ফটাঢোল

খটাসুৰ নাতিনীয়েক আৰু আজলী বুঢ়ীমাক – ৰিমঝিম বৰঠাকুৰ

(১) আইতা: আইজেনি,আইজেনি অ’ এইটে আহচোন ৷ (আইতাই নাতিনীয়েক আইজনীক মাতিছে। আইতাকৰ মুখত আইজনীটো আইজেনি হৈ যায়।) পিৰাখন পাৰি ৰ’দতে বহি থকা ৮৮ বছৰীয়া আইতাকে নাতিনীয়েকক মাতি আছে। আজি কেইদিনমানৰপৰা ৰাতি টোপনি নহা বুঢ়ীমাকক নাতিনীয়েকে কালি কিনো দৰৱ দিলে জানো, কালি ৰাতি ধুনীয়াকৈ শুব পাৰিলে। আইতাকৰ চিঞৰ শুনি বাহিৰত খেলি থকা নাতিনীয়েক দুপ্‌দুপকৈ দৌৰি আইতাকৰ ওচৰ পালেহি। আইজনী: কোৱা, আইতা কি হ’ল ? আইতা: হেৰি নহয় আইজেনি, কালি যে ৰাতি তই হোমিঅ’ দৰৱটো খাবলৈ দিছিলি আছে নেকি আৰু? সেইপালি খাই

Read more

বেবেৰিবাং বিলোচনা – অংশুমান বৰা

আমাৰ নগেন-খগেনৰ আকৌ এটা সুন্দৰ অভ্যাস আছে। যেতিয়াই দুইটাই লগ পায়, এটাই আনটোৰ লগত বেবেৰিবাং কথা পতাত লাগি যায়। যোৱাকালিৰে কথা, খগেনে দুপৰীয়া ভাত খাই বাহিৰত বহি আছিল। তেনেকুৱাতে নগেন আহিল। আহিয়েই সি ক’লে- নগেন :বোলোঁ খগেন, ভোগালী বিহুৰ শুভেচ্ছা থাকিল। খগেন(এটি ভেকাহি মাৰি): কিবা খালা নেকি হে, কাতি বিহুলৈ এতিয়াও এমাহ আছে৷ নগেন: তাকেই….কাতি বিহু কঙালী,মাঘ বিহু ভোগালী ৷ খগেন: ব’হাগতে ধেমালি কৰোঁ ,পিছে ভেবেলিলতা ফুলিছে জানো ? নগেন: মই আকৌ এইবাৰ ভাত-কেৰেলা লগাইছোঁ৷ তাৰেই লতা ফুল দি বিহুটি

Read more

এটা বাছযাত্ৰাৰ কাহিনী – দিগন্ত বৰা

কেইবছৰমানৰ আগতে ফেচবুকৰ কবিতা গোট এটাৰ মিট্ এখনলৈ গৈছিলোঁ। হৈছিল কাজিৰঙাত। যোৰহাটৰ পৰা কাজিৰঙালৈ যাবলৈ এওঁ দিলে টকা দহটা। মই বোলোঁ-“তুমি পাগল হ’লা নেকি? যোৰহাটৰ পৰা কাজিৰঙালৈ কিমান দূৰ জানানে?” এওঁ বোলে-“জানো। এইটো এটা পৰীক্ষা বুলি ধৰি লোৱাচোন। সামান্য পৰীক্ষাটোত পাছ কৰিব নোৱাৰিলে জীৱনৰ কঠিন পৰীক্ষাত কিদৰে পাছ কৰিবা?” কথাষাৰ মোৰ ইজ্জতত লাগিল। দহ টকাটো এওঁক গতাই কাজিৰঙালৈ বুলি ওলাই আহিলোঁ। আহি আহি বাছ এখনৰ ছিট এটাত আৰামত বহি ল’লোঁ। মনত বহুত চিন্তা,লগতে উৎকণ্ঠা। কাষৰ ছিটটোত খুউব সুন্দৰী যুৱতী এগৰাকী।

Read more

ডাক্তৰৰ বিলৈ – ডাঃ পাৰ্থ সাৰথি ভূঞা

কিছুদিনৰ আগতে, দেওবাৰ এটাত বন্ধু এজনে ফোন কৰি সুধিছিল, বোলে বন্ধু আজি দেওবৰীয়া প্ৰগ্ৰেম কি? ঘৰতে নে কিবা ফেমিলি আউটিং আছে? মই উত্তৰ দিছিলো বোলো, নক’বা বন্ধু, আমাৰনো আৰু কি বন্ধডাল আছে? ডিউটি আছে হস্পিটেললৈ যাবই লাগিব। তেওঁ ওলোটাই ক’লে বোলে, এঃ, ইমাননো পইচাৰ পিছত দৌৰা নে? দেওবাৰেও ডিউটি মাৰি থাকা? ময়ো এইবুলি উত্তৰ দিলো যে, হয় দিয়া বন্ধু, ডাক্তৰকেইটাক খোচ মাৰি কথা ক’বলৈ বৰ সুবিধা। পিছে এবাৰ ভাবি চাবাচোন, ডাক্তৰখানা, পুলিচ থানা আৰু পায়খানা, এই তিনিবিধ বন্ধ হ’লে বিপদ

Read more

ধন্যবাদ – বিনয় কৃষ্ণ তামুলী ফুকন

লীলা গগৈদেৱৰ “ঘেৰঘেৰীয়া বাছ”ৰ কথা কাৰ কাৰ মনত আছে? হয় অসম ৰাজ্যিক পৰিবহন নিগমৰ দৌৰি থকা গঁড় অঁকা ৰঙা বাছ কেইখনৰ কথা কৈছোঁ৷ চালকৰ আসনৰ ওচৰতে চালত টিলিঙা এটা আছিল৷ ৰচী এডালেৰে বাছখনৰ শেষলৈকে সংযোগ কৰা৷ বাছ ৰখাবলৈ হ’লে “কণ ডাক্তৰ”এ সেইডাল টানি টিলিঙাটো বজাই দিছিল৷ সেই সময়ৰ কণ্ডাডাক্টৰবোৰৰ আয় একো একোজন ডাক্তৰতকৈও সৰহ আছিল৷ কণ মানে সৰু ডাক্তৰেই আৰু৷ কাৰণ টিকট ঘৰত যি কেইটা টিকট যাত্ৰীয়ে কাটিছিল সেইকেইটাৰ ৰাজহহে চৰকাৰে পাইছিল চাগৈ৷ পথত তোলা অতিৰিক্ত যাত্ৰীক টিকট দিয়াৰ নিয়ম

Read more

বন্ধুৰ এলাৰ্ম ক্লক – দিলীপ ৰঞ্জন কাকতি

২০০০ চনৰ কথা, মই তেতিয়া কে চি দাস বাণিজ্য মহাবিদ্যালয়ৰ স্নাতক চুড়ান্ত বৰ্ষত। গুৱাহাটী বিৰুবাৰীত ভাড়াঘৰত থাকো। কাষৰ ৰুমটোত থাকে একেখন কলেজত পঢ়া দ্বিতীয় বৰ্ষৰ বন্ধু এজন। দ্বিতীয় বৰ্ষৰ পৰীক্ষা ওচৰ চপাত বন্ধুৱে মন কৰিলে যে তেওঁৰ একোৱেই পঢ়া হোৱা নাই। গতিকে বন্ধুৱে সিদ্ধান্ত ল’লে যে ৰাতিপুৱা খুব সোনকালে উঠি পঢ়াত বহিব। কিন্তু সমস্যাটো হ’ল তেওঁ সোনকালে উঠিব নোৱাৰে, কুম্ভকৰ্ণৰ দৰে টোপনি। গতিকে তেওঁক আমি এলাৰ্ম ক্লক এটা কিনাৰ উপদেশ দিলো। বন্ধুৱে লগে লগে মোক লগত নি পল্টন বজাৰৰ ফুটপাথৰপৰা

Read more

হেয়াৰ ষ্টাইল – মাধুৰ্য গগৈ

“কেনেকুৱা লাগিছে?” শ্ৰীমতীৰ কথাত মই ওপৰলৈ মূৰ তুলি বহুদেৰি এওঁক ভালকৈ চালো৷ কিন্তু একো বুজি নাপালো, আচলতে শ্ৰীমতীয়ে কি দেখুৱাব খুজিছে? মনতে ভাবিলো, ”ছেহ্! মোৰ আগৰ চকুহাল থকাহেঁতেন এওঁ কি, যিকোনো মহিলা বা ছোৱালীৰ ৰূপসজ্জা সাৰি নগ’লহেতেন৷ পিছে এওঁনো মোক কি দেখুৱাব খুজিছে?” মোৰ ভেবালগা মুখখন দেখি এওঁ এইবাৰ নিজেই ক’লে, ”মাই নিউ হেয়াৰ কাট৷” মই বহুসময় ভালকৈ চালো৷ পিছে, কিয় জানো মোৰ চকুকেইটাৰ লগতে মনটোও বুঢ়া হ’ল যেন পালো৷ শ্ৰীমতীৰ নতুন ষ্টাইলৰ ’হেয়াৰ কাট’ মোৰ চকুত নপৰিল৷ অগত্যা থেৰোঁ-গেৰো

Read more

শনি – পূৰ্ণাক্ষী ভট্টাচাৰ্য

একদম সইত সইত তিনি সইত খাই কোৱা কথা। এইজনক শনি বুলিবলে মোৰ অকণো মন নাছিল। কেনেকৈনো থাকিব বাৰু? মেডিকেল কলেজৰ প্ৰথমটো ক্ৰাচ্ আছিল শনি। মেডিকেল পঢ়িবলৈ কোনো কাহানিও অদ্ভুত ইচ্ছা নাছিল। কাৰণ সেইটো মোৰ সাধ্যৰ বাহিৰত বুলি ধাৰণা এটা যুগৰ আগতে কৰি থোৱা হৈছিল। তাতে ছিট পাইছিলো যোৰহাটত। চহৰখন কোনোদিনে বেয়া পোৱা নাছিলো যদিও তাত পাঁচোটা দীঘল বছৰ থাকিবলৈ নিজকে প্ৰস্তুত কৰি তুলিবলৈ মোক যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিল। দিনবোৰ এদিন দুদিনকৈ পাৰ হ’বলৈ ধৰিলে। ভাললগা ধৰণৰ কোনো ঘটনা নঘটাকৈ এদিন

Read more

কে কে কে বৰুৱা বাইদেউ – অনুৰূপ মহন্ত

আমাৰ দেশত ধোদৰ অভাৱ নাই। এই অসম মুলুকতো বোলে ধোদৰ উৎপত্তি বহু পুৰণি। তাহানি স্বৰ্গদেউসকলৰ দিনতে হেনো ধোদৰ পয়োভৰ আছিল, এতিয়া আৰু ন’হবনে! তেতিয়া দেখাক দেখিও পিছে বহু ধোদ বাঢ়িছিল। পিছে নকল আৰু আচল ধোদ স্বৰ্গদেৱে তদন্ত কৰাই একেদিনাই চিনাক্ত কৰাইছিল, আজিকালিৰ দৰে বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদন আহিবৰ বাবে মাহৰ পাছত মাহ বা বছৰ ৰ’ব লগা নহৈছিল। যি শিবিৰত সমস্ত ধোদক ৰাজ আতিথ্য দি ৰখা হৈছিল, সেই শিবিৰত জুই লগাই দিছিল। জুইৰ তাপত নকল ধোদবিলাকে এনেকৈ দৌৰি পলাইছিল যে, ওচেইন ব’ল্টেও

Read more

স্বীকাৰোক্তি – লখিমী কোঁৱৰ হাজৰিকা

বিহুত এপাক নাচো বা নানাচো মই কিন্তু হাড়ে হিমজুৱে অসমীয়া৷ এই ভয়ানক অসমীয়া “ফিলিংচ”টোৰ বাবেই মই এটা বৰ বেয়া কাম কৰি থৈছোঁ নতুন কইনা হৈ থাকোতেই৷ দিল্লীত থাকোতে মোৰ প্ৰতিবেশীসকল সৰ্ব ভাৰতীয় আছিল৷ বাকী সকলো প্ৰতিবেশী বৰ ভাল আছিল, কিন্তু তাৰে মাজৰ এঘৰ বৰ অভদ্ৰ আছিল৷ তেওঁলোকে অনবৰতে অসমৰ কথা বেয়াকৈ কৈ থাকে৷ অসম জংঘল, তাৰ মানুহবোৰ বেয়া ইত্যাদি ইত্যাদি৷ মোৰ সহ্য নহয়৷ হিন্দী গালি এসোপা মোৰ ডিঙিত খুন্দিয়া খুন্দি কৰি থাকেহি কিন্তু মৰিবলৈকো মুখেৰে ওলাই নাহে৷ সিহঁতক দেখিলেই খঙত

Read more
1 61 62 63 64 65 72