ফটাঢোল

কুকাৰত কুকুৰা – জীমণি গগৈ

মাজতে বাবাদাহঁতৰ ঘৰটো। এইপাৰে “জোনাক লেডীজ ল’জ” আৰু সিপাৰে “দেৱদাৰু” নামৰ প্ৰাইভেট বয়জ হোষ্টেলটো। ইউনিভাৰ্চিটিৰ হোষ্টেলত সোমোৱাৰ আগতে ময়ো এই জোনাক ল’জতে জীৱনৰ বৰ্ণময় দুটামাহ কটাইছিলোঁ। মাজত মাত্ৰ এটা ঘৰৰ ব্যৱধানত ইউনিভাৰ্চিটিৰ বিশটামান ল’ৰাই ঠাহ্ খাই থকা এটা বয়জ হোষ্টেল আৰু এইপাৰে আমাৰ দহজনীয়া লেডীজ্ ল’জটো। সহজে অনুমেয় আমাৰ জোনাক ল’জৰ সন্ধিয়াবোৰ কি পৰ্যায়ৰ আলোচনা-বিলোচনাৰে প্ৰাণময় হৈ উঠিছিল।আমাৰ আলোচনাবোৰক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল আন এটা কথাই-সেইটো হৈছে- এই যে “বাবাদা”জন আছিল বৈদ্য হেণ্ডছম! কাজেই জোনাক লেডীজ্ ল’জৰ প্ৰতিজনী ছোৱালীয়ে

Read more

"চকুত চকু থৈ" জন্ম ৰহস্য – সদানন্দ দত্ত

চকুৰ উৎপত্তি কেনেকৈ হল ,তাৰ কোনো নিৰ্ণয় অদ্যপৰিমিত হোৱা নাই।এই বিষয়টো লৈ অনেক পণ্ডিতৰ বাদ -বিবাদ। কিছুমানৰ মতে চকু গজে। তেতিয়া জ্ঞান-বুদ্ধি উদয় হোৱাই ইয়াৰ লক্ষণ। কিছুমানৰ মতে চকুত পৰে। আন কিছুমানৰ মতে চকুত লাগে। গতিকে এইক্ষেত্ৰত চকু মেলি চালে দেখা যায়, চকু মুদা কুলিহৈ থকাই ভাল! ঘপহকৈ গুপুত জন্মৰহস্য কৈ দিলে অন্য চকু চৰহা পণ্ডিতৰ চকু পোৰা অৱস্থা হ’ব। তেতিয়া তেওঁ ৰুদ্ৰমূৰ্তি ধৰি চকুটেলেকা কৰি শিয়াল খেদা দিলে চকুত ধুলি মাৰি পলাই সৰাই টান হ’ব। সিমান চকু থাকি খালত পৰা বিধৰ নহয়

Read more

লিমাৰিক – ইন্দিমা বৰুৱা

(১) বিহু আহিছে বুলি শুনিছো টিভিৰ যহত, বজাৰৰ লাৰু পিঠা কিনি খাম সুখত। নিউ ইয়েৰৰ পাৰ্টি, কৰিলো মই ফূৰ্তি। পিঠ-পনা বনাই মই মৰোঁ কিহৰ দুখত!   (২) টিভি চেনেলে পাই বিহুক পেলালে মুচৰি, ক’ত সাজিছে ভেলাঘৰ ওখ তাক আছে খুচৰি। বিহুৰ ঐতিহ্যত নামাৰো মাথা, টিভিত ওলোৱাহে আচল কথা। মাঘ বিহুতে আৰম্ভ কৰি দিওঁ নেকি মাৰিবলৈ হুঁচৰি? (৩) আগৰ বিহু কেৱল কিতাপতহে ৰ’ল, আজিৰ অসমীয়াই সকলো পাহৰি গ’ল। ভোগালীতে বিহু নাচ, নিয়মমাফিক মাংস মাছ, ভোগালী পাতে কেৱল খাবলৈ সেই বিশেষ জল৷

Read more

প্ৰজাপতি – ঋতুপৰ্ণা মহন্ত

উজ্জ্বল কমলা ৰঙৰ শাৰীখনত সেউজীয়া, ক’লা ৰঙৰ ফুটফুটীয়া এসোপা ফুল। আঁচলৰ ফালে ফুলৰ পৰিমাণটো অলপ বেছিকৈ আছে। পৃথিৱীৰ কোনোবা ফুলনিত এনেকুৱা ফুল আছে নে নাই নাজানো, কিন্তু এতিয়া এই ফুলখিনিয়ে শাৰীখন বৰ শুৱনি কৰি তুলিছে। অনলাইনযোগে মগাই অনা শাৰীখনৰ পেকেটতো খুলি লৈ অথনিৰেপৰা লুটিয়াই বগৰাই চাই আছোঁ। মনটো ভাল লাগি গৈছে। মই যেনেকুৱা হ’ব বুলি কল্পনা কৰিছিলো, শাৰীখন একেবাৰে তেনেকুৱা। এইখনৰ সৈতে কি গহনা মিলিব বাৰু? মোৰ চকুৰ আগেদি গহনাৰ চেটবোৰ এটা এটাকৈ পাৰ হৈ যাবলৈ ধৰিলে। অৱশেষত ব্লেক মেটেলৰ

Read more

এগৰাকী মহিলা ড্ৰাইভাৰৰ ইতিবৃত্ত – উৎপলা কৌৰ

সৰুৰেপৰা বৰ ইচ্ছা আছিল গাড়ী এখন চলাবলৈ শিকিম। ষ্টাইল কৰি ক’লা ছান গ্লাছ পিন্ধি ৰাস্তাৰে গহীন হৈ চলাই যাম। সৰুতে চিনেমাবোৰত দেখা নায়িকাবোৰ যেনে পাৰবীন বাবী, জিন্নত আমন, হেমা মালিনী আদিক গাড়ী চলাই যোৱা দেখি এই ইচ্ছা পুহি ৰাখিছিলো। তেতিয়া বৃহস্পতিবাৰ আৰু দেওবাৰে দিয়া চিনেমাবোৰত নায়িকাই গাড়ী চলোৱা দৃশ্যবোৰ য়েতিয়া দেখুৱাই মনুহঁতে, মানে আমাৰ গৰখীয়াটো আৰু লগৰবোৰে কৈছিল, “ইহ! ক’ত চলাব? এনেয়ে বহি ষ্টিয়েৰিঙত ধৰি আছে।” যেতিয়া গাড়ীখন নায়িকাৰে সৈতে দেখুৱাই সিহঁতে চিঞৰে, “ই, চা চা কেমেৰাৰ বাহাদুৰি। মাইকী মানুহে

Read more

বিহুঘৰৰ চোৰ – মানস শইকীয়া

আমাৰ অঞ্চলটো চহৰৰ দাঁতিকাষৰীয়া হোৱাৰ বাবেই নেকি, আনবোৰ গাঁৱৰ দৰে সমুহীয়াকৈ ভেলাঘৰ বা বিহুঘৰ সাজি সকলোৱে একেলগে খোৱাৰ পৰম্পৰা নাই বুলিবই পাৰি৷ ভেলাঘৰ প্ৰায় সকলোৱেই সাজে যদিও মনে-মিলা দুই এঘৰে একেলগে উৰুকাৰ ভোজ খায়৷ ডেকাবোৰে পথাৰত ভেলাঘৰ সাজি বিহুৰ ভালেকেইদিন আগৰে পৰা ৰং ৰহইচ কৰে৷ সেয়েহে, চোৰ-তাৰিবোৰ বহু আগৰ পৰাই আৰম্ভ হয়৷ আমাৰ চুবাটোৰ ল’ৰাকিটাই আমাৰ লগৰ এজনৰ ঘৰৰ পিচফালে মেৰৰ লগতে লাগি থকা পথাৰত ভেলাঘৰ সাজোঁ৷ সিহঁতৰ ঘৰখনেও এইক্ষেত্ৰত আগভাগ লয়৷ দেউতাক জন বয়সীয়াল৷ আমাৰ দেউতাহঁতে দেদাইদেউ বুলি মাতে

Read more

প্ৰতিধ্বনি – পল্লৱী দত্ত

মোৰ মা ধেমেলীয়া স্বভাৱৰ। সুখে দুখে হাঁহিটো ওলমি থাকিবই।ভাইটি আৰু মই পঢ়াৰ সকামত বাহিৰত থাকিবলৈ লোৱাৰ পৰা এতিয়া দুখে সুখে মা-দেতাই ইটো-সিটোৰ লগৰী। দেতাই অৱসৰ লোৱাৰ পৰা সন্ধিয়াটো টিভি চায়েই কটায়। বিশেষকৈ ভাড়াঘৰ চোৱাৰ সময়ত এনেকৈ চায় টিভি আৰু নাকৰ মাজত দূৰত্ব বৰ বেছি নৰয় গৈ। মায়ে কয় আৰু অকণমান ওচৰ চাপি পাৰিলে টিভিটোতে সোমাই লওঁক বুইছে, কি ঠিক সিহঁতে আপোনাক মাতি নি চাহ একাপ খুৱাবও পাৰে। দেতাই যেন একো শুনাই নাই এনে ভাবত ভাড়াঘৰ চোৱাত ব্যস্ত। এদিন মায়ে ভাত

Read more

এটা পিকনিকৰ কাহিনী – বন্দিতা গগৈ বৰা

দুই জানুৱাৰী 2018 স্কুলৰ নতুন বছৰৰ আজি প্ৰথম দিন। ল’ৰা-ছোৱালীৰ উপস্থিতি শূণ্য। শিক্ষক-শিক্ষয়িত্ৰীসকলে গছৰ তলত বা কমনৰুমত বহি কথা-বতৰাত অংশ লৈছে! পাৰ হৈ যোৱা বছৰটোৰ দুই এটা কথা পাতি সময়বোৰ কটাইছো, এই বছৰৰ শৈক্ষিক পৰিকল্পনাও কৰা হৈছে ! এনেতে, – “জয়ন্ত, এই জয়ন্ত , শুনাচোন!”” মাতষাৰ অহাৰ ফালে আমি ঘূৰি চালোঁ,   জয়ন্তয়ো সচকিত হৈ চালে। বাৰাণ্ডাত আমাৰ ঠিক পাছফালে থিয় হৈ বিদ্যালয়ৰ চিনিয়ৰমোষ্ট বাইদেউৱে জয়ন্তক মাতিছে । সি উপায়ন্তৰ হৈ বাইদেউৰ কাষ পালেগৈ,  বাইদেউৱে তাক মূৰৰ পৰা ভৰিলৈকে চালে…. “বাইদেউ

Read more

দেউতাৰ বিয়া – দেৱজিত শইকীয়া

চা ৰসেশ্বৰ, বিয়াখন তই পাতিবই লাগিব৷ কথা ইমানেই,  চেলবেলাই থাকি লাভ নাই মুঠতে বিয়াৰ যোগাৰ কৰ৷ গাঁৱত ৰজনজনাই যাব লাগিব৷ গাওঁবুঢ়া দাইতিৰ কথাত ৰসেশ্বৰে বোলে ককাইদেউ, ল’ৰাহঁতে শুনিলে কি ক’ব?  সিহঁতে গম নোপোৱাকৈ মনে মনে কিবাকৈ মিলাই থব নোৱাৰিনে? গাঁওবুঢ়াই বোলে এতিয়া সেইবোৰ ভাবি লাভ নাই৷ কইনা আনোঁতেই ভাবিব লাগিছল৷ মাজতে লাহনে মাত দিলে বোলে ডিঙিটো তিয়াবলৈ কিবা এটা যোগাৰ কৰিবি৷ বিয়া বুলি ক’লে ডেকাবোৰে সেইটুপি ধৰি ফুৰ্তি কৰে৷ আমি কিয় নকৰিম৷ বোধেশ্বৰে লাহনক ধমক দি বোলে তোক চাই আছো, 

Read more

অলপ প্ৰেম আৰু – প্ৰাঞ্জল অনুভৱী

তেতিয়া চাকৰিত যোগদান কৰিছোঁ মাত্ৰ। হঠাতে মোৰ জীৱনলৈ পুনৰ আহিল প্ৰেম (পুনৰ প্ৰেম বুলি এই বাবেই কৈছোঁ- আগতেও দুজনীমান ছোৱালীৰ একপক্ষীয় প্ৰেমত হাবু-ডুবু খাইছিলোঁ)। ছোৱালীজনী বৰ মৰম লগা আছিল। মুখাৱয়বত  জনজাতীয় ঠাঁচ এটা আছিল। এনেয়েও জনজাতীয় ছোৱালীবোৰৰ প্ৰতি মোৰ আ-শৈশৱৰ দুৰ্বলতা। মোতকৈ বয়সত দুবছৰমান ডাঙৰ যেন অনুমান হৈছিল তাইক। হ’ব। প্ৰেমৰ বাবে বয়সৰ জানো কিবা সীমা থাকে?  মোৰ বন্ধু এজনৰ ককায়েকৰ  সম্পৰ্কীয় খুলশালীয়েক আছিল তাই। দৌলত (হলি)বৰপেটালৈ আহিছিল।  দুদিনমান কথা-বতৰা। তাৰপাছত হঠাতে হৈ গ’ল প্ৰেম। ভিনিহীয়েকৰ চকুত ধুলি মাৰি মৰা

Read more
1 4 5 6 7 8 9