ফটাঢোল

মাষ্টাৰ চে’ফ- পাপৰি ভাগৱতী নাথ

লকডাউন নোহোৱা হ’লে হয়তো অসম মুলুকত যে হাজাৰ-বিজাৰ ৰন্ধন বিশাৰদ  বিদ্যামান সেইটো কোনেও গমেই নাপালেহেতেন! বাপৰে বাপ কি হৰেক ৰকমৰ খাদ্য-সম্ভাৰৰ মুকলি প্ৰদৰ্শনহে। পিছে অহংকাৰ কৰি লাভ নাই, এইবোৰ ৰন্ধন কলাত আকৌ মই সৰুৰে পৰা পাৰ্গত। চেনিটাইজ কৰা খাদ্য গ্ৰহণৰ অভ্যাস সেই তাহানিৰে পৰা আছে। মিছা ক’লে কিদাল হ’ব মোৰ আকৌ সৰুৰেপৰাই ষষ্ঠ ইন্দ্ৰিয়ৰ ভিতৰত জিভাখন সবাতোকৈ  সক্ৰিয় আৰু তেৰাৰ কৃপাত সেই সক্ৰিয়তা  এতিয়ালৈকে অটুট ৰাখিছোঁ। জিভাখনৰ কথা ক’লোঁ‌ যে সেইখন মোৰ খুউব স্মাৰ্ট, আলুপিটিকা ভাত হ’লেও অকণমান ঘি বিচাৰে।

Read more

ৰামায়ণ মহাভাৰত- দিগন্ত বৰুৱা

লকডাউনৰ সময়ত ৰামায়ণ-মহাভাৰতৰ পুনৰ প্ৰচাৰ দেখি মনটো সেই পুৰণি দিনবোৰলৈ উৰা মাৰিলে। এয়া নব্বৈৰ  দশকৰ আৰম্ভণিৰ কথা। এইচ ডি এফ চি লিমিটেডৰ নিচেই চালুকীয়া অবস্থা আৰু সেই চালুকীয়া দিনৰে পৰা কাৰ্যনিৰ্বাহ কৰি কৰিয়েই এতিয়া অৱসৰৰ সময় সমাগত৷ সেই সময়ত গুৱাহাটী কাৰ্যালয়ৰ মুঠ কৰ্মচাৰী মুঠেই ছটা নে সাতটা। আমি জোতা চিলাইৰ পৰা চণ্ডী পাঠলৈ সকলো কৰোঁ, মানে সময়ত পিয়ন, সময়ত মেনেজাৰ। ৰাতিপুৱাই কাৰ্যালয় চাফ চিকুণাই নৰ্মেল পাব্লিক ট্ৰেনজেকশ্যন আৰম্ভ। তাৰ পিছত গৃহ ঋণৰ গ্ৰাহক বিচাৰি গুৱাহাটীৰ অলিয়ে গলীয়ে ভ্ৰমণ, আবেলিৰ পৰা

Read more

মহাজন- মৃণাল গোস্বামী

“গুটামি, আই গুটামি, ক’ত যোৱা।”  পিছফালৰ পৰা চিঞৰ এটা, বুজিলোঁ আমাৰ মহাজন ওলাইছে। মহাজন মানে মোৰ প্ৰতিবেশী এঘৰৰ  চাৰে তিনি বছৰ মান বয়সৰ ল’ৰাজন, তাহাঁতৰ ঘৰৰ বেলকণিৰ পৰা চিঞৰি মাতিছে। সকলোকে উপাধি ধৰি মাতে সি, ৰস্তাইদি খোজ কাঢ়ি  যোৱা চুবুৰীৰ কোনো বাদ নপৰে, কোনোবা বদমাছ ককায়েকে শিকালে চাগৈ উপাধিবোৰ। বিশ্ববিদ্যালয় অৱসৰ প্ৰাপ্ত অধ্যাপক, কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কোনো বাদ নপৰে। প্ৰথমে মানুহ বিলাক আচৰিত হৈছিল, ল’ৰাটোৰ মাক দেউতাকো অপ্ৰস্তুত হৈছিল, তাক নাপাই নাপাই বুলি বুজাইছিল, কিন্তু মানুহ বিলাকে তাৰ এই সম্বোধন

Read more

পঢ়ি থকা সময়ৰ স্মৃতি- হিৰণ্যজ্যোতি দাস

১) হাইস্কুলত পঢ়ি থকা সময়ৰ ঘটনা৷ তেতিয়া আমি নৱম মানত৷ দুটা পিৰিয়ডৰ মাজত সাধাৰণতে অলপ সময়ৰ বিৰতি থাকে৷ আগৰ পিৰিয়ডৰ শিক্ষকজন ওলাই যোৱাৰ পাছত, পাছৰ পিৰিয়ডৰ শিক্ষকজন আহি পোৱা লৈকে৷ এই সময়খিনিত ছাত্ৰ-ছাত্ৰীবোৰে হাল্লা কৰি থাকে৷ যদি কিবা কাৰণত সেইদিনা শিক্ষকজন অনুপস্থিত থাকে সোণত সুৱগা চৰে৷ তেনে এদিনৰে কথা৷ তৃতীয় পিৰিয়ডৰ শিক্ষকজন সেইদিনা নাছিল৷ শ্ৰেণীকোঠাটোত কাৰো মাত কোনেও নুশুনা অৱস্থা৷ কাষৰ শ্ৰেণীকোঠাৰ শিক্ষকজন আহি দুজনমানক বেঞ্চৰ ওপৰত উঠালে৷ তেওঁ যোৱাৰ পাছতেই পৰিস্থিতি জটিল হৈ পৰিল৷ তেওঁ পুনৰ উভটি আহি প্ৰথম

Read more

লোভ- নাজিফ হাজৰিকা

এশৰ ভিতৰত যেনেতেনে পয়ত্ৰিশ মান কৰিলোঁ, ইয়াতকৈ বেছি আৰু মই নোৱাৰোঁ৷ আমি লগৰ গোটেইকেইটাই সদায়েই পৰীক্ষা মিলিজুলি দিওঁ। নিজেও দেখুৱাওঁ আৰু আনৰ পৰাও চাওঁ৷ একমাত্ৰ ছোৱালীকেইজনী আৰু এই নৱজ্যোতিটোৰ বাহিৰে আমিবোৰে মিলাপ্ৰীতিৰে কামফেৰা কৰোঁ। এইবাৰ মোৰ ভাগ্য বেয়া৷ সন্মুখত এই নৱজ্যোতিটো পৰিল, নিজেও নাচায় লোককো নেদেখুৱাই আৰু কাষত পৰিল প্ৰণামিকা। আটাইতকৈ চোকা ছোৱালী, কিন্তু যিহে গহীন-গম্ভীৰ মাটিবলৈকে ভয় লাগে৷ এনেও পিচে আমাৰ ছোৱালীবোৰৰ লগত সিমান মাতবোল নাই৷ এতিয়া পিচে মই কি কৰোঁ? ইফালে-সিফালে চালোঁ, সবেই মন দি লিখি আছে৷ বিপিন

Read more

অভিজিত কলিতাৰ প্ৰতি থকা মোৰ ঈৰ্ষা, তেওঁৰ উপদেশ আৰু ফলাফল – ভাস্কৰ জ্যোতি বৰুৱা

ফটাঢোলৰ এজন বিশিষ্ট লিখক অভিজিত কলিতাৰ ব্যংগৰ সোৱাদত আপ্লুত নোহোৱা পাঠক হয়তো এজনো নোলাব। কিয় জানো এই আপ্লুত শব্দটো টাইপ কৰাৰ লগে লগে মোৰ মনত পৰিল বৰ্তমান সৌৰজগতত গ্ৰহৰ মৰ্যদা হেৰুৱা বুলি বিজ্ঞানী সমাজে ঘোষণা কৰা প্লুটোলৈ। বেচেৰাটো! ফটাঢোল যদি সূৰ্য, আভিজিত কলিতা এই নক্ষত্ৰক কেন্দ্ৰ কৰি ধাই ধাই ঘূৰি থকা এটা উষ্ণ গ্ৰহ। তেওঁ প্ৰতি মাহে একোটাকৈ সুন্দৰ লেখা দিবলৈ সক্ষম হোৱাৰ পৰিঘটনাটোক মই পৰম বিস্ময়েৰে চাই ৰওঁ। উত্তাপৰ দিশেৰে চাবলৈ গ’লে বুধেই হ’ব লাগে তেওঁ। পিছলৈ গ’লেও খুব

Read more

সৰু মানুহ ডাঙৰ মানুহ-অভিজিত মেধি

মই লাগিলে য’তেই নাথাকোঁ বা যিয়েই নকৰোঁ, আচলতে মই যে বুঢ়া বকুলৰ তলত নেওতা গাই আৰু এচাৰিৰ কোবত টিকা ফটাই ডাঙৰ হোৱা মানুহ সেইটো কথা না সলনি কৰিব পাৰোঁ, না সেইটো পাহৰিব পাৰোঁ। অতীতৰ যি আধাৰৰ ওপৰত এজনে নিজৰ বৰ্তমান গঢ়ি তোলে সেই আধাৰৰ কথা পাহৰাৰ অভিনয় হয়তো কৰিব পাৰি, কিন্তু বাস্তৱিকতে পাহৰি যোৱাটো অসম্ভৱ। তাতে ত্ৰিশৰ দেওনাখন পাৰ হোৱাৰ পাছৰে পৰা আজিকালি শৈশৱৰ কথাবোৰ দেখোন বেছিকৈহে মনত পৰা হৈছে। এই স্কুলখন আগতে এনেকুৱা আছিল, অমুকৰ জোকোৱা নাম তমুক আছিল,

Read more

লকডাউনৰ ডুখৰীয়া ছবি : মনমী ভট্টাচাৰ্য

বিলাসী কৰোণাৰ ত্ৰাসত লকডাউন ২ মানিছে উত্তৰ প্ৰদেশৰ নয়দাৰ প্ৰতিটো গলিয়ে। কেইটামান নিশকতীয়া চেৰেলা কুকুৰে টহল দি ফুৰিছে মাথো মহানগৰীৰ ৰাজপথত। সেউজীয়া, সুমথিৰাক ডবাই সুউচ্চ ৰঙা আসনত নয়দা। চাফাই কৰ্মী আৰু চিকিউৰিটি গাৰ্ডৰ বাদে পোক পৰুৱাৰো প্ৰৱেশত নিষেধাজ্ঞা এপাৰ্টমেণ্টৰ মূখ্য দ্বাৰত। মিচেছ শইকীয়াৰ ৰাজকীয় এপাৰ্টমেণ্টটোত চাৰিজন কৰোণা পজিটিভ। বিলাত ফেৰৎ বেমাৰী। কাজেই শইকীয়ানী মানে জুপি বাইদেউ ঘৰৰ চাৰিদুৱাৰত আবদ্ধ (sealed)৷ লকডাউন ১ ত পদ্মা আৰু ৰেণুকাক দাষ্টাৰৰ ডিক্কিত ভৰাই কাহিলি পুৱাই আনি দিছিল শইকীয়াই। গধূলি আকৌ থৈ আহিছিল গৈ। ইমাৰজেন্সীত

Read more

অভাৱেই আবিস্কাৰৰ মূল : মৃদুল নাথ

: মৰিলি নেকি ঐ তই? দৰ্জাৰ ঢকঢকনিৰ মাজতে কাকতিদাৰ উষ্ম কণ্ঠস্বৰৰ প্ৰকোপত মই হঠাৎ সাৰ পাই গ’লোঁ। মবাইলটো চাই দেখিলোঁ ৰাতিপুৱা সাত বাজিছে, তাৰমানে মাত্ৰ পাঁচ ঘণ্টাহে শুবলৈ পালোঁ। যোৱা ৰাতি টিভিত চিনেমা এখন চাই থাকোঁতে ৰাতি ভালেখিনিয়ে হ’ল। সচৰাচৰ ৰাতিৰ সাঁজটো মই চাৰে ন মান বজাতে খাওঁ আৰু চাৰে দহ বজাত মোৰ নাসিকা গৰ্জন আৰম্ভ হয়। খোৱাৰ পিছতে যদি মই ভালপোৱা কিবা আন কাম আছে, সেয়া হৈছে শোৱা। বহুতকে কোৱা শুনোঁ, নিজৰ বিছনাখন নহ’লে হেনো টোপনি ভালকৈ নাহে, মোৰ

Read more

ইটো-সিটো বহুতো : দীপাংকৰ গোস্বামী

১) নিত্য প্ৰয়োজনীয় সামগ্ৰী দুপদ আনিবলৈ গেলামালৰ দোকান এখনলৈ যাবলৈ ওলালোঁ, অলপ আগবাঢ়িছোঁহে, দেখিলোঁঁ- নিৰ্জন ৰাস্তাটোৰ কাষত বহি কান্দি আছিল তাই৷ বিবৰ্ণ কাপোৰ, চকু পানীৰে তিতি যোৱা তাইৰ সেই চকুযুৰি, পুষ্টিহীনতাত ভোগা তাইৰ সেই শৰীৰটো…দৃশ্যটোৱে বাৰুকৈ দুখ লগালে মোক৷ জনশূন্য ৰাস্তাটোত এইবাৰ তাই মাটিত বহি কিবা কৰিবলৈ ধৰিলে মানসিক ৰোগীৰ দৰে৷ সমগ্ৰ দৃশ্যটোৱে মোৰ চকু সেমেকাই তুলিলে৷ ৰৈ থাকিব নোৱাৰিলোঁ, গেলামালৰ দোকানখনৰ পৰা বিস্কুটৰ পেকেট এটা আৰু পানী বটল এটা লৈ দৌৰি দৌৰি আহিলোঁঁ৷ মনতে ভাবিলোঁ-“উফ! এমন চুন্দৰী! কিয় এনে

Read more
1 25 26 27 28 29 72