ফটাঢোল

বটলাটংক – মিনতি মহন্ত

চুবুৰীয়াৰ কোলাহল ৰাতিপুৱাতেই আৰম্ভ হ’ল। ৰাতিৰ প্ৰচণ্ড গৰমৰ বাবে শেষ নিশাহে কোনোমতে টোপনিটো আহিছিল। হৈ হাল্লাত উঠি আহিবলৈ বাধ্য হ’ল নীহাৰ। প্ৰকৃততে ক’বলৈ গ’লে বন্ধু এজনৰ জন্ম দিন উপলক্ষে অফিছৰ মানুহ গৈ শেষ হোৱাৰ পাছত চাৰি বন্ধুৱে লগ হৈ অনুষ্টুপীয়াকৈ পালন কৰিছিল। ঘূৰি আহি বিচনাত পৰোঁতেই ৰাতি এক মান বাজিছিল চাগে, ঘড়ী অৱশ্যে চোৱাই নহ’ল। পাছদিনা নিত্য নৈমিত্তিক কামখিনি কৰি চাহ, জলপান খাই হয় মানে ৮:০০ বাজিল‌। অফিছলৈ লৰা-ধপৰাকে ওলাই যাওঁতেহে অনুভৱ হ’ল মূৰটো গধুৰ লগাৰ কথা। অফিছৰ কাষতে ভাৰাঘৰত

Read more

মোবাইলৰ মেৰপাক – পৰীস্মিতা বৰা বৰগোঁহাই

সন্তানটো জন্মৰ পিছতেই তাক চিল্ড্ৰেন কেয়াৰ ইউনিটলৈ লৈ যোৱা হ’ল। মাকজনীৰ অলপ অলপ হুচ আহিছে। তেওঁৰ গাত শক্তি বুলিবলৈ একেবাৰেই নাই। বাগৰ সলোৱাটো দূৰৰে কথা……লৰিবলৈকো তেওঁৰ গাত জোৰেই নাই! বিচনাত পৰি থাকিয়েই তেওঁ সোহাঁতখনেৰে খেপিয়াই চালে। কিন্তু হাতত তেওঁৰ একোৱেই নালাগিল।তেওঁৰ চিন্তা হল! শৰীৰটো নলৰোৱাকৈয়ে তেওঁ এইবাৰ বাওঁহাতখনেৰে যিমান দূৰলৈকে পাৰে খেপিয়াই চালে। নাই, এইবাৰো তেওঁৰ হাতত একো নালাগিল। তেওঁৰ বুকুখন চিৰিং কৈ মাৰিলে! মনতে তেওঁৰ সন্দেহ হ’ল……কেনেবাকৈ তললৈ সৰি পৰিল নেকি! নাইবা নাৰ্চে তাই টোপনিত থাকোঁতে লৈ গল নেকি!

Read more

হঁহা যন্ত্ৰ – সম্পূৰ্ণা শৰ্মা

বোম বোম ভোলানাথ টাইপৰ বৰাদাই এইবাৰ মীটলৈ যোৱাৰ আগতেই এটা হঁহা যন্ত্ৰ সাজি উলিয়ালে। উদ্দেশ্য – জীৱনৰ ঘাত-প্ৰতিঘাতবোৰৰ পৰা আঁতৰি আহি মানুহৰ মাজত অলপ যাতে হাঁহি বিয়পে। সেয়ে লগৰ চিনাকি সকলোকে খবৰ দি হঁহা যন্ত্ৰটো উন্মোচন কৰাৰ মন মেলিলে। কথাটো চাৰিওফালে বিয়পি পৰিল। বহুতে ভাল বুলিলে আৰু বহুতে বিতৰ্ক কৰিলে। নলবাৰী মীটতে উন্মোচনী সভাখন দিয়াৰ সিদ্ধান্ত হ’ল। বৰাদাৰ আকৌ কথাৰ মাজে মাজে নিজে নিজেই গানৰ কলিবোৰ আৰু কবিতাৰ পংক্তিবোৰ জিভালৈ আহি যায়। নিমন্ত্ৰিত সকলোকে সম্ভাষণ জনাই বৰাদাই যন্ত্ৰটোৰ বিষয়ে দু-এষাৰ

Read more

ভাষা বিভ্ৰাট – ডাঃ হিৰণ্যজ্যোতি দাস

নতুনকৈ চাকৰিত সোমাইছো মাত্ৰ। কাছাৰ জিলাৰ গুমড়া নামৰ ঠাইখনত থকাৰ কোনো সুবন্দোবস্ত নথকাৰ কাৰণে তাৰপৰা প্ৰায় ৮ কিল’মিটাৰ দূৰত থকা কালাইনত থাকো৷ তাৰপৰা নিতৌ সৰুগাড়ীত অহা-যোৱা কৰোঁ৷ ভাষা ভালকৈ বুজি নাপাওঁ, গতিকে সহযাত্ৰীসকলৰ লগত কথা পতা নহয়৷ লাহে লাহে অলপ-চলপ বুজি পোৱা হৈছো আৰু৷ তাৰ মানুহৰ কথিত ভাষাটো আমি বুজি পোৱা বঙালীভাষা নহয়, শব্দবোৰ বেলেগ৷ তেওঁলোকে ছিলেটি ভাষা কয়৷ চিকিৎসালয়লৈ অহা মানুহবোৰৰ বেছিভাগ কথাই বুজি নাপাওঁ৷ সহকাৰী কেইজনৰ পৰা বুজি লওঁ৷ এদিন চিকিৎসালয়লৈ এজন মানুহ আহিল৷ তেওঁ কি কৈ আছে

Read more

অ আ ই…. অসমীয়াৰ আৱেগ ইত্যাদি – শিল্পাশ্ৰী দাস

অ-ফলাখন জানে নহয় আপোনালোকে! কথাও সুধিছোঁ চাওঁকচোন বাৰু ; অসমীয়া হৈ বাৰু অ-ফলা অথবা ক-ফলাখন নাজানিবনে ! নিশ্চয়কৈ জানে। অকল ময়েই নহয় আপোনালোকেও চাগেʼ আওৰাইছিল- অ হ’ল অসমৰ প্ৰথম আখৰ, অসমৰ অকণিৰ অসমতে ঘৰ। অৱশ্যে নতুনচাম অথবা ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰাসকলে এই আমেজকণ নাপাবও পাৰে। অ ফলাখনৰ প্ৰসংগ ইয়াত এইবাবেই উল্লেখ কৰিলোঁ যে শিৰোনাম আৰম্ভ হৈছে অ, আ, ইৰে। যিয়েই নহওঁক, এতিয়া আহোঁ লেখাটিৰ শিৰোনামত উল্লেখিত বিষয়টোলৈ। আৱেগ যেন আমি জন্মসূত্ৰেই লৈ আহোঁ। অʼ এইখিনিতে এটা কথা কৈ লওঁ

Read more

সজাগতা – অসমী গগৈ

মানুহজনক ভাগৰে হেঁচা মাৰি ধৰিছে। চকীখন চলি থকা ফেনখনৰ তললৈ টানি আনি বহি লৈ মানুহজনে হাত-ভৰিবোৰ মেলি দিলে। ভাগৰ, ভাগৰ, ভীষণ ভাগৰ লাগিছে মানুহজনৰ……… নালাগিবনো কিয়! আজি প্ৰায় এমাহমান অলপ খাটিছেনে তেওঁলোকে!! আজি কিছুদিনৰ পৰা সকলোৱেই লক্ষ্য কৰিছিল সীমান্তৰ দাঁতি-কাষৰীয়া অঞ্চলটোক মদ-ভাং-জুৱা আদিৰ আড্ডাই ছানি ধৰিছে। উঠি অহা এটা চাম চকুৰ আগতে ধ্বংসৰ গৰাহত পৰিছে। চকুৰ আগতেই চিনাকি মানুহৰ ল’ৰা-ছোৱালীবোৰ ক্ৰমে ধ্বংসৰ মুখলৈ গৈ থকা দেখি চাটি-ফুটি লাগিবলৈ ধৰিলে মানুহজনৰ। কেৱল মানুহজনেই নহয়, মানুহজনৰ দৰেই আৰু দহজন সমাজ-সচেতন মানুহৰো চট্‌ফটনি

Read more

আজিৰ পৰা মেখেলাখন ইয়াতে তিয়াবি – নিশান্ত বৰদলৈ

: অাঐ, মৰতীৰ কি ভেম চাবা, একেবাৰে যেন লাট চাহাবৰ জী! সাধাৰণতে মোৰ সন্মুখত তাইক কোনেও বেয়া শব্দ ক’ব নোৱাৰে বুলি মোৰ দৃঢ় বিশ্বাস আছিল। তেজ-মঙহৰ নহ’লেও তাই মোৰ হেঁপাহৰ ভনী। কেতিয়াবা গৰমত তাইৰ ঘৰৰ আগেদি পাৰ হৈ যাব খুজিলেও তাই পদূলিলৈকে দৌৰি আহে। মই এখন্তেক ৰওঁ মানে তাই ফোঁপাই-জোপাই মোলৈ নেমুৰ চৰবৎ এগিলাচ তৈয়াৰ কৰি আনে- : দাদা,গৰমত বেছিকৈ ঘূৰি নুফুৰিবি, বেমাৰ হ’ব। তাইৰ মুখলৈ মই তন্ময়তাৰে চাই ৰওঁ। ‘অসীমত যাৰ হেৰাল সীমা’ৰ চম্পা যেন তাইৰ মাত-হাঁহি। তাই মোৰ

Read more

অপদাৰ্থ বিজ্ঞান পৰিচয়, প্ৰথম ভাগ – অভিজিত কলিতা

=পাতনি= সমগ্ৰ পৃথিৱী নহয় এই বিশ্ব ব্ৰহ্মাণ্ডতে যত বয় বস্তু বা পদাৰ্থ আছে তাক সামৰি, পঢ়ি, শুনি, পৰীক্ষা কৰি, তাৰ বিষয়ে কিছুমান দাঁত ভঙা নীতি নিয়ম, সূত্ৰ আদি বনাই থকা বিজ্ঞান বিধকে পদাৰ্থ বিজ্ঞান বোলে। আমাৰ এই পদাৰ্থবোৰৰপৰাই এল্গিৰপৰা আৰম্ভ কৰি পথালিচকুৱাকে ধৰি নেবুলা, নিহাৰীকালৈকে সকলোৰে সৃষ্টি। দুনীয়াৰ পদাৰ্থ বিজ্ঞানীসোপাই এচি ৰূম বা লেবেৰেটৰীত বহি এই পদাৰ্থবোৰক খোঁচা বিন্ধা কৰি দাঁত ভঙা নীতি প্ৰয়োগ কৰি, এই পদাৰ্থবোৰৰ ধৰ্ম, ব্যৱহাৰ আদিৰ বিষয়ে নানান তথ্য বিচাৰি উলিয়াই হায়াৰ চেকেণ্ডেৰী পঢ়ি থকা ল’ৰা

Read more

অভ্যাসৰ নৰ – অভিজিত মেধি

মনত পৰে তাহানিৰ দিনবোৰৰ কথা। আজিৰ দিনত মোবাইল-লেপটপৰ বুকুত টাইপ কৰা আখৰৰ অনুশীলন ফলি-পেঞ্চিল লৈ কৰা দিনবোৰৰ কথা। আমাৰ পাঁচজনীয়া পৰিয়ালটো আছিল নিম্ন মধ্যবিত্ত শ্ৰেণীৰ, সীমিত উপাৰ্জনে প্ৰায়েই লেকাম লগাইছিল হেঁপাহৰ দৌৰত। ইটো কিনি উঠি সিটো লাগ বুলিলেই “মৰাণ নহা, মাইৰে-বাইপেৰে টাকাৰ গাছ পুতছি? জোকাৰ মাল্লি টাকা আইহবো?” বুলি ধমক দিয়া হৈছিল। অৱশ্যে মা-দেউতাই মৰমতে স্কুলত কিবা এটা খাবি বুলি মাজে সময়ে পইচা এটা দুটা নিদিয়া ধৰণৰ নাছিল। ইয়াৰে সৰহ সংখ্যক পইচা বাৰীৰ ভাল যেন লগা ঠাই এটুকুৰাত পুতি থৈছিলোঁ।

Read more

ফটাঢোল ই-আলোচনী, September, ২০১৯ – ৰিমঝিম বৰঠাকুৰ

‘ৰিমঝিম’ ‘হয় দাদা’ ‘কামটো হ’লনে?’ ‘কোনটো কাম দাদা?’ ‘কি কোনটো কাম? মাহৰ আৰম্ভণিতে যে দিছিলোঁ।’ ‘অঃ আচ্ছা, আচ্ছা বুজিছোঁ। সেইটো কাম হৈ যাব, চিন্তাই নকৰিব।’ ‘বাঃ, এইয়াহে আমাৰ ছোৱালী। পাৰিলে আজি ৰাতিলৈ মেইল কৰিবা দেই।’ ‘বাৰু, দাদা।’ এই যে ডাঃ পাৰ্থসাৰথি ভূঞা। এইবাৰ ফটাঢোল ই-আলোচনীৰ সম্পাদক হোৱাৰেপৰা মানুহজন কিবা সলনি হৈ গ’ল। সেই আগৰ হাঁহিমুখীয়া মানুহজন এতিয়া আৰু নাই। মই আকৌ তেওঁক সম্পাদক পাতোঁতে ভালেই পাইছিলোঁ। হাঁহিমুখীয়া সম্পাদক, তাতে ডাক্তৰ। হাঁহি হাঁহিয়েই কিবাকিবি বেমাৰ আছে যদি সুধি-মেলি প্ৰেছক্ৰিপচনখন লিখাই ল’ম।

Read more
1 40 41 42 43 44 84