ফটাঢোল

হ’লেও আৰু – কেশৱ বৰা

অঞ্চলটোৰ এজন লেখৰ মানুহ মাঘৰাম পাঠেক৷ পাঠেক বা পাঠক তেখেতৰ পৈত্ৰিক উপাধি নহয়,বৃত্তিগতহে৷ সৰবৰহী সামান্য পৰোপকাৰী মানুহ,নলগা জেঙত সাধাৰণতে নালাগে৷ স্কুলীয়া শিক্ষা সামান্য,কেবা শ্ৰেণীতো দৰক লাগিবলগীয়া হোৱাত আমনি লাগি আদখনীয়াকৈ শিক্ষা সাং কৰিলে৷ পুথি-পাজি ভালেমান পঢ়িছে,প্ৰসঙ্গক্ৰমে ৰজিতা খোৱাকৈ সুললিতভাৱে গাবও পাৰে৷ অঞ্চলৰ বহু অনুষ্ঠানৰ সভাপতি,ডাঙৰকৈ হোৱা নাম-প্ৰসঙ্গৰ মূল মানুহ মাঘৰাম৷ পৰিধি বহলাই কিঞ্চিত চিন্তা-চৰ্চা কৰিবপৰা সমনীয়া বা বয়সত ডাঙৰ কিছুৱে বিদ্ৰুপভৰা উপনাম এটাৰে তেওঁৰ কথা উল্লেখ কৰে-‘মাঘপণ্ডিত!’ পৰীক্ষাৰ নম্বৰ তালিকাত গধুৰ অঙ্কৰে নহয়,প্ৰকৃতাৰ্থত চোকা বিবেকানন্দ অঞ্চলটোৰ এজন ব্যতিক্ৰমী ডেকা৷ লগ-সমনীয়াই

Read more

সপোনত লোৱা সাক্ষাৎকাৰটো (মূল- গুৰমিত বেদী) – অনুবাদ: ৰিণ্টুমনি দত্ত

বহুত দিনৰ পিছত কালি শ্ৰীমতী মাকৰ ঘৰলৈ গ’ল, বহুত দিনৰ পিছত কালি এটা স্বাধীন নিশা উপভোগ কৰিলোঁ। সুন্দৰ টোপনি অহাৰ লগতে বহুত দিনৰ পিছত এটা সপোনো দেখিলোঁ। শ্ৰীমতী লগত থকা কেইদিন সুন্দৰ টোপনিতো বাদেই, সপোন দেখাৰ ওপৰতো ‘কাৰ্ফিউ’ লাগি থাকে। কালি ৰাতি মনটোৱে অলপ আজাদী পোৱাৰ লগে লগে বিচনাত পৰা পিছতেই সপোনৰ ৰীলটো চলিবলৈ আৰম্ভ কৰি দিলে। সপোনটো না ভয়ানক আছিল, না মিঠা আছিল – মানে সপোনত মোক মুল্যবৃদ্ধিয়েও হেঁচা মাৰি ধৰা নাছিল নাইবা কোনো ষোড়শী নীলনয়নাই আহি মোৰ লগত

Read more

কৃষ্ণাই মূৰৰে বকুল ফুল এপাহি – পৰিস্মিতা বৰদলৈ

পিন্ধি থকা ফ্ৰকটোৰ ঠিক কঁকালৰ ওচৰতে মায়ে ৰছী এডাল বান্ধি দিয়ে ৷ মাৰ মেখেলাখনকে দুমোকোট কৰি পিন্ধাই দিয়ে এক বিশেষ কায়দাত ৷ চাদৰখন পকাই পকাই পিন্ধাই দিয়ে ৷ পেটুলি এজনী হৈ পৰোঁ৷ ইমানবোৰ কাপোৰ সোমাই থাকে যে পেটটোত ! তাৰ পাছত আইতাৰ নাইবা মাৰ নিজৰ ভাগৰে নকল চুলি (আইতাহঁতে টাৰ্চেল বুলি কোৱা মনত কৰে) লগাই খোপা এটা বান্ধি দিয়ে ৷ তাতে ওচৰৰ জুন বাইদেউহঁতৰ আমজোপাত ওলমি থকা কপৌপাহ দেউতাই খুজি আনেগৈ ৷ পুতু বৰ্তাৰ খং উঠে চাগে কপৌফুলপাহ খুজিবলৈ যোৱা

Read more

ফটাঢোল এডভেঞ্চাৰ (ষষ্ঠ খণ্ড)—হেমন্ত কাকতি/বিজয় মহন্ত

তাবিজৰ মায়াজালত চিণ্টু লাহে লাহে আকৌ মনিকাৰ বশীভূত হৈছিল৷ তাত থকা দিনকেইটাৰ প্ৰতিদিন গধূলি চিণ্টু মনিকাৰ লগত প্ৰায়ে ওলাই গৈছিল আপাৰ মানহাটানৰ পৰা অলপ পূৱত,৮১০ ইয়ঙ্কাৰ এভিনিউত থকা এম্পায়াৰ চিটি কেচিনোলৈ৷ সুৰা, সুন্দৰী আৰু জুৱাৰ নিচাত আকণ্ঠ ডুবি থকাটো আছিল চিণ্টুৰ নিত্য-নৈমিত্তিক ঘটনা৷ বাকী সময়খিনিও বিভিন্ন মানুহৰ লগত ফোন নহ’লে কিবা মিটিঙতে ব্যস্ত থকা দেখিছিলোঁ৷ চিণ্টুৰ ব্যস্ততাৰ আঁৰ লৈ ইতিমধ্যে আমি নিউইয়ৰ্ক চহৰৰ অলি-গলি ঘূৰিবলৈ আৰম্ভ কৰিছিলোঁ৷ আমি মানে বিজয়, মই আৰু পেট্ৰিচিয়া৷ ক’বলৈ পাহৰিছিলোঁৱেই যে সেইকেইদিন পেট্ৰিচিয়াই আমাক নিউইয়ৰ্কৰ

Read more

ফুলিলে ভেবেলি লতা – অনন্ত কলিতা

বজৌ কেৰেক্টাৰটো অলপ ডেন্‌জাৰাছ ৷ অলপ নহয়,সাংঘাতিক ডেন্‌জাৰাছ ৷ বিহু পাতিছিল এইবাৰ৷ গাঁৱৰ ওচৰৰ ল’ৰাবোৰে তাৰ কথা জানে৷ সেয়ে তাৰ বিহুত গাঁৱৰ ল’ৰা-ছোৱালীবোৰ নাই৷ অলপ আঁতৰৰ দহ-বাৰটামান ল’ৰা-ছোৱালী গোটাই বজৌৱে বিহু দল এটা আৰম্ভ কৰি বিহু মাৰিলে৷ মই জানো-তাৰ উদ্দেশ্য বিহু মাৰি কৃষ্টি-সংস্কৃতি ৰক্ষা কৰা নহয়৷ কেনেকৈ বিহুৰ নামত ৰাইজক ঠগি দুই-চাৰিটকা ঘটিব পাৰি-তাৰ ধান্দা সেইটোহে৷ মই অৱশ্যে তাৰ এই কথাটোত বৰ এটা বেয়াও পোৱা নাই ৷ যিয়েই নহওঁক , সি অন্ততঃ কিবা এটা ভাল কামেই কৰিবলৈ হাতত লৈছে ৷

Read more

ড° লীলা গগৈৰ ৰম্য-ৰচনা পুথি “কপলিং ছিগা ৰেল”ৰ বিষয়ে এটি চমু আলোচনা – চবিনা ইয়াচমিন

লেখকৰ পৰিচয়মূলক টোকাঃ অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ এক চিৰপৰিচিত আৰু চিৰস্মৰণীয় নাম হ’ল ড° লীলা গগৈ৷ অসমৰ কৃষিজীৱী, বুদ্ধিজীৱী, ছাত্ৰ-ছাত্ৰী তথা শিক্ষাবিদলৈকে সকলোৰে মাজত এটি জনপ্ৰিয় নাম হ’ল ড° লীলা গগৈ৷ ৬০তম অসম সাহিত্য সভাৰ মৰিগাঁও অধিৱেশনৰ তেওঁ সভাপতি আছিল৷ শিৱসাগৰৰ দিখৌ পাৰৰ চেৰেকাপাৰ নামৰ ঠাইৰ লেবাং হাতীমূৰীয়া বংশত ১৯৩০ চনৰ ২৫ নবেম্বৰত তেওঁৰ জন্ম৷ তেওঁৰ পিতৃৰ নাম ৺ধনীৰাম গগৈ আৰু মাতৃৰ নাম ৺কমলা গগৈ৷ ড° লীলা গগৈয়ে তেওঁৰ শিক্ষাজীৱন আৰম্ভ কৰে ১৯৩৫ চনৰ চেৰেকাপাৰৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা৷ ১৯৫০ চনত

Read more

বৰ্ষাসিক্ত সেই আবেলিটো – নীলাক্ষি দেৱী ডেকা

ল’ৰাক স্কুলৰ পৰা আনিবলৈ ৰাস্তাৰ কাষত বাছ নাইবা ট্ৰেকাৰৰ বাবে পৰ দি আছোঁ। বতৰটোও বৰ সুন্দৰ। কিনকিনীয়া বৰষুণ৷ বেগৰ ভিতৰত ছাতিটো আছে যদিও ৰোমাণ্টিকতাৰ আতিশয্যত ছাতিটো মেলিবলৈ মন যোৱা নাই। অলপ দেৰি ৰৈ থকাৰ পাছত মোৰ সন্মুখত সজোৰে ব্ৰেক মাৰি এখন বাইক আহি ৰ’ল। আৰোহী হেলমেট পৰিহিত,মুখত ধূলিৰ পৰা বাচিবলৈ ‘মাস্ক’ লগাই লৈছে৷ মোৰ চকুৰ চেলাউৰি কোঁচ খালে,মুখত বিৰক্তিৰ চিন৷ মোৰ ৰূপ দেখিয়েই বাইক আৰোহীয়ে ততাতৈয়াকৈ মুখৰ মাস্ক আৰু হেলমেট গুচালে,“বাইদেউ মোক চিনি পোৱা নাই? মই অমুক৷” নিজৰে লাজ লাগিল,সেইটো

Read more

কলিতা খুৰাৰ সংকল্প – ববিতা কলিতা

কলিতা খুৰাই আজি নতুন বছৰৰ পহিলা দিনটোত সংকল্প লৈয়ে পেলাইছিল-এইবেলি আনৰ ভুল ধৰা,সমালোচনা কৰা,প্ৰতিবাদ কৰা..সব বন্ধ৷ দিনটো তেওঁ চকু-কাণ চেপি পাৰ কৰিলে। কিন্তু এই ৰাতিখন তেওঁৰ সংকল্পত আউল লাগিল। আচলতে তেওঁৰেই পুত্ৰ টিংকুৱে লগালে জগৰটো। সি মঞ্চত আঁৰিবলৈ অনা বেনাৰখনত খুৰাই দেখিলে- ‘বহাগ’ বানানটি ‘ব’হাগ’ হৈ আছে!! এতিয়া কয় কেনেকৈ?? টিংকুয়েইতো জানে তেওঁৰ সংকল্পৰ কথা। চৌবিশ ঘণ্টাও হোৱা নাই আনৰ ভুল নধৰোঁ বুলিবলৈ। খুৰাৰ পেটটো পকাবলৈ ধৰিলে। চকু দুটা পিৰ্‌পিৰাবলৈ ধৰিলে। জিভাখন লপ্‌লপাবলৈ ধৰিলে। কিন্তু খুৰাই ইন্দ্ৰিয় দমন কৰিবলৈ যৎপৰোনাস্তি

Read more

প্ৰেমিকা, গাৰ্লফ্ৰেণ্ড আৰু ৱমেন…অ’হ আৰু ৱাইফ – বৰ্ণালী গগৈ

‘তুমি চুলি, মই কিলিপ তুমি গাৰু, মই গিলিপ মই তোমাক নিমখৰ সমান ভালপাওঁ’ নিমখৰ মহঙাদিনত কোনোবা প্ৰেমিকে প্ৰেমিকালৈ লিখা এই প্ৰেমপত্ৰখনি কিন্তু আজিৰ জেটযুগতো সম্পূৰ্ণ প্ৰাসঙ্গিক। আটাইতকৈ আটকীয়া বস্তুটোৰ সমানেই ভালপায় মানুহে প্ৰেমিকাক। ইয়াত কোনো সন্দেহ নাই যে প্ৰেমিকা হোৱা বৰ সুখৰ। বিবাহিতা স্ত্ৰী হোৱাও বৰ সুখৰ,বিশেষকৈ প্ৰথম দিনবোৰত বৰ ৰোমাণ্টিক। গাৰ্লফ্ৰেণ্ডৰ পজিচন অৱশ্যে ‘ফিফটি ফিফটি’৷ কিন্তু ৱমেন ! বৰ ৰিস্কৰ কথা দেই। কৈশোৰ আৰু যৌৱনৰ প্ৰাক্‌কালতে ছোৱালীবোৰৰ প্ৰেম হয় প্ৰকৃতিৰ নিয়ম অনুসৰিয়েই। কিছুমানৰ তাৰ আগতেও হয় আৰু কিছুমানৰ জীৱনলৈ

Read more

তেওঁ আৰু মই – যাযাবৰ পথিক

(১) নিৰ্যাতন ৰাতিপুৱাই শ্ৰীমতীয়ে যেতিয়াই মৰমত “শুনিছে” বুলি ক’লে,মোৰ বুকুখন ঢিপিংকৈ গ’ল । হয় শ্বপিং,নহ’লে আজি নাৰী সমিতিৰ মিটিঙলৈ যাবলৈ মই ড্ৰাইভাৰৰ ভূমিকা ল’ব লাগিব । আজি বাচিবলৈ অফিচো নাই । মই বোলোঁ-“হেৰা দেৰি নকৰিবা ৷ কৈ দিয়া কোনটো কৰিব লাগে৷” “ব’লানা সেই ওচৰৰে গাঁও এখনতে ‘নাৰী নিৰ্যাতন’ৰ এৱাৰনেছ কেম্প এটা আছে । আৰু তুমিতো জানাই মই নাৰী মুক্তি কমিটিখনৰ সভানেত্ৰী৷” ভবাটোৱেই হ’ল ৷ এতিয়া আৰু নিস্তাৰ নাই । গা-পা ধুই চাহ কাপ খাইছোঁহে। শ্ৰীমতী ৰেডী । মই বোলোঁ- “আনকালেতো

Read more
1 2 3 4 5 6 9