মানিক দেউৰ টিকনিডাল – প্ৰান্তৰ ভাগৱতী
আশীৰ দশকৰ প্ৰথম ভাগৰ কথা। আমি আঠ দহ বছৰীয়া। সেই সময়ত আমাৰ অঞ্চলত মানিক দেউৰ বেলেগ ডিমাণ্ড। মানিক দেউ মানুহজনো সৰবৰহী। মিঠা বৰণীয়া শীৰ্ণকায় শৰীৰ, পিন্ধনত ধুতী- পাঞ্জাবী, মুখত ধেমেলীয়া হাঁহি।পাতল চুলিকোছাৰ পিছফালে দীঘল টিকনি এডাল । এই বোলে পূজা এভাগ হে পাতিব লাগে,বিদ্যালয়ত সৰস্বতী পূজা, বিয়াৰ দিন চোৱা,অন্নপ্ৰাশন,ঘৰ লোৱা, দোকান লোৱা, কোনোবা ছোৱালী পুষ্পিতা হ’ল – যোগ কি পৰিল ? পতি হিতা নে পতিহীনা নে বেশ্যা নে আৰু কিবা কিবি !!! দান কি দিব লাগিব ; ৰাজহাঁহ এযোৰ নে
Read more