"চকুত চকু থৈ" জন্ম ৰহস্য – সদানন্দ দত্ত
চকুৰ উৎপত্তি কেনেকৈ হল ,তাৰ কোনো নিৰ্ণয় অদ্যপৰিমিত হোৱা নাই।এই বিষয়টো লৈ অনেক পণ্ডিতৰ বাদ -বিবাদ। কিছুমানৰ মতে চকু গজে। তেতিয়া জ্ঞান-বুদ্ধি উদয় হোৱাই ইয়াৰ লক্ষণ। কিছুমানৰ মতে চকুত পৰে। আন কিছুমানৰ মতে চকুত লাগে। গতিকে এইক্ষেত্ৰত চকু মেলি চালে দেখা যায়, চকু মুদা কুলিহৈ থকাই ভাল! ঘপহকৈ গুপুত জন্মৰহস্য কৈ দিলে অন্য চকু চৰহা পণ্ডিতৰ চকু পোৰা অৱস্থা হ’ব। তেতিয়া তেওঁ ৰুদ্ৰমূৰ্তি ধৰি চকুটেলেকা কৰি শিয়াল খেদা দিলে চকুত ধুলি মাৰি পলাই সৰাই টান হ’ব। সিমান চকু থাকি খালত পৰা বিধৰ নহয়
Read more