ফটাঢোল

ফটালিমাৰিক – ধনজিৎ বৰুৱা

গালি আমাৰ আৰু নেতাবোৰৰ একে নহয় শিক্ষা আমি বোলা আইগৰাকী বেচা কিনাৰ দীক্ষা জিভা নহয় অদ্ভুত ৰাজহাড় কিম্ভুত ৰাজপাটত বহিবলৈ চংবাজীৰে লাজ লগা ভিক্ষা   মাৰ তালি ভোটাৰ নহয় যেন গোটেইমখা নেগুৰৰ চিকৰা স্বাধীন মহান ভূমিৰ গৃহ এতিয়াও বাঁহ খেৰ ইকৰা শিক্ষা জীৱন কিতাপৰ দীক্ষা সৰল জীৱনৰ কামত নাহি জালত মেৰাই ৰাজনীতিক মকৰা কৰিম হাজাৰ বছৰীয়া সভ্যতা অসম ভূমিৰ আছে এচকুৱা দৰ্শন আমাৰ সেই ভুলো আছে পাছে সকলোৰে একক ধাৰ ব্ৰহ্মপুত্ৰৰ বিশাল পাৰ এক হ’লেই কুটিলৰ ভয় মহাদেৱে উমানন্দত নাচে

Read more

গণতন্ত্ৰ – পৰীস্মিতা দাস

(ক) ৰাইজৰদ্বাৰা ৰাইজৰ বাবে ৰাইজৰ চৰকাৰ প্ৰতিনিধি বাচি ৰাইজে দিয়ে দেশ শাসনৰ ভাৰ কাৰ কথা কোনে শুনে ৰাইজ থাকক মনে মনে জিকাৰ পিছত ৰাইজৰ মূৰত শোধাই মাধমাৰ৷   (খ) গণতান্ত্ৰিক দেশ আমাৰ ৰাইজেই হ’ল ৰজা নিজৰ শাসন নিজেই কৰোঁ শুনিবলৈ মজা জনমতৰ মূল্য নাই আন্দোলনহে চলি যায় ওঁঠ চেলেকি খাই থাকক ৰাজনীতিৰ গজা৷ (গ) আবেগিক ভাষণ দিয়ে কাৰ স্বাৰ্থৰ হকে নেতা মন্ত্ৰীৰ মূৰত ধৰে স্বাৰ্থপৰতাৰ পোকে এফালে আন্দোলনৰ দল আনফালে শান্তি সমদল ৰাজপথত গণতন্ত্ৰই চকুপানী টোকে৷ ☆ ★ ☆ ★

Read more

ব্ৰইলাৰ মাংসৰ সোৱাদ : ৰজনীকান্ত বৰগোহাঁই

নতুন বছৰৰ গান চালানি মুৰ্গী আৰু ৰাম তাৰেই চলাম কাম লোকেল মুৰ্গী ধৰিব নোৱাৰি বজাৰতো চৰা দাম।     ৰাম ভক্ত মই শিৱৰ ৰিগ’ল চুবই নোৱাৰি চালানি মুৰ্গীত কৰিছোঁ আশা পিয়াজে লগাইছে জুই তথাপিও কোনো থকা নাই শুই। ৰামে নিলেও নিয়া ৰহিমে নিলেও নিয়া মিছা ক’লে কি ডাল হ’ব এইবাৰ মাঘৰ বিহুত চালানি মুৰ্গীকে খাম দিয়া। ৰজা ঘৰীয়া কথা বাংলাদেশৰ পিঠা ভেকেটা ভেকেট গোন্ধ মঞ্চত নাই লোকেল শিল্পী চালানি গানকে শুনা। চালানিৰ লগত সততে কাম সদায়ে শুনি চালানি গান লোকেলবোৰ

Read more

বন্ধৰে’ বন্ধ – সোমেশ্বৰ বৰা

বন্ধৰে’ বন্ধ ,দেশ বন্ধ আকৌ আহিল ভাৰত বন্ধ ভাৰত বন্ধ, অসম বন্ধ সৰু মানুহৰ খোৰাকী বন্ধ‌‌।। বন্ধৰে’ বন্ধ, দেশ বন্ধ ৰে’ল বন্ধ, বাছ বন্ধ। দোকান পোহাৰ যদিও বন্ধ ফ’টিকা খিৰিকী নহয় বন্ধ। পিছ দুৱাৰেদি থাকে সম্বন্ধ।। স্কুল বন্ধ, কলেজ বন্ধ। অফিচ কাছাৰী সৱ বন্ধ। দোকানৰ চুকত, তিনি আলিত তিনপাট্টি নহয় বন্ধ। সুযোগ বুজি ৰ’হিলাৰ ঘাটিত গঢ়ি উঠে অধিক সম্বন্ধ।। ৰজাৰ ন’টিচ, নেমান বন্ধ দৰমহা কাটিম মানিলে বন্ধ। নিলিখ একো নকবি একো ৰজাৰ হুকুমত, মুখ বন্ধ। চহী মাৰিলোঁ, ফাইল বন্ধ খোকা,

Read more

পঞ্চপদী – হেমেন ডেকা

  ১) জাতীয়তাবাদৰ ই কেনেকুৱা ফোপোলা স্বৰূপ জাতিৰ আপদকালতো সামুহিক কণ্ঠ নিশ্চুপ নিজা নিজা অংকত সব ব্যস্ত নিমাখিত জীৱবোৰো সন্ত্ৰস্ত জালত বজা মাছৰ দৰে কি যে কলপ-জলপ৷   ২) আজিৰ ৰঙামুৱা বীৰ দুৰ্ঘোৰ নিদ্ৰাত, অথচ ভেটিও উচন হোৱাৰ পথত; শনাহী সময়, আগত প্ৰলয়, সোণালী আশাবোৰো শেষ খোৱা-কামোৰাত! ৩) সময়ৰ সুৰীয়া গান, সপোনৰ সোণালী ধান ; ৰঙত আত্মহাৰা, ৰসত ডুব মাৰা, শেষত সকলো পতান! ৪) জনমে-মৰণে পৰিচয় অসমীয়া, জগতত ধোদৰ চানেকি যুগমীয়া; দেহ-মন শক্তিশালী, দিব জানো হাত তালি, জীয়াতু ভুগি ভুগি

Read more

আপদীয়া পদ্য – চিদানন্দ বৰা

  বুকুত কুঠাৰ মাৰিলেও ’ক’ বুলিব নোৱাৰে যি সমাজৰ ঠিকাদাৰ, দেশৰো লেকাম ধৰে সি ধন্য ধন্য গনতন্ত্ৰ ধন্য তোৰ তন্ত্ৰমন্ত্ৰ চাণক্যনীতিৰহে জয়জয়ময়, পঢ়াশুনাত ধৰি ফালিবা কি !     দেশ বুলিলে নালাগে আদেশ – কিযে মৌসনা কথা, আখৈ ফুটাদি ফুটিলে মুখত, নাপায় হিয়াই বেথা। অতি ভক্তি চোৰৰ লক্ষণ গো-গ্ৰাসে কৰা ভক্ষণ কঠালচোৰৰ ভকতি দেখিবা , যদি চাব জানা আঠা !! কুৱেটীবাবুৰ বাৰীৰ ঢাপত আছিল এজনী সাপ এলাপেচা একোৱেই নাখায়, উটৰ গাখীৰতহে ৰাপ লেখি লেখি পাৰে কণী ঘৰতো সেয়ে ওৱাদানি বটাচৰাইৰ

Read more

ফটালিমাৰিক – ধনজিত বৰুৱা

*শিয়ান সেই সকল মহান বুলি শিয়ালে দিয়ে ভাষণ জুইৰ উপৰত ত্যাগেৰে যিজনে লয় আসন সেইকুৰা জুইতে আলু কচু পুৰি শিয়ালে বছৰ বছৰ জুৰি মাইক্ৰফোনটো লৈ সৰকাই নিয়ে নিজলৈ ৰেচন   &হে মহান সংস্কৃতি পাছত ৰাখিব হে মহান বায়ন দেউ প্রথমে এৰক কলা পেটৰ বিড়াল পণ্ডিতৰ চেউ আপুনি হে আপুনি বাকীবোৰ মেটেকা পুনি বাঘৰ ভাও দি মাছ বিছাৰে কৰি মেউ মেউ &আপুনি আমি সহজে ছাৰ বুলিলে আপুনি বোলে ছ্যাৰ আশা কৰে ছাৰৰ পৰা বিশেষ ধৰণৰ প্যাৰ চহীৰ মূল্য আপুনি জানে আমাৰ

Read more

কবি সন্মিলনৰ ইলিজি – নবজিত বৈশ্য

  এদিনৰ কথা বহি আছিলোঁ কবিৰ সভাৰ এচুকত কবিতা শুনি বহি থাকোঁতে মোৰ নখবোৰে আঁচুৰিবলৈ ধৰিলে মোক   অৰ্থৰ ঢালেৰে প্ৰতিহত কৰি শব্দৰ খঞ্জৰ কোনোমতে বহি থাকিলোঁ শালীনতা ৰক্ষা কৰি যিদৰে কবিৰ সভাত এজন কবি বহি থাকে বুলি মোৰ বিশ্বাস মোৰ বিশ্বাসৰ সৰলতাক দুৰ্বলতা বুলি প্ৰতিপন্ন কৰাৰ অহেতুক আকাংক্ষাত লাহে লাহে জিঘাংসু হৈ উঠিল মোৰ দুৰ্বিনীত নখবোৰ লাহে লাহে উদণ্ড হৈ উঠিল জেপৰ পৰা মোবাইল-স্ক্ৰীণ ফাইল-ডায়েৰীৰ পাতৰ পৰা উফৰি অহা শব্দবোৰ উদণ্ড শব্দবোৰৰ হাতত নিগৃহীত মোৰ অৰ্থবোৰে পাছ হোঁহকিবলৈ ধৰিলে

Read more

পাচলি – প্ৰাঞ্জল শ‌ইকীয়া

বজাৰৰ ধেৰুৱা, ধনীয়া কিম্বা লাই জুইৰ সমান দাম তুমি দেখা জানো নাই বাৰীৰ কাষৰে মাটি সাৰুৱা কোৰ এচাব ধৰাহে বৰুৱা ৰবি খেতিৰে দিওঁ আহা বাৰীখন উপচাই।     খুতৰা, মানিমুনি, জিলমিল, তৰৈ সোৱাদৰ কথা জানো নাজানা বিয়ৈ? গেছ দিয়া ফুলকবি খাই বেমাৰ নল’বা চপাই (তাতকৈ) সৰুমাছৰ জোল খাবা লগত দি তৰৈ! পিছফালৰ খেৰণিত লগালোঁ ৰঙালাও দিনটোত দুবাৰকৈ সাৰ পানী যোগাওঁ লমালমে লাও লাগিল চুবুৰীয়াৰ জানো কি পুৰিল মাজনিশাই লাও লৈ চোৰ হ’ল উধাও। ☆ ★ ☆ ★ ☆  

Read more

আপদীয়া পদ্য – জ্ঞান বৰদলৈ 

তোমাৰ কাজল সনা দুচকুত মই দেখা পাওঁ কেৰমনৰ দোকানৰ বাকীৰ খাটা তোমাৰ কঁকালৰ ভাঁজত দেখা পাওঁ দেউতাৰাৰ শকত দৰমহা৷ তোমাৰ ৰূপৰ সুগন্ধিত ভাঁহি থাকে ফেচবুক হোৱাটছ এপৰ বতৰা৷      ( ২) তোমাৰ বাবে মই আইফেল টাৱাৰ পকেটত ভৰাই আনিব পাৰো কম্বোডিয়া পাৰ হৈ ইংলিছ চেনেল ডেই যাব পাৰো লালকিল্লা যদি নালাগে ভাল হোৱাইট হাউছত ৰাখিম তোমাক৷ ☆ ★ ☆ ★ ☆

Read more
1 15 16 17 18 19 38