ফটাঢোল

আমাৰ নতুন ঘৰ-দিগন্ত কুমাৰ ভট্টাচাৰ্য

: ‘ফ্লেট’ক ঘৰ নোবোলে নহয় পোণা, পাৰৰ বাঁহ হে সেইবোৰ! – গাঁৱৰ ঘৰৰ ওচৰৰ ৰণেন ঠিকাদাৰে মোৰ মুখত ‘গুৱাহাটীত ঘৰ এটা কিনিলোঁ’ বুলি শুনোঁতে তেনেকৈয়ে কৈছিল। ইমান যে হিংসা ও মানুহবোৰৰ – মোৰ তেনেই লাগিছিল। আজি দুবছৰ পাছত সেই ফ্লেটত ভৰি থৈ আকৌ ভাবিলোঁ – ৰণেন ঠিকাদাৰৰ কথাষাৰ মিছা নাছিল নেকি বাৰু! এই ‘ফ্লেট’টোক আমাৰ ‘ঘৰ’ বুলি ক’ব পাৰিম জানো? কিয় লৈছিলোঁ ফ্লেট কিনাৰ ডিচিছন? মনত পৰিল প্ৰায় দুবছৰ আগৰ সেই সন্ধিয়াটোলৈ- ‘আমাৰ লগৰ ৰুমাহঁতৰ নতুন ঘৰটোৰ গৃহপ্ৰৱেশৰ ফ’টোবোৰ চোৱাচোন…হোৱাটচ্

Read more

সমীকৰণ-নীলাঞ্জনা মহন্ত

“কি হ’ল চালেনে? সব ঠিকে আছেনে?“ “নিৰোগী, কৰ্মপটু, সুগায়ক, পঁচিশৰ পৰা পঁয়ত্ৰিশৰ ভিতৰত বিবাহ…” শছমাখন মচি মচি একেখিনি কথাকে দত্তই দুবাৰ পঢ়িলে৷ “বোলো চলিবনে?” “হাঁ?” – টাইপিষ্ট কনকে তেওঁৰ কাণতে চিঞৰি কোৱা কথাষাৰত তেওঁৰ হুঁচ আহিল৷ “এই.. মানে বাকপটু, সুবক্তা, সাহসী, বুদ্ধিদীপ্ত, এইকেইটা থাকিলে ভাল আছিল।” “হৈ যাব৷ গাইপতি বাইশ টকাকে দিয়ক, ভৰাই দিম।” “দিম বাৰু।” দত্ত মানুহজনে বৰ জুখি মাখিহে কথা কয়৷ ভাল চাকৰিয়ে কৰে৷ পিছে কথা কম কয় আৰু ক’বলগীয়া সময়তো মনে মনেই থাকে বেছিভাগ, সেয়েহে যিটো বাবত

Read more

লেখা বিচাৰি চম্পাৰ বিলৈ-সমুজ্জ্বল কাশ্যপ

: ট্ৰীং ট্ৰীং ট্ৰীং ট্ৰীং ট্ৰীং ফোনটো দীঘলীয়াকৈ বাজি আছিল৷ কেতিয়াৰপৰা গম নাপাওঁ৷ টোপনিৰ কোলাত ঢলি পৰিব খোজা মানুহটো জাপ মাৰি উঠিলোঁ৷ আমেজত জাপ খাই যাবলৈ ধৰা চকু দুটা মোহাৰি খপজপকৈ ফোনটো বিচাৰিলোঁ৷ অ’ ৰ’ব! মোবাইলটোত লেন্দলাইনৰদৰে ৰিংটনহে লগোৱা আছে, লেন্দলাইন নহয় দেই। : কিহে কাশ্যপ, ব্যস্ত নেকি? ইমানকৈ লগাইছোঁ নুঠোৱা কিয়? সিফালৰপৰা চিনাকি মাতটো ভাহি আহিল৷ তেওঁৰ ভাগৰুৱা যেন লগা সুৰটোত কিছু আৱেগ মিহলি হৈ আছিল৷ কিন্তু এই মাজৰাতিখন! : গোস্বামীদা, কওকচোন৷ ইমান ৰাতি? : এঃ, তুমি জাগি আছিলা

Read more

শিপা-নাজিয়া হাচান

দায়িত্বৰ খাতিৰত অসমৰ বাহিৰত থকা মানুহ এহালৰ বহু বছৰৰ মূৰত জনমভূমি অসমলৈ যাবলৈ সৌভাগ্য হৈছে। তেওঁলোকৰ একমাত্ৰ কন্যা সন্তানটি জন্মৰ  সময়তে ক’ভিড মহামাৰীৰ যুগেও পৃথিৱীত পদাৰ্পণ কৰিছিল। গতিকে যুগৰ নীতি-নিয়ম মানি তেওঁলোক যাওঁ বুলিও অসমলৈ যাব নোৱাৰা; মাতো বুলিও পৰিয়ালৰ কাকো তেওঁলোক থকা ঠাইলৈ মাতিব নোৱাৰাৰ প্ৰায় তিনি বছৰেই পাৰ হৈছিল। মানুহহালৰ ঘৰৰ দুয়ো পৰিয়ালে কেঁচুৱাটিক ফটো, ভিডিঅ’ৰেই চাই চাই তিনি-চাৰিবছৰীয়া সময়খিনি পাৰ কৰিলে। তেতিয়াৰ দিনবোৰ তেনেকৈয়ে পাৰ হৈছিল। মানুহজনৰ সহজ সৰল হোজা মাকে পুতেক বোৱাৰীয়েকক ফোনত সদায় একেখিনি দুখকে

Read more

আলবিদা নক’বা-ৰঞ্জিত কুমাৰ শৰ্মা

সঁচাকৈয়ে মানুহগৰাকী যাবলৈ ওলাল৷ অসন্তুষ্টি থাকিব পাৰে, কিন্তু অসন্তুষ্টি থাকিল বুলিয়েই ইমান দিনৰ সম্পৰ্ক-সম্বন্ধ এৰি বাৰু হঠাতে এনেদৰে আঁতৰি যায়নে? তাৰমানে সম্পৰ্ক, সম্বন্ধ এইবোৰতো স্বাৰ্থই নিহিত হৈ থাকে নেকি! নীতি, আদৰ্শ এইবোৰৰ কোনো মূল্যই নোহোৱা হ’ল নেকি! মানুহ ইমান স্বাৰ্থপৰ হ’ব পাৰেনে? সময় আৰু পৰিবৰ্তিত পৰিস্থিতিত পূৰ্বৰ চিন্তাধাৰাৰ বা কাম-কাজৰ ভুল-শুদ্ধৰ বিবেচনা হ’ব পাৰে, পৰ্যবেক্ষণো হ’ব পাৰে৷ সেয়া অস্বাভাৱিক নহয়৷ কিন্তু অকল নিজৰ লাভালাভৰ বাবে ক্ষমতাৰ ৰাগীত বা ক্ষমতা ‘এনজয়’ কৰিবলৈকে চল চাই কঠিয়া পৰাৰ দৰে শিবিৰ সলনি! এয়া কেনেধৰণৰ

Read more

ক’লা চুলি আৰু বগা দাঁত-প্ৰদীপ বৰা

বৰুৱা মানে ভদ্ৰকান্ত বৰুৱাৰ কথা ক’বলৈ লৈছোঁ৷ একুৰি বছৰৰ আগৰ বৰুৱাৰপৰা বৰ্তমানৰ বৰুৱালৈ পৰিৱৰ্তনৰ মহাগাঁথা ৷পৰিৱৰ্তন মানে আকাশৰপৰা পাতাললৈ পৰিৱৰ্তন,পোহৰৰপৰা আন্ধাৰলৈ পৰিবৰ্তন ৷ পৰিৱৰ্তন তেওঁৰ শাৰীৰিক সৌন্দৰ্যৰ।তেওঁ  দুৱাৰ খিৰিকী বন্ধ কৰি কুৰি বছৰৰ আগৰ একপি ফটো লৈ  তিনিফুটীয়া দাপোণখনৰ সন্মুখত থিয় হৈ নিজৰ শাৰিৰীক সৌন্দৰ্য,আকৃতি,প্ৰকৃতি দাপোণৰ প্ৰতিবিম্বৰ লগত তুলনা কৰি নিজৰে  হাঁহিমেই নে কান্দিমেই অৱস্থা হৈছে ৷  একুৰি বছৰৰ আগতে তেওঁ কুৰি বছৰীয়া চফল ডেকা ‘ভদ্ৰকান্ত চেনিৰাম’ আছিল কিন্তু এতিয়া দেখোন পৰিবৰ্তন হৈ সেই চেণিৰামৰ চিন মোকামেই নোহোৱা হ’ল !

Read more

পৰিবেশ প্ৰেম ইত্যাদি-ধনজিৎ বৰুৱা

পৰিবেশ দিৱসৰ দিনা সকলোৱে গছ লগাইছে। গছ কটা মানুহৰ প্ৰতি বিষাদগাৰ কৰিছে। চেগুন কাঠৰ একমাত্র চকীত বহি সভাৰ পেণ্ডেলৰ মাজত বহা গগনৰ বহু দিনৰ আগৰ এজোপা কটা গছলৈ  মনত পৰিলে। সেই হালি জালি থকা গছজোপা! তামোলৰ গছজোপা! প্ৰেম অন্ধ। প্ৰেমত বিশ্বাস থাকে। দুয়োটা একেলগ কৰিও কেতিয়াবা ঘটনা সংঘটিত হয়। আপুনি একেলগে ক’ব পাৰে যে প্ৰেমত অন্ধবিশ্বাস থাকে। সেইবাবে মিহিৰ বেজৰ তাত সদায় ডেকা-ডেকেৰীৰ ভীৰ। সেই কালত চাকৰি নহয় বিবাহ বেছি চিন্তাৰ কাৰণ আছিল। বহুলোকে গগনক হেমকোষ লোৱাৰ উপদেশ দিছিল যদিও সি

Read more

ৱাইফ মোৰ শ্লিম -দিগন্ত কুমাৰ ভট্টাচাৰ্য

যোৱাবছৰৰ এদিন। কৰ’ণাৰ প্ৰথমভাগ সন্ত্ৰাস কিছু কমাৰ পাছতে জালুকবাৰীৰ ওচৰত চিনাকি এঘৰত বিয়াৰ নিমন্ত্ৰণ আছিল। বিয়া বা আন তেনেধৰণৰ নিমন্ত্ৰণ থাকিলে আমি সাধাৰণতে সেইদিনা ঘৰত বিশেষ একো নাখাওঁ। পাৰিলে খাৰ খাওঁ। খাৰ খালে হেনো হজম হোৱাৰ পাছত বেছিকৈ খাব পাৰি। সেইদিনাও আমি পুৱাৰে পৰা একো খোৱা নাছিলোঁ। দুপৰীয়া অকল ভাত, ডাইল আৰু খাৰ। আচলতে, আমি বহুত হিচাপ কৰি চলিবলগীয়া হয়। অহা-যোৱাৰ বাহিৰে উপহাৰৰ খৰচটোও থাকে। গতিকে, ভালকৈ পেট পূৰাই খাই নাহিলে অশান্তিয়ে আগুৰি ধৰে মনটো। আবেলি বিয়ালৈ যাবলৈ ওলোৱাৰ সময়ত

Read more

ধনী হ’বলৈ গৈ – লখিমী হাজৰিকা

: অ’ মা কালিৰ পৰা কৈ আছে, টিভিৰ কাৰ্ডটোভৰাই দিয়া। :অ নিদিয়া কিয় হে?  দেউতাকে পুতেকৰ কথাত জোৰ দিলে আৰু মােলৈ চালে। : নিদিয়া কিয় মানে, টিভিৰ কার্ড প্রতিমাহে দেখােন ময়ে দিওঁ, এইবাৰ তুমি দিয়াচোন! : তাৰমানে তােমাৰ এইবাৰাে উদং ন? একো নমতাই ভাল! নীৰৱতা ৰক্ষা কৰি থাকিলোঁ কিছুপৰ।সিজনে চকীখন টানি বহি ল’লে। জানিছোঁ মােৰ নীতিশিক্ষাৰ ক্লাচ এটা হ’ব এতিয়া। : চোৱা আমি দুইজনে ইনকাম কৰোঁ। নাই বুলিয়োতাে পইচা ভালেই পাওঁ। তথাপি কিয় বাৰু পইচাই নাটে! : সঁচা! কিয় বাৰু!

Read more

শহুৰ জোঁৱাই- অৰবিন্দ গোস্বামী

ৰেৱতীয়ে শাক-পাচলিখিনি কুটি কুটিয়েই গিৰিয়েক ব্ৰজেনক ক’লে——- :হেৰি শুনিছেনে! মই কাইলৈ ঘৰলৈ যাওঁ বুলি ভাবিছোঁ। পিছে আপোনাক খবৰদাৰ কৰি থ’লোঁ, আমাৰ ঘৰলৈ আপুনি নাযাব কিন্তু ! মই নিজে ঘূৰি আহিব পাৰিম। : ইঃ! তোৰ ঘৰলৈ যাবলৈ মন গৈছে গৈ থাক।মোৰ আকৌ কি দৰকাৰ পৰিল তোৰ ঘৰলৈ যাবলৈ!” : অ’ হয়নে ! নকওঁ আৰু।ক’লে বহু কথা ফটা মুখেৰে ওলাই আহিব।” ব্ৰজেনে এইবাৰ একো নামাতিলে। ব্ৰজেনৰ চেহেৰাটো বৰ ধুনীয়া।একেবাৰে দেৱতাৰ নিচিনা।ব্ৰজেন সৰু হৈ থাকোঁতেই তাৰ মাক-দেউতাক ঢুকাইছিল আৰু ব্ৰজেন ডাঙৰ হৈছিল ককাকৰ

Read more
1 6 7 8 9 10 77