ফটাঢোল

টাৰ্গেট – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

  চৰকাৰী নিগমৰ পৰা পাবলগীয়া টকা সংগ্ৰহ কৰিব যাব লাগে বুলি ক’লে অফিচত আমাৰ বিভাগটোৰ সকলোৱ মুখ কোচাই আনে। কোনেও যাব নিবিচাৰে সেইবোৰত।হ’ল বুলিনো কিমান দৌৰিব আৰু অনিশ্চিত পইছাৰ পাছত।সেইফালে দৌৰি থাকোতে সহজলভ্য টাৰ্গেটকেইটাও মিছ হয় সদায়। শেষলৈ ৰামটাঙোনটো সদায় মোৰ মুৰৰ ওপৰতেই পৰে।ভুলটোও মোৰেই,এজন দুজন মন্ত্ৰী-এমএলএক চিনি পাওঁ বুলি লেবেল দিব গৈ মোৰ এই দশা হয় সদায়। ফলাফল শূন্য, না কিবা মন্ত্ৰীৰ সহায় পাওঁ না মোৰ মাহৰ টাৰ্গেট পূৰা হয়। খাল খান্দি ঘৰিয়াল মাতি ফুৰা স্বভাৱ মোৰ। আজিও অফিচৰ

Read more

বিশেষজ্ঞ – অলকেশ ভাগৱতী

ভাৰতবৰ্ষই মঙ্গল গ্ৰহলৈ এখন মানৱবিহীন ৰকেট উৎক্ষেপণ কৰিলে৷ শ্ৰীহৰিকোটা উৎক্ষেপণ কেন্দ্ৰৰ পৰা কৰা এই উৎক্ষেপণ টিভিত অধীৰ আগ্ৰহেৰে ১৩০ কোটি মানুহে চালে৷ এই অভিযানৰ সফল সমাপ্তিৰ পিছত ভাৰতৰ নাম বিশ্বৰ বুকুত পুনৰ এবাৰ জিলিকি উঠিব ৷ ইছৰ’ৰ বিজ্ঞানী সকলক লৈ জনতাৰ গৌৰৱৰ অন্ত নাই ৷ সকলোতে তেওঁলোকৰ জয়গান ৷ কিন্তু সকলোকে হতবাক কৰি উৎক্ষেপণৰ মাত্ৰ তিনি মিনিট পিছতে ৰকেটটো মাজ আকাশত প্ৰচণ্ড শব্দৰে বিষ্ফোৰিত হৈ চূৰ্ণ-বিচূৰ্ণ হৈ গ’ল ৷ ইয়াৰ পিছৰ কাহিনী অতি ছিম্পল ৷ এইবাৰ হঠাৎ দেশখনৰ গৰিষ্ঠ সংখ্যক

Read more

দ’স্তানা – মণীষা কাকতি

খং মোৰ বিএফএফ, মানে বেষ্ট ফ্ৰেইণ্ড ফ’ৰেভাৰ ৷ জনা-বুজা হোৱাৰে পৰা যি ’জয়-বীৰু’ টাইপ ফ্ৰেইণ্ডশ্বিপ বেণ্ডডাল বান্ধিলো, কচম খালো.. ‘য়ে দোষ্টি হম নহী তোৰেংগে, তোৰেংগে দম মগৰ, তেৰা চাথ না চোৰেংগে’ ৷ বয়স বঢ়াৰ লগে লগে খং আৰু মই যোগ আৰু পূৰণ নেওতাখন ভালকৈয়ে মুখস্থ মাতিব পৰা হ’লোঁ, কিন্তু বিয়োগ আৰু হৰণ নেওতাখন কোনোপধ্যে জোঁটাবই নোৱাৰিলো ৷ বেছি বলকি নাথাকো, হিষ্ট’ৰী গুচি বুৰঞ্জী হ’ল সেইবোৰ এতিয়া ৷ এনেদৰেই এদিন আমি কৈশোৰত ভৰি দিলোঁ.. একেলগে ৷ আমাৰ এই ফেভীকল যোৰী মানে

Read more

মাৰ চাদৰৰ আঁচল – বিকাশ শইকীয়া

আপুনি চিটিবাছত গৈ থাকোতে বাছখন য’তে ত’তে ৰখাইছে। প্ৰতিটো ষ্টপেজত দুইৰ পৰা চাৰি মিনিট সময় অযথা ৰখায় থৈছে। আপুনিও একো মাত মতা নাই, কাৰণ আপুনি বুজি পায় যে বাছচালক, হেণ্ডিমেন, বাছৰ মালিক সকলোৰে একো একোটাকৈ পৰিয়াল আছে। যাত্ৰী বেছি হোৱাটো তেওঁলোকৰ কাম্য। কিন্তু এইয়া কি, বাঘে খেদা হৰিণাটোৰ দৰে হঠাৎ জাঁপ এটা মাৰি বাছখন তীব্ৰ বেগত গতি কৰিছে। কাৰণ? বেলেগ এখন বাছে এইখনক ‘অভাৰটেক’ কৰি গৈছে। গতিকে দুখন বাছৰ মাজত “বাছ-ৰেচ” আৰম্ভ। বাছৰ গতি দেখি তেত্ৰিশ কৌটি দেৱতাৰ কোনজনৰ নাম

Read more

আমাৰ এওঁ – -দ্বিজেন তামুলী

সাদৰী মহিলা সকলে যে নিজৰ গিৰিহঁতৰ নাম নকয় তাৰে এটা সৰু উদাহৰণ ৷ ঘটনাটো এনে ধৰণৰ… গুৱাহাটীত কাম খিনি শেষ কৰি ঘৰলৈ উভতিম আৰু৷ এওঁ কলে সময় আছে পাটিৰি দাৰ ঘৰত এপাক সোমাই যাওঁ বলক, তেখেতে বৰকৈ কৈ আছে৷ ময়ো ভাবিলো এপাক মাৰিয়ে যাওঁ৷ সময় আবেলিৰ বেলি পশ্চিম আকাশত লুকাই সাধাৰণ এন্ধাৰ নামি আহিছে৷ গৈ পোৱাৰ লগে লগে পাটিৰি দাই আথে বেথে ভিতৰলৈ নি বহিবলৈ দিলে৷ পৰিবেশটো বৰ ভাল লাগি গৈছিল মোৰ৷ গোঁসাই ঘৰত পাটিৰি দাৰ বৌৱে ধূপ চাকি জ্বলাই

Read more

চেন্দেল ফিল’ছফি – সুশান্ত কৃষ্ণ শৰ্মা

ঘৰৰ বাৰাণ্ডাৰ পকাতে বহি উডলেণ্ডৰ পুৰণি চিগা চেন্দেল এযোৰ ফেভিকুইক লগাই মেৰামতি কৰি আছোঁ৷ পৰিবাৰে চকীতে বহি মোৰ কাৰবাৰটো চাই আছিল৷ হঠাতে মই এটা কথা ভাবি পালোঁ৷পৰিবাৰক ক’লো- : “চোৱা তুমি যে মোক মোৰ কথা-কাণ্ড দেখি চেনিমাই আছে বুলি সন্দেহ কৰা, থাকিব পাৰে, কিন্তু সেইবোৰ দুদিনীয়া৷ যুগমীয়া কিন্তু তুমি হে ৷” পৰিবাৰে বোলে- “এইটো কথা মই কেনেকৈ মানি লওঁ, ওঠ টিপি টিপি মিচিক মিচিক কথা কোৱা মানুহ কি বস্তু মোৰ জনা আছে৷ “ মই বোলো-“ চোৱা, এইযোৰ চেন্দেল ব্ৰেণ্ডেড আছিল,

Read more

নিজৰ ফটাঢোল – প্ৰণীতা গোস্বামী বৰঠাকুৰ

নিজৰ ফটাঢোলটোকে বজাই চাওঁ বুলি ভাবি অভিজ্ঞতা এটা আগবঢ়ালো– হাঁহি নুঠিলে নিজে নিজে ভাকুট কুটাই লব৷ বিয়া এখন খাবলৈ ওলাইছো৷ আনদিনাৰ দৰেই মই সকলো জঞ্জাল মাৰি ওলাবলৈ লৈছো৷ আনসকল মানে মোৰ পেহী এগৰাকী, ভাইটি, বৰদেউতাৰ ল’ৰা দাদা এজন আৰু খুৰা ওলাই গাড়ীৰ ওচৰ পালেগৈয়ে৷ “হ’লনে -হ’লনে“ বুলি সুধিবলৈ লাগিলেই! ! উফ্, লৰালৰিকৈ কাপোৰ সাজ পিন্ধি লওঁতেই এক পঁচা পঁচা গোন্ধ নাকত লাগিলত উভতি চাই দেখো তিনিবছৰীয়া ছোৱালীজনীয়ে কোঠাৰ একোণত মুখখন জোঙা কৰি ৰৈ আছে! ! -“তোৰো এইসময়তহে লাগিবলৈ পায়নে““– বুলি

Read more

ই -ডিভোৰ্চ – পাপৰি দত্ত

সিদিনাখন আমাৰ ঘৰলৈ মোৰ এজনী পুৰণি অন্তৰংগ বান্ধৱী আহিছিল৷ দুয়োজনীয়ে বহুত দিনৰ মূৰত লগ পাই দিলখুলি বিন্দাচ কথা পাতিবলৈ লাগি গ’লো৷ কথা পাতোতে পাতোতে এই হাজবেণ্ড নামৰ মহাশয় সকলৰ কথাও ওলালে৷ তাই কৈ গ’ল তাইৰ হাজবেণ্ডে কি কি কথাত টং কৰে মানে দিগদাৰী, আমনি৷ ময়ো ক’লো কি কি মুচিবৎ হয়৷ মানে পাকঘৰ লেতেৰা কৰে, কাপোৰ-কানি বিশৃংখল কৰে৷ তাতোকৈও বেছি, মবাইল ফোনটো লৈ বহোতে তেওঁ নিজৰ ফোনটোৰ পৰা মেছেজ দি কব চাহ একাপ বনোৱা, আজি এইটোহে বনোৱা, কালি কব সেইটোহে বনোৱা,

Read more

বিয়ৈ মেল – মৃদুল কুমাৰ শৰ্মা

বেয়া হৈছে কথাবোৰ৷ তিতা গামোচাখন যেনিবা বিছনাত পেলাই থলোৱেই বা দিখৌ নৈখনতো কিবা বোৱাই দিয়া নাই৷ এই কথাটোকেনো কিটি পাৰ্টিত গাই ফুৰিব লাগেনে চেংৰা আপীকেইটাৰ আগত৷ নিজে দহটা বজালৈকে বিছনা নাপাৰি ফেচবুকাই থাকিব আৰু মোৰ খুঁত ধৰে বেটী৷ ৰহ দিম মজা এইবাৰ৷ ডাইমণ্ড নেকলেচ নহয় বিৰিণাৰ আঙুঠি এটাও নিদিওঁ এইবাৰ’- কৈলতাই চিয়েৰচ কৰিয়েই মুখখন বিকটাই কথাখিনি ক’লে৷ ’হয় দিয়ক কৈলতাদা৷ চাওকচোন টিভিৰ গুৰিত বহি বোলে জোতাযোৰ খুলিলো তাতেই অপৰাধ হ’ল মোৰ৷ বোলো হেৰৌ দিনৰ দিনটো দেখা নাই, মুখখন চাওঁ বুলিয়েই

Read more

চকুলো – মণিষা কাকতি

ৰাতি ৭.৪৮ বাজিছে৷ দুজনীয়া সংসাৰ৷ পত্নী পাকঘৰত ব্যস্ত৷ পতি কাষৰ ৰুমত টিভি চোৱাত ব্যস্ত৷ পত্নীঃ (পতিদেৱক উদ্দেশ্যি অলপ উষ্মাৰে) তুমি কিন্তু তোমাৰ প্ৰমিজ ৰাখিব পৰা নাই৷ পতিঃ হা.. কিবা কৈছা? পত্নীঃ ………..প্ৰমিজ ………………নাই৷ (অকল সেই দুটাহে শব্দ শুনি কিবা জগৰ লগালো বুলি ভাবি পতি হাতত ৰিম’ট লৈ টিভিৰ কাষৰপৰা উঠি আহিবলৈ বাধ্য হ’ল) পতিঃ কিবা কৈছিলা জানু? পত্নীঃ (মুখখন অলপ ফুলাই) তুমি মোৰ মা-দেউতাৰ আগত প্ৰমিজ কৰিছিলা যে মোৰ চকুৰপৰা কেতিয়াও ’চকুলো’ ওলাব নিদিয়া৷ কিন্তু বিয়াৰ পাছতে তুমি সকলো পাহৰি

Read more
1 69 70 71 72