ফটাঢোল

মাল, অনলাইন মাৰ্কেটিং ইত্যাদি – ৰাজীৱ শৰ্মা

মাইক লগোৱা টেম্পো এখনত কিবা এটা ঘোষণা বাৰে বাৰে শুনাই ৰাস্তাৰে আগবাঢ়িছিল। হোষ্টেলীয়া আমিবোৰ মুহুৰ্ততে কোঠাৰ পৰা ওলাই বাৰান্দা পালোহি।এই উৎসুকতাৰ কাৰণ আছিল ঘোষণাৰ এটা বিশেষ শব্দ। উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ আমিবোৰৰ বাবে মন ৰঙিয়াল কৰি পেলাবলৈ যথেষ্ট। তাতে হোষ্টেলত মোৰ দৰে গাঁৱৰ পৰা জীৱনত প্ৰথম  টাউনত থাকি পঢ়িবলৈ যোৱা ল’ৰাৰ সংখ্যাই বেছি।বেয়া কথা বা শব্দ নাজানিছিলোৱেই, শুনিলেও লাজতে মৰি যাম যেন!লাহে লাহে হোষ্টেলৰ ডাঙৰ খিনিৰ পৰা আমাৰো লাজ ভাগিল।শেষলৈ এনে মাত ডাঙৰকৈ চিঞৰিব পৰাটো ভাতৰ লগত পানী খোৱাৰ দৰেই হ’লগৈ।

Read more

কঁঠালটোৰ সমানৰ কেঞাঁ বগৰী – বৰ্ণালী ফুকন

স্কুলত পঢ়ি থাকোতে টিফিন পিৰিয়ডৰ প্ৰধান আকৰ্ষণ আছিল চানাৱালাৰ কেঞাঁ বগৰী বুলি খ্যাত সৰু বগৰী বিধ। স্কুল যাওঁতে মায়ে টিফিন খাবলৈ পইচা দি পঠিয়াই। লগতে কৈ পঠিয়াই কি খাম। প্ৰায়েই স্কুলত বেকাৰীৰ পৰা অনা বন(bun) বিক্ৰী হয় আৰু সেইয়া মই খাবলৈ বাধ্য। কেনেবাকৈ নিকিনিলেই মাৰ ওচৰত ধৰা পৰাৰ ভয়, যিহেতু মা আমাৰ স্কুলৰ বাইদেউ। মনতে ভগৱানকে শাও পাত দিওঁ টিফিনত বন খাবলৈহে পঠিয়ালা পৃথিৱীলৈ, অতকৈ খাবলৈ বস্তু থাকোঁতে। যি হয় হ’ব বুলি এদিন টিফিনত চানাৱালাৰ কাষ পালোগৈ। কেঞা বগৰী পাঁচ

Read more

দৰঙীয়া কথিত ভাষাত লিখা এখন প্ৰেম পত্ৰ – অবিনাশ শৰ্মা

শ্ৰী হৰি মৰমৰ ব্যাসপেন্নি, পথ্থমে মোৰ মৰম লবি। আশা কৰ্চ্চু তই ভালে আছা।আজি তোৰ বিয়া হবা দহ বছৰ হলে হাম্পাও। তথাপি তোৰ কথা মই আজিও পাহেৰবা পাৰা নাই জানচা। বাঁহৰ তলে গাছৰ তলে কেমান ঘুল্লু ফুল্লু কেঙ্কে পাহেৰবা পাৰিম কউচুন ।সেইই এলপি ইস্কুলত যাৱাৰপে মোক লেগি তোৰ কিমান মৰম আছিল তই বিয়া হৈ যাৱাৰ পিছতহে হদ্ পাইছো। তই হাপ্পেনত খুহি আনা বগুৰি, শিলখা, খেজুৰ কত কি খুৱেলি মইহে কিবা অভংটো হৈ থাকিলো। ইতা মোৰো তিৰি চলি হ’ল, তোৰো খবৰ পাইছো

Read more

খটাধৰৰ কেৰিয়াৰ – যুগল লোচন দাস

খটাধৰক লৈ মহা চিন্তা দিবাকৰ আৰু কণিকাৰ। সিয়েই একমাত্ৰ সন্তান। আগলৈ-পিচলৈ বুলিবলৈ খটাধৰেই। পিচে মাক-দেউতাকৰ মৰমৰ কোবত খটাধৰে এতিয়ালৈকে জীৱনৰ কোনো লক্ষ্যই দেখুৱাব পৰা নাই। একেটা মাত্ৰ পো, আদৰৰ নহব’নো কিয়, মাটিত থ’লে পৰুৱাই খাব, মূৰত থ’লে ওকনিয়ে খাব। খটাধৰ অৱশ্যে দুয়োৰে মূৰত উঠিয়েই ডাঙৰ হৈছে আৰু এতিয়া সি মৰমৰ কোবত মূৰৰ পৰা ননমাই হ’ল। স্কুললৈ ঠিকেই যায়, কিন্তু পঢ়া-শুনাত সমূলি মন নাই। কোনোমতে ৩০ৰ ঘৰত নম্বৰকেইটা টানি-টুনি যোগ কৰি আগবাঢ়ি গৈ আছে। তাক পঢ়াৰ কথা ক’লে খটাধৰে চকু দুটা

Read more

কেতিয়া আছিল অ’ সেই সুসময় – ভাস্কৰজ্যোতি বৰুৱা

পাভ মাছ ভিত্তিক উপমাবোৰ মোৰ ভাল-বেয়া দুয়োটাই লাগে। ভাল এইবাবেই লাগে – গৌৰৱবোধ হয়। জনজীৱনত বহুলভাৱে ব্যৱহাৰ হ’বলৈ হ’লে একোটা উপমা প্ৰায় সকলোৱে সহজেই বুজি পোৱা হ’ব লাগিব। অৰ্থাৎ তেনে মাছ খোৱাৰ শকতি এদিন সাধাৰণ অসমীয়াৰ আছিল। বেয়া লাগে এইবাবেই যে পাভ মাছৰ  লোকেলকেইটা খাব পৰাকৈ সেই সক্ষম অসমীয়াসকলৰ মই যোগ্য উত্তৰাধিকাৰী হ’ব নোৱাৰিলোঁ। ধিক্ জীৱন। মোৰ আটাইতকৈ ভাল লগা উপমাটো হ’ল -‘পাভচোঁচা’। কিন্তু মই নিশ্চিত হ’ব পৰা নাই সেই চোঁচাটো হাতৰ আঙুলিৰে কাঁহীৰ কাষত নে মুখৰ ভিতৰত। মুখৰ ভিতৰত

Read more

ফটাপ্ৰেম – পৰিস্মীতা গগৈ

তেতিয়া মই অষ্টম শ্ৰেণীত পঢ়ি আছিলো। অক্টোবৰ মাহ। দুৰ্গা পূজাৰ সময়ৰ কথা। আমি লগৰ পাঁ‌চজনীমান ছোৱালী লগ-লাগি পূজা চাবলৈ বুলি গৈছিলোঁ‌। পূজা মণ্ডপ প্ৰায় ঘৰৰ ওচৰতে হোৱাত খোজকাঢ়িয়ে আমি গ’লো। সেইসময়ত আকৌ জাপানীজ স্কাৰ্ট বুলি এটা স্কাৰ্ট ওলাইছিল। দেউতাই পূজাৰ উপহাৰ বুলি সেই স্কাৰ্টৰ লগতে ওখ চেন্দেল এযোৰো দিছিল। বিদ্যা কৈছো,  সেই সাজেৰে মোক বোলে একদম জাপানীজ চেৰী ফুল এপাহৰ দৰেই লাগিছিল। এনেই মংগোলীয়ান ‘লুক’টো আছেই! মই এনেও অলপ ফিল্মী টাইপৰ। সেয়ে চাগৈ মোৰ লগত ঘটা ঘটনাবোৰো ফিল্মৰ দৰেই। লগৰকেইজনীৰ

Read more

কৌতুক – ইন্দ্ৰ কোঁৱৰ

সপ্তম শ্ৰেণীত পঢ়া কনটিলৌ এদিন গেলামালৰ দোকানত- কনটিলৌঃ “দাদা ১কিলো আলুৰ দাম কিমান ?” দোকানীঃ “২৫ টকা৷” কনটিলৌঃ “আধা কিলোৰ দাম?” দোকানীঃ “১২টকা ৫০ পইচা৷” কনটিলৌঃ “এপোৱাৰ দাম?” দোকানীঃ “৬টকা ২৫ পইচা আকৌ৷” কনটিলৌৱে ‘আৰু ১০০ গ্ৰামৰ’  বুলি সুধিব লওঁতেই দোকানীয়ে সুধিলে,- “হেৰৈ, তোক আচলতে আলু লাগে কিমান?” কনটিলৌঃ “আচলতে মোক আলু নালাগে৷ এই অংকটো চাৰে ঘৰত কৰি নিবলৈ কৈছিল৷ সেই কাৰনে আপোনাৰ পৰা শিকি ললোঁ৷” দোকানীঃ “তোৰ বাপেৰে সিদিনা কৈছিল,  তই বোলে ক্লাচত সদায় দ্বিতীয় হৈ পাছ কৰ৷ এই

Read more

মই, সি আৰু এখন উদভ্ৰান্ত পৃথিৱীৰ এটা নিমিলা অংক – পৰী পাৰবীন

বাস্তৱৰ বহিঃপৃষ্ঠ: নিয়ন লাইটৰ পোহৰেৰে চহৰখনত ছাঁ-পোহৰৰ ৰেখা অঁকা সময়ৰ কথা। ঘৰমুখী মানুহৰ ব্যস্ততাই দিনান্তত চহৰখনক আকৌ এবাৰ প্ৰাণ দিছে। মোক গাড়ীতে এৰি নয়ন ৰাস্তাৰ কাষৰ ডিপাৰ্টমেন্টেল ষ্টোৰখনলৈ সোমাই যায়। বহুদেৰিয়েই হ’ল, নয়ন অহা নাই। ৰৈ ৰৈ আমনি লগাত মই ফেচবুকত অৰ্থনীতিৰ ওপৰত লিখা নিবন্ধ এটাৰ ওপৰত চকু ফুৰাই আছো। দিনৰ অত্যধিক গৰমক জুৰ দিবলৈকে হয়তো কিনকিনকৈ বৰষুণ এজাকো নামি আহিল। খোলা খিৰিকীখনেৰে হাতখন উলিয়াই কিবা অজান আৱেশত মই বৰষুণৰ টোপালবোৰ চুই থাকিলো। ষ্টেৰিঅ’ত হিন্দী বোলছবিৰ পুৰণি গান এটা বাজি

Read more

সাম্প্রতিক অপ্রিয় বাস্তব – দিব্যজ্যোতি চৌধুৰী

হোটেল “সোৱাদ”ৰ সন্মুখত এখন ধুনীয়া কাৰ ৰ’লহি। ড্রাইভিং চিটৰপৰা এজন সুদৰ্শন যুৱক নামি আহিল। যুৱকে হোটেলৰ কাউণ্টাৰৰ ফালে খোজ ল’লে। : গৰম চিঙৰা হ’ব নেকি?     যুৱকে কাউণ্টাৰত বহি থকা মানুহজনক সুধিলে।  কাউণ্টাৰত বহি থকা মানুহজন অলপ যেন আচৰিত হ’ল! হয়তো তেওঁ দামী মিঠাইৰ কথা সুধিব বুলি ভাবিছিল! : হ’ব, বহক।     কাউণ্টাৰৰ মানুহজনে ক’লে। : নাই নবহোঁ। আপুনি দহটা গৰম চিঙৰা বনাই থওক। মই এক ঘণ্টাৰ পিছত আহি আছো। কিমান হ’ব দহটা চিঙৰাত?     যুৱকে সুধিলে।

Read more

গিয়েৰলেছ পিকনিক – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

যোৱা কেইদিনমানৰ পৰা শনিবাৰৰ ৰাতিবোৰ ভালকৈ টোপনি যাব পৰা নাই। ঘৰৰ সন্মুখেদি অহা-যোৱা কৰি থকা পিকনিক দলবোৰৰ বাবেই মোৰ এই দুৰাৱস্থা। যিটো ভলিউমত মিউজিক চিষ্টেমবোৰৰ চাউণ্ড দিয়ে, মা কচম, সাংস্কৃতিক সন্ধিয়া যেন লাগে। ৰাতিপুৱা ৩টা মান বজাৰ পৰা যোৱাবোৰৰ উৎপাত আৰম্ভ হয় আৰু ৰাতি ১২টা মানলৈকে ঘূৰি অহাবোৰৰ উৎপাত চলিয়েই থাকে। যোৱা দেওবাৰে পুৱাই সাৰ পোৱা কাৰণে সোনকালে উঠি বাৰাণ্ডাতে বহি পিকনিক পাৰ্টিবোৰেই চাই আছিলো।নতুন ট্ৰেভলাৰ গাড়ী এখন কম ভল্যিউমত মহেন্দ্ৰ হাজৰিকাৰ গান বজাই গৈছে। “মোৰে বান্ধৈ ঐ, মেলি দেচোন,মেলি

Read more
1 106 107 108 109 110 115