থাকিও নাই- ড০ লক্ষ্যজ্যোতি বৰঠাকুৰ
‘থকাত সকলোৰে আছে কিন্তু থাকিও নাই। বস্তুটো কি?’ – শৰ্মাদায়ে চকীখনত বহিয়েই আৰম্ভ কৰিলে। ‘মানে?’ – মই একো বুজি নেপালো। ‘সাঁথৰ সুধিছোঁ। উত্তৰটো কোৱা।’ ‘ৰাতিপুৱাতে সাঁথৰত ধৰিলে যে? মৰ্ণিংৱাকত যাওঁতে কোনোবাই সুধিলে চাগে আপোনাক? নিজে নোৱাৰিলে, এতিয়া মোক টেষ্ট কৰিবলে আহিছে ন?’ ‘সেইবোৰ বাদ দিয়া। তুমি উত্তৰটো ভাবা।’ ‘সকলোৰে আছে কিন্তু থাকিও নাই। কি বস্তু হ’ব পাৰে বাৰু? এঃ মই নাজানো, আপুনিয়েই কৈ দিয়ক।’ ‘লকডাউনত দেখিছোঁ তোমাৰ মগজটোও লক হৈ গ’ল। ডেকা মানুহ, ৰাতিপুৱা খোজ-চোজ দুটামানকে দিওঁ, সেইবোৰটো নায়েই, বেলি
Read more