হ’লেও আৰু – কেশৱ বৰা
অঞ্চলটোৰ এজন লেখৰ মানুহ মাঘৰাম পাঠেক৷ পাঠেক বা পাঠক তেখেতৰ পৈত্ৰিক উপাধি নহয়,বৃত্তিগতহে৷ সৰবৰহী সামান্য পৰোপকাৰী মানুহ,নলগা জেঙত সাধাৰণতে নালাগে৷ স্কুলীয়া শিক্ষা সামান্য,কেবা শ্ৰেণীতো দৰক লাগিবলগীয়া হোৱাত আমনি লাগি আদখনীয়াকৈ শিক্ষা সাং কৰিলে৷ পুথি-পাজি ভালেমান পঢ়িছে,প্ৰসঙ্গক্ৰমে ৰজিতা খোৱাকৈ সুললিতভাৱে গাবও পাৰে৷ অঞ্চলৰ বহু অনুষ্ঠানৰ সভাপতি,ডাঙৰকৈ হোৱা নাম-প্ৰসঙ্গৰ মূল মানুহ মাঘৰাম৷ পৰিধি বহলাই কিঞ্চিত চিন্তা-চৰ্চা কৰিবপৰা সমনীয়া বা বয়সত ডাঙৰ কিছুৱে বিদ্ৰুপভৰা উপনাম এটাৰে তেওঁৰ কথা উল্লেখ কৰে-‘মাঘপণ্ডিত!’ পৰীক্ষাৰ নম্বৰ তালিকাত গধুৰ অঙ্কৰে নহয়,প্ৰকৃতাৰ্থত চোকা বিবেকানন্দ অঞ্চলটোৰ এজন ব্যতিক্ৰমী ডেকা৷ লগ-সমনীয়াই
Read more