শ্বিলঙত এৰাতি – দিলীপ ৰঞ্জন কাকতি
২০০৭ চনৰ এপ্ৰিল মাহমানৰ কথা। চাকৰি সংক্ৰান্ততে ভাল বন্ধুত্ব হৈছিল শ্বিলঙৰ মণিপুৰী ল’ৰা এজনৰ সৈতে। বন্ধুজন মণিপুৰী যদিও দেউতাক মেঘালয় চৰকাৰৰ চাকৰীয়াল আছিল বাবেই দেউতাক ঢুকুৱাৰ পিছতো তেওঁলোক শ্বিলঙতে নিগাজীকৈ থাকিব লৈছিল। এপ্ৰিল মাহৰ কোনোবা এটা দিনত বন্ধুজনৰ দেউতাকৰ বছৰেকীয়া শ্ৰাদ্ধ আছিল। তাতে আন এজন গুৱাহাটীৰে মণিপুৰী বন্ধুৰ লগত মোকো নিমন্ত্ৰণ দিলে। গুৱাহাটীৰ মণিপুৰী বন্ধুজন আকৌ মোৰ আগৰ পৰাই চিনাকি আছিল। গতিকে নোযোৱাৰ কোনো কথাই নাই ফ্ৰি থকা, খোৱা, ঘূৰা তাতেই আকৌ শ্বিলঙত আৰুনো কি লাগে। সেই তাৰিখটোতেই অফিচৰ কামত
Read more