ফটাঢোল

আপদীয়া পদ্য-সঞ্জীৱ কুমাৰ মহন্ত

           (১) কালকৰ’ণাই ছানি ধৰে   অসমৰ মাটি পানী বায়ু, দিনক দিনে কমিছে বহুজনৰ আয়ু, এচাম মৰিছে খাবলৈ নাপাই এচাম মৰিছে ড্ৰাগছ-কানি খায়, কৰ’ণাতকৈ মূল্যবৃদ্ধিয়ে ৰাইজৰ মূৰত ৰামটাঙোন সোধায়।        (২) জাক জাক লিডাৰ  আমাৰ অসমত জয় আই অসম   সকলোৰে মুখত। ক্ষমতাৰ খকত  আদৰ্শৰ  নাই  কোনো কাম, টকশ্ব’ত গৈ জাতীয়তাবাদৰ জয়গান সদায় গাম…। সাপ হৈ খুটিম বেজ হৈ জাৰিম তথাপিতো কিন্তু  ৰাজনীতি কৰিম জাতি মাটি ভেটি সকলো বাদ  পলিটিক্স ইজ জিন্দাবাদ। ☆ ★ ☆ ★ ☆

Read more

লিমাৰিক- অনসূয়া বৰঠাকুৰ

                (১) সৰুৰেপৰাই সি পঢ়া-শুনাত গাধা, পিছৰ বেঞ্চত বহি মলি থাকে চাধা, ফ’ৰলেনক দি মাটি, ৰাতিটোতে কোটিপতি, যৌতুক বুলি জীক দিলে সম্পত্তি আধা।                      (২) কষ্টৰে পঢ়ি হ’ল মেডিকেলৰ ছাত্র, ৰোগী চোৱাৰ নামত ফিজ নাম-ম‍াত্র, কেনেকৈ বাঢ়িব আয়! দুখীয়াক ফ্ৰীতে চায়! ছোৱালীৰো নহ’ল সি পচন্দৰ পাত্ৰ! ☆ ★ ☆ ★ ☆

Read more

পঞ্চপদী- হেমেন ডেকা

                      (১) ফে’চবুকো যে কেনে এক বিচিত্ৰ জগত আমিও তাৰে বাসিন্দা, যেন হৰিভকত আছে ইয়াৰ গৰিমা বন্ধুৰো দেখোঁ মহিমা কাজিয়া কৰিলেহে বেজাৰ লাগে মনত৷                      (২) বেসুৰা জীৱনৰ গান, নাই যে সুৰৰ মূৰ্ছনা মষিমূৰ কত সপোন, নিৰাশাই আঁকে আল্পনা ভাগৰুৱা দেহ-মন চৌদিশে গহন বন বাঘৰ পেটত সোমাল নেকি আশা আৰু কল্পনা?                    

Read more

ফটা লিমাৰিক- ধনজিৎ বৰুৱা

                   ১)  বেজ বৈদ্যৰ তীৰকঁপে জ্বৰ উঠে নগৰত  পুত্ৰই নিচিনে ঔষধ পৰি গ’ল জগৰত  নিশিকালে যে  আন কাকো  নিজেও আন নিশিকিল একো আনলোকে শোকৰ বিষয়ো কৈ আছে ৰগৰত।                   (২)  চোৱাওঁতে নাম জয়াপ্ৰদা লিখিত জেনিফাৰ  সোঁৱৰণীৰ  লিখাবোৰক কৰিলে অত্যাচাৰ  ঘৰে বুলিলে পণ্ডিত মিছা  পণ্ডিতে বোলে তেৰাৰ ইচ্ছা  যতন নল’লে  ভাল আলুৰ খেতিতো উঠে খাৰ।                  (৩)  দে মোবাইল,

Read more

লিমাৰিক- স্বপ্নালী কলিতা

                   (১) গাঁৱৰ মাজৰ বৰুৱানী খুৰীৰ ক’ৰ’ণালৈ বৰ ভয় মানুহ আহে বুলি ফোন কৰি কৰি সকিয়নি দি থয়। নিজে হ’লে পিচে ফুৰিবলৈ যায় বিয়া সবাহো আগে ভাগে খায় মনৰ মানুহ গোট খাই আবেলি ঘৰ নধৰা হয়।                    (২) মিহিৰ খুৰাৰ গাইগৰুজনী এসেৰ গাখীৰ দিয়ে লোণ-তেলকণ আহক বুলিয়েই বজাৰৰ ফালে নিয়ে। বজাৰত পিচে মানুহমখাই খাটি গাখীৰত সোৱাদ নাপায় পো-পোৱালিয়ে ভেজাল পেকেট কোট্‌কোট্‌কৈ পিয়ে।    

Read more

আপদীয়া পদ্য- অনসূয়া বৰঠাকুৰ

                (১) ৰংমনে গাঁৱলৈ আহি মাছ ধৰিলে জালত। আম-কঁঠালো পাৰিলে বগাই গছৰ ডালত। প্ৰভুক জনাই সি ধন্যবাদ, ক’লে “ক’ভিড জিন্দাবাদ” বহুদিন গাঁৱত থকাৰ সুযোগ পালোঁ লকডাউনৰ ফলত।।               (২) পৰিপুষ্টি বিশেষজ্ঞা ৰূপহী মালাকাৰ। মঙহৰ ভৰত ডিঙিয়ে-মুখে একাকাৰ। তাহানিতে ছাইজ জিৰ’ মানুহজনো আছিল হিৰ’ এতিয়া ফটোকে চাই কৰি থাকে হাঁহাকাৰ।।             (৩) কোনে কি প্ৰতিশ্ৰুতি দিছিল এইবাৰ নিৰ্বাচনত। এটা এটাকৈ সকলোবোৰ ৰাখি থৈছোঁ

Read more

ফটালিমাৰিক – শ্রী ধনজিৎ বৰুৱা

*ধেৎ তেৰি কামত এলাহ মিনতিৰ, মহা সুখ আজিকালি পাংখা টিভি ফ্ৰীজ আনি পেলাইছিল শিল-বালি পিচে প্ৰভু অসাৰ হ’ল লোণত চিবিলৰ জিভা গ’ল ৰেলীত  কমখন নাচি বাগি বজাইছিল যে হাত তালি। *মহামাৰী  মহামাৰী সৃষ্টি কৰি নিজক কৰিছোঁনে পৰীক্ষা জ্ঞান ফালি তালি  বাজি মানুহৰ  স্বাৰ্থৰ অভীক্ষা ইতিহাসে কৰে পৰিহাস দাপোনত দেখোঁ উপহাস মানৱে নিশিকে  কোনোদিন অভিজ্ঞতাৰ সমীক্ষা। *বজ্জাত উপাৰ্জন যিমান কঠিন, কঠিন নহয় জন্ম দিয়া ভোকাতুৰে  প্ৰজননত সুখ বিচাৰি সুখ নাইকিয়া বুজাবলৈ যিমান যাবা মানুহৰ ভিন জাত পাবা ফটো চিনেমা থেচিছত বিলাপ 

Read more

পঞ্চপদী পদ্- হেমেন ডেকা

(১)   এইবাৰহে এইবাৰ, লাগিছে হাঁহাকাৰ! ক’ৰণাৰ মাৰ, জীৱন-জীৱিকা ছাৰখাৰ চৌদিশে মৃত্যুৰ কিৰিলি, এচামৰ আকৌ ধেমালি, নেদেখা যমৰ অট্টহাস্য শুনো বাৰম্বাৰ৷   (২) কোনেনো শুনাবহি আশাবাদৰ সুৰ? নিৰ্বংশ হওক ক’ৰণাৰ অসুৰ! লাগে মাথোঁ সজাগতা, নৈমিত্তিক সতৰ্কতা, আতংকৰ এদিন পৰিবই ওৰ৷   (৩) সজাগ নহৈ একাংশই কৰে ভুল অসাৱধানতাই যে বিপদৰ মূল দেশ ৰোগাক্ৰান্ত নেতা ভাৰাক্ৰান্ত দেখি নিশিকে, ঠেকা খাই হয় ব্যাকুল৷   (৪) কিডাল হ’ব পঢ়ি কিতাপ-পত্ৰ? এতিয়াতো নহওঁ অমুকা ছাত্ৰ৷ খোৱা-পিন্ধাইহে মূল, পাহৰি নকৰোঁ ভুল, খাবৰ বাবে জীয়াই আছোঁ

Read more

লিমাৰিক-ধনজিৎ বৰুৱা

১) এফালে মাৰিলোঁ চাপৰ সিফালে ওলাব নাচনী বিহু আহিল ঢোলে মাতে সবাৰো গিৰগিৰনি পাচে এফালে গেলা বিলাতী লালৰ খেলা পুৰণি বিহুনাম ৰিমিক্সড হৈ দুঘণ্টাতে  ফোঁপনি।   ২) আইনা চাই মানুহে যিদিনা নিজক সঁচা ক’ব আনক অশান্তি নিদিওঁ বুলি বধ শপত ল’ব অবিচাৰ অন্যায় অত্যাচাৰ ধৰ্ষণ অশান্তি ব্যভিচাৰ নাজানো শুদ্ধ আইনেৰে এইবোৰ কেতিয়া শেষ হ’ব।   ৩) সৃষ্টিয়ে  পৰিৱেশৰ কথা ক’বনে বাট দেখুৱাই মগজুৰ কৌশলত সদায় বুকুৱে শাস্তি খায় মাজে মাজে ভাবি পৰোঁ কলম আমি কিয় ধৰোঁ শব্দই মনত নোচোৱাকৈ যদি

Read more

কৈ থাকিলে ওৰকে নপৰে-পল্লৱী শৰ্মা

                           (১) শুনক শুনক ৰাইজ কথা এটা কওঁ কৰ’নাৰ লটিঘটিৰ কথা উদঙাওঁ ল’ৰা-ছোৱালীক স্কুলত দিলে নাম লগাই মাকবোৰেও বোলে ৰক্ষা পৰিলোঁ আমি কিহৰনো চিন্তা আমাৰ দুনাই।                            (২)  উকা উকা বহীবোৰ হাতে হাতে লৈ  ঘৰতে স্কুল যোৱাৰ আখৰা চলায়  মিনিটে মিনিটে পাকঘৰলৈ দৌৰি যায়  কি ৰান্ধিছে মাকহঁতে  বাৰে বাৰে চকু ডাঙৰ কৰি চায়।      

Read more
1 6 7 8 9 10 38