ফটাঢোল

ফটা লিমাৰিক – ধনজিৎ বৰুৱা

হাউৰালৈ টিকট নাপাই ফেউৰা উঠিল ৰেলত বৰচুৰীয়াৰ ফেৰৰ তলত ৰংঘৰৰ মেলত যুঁজত জিকা কুকুৰাত চকু ফেউৰাক ফালি নখেৰে বুকু ৰণৰ কুকুৰাই মিচিককৈ হাঁহি বীৰদৰ্পে জেলত ☆★☆★☆

Read more

ফটা কীৰ্তন – ৰূপল নাথ

(তৃতীয় অধ্যায়) জয় জয় সভাসদ ফটাঢোল নিবাসী ৷ নিবেদিলো প্ৰণাম মই সভাৰ মধ্যে আসি ৷৷ নাৰী পৰ্ব নামে আজি তৃতীয় অধ্যায় ৷ বেকত কৰোঁ কিছু কথা ক্ষমিয়োক দায় ৷৷ গোটৰ মধ্যে আছে যত ৰমণী স্ত্ৰী গণ ৷ স্বৰূপ দেখাইবাক লাগি কৰোঁ আয়োজন ৷৷ নাম প্ৰকাশি মই নকৰি পাপ কৰ্ম ৷ নিজগুণে বুজি লৈলে হৈবে পৰম ধৰ্ম ৷৷ এক নাৰী আছে গোটে অনেক প্ৰসাধন ৷ অশ্ব পুচ্ছ যেন কেশ দেখিতে শোভন ৷৷ বিহা লেখী পিজলা নামে তিনি ভগ্নী ৷ সেই কেশে

Read more

লিমাৰিক – হেমেন ডেকা

(১) তামাম উদাসীন চলন-ফুৰণ আচৰিত দেখোঁ কথন-মথন যান্ত্ৰিক ব্যস্ততা আত্মিক শূন্যতা সুখৰ পাছত দৌৰ আমৰণ৷ (২) আকাশ-কুসুম কল্পনা আজৱ-উদ্ভট কামনা গৈছে উটি জীৰ্ণ ভেটি হেৰায় সময়-চেতনা৷ (৩) প্ৰাণত আশাৰ অণু উৰে হেঁপাহৰ ৰেণু ক্ষয়িষ্ণু শৰীৰ নিৰ্বাক-বধিৰ তথাপি বজায় বেণু৷ (৪) আহক কৰোঁ অদ্ভুত মতবাদৰ প্ৰচাৰ আভুৱা ভাৰি কৰোঁ ৰাজনৈতিক কাৰবাৰ সুবিধা পালেই লুটি-পুটি ল’ম হজুগৰ বাবে খাপ পাতি ৰ’ম আপদীয়ামখাক আহক দিওঁ মাধমাৰ৷ ☆★☆★☆

Read more

বিহু বুলি – প্ৰাঞ্জল শইকীয়া

বিহু পাতে অসমীয়াই হাতত নাই টকা, দাবী ধমকিৰে চান্দা তুলি বেলেগৰ খায় গঁতা ৷ পুঠি-কাৱৈ চিনি নাপায় খায় চালানী ৰৌ, বিহুৰ মঞ্চত তাণ্ডৱ কৰি পিঠিত পৰিল ঔ ৷ ওঁঠত নাই বৰহমথুৰি জেতুকা নাই হাতত, অসমীয়া বুলি চিনাকি দিয়ে বুকু ফিন্দাই বাটত ৷ নিমাই-গোমচেঙৰ চোলা নহয় পিন্ধে গামোচাৰ চোলা, নিশা এটুপি গিলি লংপেণ্ট পিন্ধি বিহু মাৰিবলৈ ওলা৷ টকা-সুতুলি তেহেলে যা গীতাৰখন লৈ আন, হিন্দী গীতৰ মাজে বিহু ভৰাই সংগীতৰ ধৰোঁ তান৷ সাতবিহুৰ নাম নাজানে সংস্কৃতি ৰক্ষা কৰে, বিহুৰকেইদিন গামোচা আঁৰি শিল্পীক

Read more

ফটাপদ্য – নীলাঞ্জনা মহন্ত

(১) গাৰু আৰু গিলিপ, চুলি আৰু কিলিপ ফুল মানে টিউলিপ, আপী মানে দিপলিপ ইটিয়ে সিটিলৈ ভাবে মাজত কোনে মাতে ভাতপানী খাই ফুট গধূলিতে গায় ‘চুইট শ্লিপ’। (২) চকু আৰু চশমা, আচাৰ আৰু বৰমা, জিভা আৰু খুৰমা, গান মানে নিৰমা, ইগিলা বুনিয়া ভূজিয়া ভৰি আছে এই দুনিয়া তাকে মিলাই নিমখ নিদিয়া বনালোঁ এভাজি কবিতা। (৩) আকাশ আৰু পাতাল, সাধু আৰু মাতাল শুকান আৰু ৰসাল, কেটেঙা আৰু পেটাল আঠটা ভাই ককাই আৰু কেওকিছু নাই দহে ভাবে, এই অষ্টমৰ আছে কিহৰনো আকাল। ☆★☆★☆

Read more

আপদীয়া পদ্য – ধৰ্মজ্যোতি ভট্টাচাৰ্য

১) মধুপুৰৰ মিচেছ তিলোত্তমা দাস পৰিয়ালৰ সৈতে কৰে ভিল্লাত বাস গিৰিয়েকৰ ৰঙা চুলি ঘৈণীয়েক পেট কুলি চুলিয়াচুলি কৰি থাকে বাৰটি মাস। ২) চিটিবাছৰ চালক সি নাম গণেশ ভাং খাই ধৰে ৰাতি শিৱৰ ভেশ টোপনিক কৰি কাটি হাতত মদিৰাৰ বাটি পত্নীৰ নাইকিয়া কৰে আজুৰি কেশ। ৩) গাধ হয় যদি নাখায় ধঁপাত চাধা চূণ খাব লাগে নিতৌ তামোলো এক পোণ গুটখা বিমল ৰজনী ডিনাৰত এটাকৈ কণী শুবলৈ যাওঁতে খাবা গুৰ এক দোণ। ৪) শকত আৱত চেহেৰাৰ নিধিৰাম চৰ্দাৰ ছোৱালী তিৰোতালৈ মানুহটো দিলদাৰ

Read more

লিমাৰিক – ইন্দিমা বৰুৱা

১) মন্ত্ৰী বিধায়কৰ মন বুজা টান ক্ষমতাত থাকোতেই কৰি লয় ধন ধান য’তে ত’তে ঘৰ বাৰী ডাঙৰ ডাঙৰ গাড়ী সভাত ভাষণ দিয়ে সকলো সমান৷ ২) ৰাতিটোতে জন্ম লয় নতুন গায়ক এটা গান গায়েই হৈ পৰে জাতীয় নায়ক ইংলিছ অসমীয়া কৰি মিক্সাৰ বিহুগীতৰ সলাই দিয়ে সম্পূৰ্ণ আকাৰ অসমীয়ায়েই চিনিব লাগিব কোনজন লায়ক৷ ৩) নতুনকৈ প্ৰেমত পৰা অভিলাষ চৱৰ হ’লেই যেনিবা তেওঁ মোৰ খুড়াৰ লগৰ চুলিত দিনৌ কলপ কৰে মোবাইল চাই বাৰে বাৰে আহিছে কিজানিবা মৰমীৰ খবৰ৷ ৪) গহীন আতৈ হ’ল সত্ৰৰ

Read more

ফটা কীৰ্তন – ৰূপল নাথ

(অধ্যায় এক) শুনিয়োক সৰ্বজন মোহোৰ বচন৷ ফটাঢোল বৃত্তান্ত কিছু কহিবাক মন৷৷ আগে কিছু কথা কওঁ ধৰি চৰণত৷ ভাষা জ্ঞানে নিঃকিন মই কৰিলো বেকত৷৷ ব্যংগ কৰি কিছু কওঁ প্ৰভু নাম লৈয়া৷ ভুল হৈলে নিজ গুণে কৰিয়োক ক্ষমা৷৷ মুখগ্ৰন্থ মাজে আছে বিয়াগোম গোট৷ ফটাঢোল নামে তাৰ পৰিচয় যুগুত৷৷ পত্নী মোৰ ব্যস্ত অনেক ঘৰে বহু কাজ৷ ক্ষণ মাত্ৰ মোবাইল খোলে মুখে লৈয়া লাজ৷৷ শয়ন পাটিত বসি ফাক ফাক হাসি৷ বোলন্ত আমাক কথা ফটাঢোল দেখি৷৷ ৰাখিলন্ত আমাক নিয়া সেই গোটৰ মাজে৷ দেখিলো অনেক বাদ্য

Read more

আপদীয়া পদ্য — ৰাজীৱ শৰ্মা

১) বাহিৰে ৰং-চং ভিতৰে কোৱাভাতুৰি পুৰুষৰ তুমি ধৰিব নোৱাৰা চাতুৰি শক্তি বুলি ভজিব মাতৃ বুলি পূজিব পুৰুষৰ হাতত যেন ক’ৰ্টৰ হাতুৰী ২) নাৰী দিৱসৰ শ্লোগান হ’ল সমতা আজুৰি হ’লেও লোৱা নিদিলে ক্ষমতা বছেৰেকত পালন এদিন নাযায়চোন আমাৰ দুৰ্দিন ৰণচণ্ডী মূৰ্তি ধৰা পাহৰি মমতা ৩) আমাতে জন্ম লৈ আমাকে বোলে দুৰ্বলী হাঁহি উঠে পুৰুষে বুলিলে বাহুবলী নগাৰ চাং তলে বাট ভাবিলে দেহা পৰে শাত আমিবিনে পুৰুষৰ নাই তিৰি-চলী ☆★☆★☆

Read more

বিত্ত — কৌশিক দাস

বৃত্তৰ ভিতৰত সকলোৰে চিত্ত বিত্তৰ ভৃত্য দ্ৰুত প্ৰবৃত্ত জীৱনবোধৰ শেষকৃত্য; আদৰিছোঁ বিত্ত অপহৃত সুখৰ নমস্য দৈত্য। বিদায়ী বিত্ত নিদ্ৰাহৃত অসুখৰ নিথৰ সত্য! দিশহাৰা বিত্তৰ ইতিবৃত্ত! ☆★☆★☆

Read more
1 29 30 31 32 33 38