ফটাঢোল

খুড়া আৰু বিস্কুট – প্ৰণৱ সিংহ

পুৱাই পুৱাই সম্বন্ধীয় খুড়া এজন আহে পামলৈ৷ আহিয়েই একাপ চাহ বিচাৰে৷ কিন্তু যিমানেই ভাল নহওক, সদায় কিবা নহয় কিবা এষাৰ ক’বয়৷ কেতিয়াবা যদি কয় ‘চেনি কম’ কেতিয়াবা ‘এখনহে বিস্কুট দেখোন, কৃপণ তই, কাপটো ভালকৈ ধুব নোৱাৰ’ ইত্যাদি ইত্যাদি৷ মুঠতে ঋণাত্মক চিন্তাৰ ভাগবতৰা কৰাত তেওঁ অকণো কৃপণালি নকৰে৷ কাম থাকিলে কেতিয়াবা ৰাতি দেৰিকৈ শুব লগা হয়, গতিকে ৰাতিপুৱা উঠোতেও দেৰি হয়৷ মানুহজন পাঁচ বজাতেই আহি দুৱাৰত ঢকিয়াইহি, ‘খেতি কৰিবলৈ আহিছ ৭ বজালৈকে শুই থাকি! ফলাবি খেতি কৰি৷’ বয়স আৰু সন্মানৰ কথা

Read more

চোৰ – অনুৰূপ মহন্ত

মোৰ একেবাৰে সৰু কালৰ কথা৷ অলপ বুজা হোৱাত দেউতা মাৰ মুখৰ পৰাহে শুনা। মা দেউতা দুয়োজনেই শিক্ষা বৃত্তিৰ লগত জড়িত৷ কৰ্মসূত্ৰে শিৱসাগৰৰ জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থিত চৰকাৰী আৱাস গৃহত থাকিছিলো আমি৷ ওচৰ পাজৰৰ মানুহ প্ৰায়বোৰেই দেউতা মাক চিনি পাইছিল আৰু যথেষ্ট সন্মানো কৰিছিল৷ মই কেঁচুৱা বাবে মা তেতিয়া ছুটিত আছিল৷ দেউতা অফিচলৈ ওলাই গৈছে৷ পিয়ন জনে আহি মাক খবৰ দি গ’ল, বোলে, ছাৰৰ এতিয়া ক্লাছ নাই বাবে টাউনৰ ফালে ওলাই গৈছে, চিন্তা নকৰিবলৈ কৈ পঠিয়াইছে৷ মায়েও ঘৰুৱা কামত লাগি আছে৷

Read more

আউটডেটেড – দীপিকা ডেকা

ৰাস্তাৰ দাঁতিত ঢেঁকীয়া শাক বিচাৰি থকা পেহীয়ে ভোৰভোৰাই আছিল-“বোলোঁ,বছৰেকৰ বিহুটোত খাবলৈ শাক কেইবিধো পাবলৈ নোহোৱা হ’ল আজিকালি গাঁৱত ! কি যে দিনকাল পৰিল! ঢেঁকীয়াকেইডালো নাপাওঁ৷” ভোৰভোৰাই-ভোৰভোৰাই পেহী মহেন্দ্ৰ মাষ্টৰৰ পদূলি পালেগৈ৷ মাষ্টৰৰ পদূলিমুখতে থকা তিতাভেকুৰিজোপাৰ পৰা ঢেঁকীয়া-ভাজিত দিবলৈ দুটামান লওঁ বুলি খন্তেক ৰ’ল। মাষ্টৰৰ পদূলিলৈ চাই পঠিয়াই পেহীয়ে জোপোহাৰ আঁৰেৰে ছোৱালী এজনী দেখিলে৷ মাষ্টৰৰ জীয়েক,মইনা৷ চহৰৰপৰা বিহুৰ বন্ধত ঘৰলৈ আহিছে৷ পেহীয়ে কালিও তাইক দেখিছিল৷ পদূলিতে অকলে অকলে খোজকাঢ়ি আছিল৷ মাজে মাজে অকলে হাঁহে আৰু কথাও পাতে৷ পেহী কালি বৰ আচৰিত

Read more

বুৰঞ্জীৰ প্ৰশ্নকাকত – অভিজিৎ কলিতা

॥ প্ৰশ্নকাকত ফাদিল ॥ সংশ্লিষ্ট সকলোকে জনোৱা হয় যে,বহু কষ্টৰ মূৰত আমি ২২১৩ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হ’বলগীয়া বুৰঞ্জীৰ প্ৰশ্নকাকতখন ফাদিল কৰিবলৈ সক্ষম হৈছোঁ,লগত উত্তৰবিলাকো লিখি উলিয়াইছোঁ ৷ আমাৰ এই প্ৰচেষ্টাই পৰীক্ষাৰ্থীসকলক সহায় কৰিব বুলি আমি নিশ্চিত ৷ কেৱল কথাটো লুকুৱাই ৰখা হয় যেন৷ পুলিচ,চিআইডিয়ে গম পালে আমাৰ এই মহান উদ্দেশ্য বিফল হ’ব৷ বিষয়ঃ- বুৰঞ্জী আৰু সাধাৰণ জ্ঞান প্ৰশ্ন ১:- ১৯৫০ চনৰ পৰা ২০৫০ চনলৈ এই শতিকাটো অসম বুৰঞ্জীত কি বুলি কোৱা হয়, আৰু কিয়? বহলাই লিখা। উত্তৰঃ- অসম বুৰঞ্জীত

Read more

বিভীষণ-ৰাজ – সোণটো ৰঞ্জন বৰুৱা

ৰাম আৰু ৰাৱণৰ মাজত তয়াময়া যুদ্ধ । প্ৰথমকেইদিনৰ যুদ্ধ চাই কোন জিকিব-সেইয়া অনুমান কৰিবলৈ কঠিন হৈছিল । এক ৰোমাঞ্চকৰ যুদ্ধৰ পাছত অৱশেষত ৰামৰ জয় হ’ল । ভাৰতৰ সেইসময়ৰ যিমান কবি আছিল; সকলোৱে যুদ্ধৰ অসম্ভৱ আকৰ্ষণীয় বৰ্ণনাৰে পেপাৰবোৰ ভৰাই পেলালে । মানুহে ৰামৰ বিজয়ক এনে ঐতিহাসিক ক্ষণৰূপে কল্পনা কৰিলে যেন তেতিয়াৰেপৰা সময়ৰ গতিও সলনি হৈ যাব । সেই যুঁজযেন অন্ধকাৰৰ লগত পোহৰৰ বিজয়, অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয় ! মুঠতে সকলোৰে মনত এনে অনুভৱ যেন ক্ৰিকেট খেলত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বিজয় সাব্যস্ত

Read more

বিয়া বুলিলেই – হিমাশ্ৰী ভাগৱতী

বিয়াৰ কেইমাহমানৰ আগৰ দৃশ্য৷ দুৰন্ত গতিৰে বিয়াৰ প্ৰস্তুতি চলিছে৷ প্ৰত্যেকদিনাই দুপৰীয়া ঘৰত ভাতসাঁজ খায়েই ওলাই গৈছোঁ মানুহ মাতিবলৈ৷ গুৱাহাটীত থকাৰ সূত্ৰে প্ৰথমে গুৱাহাটীত থকা চিনাকীসকলৰ পৰাই মানুহ মতা পৰ্ব আৰম্ভ কৰিছোঁ৷  চহৰখনৰ ইমূৰৰ পৰা সিমূৰ দিহিঙে-দিপাঙে ঘূৰি বিয়াৰ নিমন্ত্ৰণী পত্ৰ দি চাহ-বিস্কুট খোৱা কামটো কৰি থাকোঁতে ভাবিছোঁ-এইটো পেট নহয় যেন হট-ৱাটাৰ বেগহে ! অৱশ্যে এফালৰ পৰা চাবলৈ গ’লে হয়ো দিয়কচোন৷ ইমান বছৰৰ মূৰত গৈছোঁ মানুহৰ ঘৰলৈ৷ (আজিকালি সঘনাই মানুহৰ ঘৰলৈ গৈ থাকিবলৈ সময়-সুবিধাই নিমিলেচোন !) গতিকে গৃহস্থই আলহীক শুদা মুখেৰে

Read more

বিহু ভালপোৱা ককাৰ খং – ৰঞ্জিত মুক্তিয়াৰ

অন্যদিনাৰ দৰে কালিও নিৰ্দিষ্ট বাছখনত উঠি কৰ্মস্থলীলৈ বুলি ৰাওনা হ’লোঁ৷ ডিগবৈ অতিক্ৰম কৰাৰ পাছত,টিংৰাই বজাৰত বাছখনত ককা এজন উঠিল আৰু মোৰ কাষৰ খালী হৈ থকা আসনত বহিল । বাছখনত বহিয়েই ককায়ে কাৰোবাক গোৱাল-গালি পাৰিবলৈ ধৰিলে৷ মই পিছে একো অনুমান কৰিব পৰা নাই । কিন্তু ককাৰ গালিৰ পৰা মই বুজিব পাৰিলোঁ যে;ককায়ে অসমত চলি থকা বিহু-সন্মিলনসমূহৰ কাৰ্যসূচীবোৰক লৈ একেবাৰে অসন্তুষ্ট । তাতোতকৈ অসন্তুষ্ট,অসমৰ টিভিচেনেলকেইটাই বিহুৰ ওপৰত দেখুৱাই থকা অনুষ্ঠানসমূহৰ ওপৰত । ককাৰ উঠি থকা খংটো বহিঃপ্ৰকাশ ঘটিল মোৰ ওচৰতে । এনেতে

Read more

চেনেহৰ অসম বন্ধ – প্ৰদীপ বৰা

অতি চেনেহৰ,অতি আদৰৰ,অতি সাদৰৰ,অতি মৰমৰ, আমাৰ হিয়াৰ আমঠু, আমাৰ প্ৰাণৰো প্ৰাণৰ, অসমীয়া জাতিৰ বুকুৰ আপোণ,অসম বন্ধ  ৷ তোমাক আমি প্ৰাণতকৈও বেছি ভাল পাওঁ ৷ তুমি ঘনাই ঘনাই আমাৰ মাজলৈ আহি থাকিবা ৷ আমাক পাহৰি নাযাবা ৷ তোমাৰ দীৰ্ঘায়ু কামনা কৰি আমি এভাগ যজ্ঞ পতাৰ কথা চিন্তা কৰি আছোঁ ৷ তুমি যেতিয়া আহা তেতিয়া আমাৰ গাৱঁৰ চৰকাৰী স্কুলবিলাক বন্ধ হৈ যায় ৷ গাঁৱৰ চৰকাৰী স্কুলৰ ল’ৰা-ছোৱালী শিক্ষা-গ্ৰহণৰ পৰা বঞ্চিত হ’লেই যেনিবা,আমাৰনো কি দাইল গেলিল ? আমাৰ দুটাই নামজ্বলা বেচৰকাৰী বিদ্যালয় কেম্পাচত

Read more

সীতাৰামৰ ডিগ্ৰী – দেৱজিৎ শইকীয়া

“কা হৌ চকীয়াবাবু? আজকল দেখল নাই খে?” সীতাৰামৰ দোকানৰ আগেদি তাক নেদেখাৰ ভাও ধৰি চাইকেলখন চোঁচোৰাই পাৰ হৈছিলোঁহে৷ মাতিয়েই দিলে নহয় ৰেডিঅ’টোৱে৷ মই বোলোঁ-“নাই অ’ ৷ চুলি কটাবলগীয়া হোৱা নাই৷ সেয়ে তোৰ তালৈও অহা নাই৷” সীতাৰামে বোলে-“এ লাম্বা চুল লহি কিনে ৷ আপনি কহিছে কি ছুল না হৈছে?” মই বোলোঁ-“এইটো ফেছন বুজিছ৷ আজিকালি মাজ-মূৰত দীঘল কৰি ৰাখি কাণৰ গুৰি দুটা তালুলৈকে গুৰি চপাই কটা ফেছন৷” সীতাৰামে বোলে-“ঔ চব বাটচা লড়কা কৰিলে ভাল দেখে, আপনিটো বুঢ়া হৈছে না?” টিঙিচকৈ খংটো উঠি

Read more

বেপাৰী – প্ৰণৱ সিংহ

উৰুকাৰ দিনা বজাৰত ভাল দাম পাম বুলি সৰিয়হৰ তেল আৰু দৈৰ টেকেলি কেইটামান নিছিলোঁ । গাড়ীৰ পৰা নমাবলৈ লওঁতেই গ্ৰাহকে হেতা-ওপৰা লগালেহি৷ খালী বটলতেই সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা তেল আছিল ৷ সামান্য ভয় আছিল;জানোচা লেবেল আৰু ভাল পেকেটিং নোহোৱাৰ বাবে কোনেও সেইখিনি নলয়৷ কিন্তু তেলখিনি ভবাতকৈ সোনকালে আৰু ভাল দামতেই বিক্ৰী হ’ল৷ পঁচিশটা টেকেলিৰ দৈয়ো গ্ৰাহকে উচিত মূল্যতেই কিনিলে ৷ দৈ আৰু তেল বিক্ৰী কৰি আনদিনাৰ দৰে বজাৰখন অলপ ঘূৰাৰ মানসেৰে দোকানসমূহত চকু ফুৰাই গ’লোঁ ৷ অলপ দূৰত কলগেট বিক্ৰী

Read more
1 60 61 62 63 64 72