ফটাঢোল

লিমাৰিক- অভী পার্থসাৰথি বৰুৱা

 (১) পুত্ৰমোহত অন্ধ আছিল এখন দেশৰ ৰাণী, গণতন্ত্ৰত বিলাইছিল নিজ পৰিয়ালৰেই বাণী, সেই ৰাণীৰেই ছিগিল হাত, বাগিচাত মেলিলে পদুম পাত, পদুমৰ পাতে আনে আকৌ ভেদাভেদ টানি। (২) মঙলবাৰে মঙহ নাখায় কপালত বৰ-ফোঁট, মুখৰপৰা বৈ আহে মিঠা মাতৰ সোঁত, নুগুচে মুখৰ ভক্তি, জাতি-মাটিৰ চুক্তি, পৰিৱৰ্তনৰ সোঁতত উটি যায় মিত্ৰজোঁট। (৩) ভাষাৰ চলে ৰাজনীতি জাতিৰ চলে বেপাৰ, ৰাইজৰ তেজৰ জুতি লৈ ৰজাই মাৰে উগাৰ, সাহিত্যৰো চলে বেচা-কিনা, সংস্কৃতিও হয় বৰ্ণহীনা, জাতিৰ অৰণ্য কান্দোনত বাৰু পাবনে কোনোবাই সাৰ! (৪) তেজৰে কামলাপতি, দুপৰৰ টোপনি,

Read more

ৰাজনৈতিক লিমাৰিক- কৰ্ণজ্যোতি সোনোৱাল

(১) সংখ্যাগৰিষ্ঠ আসনৰ বাবেই হ’ল পদুম ফুলৰ অহংকাৰ লোকসভা, ৰাজ্যসভা সকলোতে কৰিলে বিৰোধীক তিৰস্কাৰ হৰ হৰ মোদী যাব চাবি গাদী জনতাই দেখি আছে, নিদিব আৰু পিছলৈ পুৰস্কাৰ। (২) পদুমৰ ব্যভিচাৰ ৰোধিবলৈ কলমেৰে সৃষ্টি কৰিছে গদ্য কোনো কোনোৱে ৰচনা কৰিছে ৰাজনীতিৰ আপদীয়া পদ্য কাশ্মীৰৰপৰা কহিমা কলম অস্ত্ৰৰ মহিমা অতীতৰেপৰাই স্বৰ্গ-মত্য-পাতাল সকলোতে বিদ্য। (৩) এবছৰৰ পিছত আহি আছে নতুন বিধানসভাৰ ইলেকচন কলমৰ মহিমা বুজি পদুমে কৰিছে প্ৰাৰ্থী চিলেকচন প্ৰাৰ্থীক দিব লাগিব পাঠদান সৰ্বা-হিমন্ত-অতুল সাৱধান নহ’লে পদুম ফুল পাহি হ’ব চিৰাচিৰকৈ ফ্ৰেকচন। (৪)

Read more

আপদীয়া কবিতা- মালামণি গায়ন

                     (১) চকুত ক’লা চচমা, ফিট-ফাট সাজ মুখত জ্বলা চিগাৰ, নাই কোনো কাজ           ব্যস্ততাৰ সীমা নাই           কথা পাতে ঘড়ী চাই পইচাৰ বাবে কিন্তু; সকলো নিলাজ।                     (২) হ’ব লাগে এটি, ম’বাইলৰ গৰাকী নহ’লে মিছা হেনো, যুৱকৰ চিনাকি           কথা পাতে ভুনভুন           অন্তকে নপৰেচোন

Read more

লিমাৰিক-ধৰ্মজ্যোতি ভট্টাচাৰ্য

                       ১ সোণটোৱে হাঁহি আছে ঘোটা ভাং খাই আঁৰ চকুৰে মন্দিৰলৈ অহা ছোৱালীলৈ চাই ব’ম ব’ম ভোলানাথ নাখালে দেহা নপৰে শাঁত ছোৱালীয়েও মাৰিলে বেটাক চকুৰ টিপৰ জাঁই৷                     ২ চিলিম টানি ভাস্কৰৰ কি যে বিলাই মূৰত ধৰিলে বেটাৰ মনিপুৰী খাই ৰাষ্টা বুলি খাল পালে মাজ ৰাতি হাল বালে লগৰটোৱেহে ঘৰলৈ তাক নিলে চোঁচৰাই৷                

Read more

ফটা পদ্য- পূৰ্ণময়ী মেধী

শুনা, শুনা সৰ্বজন মিটৰ খবৰ, আমি যদিও যোৱা নাছিলোঁ, পাওঁ গোটেই খবৰ৷ শ্ৰীবিজয় আমাৰ যে হেডমিন দেওঁ ফেচিয়েল কৰাইও নাপালে একো ভাওঁ, হেকাদাৰ জুইকুৰাৰ কিবা দপদপনি নাই, ৰিণ্টুদাৰো মন ভগা কাৰোবালৈ চাই৷ চেকীয়াৰ আজিকালি বেলেগ বেলেগ চ্চাল, গৌৰীৰো হ’ল বোলে স্বভাৱটো ভাল৷ অভিদাৰ দেখিলোঁ আমিৰৰ দৰে হাঁহি, অলকেশদাৰো এইবাৰ এক্টিভ সন্মিলনী৷ দিম্পুকলৈ বুকুটা গৰ্বে ফুলি যায়, তাবিবে খোৱা দেখি মুখ মেলা যায়৷ বাৰ্বী, নীলা আৰু ডলী মাই, এইসব দেখি মোৰ হিয়া জ্বলি যায়৷ ধুৰ ভাইটিৰ নাচি নাচি কঁকাল বিষাই গ’ল,

Read more

ক’লা ককাইৰ দুখ -প্ৰনীতা গোস্বামী বৰঠাকুৰ

ভমকা ফুলীয়াই তিৰ্যক চাৱনিৰে ক’লা ককাইলৈ চালে, তোৰ দেখোন বছৰ চেৰেক হ’ল একে ঠাইতে আছ শিপা গজিল চাগে। নুবুজিবি ভনীটি তই মোৰ দুখ কিয় মাৰিছ খোঁচ এসময়ত আছিলোঁ বাটৰ লগৰী আজিহে নোপোচে মোক। তই হ’লি সাতাম পুৰুষীয়া চেহেৰাও নহয় ভাল, আধুনিক সমাজত তই এলাগী লৈ ফুৰাও টান। নক’বি হেৰৌ তেনেকৈ মোক আছিলোঁ আলাসৰ লাড়ু জ্যেষ্ঠজনেই লগ দিছিল মোক নবখানো এতিয়া আৰু। প্ৰতিখোজতে মই তেওঁক দিছিলোঁ মনত অপাৰ ভৰষা, মোৰ জোৰতেই তেওঁৰ খোজবোৰেও লৈছিল স্থিতপ্ৰজ্ঞতা। ‘ছাতি, লাঠি, তিয়নি নেৰিবি’ বুলি এষাৰ

Read more

নাটক-পৰীস্মিতা দাস

                        ১ বৰ বৰ ভাষণ দিয়ে কথাৰ ফুলজাৰী মিটিং পাতি কৈ ফুৰে সমান পুৰুষ নাৰী দুৰ্বলতাক হাঁহে পোহৰলৈ নাহে ঘৰত আহি ঘৈণীৰ আগত দেখুৱাই মতাগিৰি ৷                       ২ সমাজত তেওঁ লৈ ফুৰে ডাঙৰ এখনি আসন নাৰী সুৰক্ষাৰ বিষয়েও দি ফুৰে ভাষণ নাৰীৰ কাষেৰে যায় লুভীয়া দৃষ্টিৰে চায় নিজৰ মনক কেতিয়াও কৰিব নোৱাৰে শাসন ৷          

Read more

আপদীয়া পদ্য -নীলু নেওগ 

         (১) তোৰ নাম বোলে বগী আলকেটেৰা হেন ক’লা৷ হৰিণী নয়নীৰ আকৌ চকু এটা কেঞা!          (২) পাছ বেঞ্চত বহোঁতেই ল’ৰা ডাঙৰ হ’ল৷ ভাইগে সলালে গতি এতিয়া সি কোটিপতি ভাওনা উদ্বোধন কৰিব পৰা হ’ল৷          (৩) মালৰ গ্লাছত মোৰ ওঁঠৰ চুমুক হুৰা হুৰে ওলাইছে কবিতা ঘৰলৈ গৈ মই আজি ঘৈণীক জনাই দিম মই কিমান প্ৰেমিক পতেশ্বৰী মোৰ, বেলনামাৰীডাল বাৰু ক’ত ৰাখিছা?          (৪) এনেই মই দেখাত ধুনীয়াই চকু

Read more

এনেকৈয়ে-মৃদুল হালৈ

এনেকৈয়ে গছবোৰ ডাঙৰ হ’ল অৰণ্য হ’ল ঘন হ’ল ছায়া কোনেও নাজানিলে কিহৰ পৰানো কি হ’ল গছৰ পৰা গুটি নে গুটিৰ পৰা গছ ক’ৰ পৰানো কি হ’ল কিয় হ’ল কেনেকৈ একো নজনাকৈয়ে চৰাইবোৰ হ’ল মানুহ ঘৰ পথাৰ হ’ল যুঁজ বাগৰ হ’ল ৰজা হ’ল প্ৰজা হ’ল চিকাৰ চিকাৰী প্ৰলয় পৰলোক আৰু হ’ল ঢেৰ কিবাকিবি প্ৰেম গোন্ধালে কেতেকীৰ হাবিত কেনেকৈ হ’ল এনেকৈ হ’ল গোপনে চিঙোগৈ ব’ল শেহতীয়া খবৰ: তাৰ পিছতো খোজেপতি খবৰ বাঢ়িল সাংবাদিক মৰিল গুলি বাৰুদ বোমা বাঢ়িল ৰঙানৈত পানী বাঢ়িল মোবাইল

Read more

পঞ্চপদী – হেমেন ডেকা

১. শুনিছোঁ অশেষ সাংগীতিক আশ্বাস শূণ্যতাৰ গ্ৰাসত সুগভীৰ বিশ্বাস শোষিতৰ কথা কয় শেহত পাহৰি যায় শুৱলা শব্দই মাথোঁ কৰে উপহাস!   2. কথাত জিলিকে বিয়াগোম ফাঁকি কামত ফাং ফুং- মাথোঁ চালাকি বাহুল্য বকনি বিৰাট ফুটনি ফটাফট প্ৰতিশ্ৰুতি দিয়ে বাকি৷ ৩. একাংশৰ ধান্দা- কেনেকৈ হ’ব পাৰি নেতা, আবেগৰ বেপাৰী, আমাৰ যে কপাল ফুটা! নুবুজোঁ আমি চতুৰালি, চিন্তাত লাগে খেলিমেলি, সেয়ে হ’লোঁ নেকি সিহঁতৰ বাবে পলু লেটা! ৪. টোপ টোপ টোপ- ই যে বৰলৰ টোপ টোপ দেখি চেঙেলীহঁতেও লয় চোপ মনত আচৰিত

Read more
1 14 15 16 17 18 38