ফটাঢোল

আমাৰ বীৰেণ – ভাস্কৰ জ্যোতি বৰুৱা

এসাগৰ বিস্তীৰ্ণ সেউজীয়া। দিগন্তত দেখা গ’ল এটা সৰু ক’লা বিন্দু। ভালদৰে লক্ষ্য কৰিলে ধৰিব পাৰি বিন্দুটো চলমান। ক্ৰমাৎ ডাঙৰ হৈ আহিবলৈ ধৰিলে সেই বিন্দুটো। লাহে লাহে চলমান বিন্দুটো সলনি হ’ল মানুহৰ এটা অবয়ৱলৈ। ওচৰ চাপি অহাত স্পষ্ট হ’ল – মানুহজনৰ পেটটো তেওঁৰ মূৰ বা বুকুখনতকৈ প্ৰায় এক-ডেৰ ফুট আগত আহি আছে। এক বিশাল অঞ্চল জুৰি কৰা মটৰ মাহৰ খেতি পাৰ হৈ আহি এটা প্ৰান্তত এয়া মোৰ সন্মুখত সেই মানুহজন। “এচিৰা মটৰো চিঙি খোৱা নাই জানেনে?  ৰিয়েল মহন্ত মই, একদম ৰিয়েল।

Read more

অফিচাৰৰ পত্নী – পৰিস্মিতা বৰদলৈ

মই এগৰাকী অফিচাৰৰ পৰিবাৰ ৷ আচলতে এইটো পৰিচয় মই নিজে দি লোৱা নহয় ৷ বিয়াৰ আগতে ময়ো এটা সৰু অফিচত চাকৰি কৰিছিলো কিন্তু সাংসাৰিক লেঠাৰ বাবে বিয়াৰ পাছত চাকৰিটো কৰি থকাটো সম্ভৱপৰ নহ’ল বাবে এৰিবলগীয়াত পৰিল ৷ বাৰু সেয়া যিয়েই নহওক এতিয়া আহোঁ “অফিচাৰৰ পত্নী” পৰিচয় সন্দৰ্ভলৈ ৷ মই এখন নিম্ন মধ্যবিত্ত পৰিয়ালৰ ছোৱালী আছিলো৷ বিশেষ বিলাসিতাও নাই জীৱনত আৰু সেইদৰে অভাৱো নাই ৷ সৰু সৰু কিছু আনন্দ নিজে আৰ্জি ল’ব শিকিছিলো বাবেই কিজানি সুখী হ’বলৈ বিশেষ একো কাৰকৰ প্ৰয়োজন

Read more

বিহু কোন ঢালে – বিনয় কৃষ্ণ তামুলী ফুকন

দৃশ্য -১ নগৰৰ আঢ্যৱন্ত লোকৰ ঘৰৰ চোতাল৷ লোৰ জপনাখনৰ ফালে পিছফালটো দি এখন বিলাসী গাড়ী৷ ডিকিটো খোলা৷ ডিকিত এটা “ডিজে”৷ উচ্চস্বৰত বিহুসুৰীয়া গীত বাজিছে৷ অদ্ভূত বেশ-ভূষাৰ চেমনীয়া ল’ৰা-ছোৱালী দুটামানে নাচৰ নামত চাৰ্কাচৰ জ’কাৰৰ দৰে হাত- ভৰি জোকাৰিছে৷ অলপ পৰ পাছত ঘৰৰ ভিতৰৰপৰা মানুহ এজন ওলাই আহিছে৷ মানুহজনৰ সাজ-পাৰ চাই কৈ দিব পাৰি যে তেওঁ ঘৰটোত কামকৰা মানুহ৷ চিঞৰ-বাখৰ কৰি থকা দলটোক অলপ ডাঙৰ আকাৰৰ নোট এখন দিছে, চফদানীত৷ অলপ পৰৰ বাবে নাচৰ দৰে মৰা জাঁপ বন্ধ হৈছিল যদিও পিছ পাকতে

Read more

তীখৰৰ তাবিজ – মৃদুস্মিতা অংকুৰ ৰাজ

আন একো কৰিব নোৱাৰি নতুনকৈ গানৰ প্ৰেমত পৰি গান লিখি গাবলৈ লোৱা ন-যুৱক এজন আকৌ আমাৰ তীখৰৰ পাল্লাত পৰিল৷ মনত থকা ক্ষোভ বোৰ তীখৰৰ আগত উজাৰি থাকোতেই তীখৰে মাত দিলে যে,” আপোনাৰ দৰে কলাকাৰৰ প্ৰতিটো কথাতে ক্ষোভ।প্ৰকৃততে নিজৰ প্ৰতিভা অনুসৰি সন্মান নাপাই আপোনালোক হীনমন্যতাত ভূগে।মই আপোনাক কিবা এটা দিম।দেখিব সুৰে নিজে নিজেই আপোনাৰ কাণত বাজিবহি,আপুনি শব্দকেইটা মান সুৰৰ লগত মিলাই বহাই দিলেই হ’ল, বেছি অৰ্থপূৰ্ণ শব্দ মাৰ্কেটত নচলে,অলপ পাতলীয়া ধৰণৰ বহাই দিব আৰু চাব আপুনি গানেৰে জগত নিজিনিলেও বিহু মঞ্চ

Read more

ফটা প্ৰেম – ৰাজীৱ শৰ্মা

আয়তীৰ মংগলধ্বনি আৰু হৰিনামৰ মাজত আন দহজনীৰ দৰেই মোৰো ঘৰখনলৈ প্ৰৱেশ ঘটিছিল৷ পদূলিমূৰতে চাৰিওটা ভৰি ধুৱাই গামোছাৰে মচি কপালত ৰঙা তিলক লগাইছিল ঘৰৰ মুখ্য মানুহগৰাকীয়ে৷ আয়ৈ! মোক লৈ ঘৰখনৰ সকলোৰে কি আলহ-উদহ৷ সৰু-ডাঙৰ সকলোকে একোলা একোলাকৈ ল’বলগীয়া হৈছিল সেইদিনা৷ সকলোৱে মোক ইমান আদৰ- সাদৰ কৰা দেখি চকুপানী নিগৰিছিল আনন্দত৷ মাটিত থ’লে পৰুৱাই খাব, মূৰত ল’লে ওকনিয়ে খাব এনে ভাবত স্বামীয়ে মোক অনবৰতে তীক্ষ্ণ নজৰত ৰাখিছিল৷ গাত ধূলিকণা এটা পৰা দেখিলেও কোমল কাপোৰেৰে মচি দিছিল আলসুৱাকৈ৷ কিজানিবা মই দুখ পাওঁ অথবা

Read more

ডুৱেল চিম বনাম ডুৱেল চেহেৰা – লখিমী হাজৰিকা

“ফটাঢোল” আলোচনীৰ সম্পাদকৰ মেচেজ আহিল,- :কি লিখিছা? :মেছেজ আকৌ। :কালৈ? :তোমাৰ লগতে পাতি আছো দেখোন! :এহ নহয় অ’, আলোচনীলৈ লিখাৰ কথা কৈছো। :আলোচনী? ক’ৰ আলোচনী? অনলাইন নে অফলাইন? :অহ হো, তুমিও যে, “ফটাঢোল”ৰ আকৌ! :মানে মই দিনে তিনিখন মান আলোচনী, সাতটামান গোটত লিখোতো! নিজৰ ৱাল বা কমেন্টছৰ ৰিপ্লাই আছেই। সময়ে নিমিলে জানা। ৱাহ! পাৰা কিন্তু। :হেঃ হেঃ হেঃ নাই নাই এইবোৰকে অলপ চেষ্টা কৰি চলি আছো আৰু! :লিখা লিখা, সোনকালে লিখি দিয়া। :অ’ বা, তুমি যেনেকৈ কৈছা যেন কাপোৰৰ বজাৰৰ

Read more

লটি-ঘটি – মৃদুল শইকীয়া

নতুন বছৰৰ বিদ্যাৰম্ভ উৎসৱৰ পোন্ধৰ দিন পাছতো বিদ্যালয়ৰ ওচৰৰে অষ্টম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা কাৰ্তিক নামৰ ছাত্ৰজন বিদ্যালয়লৈ নহাৰ বাবে তেওঁৰ ঘৰলৈ খবৰ এটা কৰি আহো বুলি গৈছিলো৷ বিদ্যালয়খনৰ কাষতে লাগি থকা চাহ বাগানখনৰ আনটো মূৰে থকা লেজুৱাবস্তিৰ ওচৰা ওচৰিকৈ থকা কেইবাটাও ঘৰৰ মাজত থকা ছাত্ৰজনৰ ঘৰৰ আগচোতালত উপস্থিত হৈ দেখিলো বাৰাণ্ডাত টোপনিত লালকাল দি শুই আছে কাৰ্তিকৰ দেউতাক মঙলু৷ কাষতে পৰি থকা অমূল্য বৰুৱাদেৱৰ কবিতাত বৰ্ণনা কৰাৰ দৰে খাবলৈ নোপোৱা এটা নিম্ন বংশজাত কুকুৰ। হাঁড়ে ছালে লগা পেটটো আন্তৰ্জাতিক খাৰুৱা

Read more

ফটাঢোল এডভেন্সাৰ (সপ্তম খণ্ড) – হেমন্ত কাকতি/বিজয় মহন্ত

নিউইয়ৰ্কৰ পৰা আমাৰ গাড়ী চলিছিল বাৰ্লিংটন অভিমুখে৷ বিজয় আৰু মোৰ ভিতৰুৱা কথাবোৰ অসমীয়াত পাতিবলৈ অসুবিধা পাইছিলো যদিও মহন্ত ড্ৰাইভাৰক পাই মনটো অলপ মুকলি মুকলিও লাগিছিল৷ তেওঁ কৈ গ’ল, “চাৰ, প্ৰায় দুঘণ্টা মূৰত বাৰ্লিংটন পামগৈ৷ সাধাৰণতে ইয়াৰ লোকেল টেক্সীবোৰে হ’লে ঘূৰাই পকাই নিলেহেঁতেন৷ এটা ৰাস্তা আছে, New Jersey Turnpike বুলি কয় বা নিউ জাৰ্চিয়ানবোৰে চমুকৈ টাৰ্ন পাইক বুলিয়ে কয়৷ এই জাৰ্চি চিটিখন পাৰ হৈ নেৱাৰ্ক বুলি আৰু এখন মহানগৰী আছে, তাৰ পৰা দক্ষিণলৈ বেয়ন ব্ৰিজ পাৰ হৈয়েই টাৰ্ন-পাইক এক্সিট পাম৷ আপোনালোকক

Read more

শেষ পত্ৰ – মণিষা কাকতি

মৰমৰ প্ৰিয়তম, মৰম ল’বা। তোমালৈ বুলি এইখনেই মোৰ অন্তিম চিঠি। আজিৰপৰা হয়তো আৰু তোমাক দেখা নাপাম, পালেও নেদেখা ভাও জুৰিম। কাৰণ মই অসহায়, অংগীকাৰবদ্ধ। ‘তুমি’ আৰু ‘ঘৰৰ মানুহ’ – যিকোনো দুটাৰ মাজত মই ঘৰৰ মানুহখিনিকে বাছি ল’লোঁ। মোক ভুল নুবুজিবা প্ৰিয়তম। জানো! এইমুহূৰ্তৰপৰাই তোমাক ‘প্ৰিয়তম’ কোৱাৰ অধিকাৰ মই হেৰুৱাই পেলাইছোঁ। কিন্তু তুমি আমৰণ মোৰ প্ৰিয়তম হৈয়ে থাকিবা। অন্তৰৰ নিভৃত কোণৰ স্বীকাৰোক্তি এয়া। নাজানো কিয়! আজি কলমটো বাৰে বাৰে থমকি ৰৈছে। জীৱনৰ শেষ দিনকেইটাত আহি উপনীত হোৱা মানুহক যেনেদৰে স্মৃতিয়ে বাৰে

Read more
1 68 69 70 71 72 115