ফটাঢোল

সময়- জয়শ্ৰী শৰ্মা

এটা সময় আছিল, আমাৰ চিনাকি মানুহৰ তালিকাখনত আছিল কেৱল আত্মীয় মানুহখিনি, ওচৰ-চুবুৰীয়া তথা বিদ্যালয়ৰ সমনীয়া বন্ধু বান্ধৱীবোৰ আৰু কোনোবা অনুষ্ঠান, প্ৰতিষ্ঠানত লগ পোৱা কোনোজন। এতিয়া সময় সলনি হ’ল। ইণ্টাৰনেটৰ লগত সংযোজিত সামাজিক মাধ্যমসমূহ যেনে ফেচবুক, টুইটাৰ, হোৱাটচ এপ, ইনষ্টাগ্ৰাম ইত্যাদিৰ জৰিয়তে আমাৰ চিনাকিৰ জগতখনো বিশাল হৈ পৰিল। এতিয়া আমি কোনোজনকে বহুত দিন লগ নোপোৱাৰ অনুভৱ কৰিবলগীয়া নহয়। আমাৰ শৈশৱত আমি ইণ্টাৰনেটেৰে চিনাকি নাছিলোঁ। হঠাৎ কাৰোবাক লগ পালে হোৱা অনুভূতিবোৰ বৰ উচ্ছল আছিল। সেই যে বাৰীৰ সীমনাত সখীয়তী চৰাইজনীয়ে ঘৰলৈ কোনোবা

Read more

সানমিহলি-সোমকান্ত শইকীয়া

(১ বিউটি স্পট দুগাৰাকী বান্ধৱী আছিল। একেলগে পঢ়া, একেলগে থকা, নলে গলে লগা। দুয়োগৰাকীৰে বিয়া বাৰু হৈ যোৱাৰো ১০-১২ বছৰ হ’ল, বেলেগ বেলেগ চহৰলৈ। ফোনত কথা বতৰা পতাৰ বাহিৰে বা ফে’চবুকৰ প্ৰফাইল ছবিকেইখন দেখাৰ বাহিৰে ইজনীয়ে সিজনীক লগ নোপোৱাও বহু বছৰ হ’ল। এবাৰ দুয়োজনীৰে উমৈহতীয়া বান্ধৱী এগৰাকীৰ ঘৰত কিবা এটা অনুষ্ঠান উপলক্ষে দুয়োজনীৰ দেখা দেখি হ’ল। বহুত দিনৰ মূৰত লগ পাই দুয়ো হেঁপাহ পলুৱাই কথা পাতিলে। কথা বতৰা পাতি একেলগে ভিতৰলৈ গৈ খোৱা-বোৱাও কৰি আহিলগৈ। ৰ’ব, নাম দুটা কোৱাই নাই

Read more

অসমীয়া বিয়াৰ ইতিহাসত হয়তো কেতিয়াও নঘটা ঘটনাটো। কেতিয়াও নিলিখা কথাবোৰ-অসীমা শইকীয়া দত্ত

আগৰ বিয়াবোৰত, দিনটো কামত লাগি, গধূলিলে পানী জাৰটো লৈ, নৰমনিচৰ পৰা আঁতৰি বহা জীৱকেইটাই, দৰা আহোঁতে বেছি নাচে। আমাৰ বাইদেউৰ বিয়াত তেনেকুৱা পাঁচটামান, দাদাৰ লগৰ দুটামান, বাকী গাঁৱৰ দুটামান, গেট দিয়াৰপৰা কইনাৰ মৰল বনোৱালৈকে সৱ কৰি দিয়া কেইটাই গধূলিলৈ গাৰ বিষ মৰাৰ দৰৱ খাই মিল মিলকে হাঁহি, সৱৰে খা-খবৰ লৈ ফুৰিছে। এটাই জেনেৰেটৰ মাততো নেৰিব্বা বুলি নাচোঁতে, ৰভাতলত টোপনিয়াই থকা আমাৰ সত্ৰৰ পেহীৰ পুতেকটো লুটি খাই পৰিছিল। দে’তাৰ ফাই, ইহঁতে পালে ক’ত খাবলে। আজি সৱ পণ্ড কৰিব। বাৰ বিয়াৰ বেণ্ডপাৰ্টিটোৰ,

Read more

শৈশৱৰ বতৰা-চিত্ৰলেখা দেৱী

শৈশৱ বুলিলে বুলিবৰ নাই। শৈশৱৰ স্মৃতি সদায়েই মধুৰ বুলিয়েই ধৰোঁ (কাৰোবাৰ বাবে তিক্তও হ’ব পাৰে)। ৰিণিকি ৰিণিকি মনতপৰা ঘটনা এটা কওঁ। মই একেবাৰে সৰু হৈ থাকোঁতে আমাৰ ঘৰৰ ওচৰত থকা সৰ্বোদয় আশ্ৰমত এটা ডাঙৰ অনুষ্ঠান পাতিছিল (কি আছিল মনত নাই), বোধকৰো দুই-তিনিদিনীয়াকৈ। আমাৰ ঘৰতো উখল-মাখল পৰিৱেশ। কাৰণ দেউতাই ইয়াত দেহে-কেহে লাগি থকাৰ কথা অকণ অকণ মনত আছে (পাছত মাহঁতেও কৈছিল বিভিন্ন কথা)। যিকি নহওক, এদিন ৰাতি সাংস্কৃতিক অনুষ্ঠান আছিল আৰু তাৰবাবে ভালেমান দিনৰ আগৰেপৰাই যা-যোগাৰ কৰা হৈছিল। বিভিন্ন নৃত্য, গীত,

Read more

দেখনিয়াৰ কইনা-মানসী বৰা

মলয়াৰ ফটোখন দেখিবৰেপৰা পৱিত্ৰৰ মনত প্ৰেমৰ বীজ অংকুৰিত হ’ল। তাইক নিজৰ কৰি ল’বলৈ তাৰ মনত উখল-মাখল। ফটোখন দেখাৰ দিনাই যেন অতদিনে বিয়া পাতিবলৈ সুপাত্ৰী বিচাৰি চলোৱা অনুসন্ধানৰ অন্ত পৰিছিল। জীৱনসংগী হিচাপে মলয়াক সি প্ৰায় ঠিকেই কৰি পেলালে। মলয়াহঁতৰ ঘৰখনৰপৰা  বিবাহৰ প্ৰস্তাৱত সন্মতি আছে বাবেই তাক মাতি পঠোৱা হ’ল। সেইবাবেই আজি ফেৰীৰে ভাবীজোঁৱাই হিচাপে সি যাত্ৰা আৰম্ভ কৰিছে। আনফালে বাটে বাটে মলয়াৰ প্ৰশংসাত পঞ্চমুখ হৈ প্ৰতিমটোৱে কোৱা কথাবোৰে  মলয়াজনীক লগ পাবলৈ তাক আৰু দুগুণে উৎসাহিত কৰি তুলিছে। পৱিত্ৰৰ বিয়াখনলৈ ঘৰৰ সকলোৰে

Read more

মুখাৰ আঁৰত-ৰীতা লীনা সোণোৱাল

প্ৰত্যুত্তৰ দিবলৈ শিকিব লাগে। সৰুৰেপৰা বৰ লেহুকাকৈ ডাঙৰ দীঘল কৰা হয় আমাক। যেন মম এডালৰ দৰে মৌন হৈ গলিবলৈ শিকিলেহে আমি ছোৱালীবোৰ ভাল। বহুদেৰিৰপৰা নমিতায়ে অসহায়ভাবে কথাখিনি কৈ আছিল। তাইৰ কথাখিনি শুনিছোঁ‌ যদিও মোৰ সহজাত সন্দেহে লগ এৰা দিব বিচৰা নাই। কাৰণ মই যাক যি ভাবে দেখিছোঁ‌ সেইটোকেই সত্য বুলি মানি আহিছোঁ সদায়। কিন্তু এতিয়া নমিতাৰ কথাখিনি শুনি ভাবিছোঁ‌, বহুত ভব্য-গব্য এজন মানুহৰ মাজতো পশুবৃত্তি কিছুমান সোমাই থাকিব পাৰে। যেনেকৈ তাই এতিয়া পৰমানন্দ বৰদেউতাৰ কথা কৈ আছে। কিন্তু মোৰ মনত

Read more

আমি অসমীয়া নহওঁ দুখীয়া- অৰুণাভ মহন্ত

এসময়ত এটা জাতি আছিল, নাম আছিল “অসমীয়া”! যদিও জাতিটোৱে মাজে মাজে নিজৰ সংজ্ঞা বিচাৰি থাকে, তথাপিও সহজ ভাষাত ক’বলৈ গ’লে অতীজৰেপৰা অসম প্ৰদেশত বসবাস কৰা বা অসমীয়া ভাষা সংস্কৃতি মানি চলা লোকসকলকেই অসমীয়া বুলি কোৱা হৈছিল৷ অৱশ্যে এতিয়া জাতিটোত অসমীয়া কম আছে৷ এতিয়া জাতিটোত কলিতা, আহোম, বামুণ, উজনি-নামনিৰ, হিন্দু-মুছলিম ইত্যাদিহে বেছিকৈ থাকে৷ তথাপিও জাতিটো এতিয়াও জীয়াই আছে, কেলধোপ-কেলধোপকৈ হ’লেও। এসময়ত অসমীয়া জাতিটো বিভিন্ন বনজ, খনিজ আৰু খাৰুৱা সম্পদেৰে চহকী আছিল, কিন্তু এই জাতিটো এতিয়া আৱেগেৰেহে চহকী, ইমান আৱেগিক জাতি চাগে

Read more

নিৰ্বাচন আহিছে, নিৰ্বাচন-ঋতুপৰ্ণ শৰ্মা

এনেকুৱা লাগিছে আজি নিশাটো যেন মোৰ টোপনি নাহিব আৰু! যিমানে নিৰ্বাচন ওচৰ চাপি আহিছে, সিমানে মোৰ বুকুৰ ঢপ্‌ঢপনিও দেখোন বাঢ়ি আহিব ধৰিছে। এইবাৰ দিল্লীলৈ গ’লে ভালকৈ এবাৰ ডাক্তৰক দেখুৱাই ল’ব লাগিব। নাই, এতিয়া দিল্লীলৈ যাব নোৱাৰি। তাত আকৌ কৰ’ণা সংক্ৰমণ আৰম্ভ হৈছে। চেন্নাইতে গৈ এবাৰ দেখুৱাই আহিব লাগিব। অলপ টকা খৰচ হ’ব অৱশ্যে। পিচে টকালৈ চাই থাকিলে নহ’ব। দেহা থাকিলেহে বেহা। ৰাইজৰ কাম কৰিছোঁ যেতিয়া ৰাইজৰ পইচা খৰচ কৰিমেই। কাৰণ এই টকাবোৰনো ক’ত মোৰ নিজৰ টকা! ৰাইজৰহে টকা। নাই, কি

Read more

জীৱনৰ সহচৰ- মোনা অথবা বেগ বিন্দু ৰাজবংশী কলিতা

জীয়াই থকা দিনকেইটাত মানুহৰ অনেক সম্পত্তিয়েই অপৰিহাৰ্য হৈ পৰে। তাৰ ভিতৰত মোনা অথবা বেগটোৰ কিমান বেছি গুৰুত্ব সেই কথা আমি কোনেও ভাবিবলৈ সময় নাপাওঁ। পুৰণি কালত এই বেগক মানুহে জোলোঙা বুলি কৈছিল। বিশেষকৈ গ্ৰাম্য সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ বাবে জোলোঙা বিভিন্ন দিশত বিভিন্নভাৱে ব্যৱহৃত হৈছিল। সেই সময়তো জোলোঙা আছিল সহচৰ অথবা সংগী। পেছা অনুযায়ী বিশেষ বিশেষ ধৰণৰ ব্যক্তি বুলি ক’লেই আমি নেদেখাকৈয়ে কল্পনা কৰি ল’ব পাৰো সেই ব্যক্তিগৰাকীৰ ব্যক্তিত্ব। উদাহৰণস্বৰূপে শিক্ষক বুলি ক’লেই আমি ধাৰণা কৰি ল’ব পাৰিছিলো যে কান্ধত ওলোমাই

Read more

দাপোণ-পাৰ্থ প্ৰতীম শৰ্মা

এই কথাই কথা নহয়। কিবা এটা লিখিবই লাগিব। আলোচনীখনৰ সম্পাদকে নিজেই ফোন কৰি কৈছে – “আপুনি যিয়েই নকওক লাগে, সমাজৰ চকুত আপুনি এজন সমাজহিতৈষী বিশিষ্ট সাহিত্যক। আপোনাৰ লেখাই আমাৰ আলোচনীখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিব।” ইয়াৰ পিছত আৰু মই নিলিখি থাকিব পাৰোঁনে?  কাগজ-কলম সকলো সাজু কৰি বহি ল’লোঁ। আজি সুন্দৰ বিষয়ৰ লেখা এটা কলমৰপৰা নোলোৱালৈকে উঠিয়েই নাযাওঁ। চাওঁচোন বিষয় মূৰলৈ নহাকৈ কেনেকৈ থাকে! চকু মুদি দকৈ ভাবিবলৈ ধৰিলোঁ – কি লিখোঁ? ঠিক ঠিক। এই বিষয়টোৱেই ভাল হ’ব। নাগৰিকত্ব সংশোধনী আইনক লৈ ব্যংগ

Read more
1 19 20 21 22 23 84