ফটাঢোল

উপহাৰ–ঈশান জ্যোতি বৰা

বিঃদ্ৰঃ অনুগ্ৰহ কৰি বিয়ালৈ আহোঁতে কোনোধৰণৰ উপহাৰ যাতে লগত লৈ নাহে৷ আপোনাৰ উপস্থিতিয়েই হ’ব কন্যাৰ বাবে সৰ্বশ্ৰেষ্ঠ উপহাৰ৷ -“ৱাঃ! ৱাঃ! দেখিলানে আনন্দী! দেখিলা! এইয়াহে আধুনিক যুগৰ আধুনিক মনৰ মানুহ! ‘আপোনাৰ উপস্থিতিয়েই হ’ব কন্যাৰ বাবে সৰ্বশ্ৰেষ্ঠ উপহাৰ’- সজ! একেবাৰে সজ কথা দেই৷” ৩৪২ নং পদুমনী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আত্মাৰাম গোস্বামীৰ সুপুত্ৰী কৃপালিনী গোস্বামীৰ শুভবিবাহৰ নিমন্ত্ৰণী পত্ৰখনৰ শেষৰ শাৰীকেইটা পঢ়ি নিধিৰাম কলিতা অভিভূত হৈ পৰিল৷ -“হেৰা শুনিছানে নাই! চোৱাহিচোন৷ উপহাৰ দাঙি দাঙি বিয়া খাই ফুৰোতেই গোটেই জনমটো পাৰ হ’ল৷ অসমীয়া সমাজখনৰো

Read more

অলপ সত্য ধেমালি– উৎপলা কৌৰ

প্ৰায় ১৫বছৰৰ আগৰ কথা। কৃষ্ণপক্ষৰ নৱমী তিথি। জুলাই মাহৰ গৰম, তাতে ঘিটমিটিয়া আন্ধাৰ। গুৱাহাটীৰ মাজমজিয়াত ঘৰ হ’লেও এইকেইটা দিনত তেতিয়া দুবাৰমানকৈ লোড শ্বেডিং হৈছিল। ডেকা ল’ৰাটো গেট খুলি সোমাই আহিল। এইটো তাৰ বেষ্ট ফ্ৰেণ্ডৰ ঘৰ। যেতিয়াই তেতিয়াই আহে সি। পাকঘৰত সোমাই কেৰাহী ডাঙি চাব পৰাকৈ ঘৰখন আপোন। প্ৰিয় বন্ধুৱে কিছুদিন আগতে সিহঁতৰ লগতে একেলগে পঢ়া ছোৱালী এজনীৰ লগত কোৰ্ট মেৰেজ কৰিছে। গতিকে তিনিও আগতে অফ পিৰিয়ডত দিয়াৰ দৰে আড্ডা দিয়ে। কেতিয়াবা অইন বন্ধুবোৰো আহে। আগফালৰ দুৱাৰ বন্ধ আৰু কাৰেণ্ট নথকাত

Read more

ৰাজনীতিৰ অ আ ক খ!– সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

-“ঐ,টিউচন লবি নেকি হৰেন চাৰৰ তাত। বিৰাট ভাল অংক শিকায়। মই গৈছিলো ছাৰৰ তালৈ, লগত আৰু কেইজনমানক লৈ যাবলৈ কৈছে। গ্ৰুপতহে পঢ়াব বোলে চাৰে, পইচাও বেছি নহয়, গাইপতি এশ টকা। সপ্তাহত তিনি দিন পঢ়াব। দহজনীয়া গ্ৰুপ হ’লে ভাল।” ময়ো যাম, ময়ো যাম বুলি দিগন্তৰ কথাত প্ৰায় বাৰ জনমান ল’ৰাই একেমুখে সঁহাৰি জনালে। হৰেন ছাৰৰ তাত টিউচন কৰিবলৈ পোৱাটো সৌভাগ্যৰ কথা আছিল আমাৰ কাৰণে। চহৰৰ বিখ্যাত কলেজখনৰ গণিতৰ মুৰব্বী অধ্যাপক হৰেন শৰ্মা। ঘৰটো আমি পঢ়া কলেজখনৰ ওচৰতে হোৱাত আমাৰ কলেজৰ ছাত্ৰ

Read more

গেজেট বাইদেউ – বন্দিতা গগৈ বৰা

(১) মনত পৰিছে মোৰ আৰু গেজেট বাইদেউৰ মুখামুখি হোৱা প্ৰথম দিনটোৰ কথা। স্কুলত জইন কৰাৰ প্ৰথম দিন, অলপ লাজ, অলপ সংকোচেৰে কোনোবা এজনে দেখুৱাই দিয়া চকী এখনত বহি ইজন সিজনৰ লগত চা চিনাকি পৰ্ব চলিছে। এটা দুটা কথা পাতি পিছত লগ পাম বুলি নিজৰ নিজৰ ক্লাছলৈ গৈছে। মই বহি ৰৈছো, প্ৰথম দিন, মোৰ ক্লাছ কি হ’ব, ক’ত হ’ব ছাৰে ঠিক কৰি জনোৱালৈ অপেক্ষা কৰিছো। তেনেতে এগৰাকী বাইদেউ আহি মোৰ ওচৰত থিয় হ’ল, -“নতুন নেকি?” মোক মূৰৰ পৰা ভৰিলৈকে পৰীক্ষা কৰি

Read more

বৰলাৰ বিলৈ– ব্ৰহ্মানন্দ পাটিৰি

বৰলা সকলৰ বহু অলিখিত কাহিনী থাকে, এবাৰ এজন মহান বৰলাই ছোৱালী এজনী চালে৷ দেখাত ধুনীয়া। পচন্দ হ’ল। ঘৰৰ মানুহৰো পচন্দ। ফোন নাম্বাৰ ল’লে। পুৰা ৰিচাৰ্জো ভৰাই ল’লে। ৰাতি : -“জান শুনিছানে?” -“কোৱা।” -“খবৰ এটা দিওঁ৷ তোমাক বহুত পছন্দ হৈছে, মোৰ বৰ ভাল লাগিছে। আমাৰ বিয়া হ’ব৷ তোমাৰ কেনে লাগিছে?” -“ওমমম বহুত ভাল লাগিছে।” -“আজিৰ পৰা তুমি মোৰ আশা, কল্পনা, পুজা, আৰতি৷” -“ওম তুমিও মোৰ যোগেশ, নৰেশ, যাদব, খগেন, নগেন। -“কি??” -“নহয় তোমাৰ দৰে ময়ো নাম অলপ ল’লো। মনে মনে থাকিলা

Read more

কক্ষচ্যুত– দিম্পল কলিতা

মই মেট্ৰিকত তৃতীয় বিভাগত উত্তীৰ্ণ হৈছিলো ৷ পিছে মাৰ্কশ্বিটখনৰ পয়ালগা নম্বৰকেইটাৰ দৰে পঢ়াত ইমানো বেয়া নাছিলো ৷ মধ্যমীয়া ধৰণৰ ছাত্ৰ বুলিয়ে ক’ব পাৰে ৷ হওঁতে গাঁৱৰ আটাইতকৈ নামজ্বলা স্কুলখনৰে ছাত্ৰ আছিলোঁ মই ৷ স্কুলখনৰ দশম শ্ৰেণীত দুটা শাখা আছিল, ক আৰু খ ৷ খ শাখাৰ শীৰ্ষৰ দহজনৰ ভিতৰতে মোৰ ৰোল নং পৰিছিল ৷ নাজানো কি হ’ল পৰীক্ষাত…লিখি থৈ অহাৰ দৰে মাৰ্কশ্বিটখন নাহিল ৷ অঘাইতং আছিলো যদিও স্কুলৰ প্ৰায়ভাগ ছাৰ-বাইদেউৰ মৰমৰ আছিলো ৷ ফলাফলৰ খবৰটোৱে তেওঁলোককো নিৰাশ কৰিছিল ৷ ৰিজাল্টৰ খবৰটো

Read more

অপৰাধী –বৰ্ণালী ফুকন

ৱাঙ চাঙমাই মিতালীৰ ঠিক পিছফালৰ বেঞ্চখনতে সদায় বহে। মাকুমৰ এটা চীনা পৰিয়ালৰ ল’ৰা সি। সৰুৰে পৰা একেলগে পঢ়িছিল যদিও তাক চতুৰ্থ শ্ৰেণীত থাকোতেহে দেখা মনত পৰে তাইৰ । তেতিয়া মিতাহঁত হিজুগুৰিৰ পৰা স্কুল আহ-যাহ কৰে। মাকে পেঞ্চিল কলম কিনিবলৈ দিয়া পইচাৰে বায়েক আৰু তাই লগ হৈ চানা বৰফ খাই পেলায়। ক্লাছত যিহেতু ৱাঙে কলম পেঞ্চিল দিবই গতিকে কিহৰ চিন্তা । পইচা হাতত পৰিলেই মোক খা মোক খা কৰি থকা বৰফ কেইটালৈহে মনত পৰে। ৱাঙ ঐ ল তোৰ পেঞ্চিল-ৰবৰ, স্কুল ছুটি

Read more

ফাত্ৰাভাষ – জ্যোতিৰূপম দত্ত

(১) – সৌ ফালে চা চোন!! সেই ল’ৰাটো, দেখিছনে? বৰ ধনী ঘৰৰ ল’ৰা৷ – পিন্ধা-উৰাত তেনেকুৱা নালাগে অৱশ্যে৷ চিনি পাৱ নেকি? – নাপাওঁ৷ – তেনেহলে কেনেকৈ গম পালি? – তাৰ মুখৰ পৰা বৰ বেয়া গোন্ধ ওলাইছে৷ – ধেই!! মুখৰ গোন্ধৰ লগত ধনী-দুখীয়াৰ কি সম্পৰ্ক? বুজি নাপালো৷ – তাৰ মুখৰ পৰা পিয়াজৰ গোন্ধ ওলাইছে! আজিৰ দিনত এনেদৰে সোপাসোপে পিয়াজ খাবলৈ ধনী মানুহ হবই লাগিব!! (২) – মিস্তিৰি! আউৰ কিতনাজন হে? – দুই জন৷ ৰামপ্ৰসাদে ইগিংতেৰে মোক বাৰাণ্ডাৰ বেঞ্চখনতে বহিবলৈ কলে৷ চেলুনখনৰ

Read more

ইপাৰৰ কবিতা–নৱজিৎ বৈশ্য

আপুনি কথাৰ সিপাৰে উৰুৱাই ভাবনাৰ কুকুহা ইপাৰে আমাক পৰুৱাই পায় আপুনি কথাৰ সিপাৰে থাকে ধৰা হ’ক আপুনি কবি আপুনি মানুহ যোগ পোহৰ অথবা, মানুহ বিয়োগ আন্ধাৰৰ দৰে কিবা এটা… আপোনাৰ কথাৰ পেনৰোজীয় চিৰি বগাই মানুহ কাহানিবা উঠিব পাৰেনে আপোনাৰ আকাশী বাৰন্দালৈ য’ত বহি কৃতবিদ্য সমালোচকে পান কৰে লা-ওপালা আতিথ্য কেতিয়াবা ভাবো মানুহৰ বাবে আপুনি নিৰ্মাণ নকৰে কিয় শিলৰ এলানি সৰল চিৰি কথাৰ ইনডেলিবল্ ৰেখা খোদাই কৰাবলৈ আপোনাৰতো কাহানিও শিলৰ অভাৱ হোৱা নাই (তথাপি ভগা নৌকাত পাৰ কৰা ৰাধাৰ কিমান ভাৰ…)

Read more

দেতা – অসীমা শইকীয়া দত্ত

সৰুৰে পৰা মোৰ নামটো বৰ ভাল পোৱা নাছিলো। সৰুতে যিয়েই সুধে সিয়েই কয় সীমা ডাল ক’ত থলি। এই নামৰ সীমা বিবাদ মোৰ দেউতাৰ লগত বহুত দিনলৈকে চলিলে কি নাম থলে মোৰ। নামৰ ক্ষেত্ৰত দেউতাই যি দিলে তাকে পিন্ধি ললো আমি। দাদাৰো নামৰ মাজত দেউতাৰ ভক্তিত এলপিৰ পৰা মেট্ৰিকৰ সময়লৈকে নাৰায়ণ শুই আছিল।পিছত সি নামৰ মাজত শুই থকা অনন্ত শয্যাৰ নাৰায়ণক জগাই উঠাই শুদা নামটো ৰাখিলে। অলপতে ঘৰলৈ গৈছিলো। ফেৰীতে পালো মাজু বাৰ লগৰ এজনী। নাম বহুবল্কী।মোৰ চেহেৰাৰ বাৰ লগত মিল

Read more
1 27 28 29 30 31 42