ফটাঢোল

ব’লা বিয়াখন পাতো-হিমাংশু ৰাজখোৱা

‘তুমি মোক ভালপোৱা?’ ‘পাওঁ৷’ ‘খুব?’ ‘খুউব৷’ ‘বহুত?’ ‘বহ…হুত৷’ ‘তেন্তে বলা না, বিয়া কৰাই পেলাওঁ!’ ‘মই টো বিয়া নহওঁ বুলি কোৱা নাই!’ ‘তেন্তে বাধা কি আছে?’ ‘একো বাধা নাই।’ ‘তেন্তে বিয়াখন পাতি দিওঁ দিয়া।’ ‘ঠিক আছে…কিন্তু থাকিম ক’ত?’ ‘হম্‌…, নতুন ভাড়া ঘৰ এটা ল’ব লাগিব।’ ‘ঠিক। ইমান পইচা কত পাম পিছে?’ ‘কাম কৰিব লাগিব দুয়োটাই।’ ‘ঠিক আছে। পিছে ভাত কোনে ৰান্ধিব?’ ‘মই ভাত ৰান্ধিব নাজানো, তুমিয়েই ৰান্ধিব লাগিব৷’ ‘বিয়াৰ পাছতো যদি ৰান্ধিবই লাগে, বিয়া হোৱাৰ প্ৰয়োজনটো কি আছে!’ ‘আমাৰ ল’ৰা-ছোৱালী হ’ব,

Read more

ৰঘুমলা-জয়ন্ত দাস

বন্ধৰ দিনটো দিগন্তৰ বৰ প্ৰিয়৷ সপ্তাহৰ সেই দিনটোতেই সি তাৰ যাৱতীয় সকলোখিনি কাম কৰে৷  চাকৰিজীৱি মানুহখিনিৰ এই দেওবৰীয়া বন্ধৰ দিনটোতকৈ অইন কোনো ভাললগা দিন হয়তো নাই৷ সি মাকৰ লগত চাহ খাই খাই কথাবোৰ ভাবিবলৈ ধৰিলে৷ অৱশ্যে দিগন্তৰ দেওবাৰটো ভাল লগাৰ আন এটা কাৰণো আছে৷ আজিৰ দিনটোতেই সি তাৰ প্ৰিয়বন্ধু বিকাশক লগ পায়৷ বিকাশক লগপোৱা সময়খিনি দিগন্তৰ খুব ভাল লাগে৷ আজিও সি তাৰ প্ৰিয়বন্ধুক লগ কৰিবলৈ যাবলৈ ওলাল৷ মাকে মাত্ৰ বেছি দেৰি নকৰিবলৈ সকীয়াই দি ক’লে, : সোনকালে আহিবি৷ ভাত একেলগে

Read more

ঠাণ্ডা হাৱা-জয়ন্ত দত্ত

বোলো ঘটনাটো সেই তাহানিৰে, মানে হাবিতলীয়া গাঁওখনত গাড়ী-মটৰ বাদেই, বিজুলী সংযোগো নোহোৱা দিনৰে। মানুহবিলাকো চিধা-চাধা, খাইছে-শুইছে, মন গ’লেই ফুৰিছে তেনেধৰণৰ৷ মোমায়েকৰ ঘৰত থাকি তিনিবাৰ পঞ্চম শ্ৰেণীৰ পৰীক্ষা দি উভতি অহা মালতীৰ সমান শিক্ষিত গাঁওখনত কোনো নাই। কাজেই মালতীৰ যথেষ্ট প্ৰতিপত্তি গাঁৱত, নহ’লেনো গাঁৱৰে কনকলৈ বিয়া হোৱাৰ দুমাহতে ‘গাঁৱত থাকি কিডাল হ’ব, চহৰলৈ যাওক তেহে সন্মান বাঢ়িব’ বুলি গিৰীয়েকক জোৰকৈ চহৰত কাম কৰিবলৈ পঠিয়াই দিব পাৰেনে? সেইবোৰ বহুত কথা, মুঠতে মালতী গাঁওবাসীৰ বাবে সকলো সমস্যাৰ ‘ওৱানষ্টপ চল্যুশ্যন’। ইফালে মালতীৰ কৃপাত কনক

Read more

পৰিবৰ্তন-ৰীতালীনা সোণোৱাল

দুৱাৰখন খুলি বাহিৰলৈ ওলায়েই সি দেখিলে সৰু বগা গোলাপজোপা এথোপাহৈ ফুলি আছে। যোৱাবছৰ বায়েকে বাৰে বাৰে কৈ থকাৰ বাবে ওচৰৰ নাৰ্চাৰীখনৰপৰা আনি দিছিল সি। গোলাপজোপালৈ অলপ সময় তভক মাৰি চাই থাকি সি মাকক বিচাৰিলে। পৰীক্ষালৈ যাবৰ সময় হৈছে তাৰ। কিবা এটা ঘৰতেই খাই যাব পাৰিলে ভাল হয়। অন্ততঃ চাহ পৰাঠা খোৱাৰ পইচাটো বাচি যায়। চকুদুটা টনটনাই উঠিল তাৰ। যোৱা ৰাতিটো উজাগৰে পাৰ হ’ল। অন্তৰাৰ দুহাতত চাগৈ এতিয়া মেহেন্দী জকমকাইছে। পেটৰ ভোকটো নাইকিয়া হৈ গ’ল। সিনো খোৱাৰ কথা কেনেকৈ ভাবিছে? পৰীক্ষা

Read more

জীৱনৰ ছন্দ-বেবী শৰ্মা চৌধুৰী 

গাঁওখন চহৰৰ পৰা ভালেখিনিয়েই নিলগত। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ফালেদি গাঁওখনৰ এটা সুনাম আছে। এইটো গাঁওখনৰ বাবে এটা ডাঙৰ বিশেষত্ব। গাঁওখনৰ আন এটা বিশেষত্ব হ’ল- ধনীয়েই হওক বা দুখীয়াই হওক সকলোৰে বাসস্থানবোৰ হ’ল জুপুৰিঘৰ। প্ৰত্যেকৰে ঘৰৰ সন্মুখত একোজোপাকৈ নাৰিকলৰ গছ আছে। গাঁওখনৰ মাজভাগতে এটা নামঘৰ আছে। বিহুৱে পূজাই সকলোৱেই এই নামঘৰটোলৈ সেৱা জনাবলৈ আহে।  নামঘৰটোৰ পৰা নাতিদূৰৈৰ ডাঙৰ আমগছজোপাৰ গাতে লাগি থকাকৈ থকা  জুপুৰিটোত এহাল বৃদ্ধই বাস কৰে। তেওঁলোক দুয়ো বুঢ়া-বুঢ়ী বছৰৰ প্ৰতিটো দিনতেই যেন সুখী! হাঁহিমুখীয়া তেওঁলোক দুয়ো সকলোৰেই প্ৰিয়পাত্ৰ। চৰকাৰী

Read more

বান্ধোন-ৰাস্না বণিয়া বৰুৱা

সন্ধিয়াৰ আগমন। হাজৰিকানীয়ে লাখুটিডালত ভেজাদি গৈ গোঁসাই ঘৰত ধূপ এডাল জ্বলাই কৃষ্ণৰ ফটোখনলৈ চাই সেৱা এটি কৰিলে। ওচৰৰ নামঘৰটো দবা আৰু ভোৰতালৰ শব্দত ৰজনজনাই উঠিল। কাষতে থকা ডা° বৰুৱাৰ ঘৰৰপৰা ভাঁহি আহিল, “ব্ৰহ্মা আদি কৰি…..৷” বৰুৱাৰ বোৱাৰীয়েকে সদায়েই সন্ধিয়া বৰ শুৱলাকৈ প্ৰাৰ্থনা গায়। চৰাই চিৰিকটি সকলোবোৰ গৃহ অভিমুখী হৈছে। বহু বছৰ আগতে এই সময়খিনিত হাজৰিকানীও ব্যস্ত হৈ পৰিছিল। সন্ধিয়া ধূপ-চাকি জ্বলোৱা, ল’ৰাটোক পঢ়া-শুনা কৰোঁৱা…৷ এইখিনি সময়ত আগৰ দিনবোৰলৈ তেওঁৰ বৰকৈ মনত পৰে, আকৌ ঘূৰি যাব বিচাৰে সেই দিনবোৰলৈ৷ কিন্তু! এটা

Read more

ইন্টাৰভিউ-ৰিংকু সমাদ্দাৰ

পৰীক্ষাটো দিয়া বৰ বেছি দিন হোৱা নাছিল। ৰিজাল্ট বৰ সোনকালেই দিলে। প্ৰথম দুদিনমান নেটৰ প্ৰবলেম আৰু ছাৰ্ভাৰ ডাউনৰ বাবে শান্তনুৱে ৰিজাল্ট চাব নোৱাৰিলে। অৱশেষত যেনিবা গম পালে, সি পৰীক্ষাত পাছ কৰিছে। আচলতে পৰীক্ষাটো আছিল যোগ্যতাৰ পৰীক্ষা। কিন্তু পৰীক্ষাত পাছ কৰিলেই নহ’ব, এতিয়া চাকৰিৰ বাবে বিজ্ঞাপনো ওলাব লাগিব৷ বহু দিনলৈ চাকৰিৰ বিজ্ঞাপন দিয়া নাছিল। এদিন বিজ্ঞাপন ওলাল। জিলা অনুযায়ী থকা পদবোৰৰ সংখ্যা চাই শান্তনুহঁতৰ ফাইলটোৱে সিদ্ধান্ত ল’লে, কোনে ক’ত আবেদন কৰিব। শান্তনুহঁতৰ ফাইল মানে তাৰ লগৰ ৰাজীৱ, ৰাজা, ভূপেন, জ্যোতিষ, হোমেন

Read more

আজন্ম প্ৰেমিকা-কমলেশ দাস

নিশা দহমান বজাত কোনোমতে আহি এপাৰ্টমেণ্টৰ গে’ট পালে প্ৰান্তৰে৷ অৰ্ণৱ, ৰঞ্জিত, কৃষ্ণহঁতক আজি সি বহুদিনৰ মূৰত লগ পাইছিল। সিহঁতৰ সুখী জীৱনৰ গাঢ়তাত প্ৰান্তৰৰ অলপ জ্বলন হৈছিল যদিও সি হাঁহি হাঁহিয়েই উপভোগ কৰিছিল নিজৰ ওপজা দিনৰ পাৰ্টি। পাৰ্টিৰপৰা উভতি অহা প্ৰান্তৰে গাড়ীৰপৰা থৰক বৰককৈ নামি অহা দেখি চিকিউৰিটিজনে আগবাঢ়ি আহি গাড়ীৰ চাবি ল’বলৈ হাত আগবঢ়াই দিলে। গাড়ীখন তাতেই এৰি প্ৰান্তৰে নিজৰ ফ্লেট অভিমুখে আগবাঢ়িলে। নিজৰ ঘৰৰ দুৱাৰ খুলি থকা সময়তে গাড়ী যথাস্থানত পাৰ্ক কৰি দুৱাৰৰক্ষীয়ে বেগটো তাক দি থৈ গ’ল৷ ভিতৰত

Read more

মন কী বাত-দিগন্ত কুমাৰ ভট্টাচাৰ্য

ৰ’ব – থাম্বা – ৱেইট! নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ৰ বিষয়ে নকওঁ। মোডী-বায়েছড্ লেখা বুলি এতিয়াই সমালোচনা নকৰিব। এই ‘মন কী বাত’ৰ লগত সেই ‘মন কী বাত’ৰ দূৰ-দূৰলৈ সম্পৰ্ক নাই। এইবিধ ‘মন কী বাত’ হৈছে এবিধ যন্ত্ৰ। না, জেৰ’ক্স মেচিন, এক্স-ৰে মেচিন বা জেনেৰেটৰটোৰ দৰে বিয়াগোম যন্ত্ৰ নহয়। এইবিধ মুঠিতে লুকোৱা মুঠিতে শুকোৱা…ওহ নহয়, শুকাব নোৱাৰি এইবিধ যন্ত্ৰ, আচলতে পানীত তিতিলে শেষ হৈ যাব এই যন্ত্ৰৰ জীৱনকাল। কিন্তু মুঠিতে লুকাব পাৰি, দেখিবলৈ সৰু। ঘড়ীটো বা ৰিষ্ট বেণ্ড এডালৰ দৰে। পিন্ধিবও

Read more

লক ডাউনত জন্মদিন-ভাস্কৰ জ্যোতি বৰুৱা

: এতিয়া ক’ৰণা কাল৷ মাংসতকৈ নিউট্ৰেলাই ভাল৷ : না নহ’ব৷ চোৱানা মা, দেতাই কি কৈ আছে৷ কন্দনামুৱা হৈ বুমনে থুনথুনালে৷ পাপৰিয়ে সাবটি ধৰিলে তাক৷ ‘হেৰৌ আজি পাঁচ বছৰত ভৰি দিলি, বাপেৰৰ ধেমালিও বুজি পোৱা নাইনে? ’ ফৰকাল বতৰত খিৰিকীৰে সোমাই অহা পুৱাৰ ৰ’দজাকৰ দৰে এটা উজ্জ্বল হাঁহি তাইৰ মুখত৷ যোৱা কেইদিনৰ মেঘবোৰৰ চিনমোকাম এতিয়া নাই৷ আজি তাই আন দিনতকৈ সোনকালে শুই উঠিছে৷ গা ধুই থপনাত এগছি চাকি জ্বলাইছে৷ যিটো কাম সচৰাচৰ মাৰ ভাগত পৰে৷  : কি লগাই আছ অ’ তাক?

Read more
1 15 16 17 18 19 78