ফটাঢোল

ৱেষ্টাৰ্ণ – মণ্টু কুমাৰ ডেকা

এই যে “ৱেষ্টাৰ্ণ” বিধ, ১৯৯৬ চনতেই গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয়ত প্ৰথম দেখিছিলো৷ ব্যৱহাৰো কৰিছিলো৷ মোৰ চকুৰ অস্ত্ৰোপচাৰৰ পাছত প্ৰায় দুদিনলৈ বেণ্ডেজ লগাই থোৱাৰ বাবে কেনেকৈ সেইবিধ ব্যৱহাৰ কৰিছিলো এতিয়াও নুবুজিলো। প্ৰথম দিনা দেউতাই সহায় কৰিছিল, দ্বিতীয় দিনা ৱাৰ্ডবয়জনে, গমেই পোৱা নাছিলো সেই বগা চকীখনৰ ওপৰত ভৰি তুলি আৰামত বহিছিলো নে চকীত বহাৰ দৰে বহিছিলো? মনত নাই৷ থাকিবওনো কিয়? নিজৰ কাম সম্পূৰ্ণ হোৱাতহে বেছি গুৰুত্ব দিছিলো। কেনেকৈ কৰিলো, কেনেকৈ বহিলো ইমানবোৰ অদৰকাৰী কথাত তেতিয়া গুৰুত্ব দিয়া নাছিলো। দহ বছৰ পাছত প্ৰথমবাৰ দিল্লীলৈ

Read more

কম্প’জিচন – কংকন বৰা

আমাৰ গাঁৱৰ এজন বৰ একাচেকা, অন্য সাধাৰণ মানুহতকৈ কিছু পৃথক ব্যক্তিৰ কথা ক’বলৈ লৈছোঁ৷ গাঁৱৰ ভিতৰতে বয়োজ্যেষ্ঠ ব্যক্তি কাৰণে তেখেতক সকলোৱে বৰদেউতা বুলিয়েই সম্বোধন কৰে৷ এদিন বৰদেউতা ফাৰ্মাচী এখনলৈ গৈ তাত থকা ফাৰ্মাচিষ্টজনক সুধিলে, ‘’তোমাক কথা এটা সোধো বেয়া পাবা নেকি?” ফাৰ্মাচিষ্ট : কি কথা বৰদেউতা? বেয়া নাপাওঁ, সোধক৷ বৰদেউতা : তুমি বিয়া বাৰু কৰালানে? ফাৰ্মাচিষ্ট : নাই, এতিয়ালৈকে কৰা হোৱা নাই, ছোৱালী চাই চিতি থকাহে হৈছে৷ বৰদেউতা : অঁ। বাৰু হেৰি নহয়, ধৰি লোৱা তুমি ছোৱালী এজনী চাই চিতি

Read more

হাঁহি – পৰীস্মিতা দাস

ধুনীয়া এখনি মুখ যদিহে নাথাকে হাঁহি ওফোন্দাই বহি থাকিবা কোনেও নাচায় আহি ৷ হাঁহি থাকা ঘটি যাব অতি চমৎকাৰ দুখ বেদনা নহৈ হ’ব আনন্দ অপাৰ ৷ হাঁহিৰ আছে অনেক প্ৰকাৰ নহয় নিৰাকাৰ দুটি ওঁঠত দুটি চকুত অৱস্থিতি তাৰ ৷ অট্টহাস্য, কৃত্ৰিম হাস্য, মৃদু মধু হাস্য, কুটিল হাস্য, ব্যংগ হাস্য, প্ৰাণখোলা হাস্য ৷ খিলখিলাই মিলমিলাই মিচিকিয়াই হাঁহা হোঁহোৱাই খুকখুকাই হাঁহা মাথোঁ হাঁহা । থিয়ৈ থিয়ৈ বহি বহি বাগৰি বাগৰি হাঁহা চকুপানী ওলাই যোৱাকৈ হাঁহা মাথোঁ হাঁহা ৷ পেট যদি বিষাই গৈছে

Read more

থৰ-থৰ-থৰ-থৰ, ঝক-ঝক-ঝক-ঝক – নয়নমণি হালৈ

ইচ্, অকস্মাতে কি যে ঘটি গ’ল! ইমান লাজ লগা ঘটনা মোৰ জীৱনত কোনোকালে ঘটা নাছিল| শুই থকা শিয়ালে হেনো হাঁহ ধৰিব নোৱাৰে| ময়ো পৰা নাই| কিন্তু চেষ্টাৰ ক্ৰটিও যে কৰা নাই, সেয়াওতো সঁচা| যি নহওক মূল কথালৈ আহোঁ| নলবাৰী ৰেল ষ্টেচনৰ তিনি নং প্লেটফৰ্মটো প্ৰাতঃভ্ৰমণ আৰু সান্ধ্যভ্ৰমণ কৰিবলৈ অতি উপযোগী। হাইমাষ্ট লাইটৰ উজ্জল পোহৰ আৰু ৰঙ-বিৰঙী মানুহেৰে ভৰি পৰে সন্ধিয়াৰ প্লেটফৰ্ম| এক আৰু দুই নং প্লেটফৰ্মত ৰেল আহি ৰখে, কিছুসময়ৰ বাবে সেই দুটা প্লেটফৰ্ম চঞ্চল হৈ পৰে, মুখৰ হৈ উঠে|

Read more

ৰেৱাজ – ভাস্কৰজ্যোতি দাস

বিহুমঞ্চত গান গাবলৈ নাপাই হেৰম্বৰ ফুল টেনচন হৈ গৈছিল৷ ইমানেই ফুল হৈ গৈছিল যে গড়মাৰ্কাৰ ফুলেও কাম কৰা নাছিল৷ এই টেনচনতে হেৰম্বই ৰেৱাজ বন্ধ কৰি দিছিল৷ শেহতীয়াকৈ শুনামতে হেৰম্বই আকৌ ৰেৱাজ আৰম্ভ কৰিছে৷ কে.এল. চাইগলৰ পৰা মন হীৰা দৈ লৈকে৷ কালিৰ কেছ৷ হেৰম্বৰ ঘৰ৷ ৰাতি ১০ মান বাজিছে৷ ক’লিং বেলটো বাজিল৷ হেৰম্বই তেতিয়া ভাতকেইটা খাই হাত ধুই আছিল৷ হাতখন টাৱেল এখনত মছি হেৰম্বই দৰজাখন খুলিলে৷ সমুখত কাষৰ ঘৰৰ মহন্ত৷ হেৰম্ব- অ মহন্ত দেখুন৷ কি মন কৰি আহিলে? মহন্ত- বস্তু এটা

Read more

ফটা প্ৰেম – পাৰ্থ প্ৰদীপ বৰা

এতিয়া বয়স হ’ল৷ আমি ৰেডিও যুগৰ মানুহ৷ প্ৰেমপত্ৰ যুগৰ মনিষী৷ আৰু প্ৰেমপত্ৰ নদীত উটুৱাই চকুপানীৰ নৈ বোঁৱাই দিয়া দেৱদাস! …..এনে কাহিনী এটা৷ মোৰে কাহিনী৷ হাতুৰী বটালী কলেজত কবিতা লিখোঁ৷ এবছৰ জুনিয়ৰ এগৰাকীয়ে গান গায়৷ মই গীতিকাৰৰ ভাও দিলোঁ৷ ফাংচনত অমুকাই লেখা গান গাই দিয়ে তাই৷ ফটাপ্ৰেম! ! ডেৰশ চিঠি৷ দহ এঘাৰ বাৰহে মুখামুখি কৈ কথা পাতিলোঁ! ! পাছ কৰি দক্ষিণাত্য পালোঁগৈ৷ ছোৱালীয়ে তালৈকে চিঠি দিয়ে ‘প্ৰিয়তম’ বুলি৷ ময়ো দিওঁ৷ তাই অসম চৰকাৰৰ ইঞ্জিনিয়াৰ হল৷ এবাৰ লেণ্ডফোনত ফোন কৰিলে ৷ আগ

Read more

কবিজনক লগ পোৱা নহ’ল – অনন্ত বৰা

আমাৰ শ্ৰীমতীৰ লগৰ ছোৱালী এজনীৰ বিয়া । যাবলৈ মোৰ মন নাই । কিন্তু যেতিয়া গম পালো মই প্ৰায়ে শ্ৰীমতীৰ আগত আওৰাই থকা কবিতাৰ শাৰী কেইটামানৰ লিখক মোৰ প্ৰিয় কবি জনৰ ঘৰৰ বিয়া । কইনাবোলে মোৰ প্ৰিয় কবিজনৰ একেবাৰে নিকট আত্মীয় । মনটো ভাল লাগি গ’ল । বিয়াখনলৈ গ’লে কবিজনক লগ পাম । চিনাকি হম , কথা পাতিম । আই , পিতাই , নাঙল পথাৰৰ বিষয়ে ইমানবোৰ সুন্দৰ কবিতা তেওঁ কেনেকৈ লিখে , সুবিধা পালে সুধিব লাগিব । একেবাৰে মাটিৰ মানুহ

Read more

অণুগল্প – মৃদুস্মিতা অংকুৰ ৰাজ

১) তীখৰ-পুৰাণ দুপৰীয়া ভনীয়েকক শুৱাবলৈ লওঁতেই ওচৰৰ খুড়া শহুৰেক সোমাই অহা দেখি মাকে তীখৰক ককাকক অলপ সময় বহিবলৈ ক’বলৈ পঠিয়ালে। তীখৰে মাকক ক’লে,-“তাতকৈ আবেলি আহিবলৈ কওঁ নি..তুমি নাই বুলি কওঁ!” শুবলৈ লোৱা মাকেও ভাবিলে, আবেলি লুচি ভাজি বনাই খুড়াক মাতি দিম। খুড়াই লুচি খাই ভাল পায়। পিচে সদায় টান টান আখৰ জোঁটনিবোৰ সুধি থকা ককাকক তীখৰে যিষাৰহে ক’লেগৈ, তেওঁ আৰু তীখৰহঁতৰ ঘৰলৈ নহাই হ’ল। সি গৈ ক’লেগৈ,-” ককা, মায়ে মা নাই বুলি কৈ পঠিয়াইছে”। মাকৰো ভুল আছিল, তীখৰকনো বিশ্বাস কৰিব

Read more

ফটা-প্ৰেম – মিৰাজুল ৰছিদ

প্ৰেমগুটি ওলোৱাৰ বয়স তেতিয়া৷ প্ৰেমত পৰিলে হেনো গালে-মুখে প্ৰেমগুটি ওলায়৷ অৱশ্যে মোৰ ক্ষেত্ৰত ওলোটা হৈছিল৷ আগতে প্ৰেমগুটি ওলাইছিল আৰু তেতিয়া মোক দানা দিবলৈ কোনো ছোৱালী নাছিল জীৱনত৷ লগৰ বোৰে সান্তনা দিছিল, “আৰে ভাই! টেনচন নল’বি, চাই থাক তোৰ যিমানটা প্ৰেমগুটি ওলাইছে গালত সিমানজনী গাৰ্লফ্ৰেণ্ড পাবি৷ ১০০ শতাংশ গেৰেণ্টি”৷ মই ল’ৰাটো বৰ পজিটিভ, আফটাৰঅল মোৰ ব্লাড গ্ৰুপো ‘বি’ পজিটিভ৷ ভাৱিলোঁ হয়, নিশ্চয় এনে এটা দিন আহিব যিদিনা মিৰাজৰ গাৰ্লফ্ৰেণ্ড আঙুলিৰ মূৰত কোনো কাৰণত গণনা কৰি শেষ কৰিব পৰা নাযাব৷ দিন বাগৰিল৷

Read more
1 71 72 73 74 75 115