খটাসুৰ নাতিনীয়েক আৰু আজলী বুঢ়ীমাক – ৰিমঝিম বৰঠাকুৰ
(১) আইতা: আইজেনি,আইজেনি অ’ এইটে আহচোন ৷ (আইতাই নাতিনীয়েক আইজনীক মাতিছে। আইতাকৰ মুখত আইজনীটো আইজেনি হৈ যায়।) পিৰাখন পাৰি ৰ’দতে বহি থকা ৮৮ বছৰীয়া আইতাকে নাতিনীয়েকক মাতি আছে। আজি কেইদিনমানৰপৰা ৰাতি টোপনি নহা বুঢ়ীমাকক নাতিনীয়েকে কালি কিনো দৰৱ দিলে জানো, কালি ৰাতি ধুনীয়াকৈ শুব পাৰিলে। আইতাকৰ চিঞৰ শুনি বাহিৰত খেলি থকা নাতিনীয়েক দুপ্দুপকৈ দৌৰি আইতাকৰ ওচৰ পালেহি। আইজনী: কোৱা, আইতা কি হ’ল ? আইতা: হেৰি নহয় আইজেনি, কালি যে ৰাতি তই হোমিঅ’ দৰৱটো খাবলৈ দিছিলি আছে নেকি আৰু? সেইপালি খাই
Read more