ফটাঢোল

খা খোৱা খুওৱা – সদানন্দ দত্ত

(এই লেখাটিত খা ধাতুৰ পৰা হোৱা ১২৪ বিধৰ অধিক অসমীয়া খানা গোটাই আগবঢ়ালোঁ। উজুতি খোৱা, চৰ খোৱা, মাৰ খোৱা, ঘোঁচ খোৱা ইত্যাদি। যাৰ যি খাবলৈ মন যায় খাই চাওঁক। ) অসম মুলুকলৈ আৰ্যসকলৰ ‘খাদ্’ ধাতুটো আহি ‘খা’ হৈ কাৰ যে কিমান মূৰ খাবলৈ ধৰিলে তাক বিচাৰ কৰি টলৌ টলৌকৈ ঘূৰি ফুৰোঁতে মই যে কিমান হাবাথুৰি খাবলগীয়া হলোঁ সেইকথা কেইজন খাৰ খোৱা অসমীয়াই তৎ ধৰিব পাৰিব, তাৰ উৱাদিহ কোনে উলিয়াব, তাৰ ঠিকনা পাবলৈ নাই। খা শব্দৰ অৰ্থ খোৱা কাৰ্য বা খাওঁতাৰ

Read more

জীৱনৰ বাটত লগ পোৱা কেইটামান চৰিত্ৰ – ডাঃ ভুপেন শইকীয়া

জীৱনৰ বাটত লগ পােৱা কেইটিমান চৰিত্ৰ খগেন, ধৰণী, হৰেন, মুন্নাৰ কথাৰে দুকলম লিখিবলৈ লৈছোঁ। জীৱনৰ বাটত লগ পােৱা এই চৰিত্ৰসমূহে আমাৰ মনােজগতত এৰাব নােৱৰা ছাপ পেলাই থৈ যায়। সেই স্মৃতিসমূহৰ স্মৰণৰ মাজত জীৱনৰ ৰস আৰু ৰং অনায়াসে বিচাৰি পােৱা যায়। জিলেবীৰ ভােক! মেঘালয়ৰ নংপােত প্ৰেকটিচ কৰা দিনৰ কথা। তেতিয়া মই ঘৰ পতা নাই। অকলে থাকোঁ। লাচনি-পাচনি কৰিবলৈ আৰু ভাতকেইটা ৰান্ধি খােৱাবলৈ বুলি মেট্রিক ফেল কৰি পঢ়া বাদ দিয়া ল’ৰা এজন শিক্ষক পাটগিৰিয়ে নলবাৰীৰ পৰা মােক আনি দিলে। ল’ৰাটোৱে দুবেলা ৰন্ধা-মেলা

Read more

আৰু এটা ভাল খবৰৰ অপেক্ষাত – ঈশান জ্যোতি বৰা

কিছুমান খবৰ আহি কেতিয়াবা কাণত পৰে৷ পিছে খবৰটোৰ ভিতৰত থকা খবৰটো ইমানেই তিতা যে, খবৰটো শুনাৰ পাছত ভাব হয়-“ধেৎ তেৰি, এইটোনো কি খবৰ! নুশুনাহেঁতেনেই ভাল আছিল৷” ইয়াৰ বিপৰীতটোও কেতিয়াবা আমাৰ লগত সংঘটিত হয়৷ খবৰটোৰ ভিতৰত থকা খবৰটো ইমানেই মিঠা যে,খবৰটো শুনাৰ পিছমুহূৰ্ততে আমি চিঞৰি উঠোঁ “বাপৰে, কি সাংঘাতিক খবৰ!” আৰু আমি আনন্দত অধীৰ হৈ পৰোঁ। স্বতঃস্ফূৰ্তভাৱে সেইকণ আনন্দ আমি আনৰ সন্মুখত প্ৰকাশ কৰোঁ৷ কিছুমান খবৰ আকৌ ইমান আশ্চৰ্যজনক আৰু অপ্ৰত্যাশিত যে-প্ৰথমবাৰ শুনি আমাৰ বিশ্বাসেই নহয়, সেয়েহে খবৰৰ গ্ৰহণযোগ্যতা আৰু বিশ্বাসযোগ্যতা

Read more

ৰৌমাৰী গাঁ‌ৱৰ ভুটোক গাওঁখোৱা – নিৰুজা বৰা

‘টিলিং, টিলিং, টিলিং, টিলিং’ চাইকেলৰ মাত শুনি ঘৰৰ বুঢ়ী মানুহজনীয়ে চিঞৰ লগালে, “ঐ বোৱাৰীহঁত ঘৰৰ বাহিৰ হ। ভুটোক আহি পদুলিত।” ওচৰ চুবুৰীয়া কোনোবা এটাই চিঞৰিলে, “ঐ, বিয়াৰ সভাপতি পালেহি অ’।” ঘৰৰ সকলো বাহিৰলৈ আহি ভুটোকক বহিবলৈ মুঢ়া এটা দিলে। আচলতে সেইখন ঘৰৰ ছোৱালী এজনীয়ে সৰু বিছনা লৈছে। এতিয়াতো ভুটোক আহিবই লাগিব। অ’ অ’, ৰ’ব ৰ’ব। ভুটোকক আকৌ কোনোবা পণ্ডিত, পুৰোহিত বুলি নাভাবিব। নহয় কোনো ভকত। ভুটোক তেওঁলোকতকৈও ওপৰত। ভুটোক কিন্তু নমতা আলহী। ছোৱালীজনী মাটিত বহিছে বুলি কাণে কাণেহে শুনা পাইছিল,

Read more

মই অসমীয়া – কৃষ্ণা বৰা ফুকন

মিছা নকওঁ, ঘৰত থাকোতে নামে গুণে, উৎসৱে পাৰ্বণে চাদৰ মেখেলা পিন্ধাটো একেবাৰে সাধাৰণ কথা আছিল। পিন্ধি যাওঁ, আলনাত দলিয়াই যাওঁ। আমাৰ দিনত আৰু পাৰি দিয়া বগা চাদৰ, মুগা বা পাাটৰ মেখেলাহে! চাদৰ মেখেলা পিন্ধা মানুহ দেখিলেই সেয়ে শ্ৰদ্ধাত মূৰ দোঁ‌ খাই গৈছিল। ক’ৰ আৰু ফেশ্ব’ন শ্ব’! গামোচা যেতিয়া মায়ে শালত উঠাইছিল, আমি দিমাণ্ড কৰিছিলো..এইপাহ ফুল থকা গামোচা মোক লাগিব, গা মচিবলৈ। আৰু উকা গামোচা এখন লাগিব, ভৰি হাত মচিবলৈ। এতিয়াহে গম পালোঁ‌ বোলে গামোচা সাংঘাতিক বস্তু। গামোচাৰ no entry zone

Read more

হোলী হেই–দীপিকা ডেকা

“আদমে-ৰাদমে হোলী হেই ৰসিয়া” অৰ্থ কি নাজানিছিলোঁ। এতিয়াও তাৰ অৰ্থ বিচাৰি পোৱা নাই। আচলতে অৰ্থ আছেনে নাই তাকো নাজানো। মাত্ৰ গাইছিলোঁ চিঞৰি চিঞৰি। মাঘ-ফাগুন আহিল কি নাহিল, আমাৰ বাবে কিন্তু হ’লী আহিছিল। বিদ্যালয়লৈ যাওঁতে-আহোঁতে আমাৰ মুখত আছিল মাথোঁ হোলী গীত। সুৰ-তাল উঁফৰি পৰিছিল আমাৰ গগণফলা চিঞৰত। মাথোঁ আমি হোলী আহিছে বুলি সকলোকে জনাব লাগে। অবুজ মনতো যেন কিবা এটা ফাগুনৰ বতাহ লাগিছিল। পাঠশালাৰ পৰা উভতি অহাৰ সময়কণ যেন অকল আমাৰ আছিল। আলিবাটেৰে কোন গৈছে চাবলৈ আমাৰ সময় নাই। কিতাপ কঢ়িওৱা

Read more

সপোন – প্ৰদীপ পাটগিৰি

শ্ৰদ্ধাৰ দৰ্শকবৃন্দ, শুভ সন্ধিয়া ৷ আন্তৰিক নমস্কাৰ ৷ সন্ধিয়া আঠ বজাৰ আমাৰ ‘ফাটা-ফাটি’ নিউজ চেনেলৰ অতি জনপ্ৰিয় অনুষ্ঠান ‘তৰ্কা-তৰ্কি’লৈ মই প্ৰদীপ পাটগিৰিয়ে আপোনাকলোক সকলোকে স্বাগতম জনাইছোঁ ৷ আজি আমি মানৱ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়, স্পৰ্শকাতৰ বিষয় আলোচনা কৰিবলৈ ওলাইছোঁ ৷ আশাকৰোঁ অনু্ষ্ঠানটো চাই আপোনালোক সকলোৱে বিৰাট ভাল পাব, তামাম উপভোগ কৰিব ৷ অনুষ্ঠানটো হ’ব সম্পূৰ্ণ ব্যতিক্ৰমী ৷ আজি আমি বিগত দিনবোৰৰ দৰে হৈ-হাল্লা কৰি আপোনালোকৰ কাণৰ পৰ্দা ফটাবলৈ চেষ্টা নকৰোঁ ৷ ডিঙিৰ সমস্ত সিৰ ফুলাই গালি-গালাজ কৰি আমনি নকৰোঁ

Read more

ককা – ডা° বিকাশ বৰুৱা

মোৰ ককাক গোটেই বিশ্বব্ৰহ্মাণ্ডই চিনি পায়৷ তেওঁক কোনোবাই ঈশ্বৰ, ভগৱান বুলি মাতে৷ কোনোবাই আল্লা, খোদা, মালিক৷ কিছুমানৰ বাবে গড্৷ ককাৰ সৈতে মোৰ সম্পৰ্কটো পিছে একেবাৰেই বেলেগ ধৰণৰ৷ তেওঁ মোৰ ফ্ৰে’ণ্ড, ফিল’ছফাৰ, গাইড৷ সৰুতেই জ্ঞানীসকলে আমাক শিকাইছিল – ভগৱান নিৰাকাৰ, দয়ালু, সৰ্বব্যাপী৷ এই কথাটো এবাৰ গম পাই যোৱাৰ পাছত তেওঁক বিচাৰি মই আৰু কেতিয়াও মন্দিৰ মছজিদলৈ যাব লগা হোৱা নাই৷ যেতিয়াই য’তে বিচাৰোঁ, লগে-লগে পাই যাওঁ৷ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আদিৰ নিচিনা মানুহবিলাকে হটলাইন টেলিফোনেৰে কথা পতাৰ দৰে ময়ো ককাৰ লগত পোনে-পোনে কথা

Read more

কথা কোৱাৰ কলা – ডাঃ ভৃংগেশ্বৰ শৰ্মা

হয়, কথা কোৱাটো এটা কলা৷ ভালদৰে, মনোগ্ৰাহীকৈ, শ্ৰোতাক আকৰ্ষিত কৰিব পৰাকৈ কথা ক’ব পৰাটো এটা ডাঙৰ কলা৷ সকলো মানুহৰে এই গুণটো নাথাকে৷ এচাম মানুহে কথা ক’বলৈ আৰম্ভ কৰিলে তেওঁ গোটেই পৰিৱেশটো নিয়ন্ত্ৰণ কৰি লয়, তেওঁৰ চাৰিওফালে মানুহ গোট খাবলৈ আৰম্ভ কৰে৷ তেওঁৰ কথাবোৰ ৰসাল, কথাত নাটকীয়তা থাকে, কথা কোৱাৰ এটা বিশেষ ভংগী থাকে, যাৰ বাবে কথাবোৰ মনোগ্ৰাহী হয়, শুনি ভাল লাগে, শুনি থাকিবৰ মন যায়৷ এই গুণটো কিছু পৰিমাণে স্বভাৱজাত আৰু কিছু পৰিমাণে আয়ত্ত কৰা৷ এনেদৰে কথা ক’ব জনাটো এটা

Read more

অহংকাৰৰ সৌন্দৰ্য – পূণ্য শইকীয়া

বাংলা নাট্যকাৰ মনোজ মিত্ৰৰ “মহাবিদ্যা” নাটকত এটা মেটৰৰ চৰিত্ৰ আছে। চৰিত্ৰটো মদ্যপ। সি প্ৰচুৰ মদ্যপান কৰি লৈ দ্বিতীয় এটা চৰিত্ৰৰ আগত গৰ্ব কৰিছে এই বুলি, -‘কি ভাবিছ তই ? মই স্বয়ং মহাৰাজৰ মেটৰ। মহাৰাজৰ পায়খানা মই চাফা কৰোঁ। তই কোনোবা জনমত মহাৰাজৰ পায়খানা দেখি পাইছ…?’ ঠিকেইতো, স্বয়ং মহাৰাজৰ পায়খানা নিজ চকুৰে দেখিবলৈ পোৱাটো গৌৰৱৰ কথা নহয় কি ? সি অন্যবোৰ মেটৰৰ আগত অহংকাৰ নকৰিব কিয় ? আমাৰ প্ৰধানমন্ত্ৰীৰ দাঢ়ি-চুলি কটা নাপিতটোৱে, ৰাষ্ট্ৰপতিৰ কাপোৰ ধোৱা ধোবাটোৱে, মুখ্যমন্ত্ৰীৰ ঘৰত গাখীৰ দিয়া গুৱালটোৱে,

Read more
1 73 74 75 76 77 84