ফটাঢোল

স্মাৰ্ট আংকোলৰ স্মাৰ্ট উত্তৰ – কবিতা ডেকা

আমাৰ আংকোল সৰুৰে পৰাই স্মাৰ্ট বুলি সৰ্বজনবিদিত৷ তেওঁৰ প্ৰিয় খাদ্যৰ তালিকাত যেনেকৈ প্ৰথমতে চেনি আছে, ঠিক সেইদৰে তেওঁৰ প্ৰিয় বিষয়ৰ তালিকাৰ নাম্বাৰ ওৱানত আছে… অ’, ঠিকেই অনুমান কৰিছে হিংলিছ মানে আমাৰ গাঁৱলীয়া মানুহৰ ভাষাত অংৰেজী৷ মই আকৌ সেই বিষয়ত একেবাৰে অপৈণত৷ মোৰ ল’ৰাৰ পৰীক্ষা পালেহি৷ তাক ইংৰাজী পঢ়াই থাকোঁতে সুধিলে বোলে মা entry শব্দৰ বিপৰীত শব্দ কি? মই বিমোৰত পৰিলোঁ৷ ভাবিলোঁ আংকোলকে সুধি লওঁ! লগালগ ফ’ন লগালো মই — :হেল্ল আংকোল নিকি? আংকোল:ইয়াহ, ইট্চ মি, হাই কেন আই হেল্প ইও?

Read more

চন্দ্ৰবিন্দুৰ মায়া – জয়ন্ত আকাশ বৰ্মন

প্ৰতিপদৰ জোনবাই, বুকুতে সৰু তৰা এটি ল’লে, ক-ফলালৈ নামি আহিল, চন্দ্ৰবিন্দু নাম পালে৷ মই/আমি সদায় যিবোৰ ক্ৰিয়া কাম কৰোঁ, চন্দ্ৰবিন্দু বহুৱাই দিবা শেষত, কথাটি কৈ থ’লোঁ‌৷ গান গাওঁ‌, ভাত খাওঁ‌, ফুৰিবলৈ যাওঁ‌, -আৰু কত কিমান কাম, খেলোঁ, নাচোঁ, কথা পাতোঁ, -চন্দ্ৰবিন্দু শেষত চোৱা বহিছে থম-থম৷ গাইছিলোঁ, খাইছিলোঁ, গৈছিলোঁ, আৰু যিমান যি কাম কৰিছিলোঁ, চন্দ্ৰবিন্দুক বহুৱাই শেষত, শব্দটোৰ মোখনি মাৰিছিলোঁ৷ ঠিক আগে-পাচে থাকে যদি নাসিকা বৰ্ণ ঙ ঞ ণ ন বা অনুস্বাৰ, চন্দ্ৰবিন্দু নিদিবা নিদিবা তাত, নাই কোনো দৰকাৰ৷ শাওনত শুনো

Read more

সানমিহলি (একান্ত ব্যক্তিগত) – সোমকান্ত শইকীয়া

(১) শিশু আৰু ৰাজনীতি দূৰদৰ্শনত দেখুৱালে, বাতৰি কাকতত লিখিলে, ৫/৬ বছৰীয়া শিশু এটাকো কোনোবা ৰাজনৈতিক দল/সংগঠনে প্ৰতিবাদ কৰিবলৈ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি জেঠ মাহৰ প্ৰখৰ ৰ’দত তামোলৰ ঢকুৱাৰ ওপৰত বহুৱাই জুই যেন গৰম পকা ৰাস্তাৰ ওপৰত চোঁচোৰাই লৈ ফুৰিলে। শিশুটোৱে নিশ্চয় উপভোগ কৰিলে এই গোটেই ঘটনাক্ৰম, যেনেকৈ আমিও উপভোগ কৰিছিলোঁ আজিৰপৰা ৬৬ বছৰ আগতে, স্বাধীন ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত প্ৰত্যক্ষভাৱে অংশ ল’বলৈ পায়৷ ১৯৫২ খৃঃত স্বাধীন ভাৰতৰ নতুন সংবিধান গৃহীত হোৱাৰ পাছত গোটেই দেশ জুৰি লোকসভা আৰু বিধানসভাৰ কাৰণে একেলগে

Read more

জন্মদিন – হিৰণ্য জ্যোতি দাস

সময় ৰাতি দুই বাজিছে ৷ ঘৈণীয়েকে গিৰিহঁতক মাতি আছে– “হেৰা শুনিছানে ?” :”কি হ’ল এই মাজৰাতি?” :”চাৰজাহত যে শচীন টেন্ডুলকাৰে চেন্চুৰী মাৰিছিল , শ্বেন ৱাৰ্ণক যে তামাম দিছিল , কাপ জিকিছিল যে , কেতিয়া হৈছিল বাৰু?” :” ২৪ এপ্ৰিল /১৯৯৮, কিন্তু এই ৰাতি তোমাক সেইটো কিয় লগা হ’ল?” :”ৰাতিপুৱাৰ পৰা ৰাতিলৈ বাট চালো, কিজানি হেপী বাৰ্থদে দিয়াই ৷ আজি মোৰ জন্মদিন আছিল ৷ “ ☆★☆★☆

Read more

হাঁহি – শিৱ প্ৰসাদ হাজৰিকা

হাঁহি হৈছে সুখ আৰু আনন্দৰ লগতে সুস্থতাৰ প্ৰতীক ৷ হাঁহি  আমাৰ জীৱনৰ এক মূল্যৱান সম্পদ , সৌন্দয্যতাৰ প্ৰতীক ৷ হাঁহিয়ে আমাক মনৰ ভিতৰৰ পৰা ধুনীয়া কৰি তোলাৰ লগতে আমাৰ ব্যক্তিত্বতো বহুখিনি প্ৰভাৱ পেলায় ৷ এই হাঁহিৰ জৰিয়তেই আমি আমাৰ জীৱনৰ মধুৰ মুহূৰ্তবোৰ সুন্দৰভাৱে উদযাপন কৰোঁ ৷ হাঁহিৰ মাধ্যমেৰেই আমি আমাৰ সুখানুভূতি প্ৰকাশ কৰিব পাৰোঁ ৷ হাঁহিক বাদ দি যেন এই জীৱনত একোৱেই উপভোগ্য হৈ উঠিব নোৱাৰে ৷ বৰ্তমানৰ ব্যস্ততাৰে পৰিপূৰ্ণ আমাৰ জীৱনবোৰৰ পৰা যেন লাহে লাহে হাঁহি নামৰ এই অমূল্য

Read more

আজিকালি – পৰিস্মিতা বৰদলৈ

স্নেপশ্বট-১ পুৱাই উঠি বাতৰি কাকতখন লৈ পৰিবাৰক চাহ একাপ খুজিছো মাত্ৰ ৷ তেনেতে আহিল নহয় বৰদৈচিলা গতিৰে মিষ্টাৰ ভৰদ্বাজ৷মুখত আকৌ তেওঁৰ হালধীয়া দাঁত দুপাৰিৰ হাঁহিটো আৰু তামোল খাই ৰঙা কৰা ওঁঠ দুটি লাগিয়েই থাাকে ফেবিকলৰ দৰে ৷ ইমান পুৱাই পুৱাই দাঁত নিকটাই আহি থকা মানুহজনৰ ফালে চাই চাই মই পুৱাতে অহাৰ কাৰণটোনো কি জানিবলৈ বাট চালো৷আচলতে পুৱাৰ গৰম চাহকাপ আৰু লগতে খবৰ কাগজৰ গৰম গৰম খবৰ মোৰ বৰ প্ৰিয় ৷ এই জুতিত যতি পৰিলে মোৰ টিঙিচকৈ উঠি আহে খং টো

Read more

স্পিৰিট কল – সংগীতা ফুকন

হাইস্কুলৰ দেওনা পাৰ হৈ কলেজীয়া জীৱনৰ পাতনি মেলা সময়ৰ কথা । কলেজীয়া বতাহ এজাক গাত বাৰুকৈয়ে লাগিছে । ক্লাছ শেষ হোৱাৰ লগে লগেই আমি কেইগৰাকী মান বান্ধৱী গছৰ তলত বহি সদায়েই ৰসাল আড্ডাত বহোঁ।কোনো কোনোৰ জীৱনত আকৌ সপোনৰ ৰাজকোঁৱৰেও অগাদেৱা কৰিছেহি।হেনে হেন ৰোমান্টিক সময়ত স্বাভাৱিকতেই সপোনৰ ৰাজকুমাৰৰ লগত ভৱিষ্যত জীৱন কটাব পাৰিব নে নাই, যি আশা লৈ কলেজত ভৰি দিছো সেই আশা বাস্তৱত ৰূপায়িত হ’ব নে নাই ইত্যাদি কৰি বিভিন্ন ধৰণৰ মনোস্কামনা। এতিয়া কথা হ’ল সেই মনোস্কামনা বোৰ বাস্তৱায়িত হ’ব

Read more

নাঙঠ – সোণটো ৰঞ্জন বৰুৱা

কালি বহুদিনৰ পাছত মোৰ একালৰ বন্ধু ৰমেনৰ সৈতে সাক্ষাৎ হ’ল৷  মাজতে বহুদিন চহৰৰ পৰা বাহিৰত থকা হ’ল,নিজা ব্যস্ততাৰ বাবে তাৰ সৈতে যোগাযোগ একেবাৰে নাছিল বুলিবই পাৰি৷ কিন্তু ই কি? ইমান পৰিৱৰ্তন? একালৰ সেই আছাম টাইপৰ ঘৰৰ ঠাইত এতিয়া অট্টালিকা৷ বৌক জোৰোণত মাত্ৰ ৰূপৰ চেইন এডাল দিয়া মানুহটোৰ দেহৰ সোণৰ অলংকাৰে বাপ্পী লাহীড়ীকো চেৰ পেলাব৷ সদায় এখন ভগা চাইকেল কোবাই অফিচলৈ অহা-যোৱা কৰা মানুহটোৰ চোতালত কেইবাখনো বিদেশী গাড়ী৷ আৰু চেহেৰা? ক’ৰ সেই কেটেংমেটেং জেওৰা খুঁটি আৰু পকা-বগৰীৰ দৰে আজিৰ চেহেৰা৷ সঁচা

Read more
1 62 63 64 65 66 115