দোষ ধেমালি, প্ৰাণখোলা হাঁহি, ৰং-ৰহইচ আৰু নজনাটো জনাৰ আগ্ৰহ। হয়তো জীৱনৰ মিঠা সোঁৱৰণীখিনি শৈশৱৰ মাজতে বিচাৰি পোৱা যায়। মোৰো বহুতো মিঠা সোঁৱৰণী মোৰ শৈশৱৰ মাজত আজিও বিচাৰি পাওঁ। আজিও মোক কিছুমান স্মৃতিয়ে মনটো ভাল লগায় দিয়ে। সাধাৰণতে মই শান্ত শিশুৰ শাৰীতে পৰিছিলোঁ‌। উৎপাত, কাজিয়া এইবোৰ নকৰিছিলোঁ‌। স্কুললৈ নিয়মীয়াকৈ গৈছিলোঁ‌। অংকৰ বাহিৰে আটাইকেইটা বিষয়ে ভাল পাইছিলোঁ‌ পঢ়িবলৈ। ছাৰ বাইদেউসকলৰো প্ৰিয় আছিলোঁ‌। কিন্তু তথাপিও তাৰ মাজতে কিছুমান আচৰিত কাম কৰিছিলোঁ‌। অলপ অভঙো আছিলোঁ‌।

Read more

মিছাভেম – কাবেৰী মহন্ত

কলেজৰ পৰা আহিয়েই চোফাখনত ফাইলটো আৰু ডাইনিং টেবুলৰ চকীত কোটটো ওলোমাই থ’লোঁ। জোতাযোৰ ওচৰতে খুলিলোঁ‌ যদিও শ্বু ৰেকটো চাৰিফুটমানহে আঁতৰত। দেখিও নেদেখাৰ দৰেই তাতেই জোতা পেলাই চেণ্ডেলযোৰ ভৰিত সোমোৱাই চোঁ‌চৰোৱাৰ শব্দৰ তালে তালে বেডৰুমত সোমালোহি। নিয়াৰিকৈ পাৰি থোৱা বেডশ্বিটৰ ওপৰত এটা এটাকৈ টাই, চাৰ্ট, বেল্ট দলিয়াই গ’লোঁ‌ ..যিমান পাৰোঁ‌ কৰ্তৃত্বৰ মাতষাৰ উলিয়াই মাত দিলোঁ‌ “মোৰ টাৱেলখন ক’ত?” ভিতৰৰ পৰা অলপ বিৰক্তিৰে ভৰা মাত এষাৰ আহিল.. “সদায় য’তেই থাকে তাতেই আছে, চাওকচোন।” কঁকালত হাত দুখন থৈ একে ঠাইতে থিয় হৈ ডিঙিটো

Read more

পাকঘৰৰ সুন্দৰ পৰিৱেশ – দিম্পল কলিতা

খাদ্যৰ সুন্দৰ পৰিৱেশ এটা দেখিছিলোঁ ৰন্ধন গ্রুপ এটাত। ফকটিয়াত পালে বহুত খোৱা মানুহ আৰু নিজে খুৱাব লাগিলে আকৌ পেট বেয়াৰ এক্টিং কৰা মানুহ গতিকেই বুজিছে নহয় মোৰ মিতব্যয়ীতা। সেই গ্রুপটোত মাক সুমুৱাই দিম বুলি ভাবিছিলোঁ‌ অন্ততঃ পাপাক অৰ্ডাৰ দি ফটো দেখুৱাই খানা বনাবলৈ দিব পাৰিব। পাপাৰ আকৌ হাতখন বৰ লক্ষ্মী যিয়েই নবনাওক সোৱাদ সাংঘাটিক হয়। সৰুৰে পৰা পাপাক দেখি দেখিয়েই চাগে মোৰও পাকঘৰৰ প্ৰতি প্ৰেম এটা হৈছে। এদিন ভাবিলোঁ‌ ৰন্ধন গ্রুপটোৰ সদস্য হৈছোঁ যিহেতু মোৰ খানা বনোৱাৰ টেলেণ্ট সকলোকে দেখুৱাও,

Read more
1 41 42 43 44 45 70