ফটাঢোল

ফটাপ্ৰেম – ভানুশ্ৰী দেউৰী

স্কুলীয়া শিক্ষা সাং কৰি কলেজত ভৰি দিছোঁ তেতিয়া। একেবাৰে মন উৰণীয়া, দেহা উৰণীয়া হৈ থকাৰ বয়স। দুই একে প্ৰেমৰ প্ৰস্তাৱ দিয়ে, একে আষাৰে নাকচ কৰো। তথাপি মনে মনে গপতে গঙ্গাটোপ হৈ থাকো, কাৰোবাৰ সপোন কুঁৱৰী যে হ’ব পাৰিছোঁ সেই কথা ভাবি। তেনেকুৱাতে ল’ৰা এজনৰ সৈতে চিনা পৰিচয় হ’লো। কলেজখনৰ ভিতৰতে “হেণ্ডচাম” বুলি সুখ্যাতি থকা ডেকাকেইজনৰ ভিতৰত অন্যতম আছিল তেওঁ। সাহিত্য চৰ্চা কৰিছিল, বাঁহী বজাইছিল, উদ্দাত্ত কণ্ঠেৰে তৰ্ক প্ৰতিযোগিতাবোৰত ভাগ লৈ পুৰস্কাৰ বুটলিছিল। এক কথাত কলেজৰ বহু যুৱতীৰ হাৰ্টথ্ৰ’ব আছিল তেওঁ।

Read more

লিমাৰিক– জীমণি গগৈ

  (১) ফেচবুক লাইভত পাপনৰ পয়মাল লাগিল টেমি কটাৰীৰ ঠাইত হাঁচতি বাজিল বুজাই পিছে বুজিলে কোনে কিয় মাতিলে চুমাত লাগি আচল বিষয় তল পৰি থাকিল। (২) নীৰৱ মোদীয়ে সিফালে উদং কৰি গ’ল এইফালে ৰাইজ ভেবা লগাতে ৰ’ল ভিতৰি তৈলমৰ্দন বাহিৰে অৰণ্যৰোদন মধ্যবিত্তৰ মুখত মাথোঁ হৰি ব’ল হৰি ব’ল। (৩) চেনেল আৰু চিক্কা যাৰ জেপত থাকে বঁটা-বাহনে খেদি খেদি পায়হি তাকে সাহিত্যিক আৰু সাহিত্য আছে কিন্তু পাৰ্থক্য মুখাবোৰ লিপিত খাই থাকে মুখে-নাকে। (৪) কিনো ক’বা কিনো আছে ক’বলৈ খুলি দেখি-শুনিও আটাইবোৰ

Read more

কুমলীয়া কইনা – ডাঃ কুমাৰ পাৰ্থ প্ৰতিম

দাদাজনৰ মনত বৰ দুখ৷ ৰ’ব, দুখৰ কাৰণ বুজাবলৈ অলপ পাতনিৰ প্ৰয়োজন আছে৷ মানে তেখেতৰ এটা ফেচবুক একাউণ্ট আছে৷ মাজে মাজে সময় উলিয়াই ফেচবুক কৰে৷ লগৰ ল’ৰাবোৰে (মানুহবোৰে!) নিজৰ শ্ৰীমতীৰ লগত ফটো দি থকা দেখি দাদাৰো গা উঠিল৷ দাদাই মন কৰিছে, শ্ৰীমতীৰ লগত ফটো দিলে এসোপা ‘লাইক’ পোৱা যায়৷ লগৰ কোনোবা কোনোবাই চাৰি পাঁচশমান ‘লাইক’ পোৱাও দেখিছে দাদাই৷ মনটো আৱেগিক হৈ উঠে৷ লগতে কমেণ্টবোৰ পঢ়িয়েই দেখোন কিবা ভাল লাগি যায়৷ ‘পাভযোৰা’, ‘মেড ফৰ ইচ্চ আডাৰ’, ‘ভগৱানে বনোৱা যোৰা’, ‘সংসাৰ সুখৰ হৈ

Read more

যমপুৰীৰপৰা লাইভ – সোণটো ৰঞ্জন বৰুৱা

  সন্ধ্যা সময়। গোলাপী ৰসত ডুবি জননেতাজন আৰু সাংবাদিকজনে মিলি দেশৰ অৰ্থনৈতিক অৱস্থা সম্পৰ্কে আলোচনা কৰি আছিল। সেই সময়তে নিজে নিজে ঢোল পিটি সন্ত্ৰাসবাদ বিয়পোৱাৰ দায়িত্ব লৈ থোৱা সংগঠনটোৱে তাতে বোমা ফুটাই দিলে। লগে লগে দুয়োজনে চকু মুদিলে। এইফালে এওঁলোক দুজনে পৃথিৱী এৰিলে, ইফালে নৰকলৈ নিবলৈ যমদূত আহি হাজিৰ। পিছে ঘটনাস্থলী পাই যমদূতৰ মূৰত পানী দিব লগা অৱস্থা। নেতাৰ আত্মাটো নেতাৰ দেহৰ ওচৰতে চুপচাপ আছে, কিন্তু সাংবাদিকজনৰ দেহটোহে আছে, আত্মাৰ চিনমোকামেই নাই। ওচৰতে ইফাল সিফাল কৰি আছে বুলি চাৰিওফালে চোৱাচিতা

Read more

বেজবৰুৱাৰ ব্যঙ্গাত্মক প্ৰবন্ধ "অৱতাৰ" : এটি আলোচনা – চাহিন জাফ্ৰি

“যেতিয়াই পৃথিৱীত ধৰ্ম সংকটে দেখা দিয়ে, তেতিয়াই ধৰ্ম ৰক্ষাৰ বাবে আৰু পাপ বিনাশৰ বাবে এজন সাধু বা অৱতাৰৰ জন্ম হয়।” গীতাত কৈ যোৱা উক্ত শ্লোকটোৰ মতে যদি চাবলৈ যাওঁ, পৃথিৱীত যেতিয়া অন্যায়-অবিচাৰ বেছিকৈ হয় তেতিয়া সেই পাপ বিনাশৰ বাবে এজন সাধু বা অৱতাৰৰ প্ৰয়োজন হয়। কিন্তু বাস্তৱত আজিকালি তেনে হোৱাৰ আশা নাই। আমাৰ সমাজৰ বিশৃংখলতাবোৰ আঁতৰাবলৈ আজিৰ দিনত কোনো অৱতাৰে জন্ম গ্ৰহণ নকৰে। কোনোবাই দুদিনমান সমাজৰ হকে মাত মাতিলেও হাতলৈ ক্ষমতা অহাৰ লগে লগে সকলোবোৰ শেষ হয়। নানা ধৰণৰ সৃষ্টিশীল

Read more

পিৰিতি মিঠা চিৰা দৈ – নয়নমণি হালৈ

পাঁচ বছৰে প্ৰেমৰ নদীত সাঁতুৰি-নাদুৰি জুৰুলা-জুপুৰি হৈ ডিঙিলৈকে ডুব যোৱাৰ পিছত যেতিয়া হ’বলগীয়া বিয়াখনো নহওঁ নহওঁ অৱস্থালৈ আহিল, তেতিয়া মই বোলো আৰু দেৰি কৰিব নোৱাৰি, এইবাৰ হয় গড়গাওঁ নহয় ৰঙামাটি। হ’ল বুলি ইমান খাটিৰ কৰিব নোৱাৰি। ছোৱালীৰ নৈষ্ঠিক ব্ৰাহ্মণ বাপেকৰ লগত দুবছৰে ইমান তললৈ নামিলো যে, বোপাককাৰ ‘ৰাজবংশী’ উপাধিতো সলাই ‘শৰ্মা’ লিখি লগুণ এডাল আঁৰিবলৈহে বাকী। তথাপিও বাপেকক বহু ফলা পঢ়ুৱালো, পৃথিৱীখন যে এতিয়া বহু আগবাঢ়ি গ’ল, জাত-পাত এইবোৰ যে আধুনিক মানুহৰ বস্তু নহয় এইবোৰ বহুত বুজাই বুজাই কিবাকৈ মেনেজ

Read more

পতিচৰিত – দেৱাংগ পল্লৱ শইকীয়া

তিনিবছৰীয়া গৱেষণাৰ অন্তত পতিচৰিত গৱেষণাপত্ৰৰ মূল কথাকেইটা ৰাইজলৈ আগবঢ়ালো। এইকেইটা মূলহে, ভাঙনি বেলেগ। যথাসময়ত বিভিন্ন তথ্য যোগান ধৰা পতিসকললৈ কৃতজ্ঞতা। গোটাচেৰেক গৱেষকৰ নিজা। ইয়াত আপুনি/আপোনালোক মানে পত্নীক, আৰু আমি/তেখেত মানে পতিসমাজক বুজোৱা হৈছে! সমূহ পতি সমাজৰ সহযোগিতা কামনাৰে :- ১) পতিয়ে গা ধুই আহি যদি তেখেতে টাৱেলখন বিচনাত নথৈ ক’ৰবাত মেলি থৈছে তেনেহ’লে মৰম আৰু যত্নৰ পৰিমাণ বঢ়াওক। এনে পতি বিৰল। যদিহে টাৱেলখন নি ৰ’দত মেলি দিছে সেই পতিৰ চৰণ স্পৰ্শ কৰক। একলাখত এক তেখেত। আপুনি ভাগ্যৱতী। ২) সাধাৰণ তৰ্কৰ

Read more

স্প্ৰে বিভ্ৰাট — মনালী গগৈ

“লালৈ ইয়াতে জনমে লালৈ ক’তে বা মৰণে লালৈ কোনে থিৰাং কৰি ক’ব? লালৈ তিৰিৰে জনমে লালৈ সাধি মই আহিছোঁ……” গাটো ধুই আহি বিহুগীত গাই গাই চুলি আঁচুৰি আছিলো। তেনেতে ফোনটো বাজিল। দেখিলো পৰীৰ ফোন। ফোনটো ৰিচিভ কৰি সুধিলো তাইক, মই: কি হ’ল ক? পৰী: চাৰে আঠ বজাৰপৰা ক্লাছ আছে, খবৰ আছে নে নাই অ’? মই : চাৰে আঠ বজাৰপৰাহে আছে। এতিয়াও আছে বিশ মিনিট। পাঁচ মিনিটৰ বাট। কিবা এটা খাই গৈ আছোঁ ৰহ। পৰী: ঠিক আছে, তই আহিবি সোনকালে। ওপৰ

Read more
1 89 90 91 92 93 115