ফটাঢোল

ভূতৰ চিনেমা – মিৰাজুল ৰছিদ

সৰুৰে পৰা ভূতৰ চিনেমা চাবলৈ ভয় ৷ মেট্ৰিক পাছ কৰালৈকে ৰাতি প্ৰস্ৰাৱ কৰিব লাগিলেও লগত মা বা দেউতাক লৈ যাওঁ,কাৰণ-এই ভূত ৷ মায়ে বুজাইছিল-“তোৰ সিংহ ৰাশি৷ ভূত নাহে তোৰ ওচৰলৈ৷” মই নাজানো-কিয় সিংহ ৰাশিৰ ল’ৰাটোৰ কলিজাখন মেকুৰীটোৰ দৰে ? যি নহওক,ভূতৰ চিনেমা যদি কেতিয়াবা চাওঁ;এটাই কথা মনলৈ আহে “কিয় গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড দুয়ো ফুৰিবলৈ যাব বহু ভিতৰত থকা জংঘল এখনৰ মাজলৈ ? কিয় আধা ৰাস্তাতে গাড়ী বেয়া হ’ব ? কিয় দুয়ো গৈ এনেকুৱা এটা বাংলোত থাকিব য’ত কোনো মানুহ নাথাকে ?

Read more

অন্য এক তেজীমলাৰ সাধু – মাধুৰিমা ঘৰফলীয়া

[বহুদিন হ’ল সাধু নিলিখা । আচলতে সাধুৱে বিচাৰি পোৱা নাছিলোঁ । কিন্তু অলপতে এগৰাকীয়ে ইনাই-বিনাই যেনেকৈহে সাধু এটা ক’লে মই লগালগ তাকে লিখিবলৈ ল’লোঁ । সাধুটো তেওঁ ক’ত শুনিছিল নাজানো । (নিজৰে আগৰ জনমৰ কথা হ’ব চাগে!)মাথোঁ সাধুটো সঁচা হেনো ৷ সাধুটো-তেজীমলাৰ সাধুটো; সকলোৱে পঢ়া সেই সাধুটো হেনো এনেকুৱাহে আছিল৷] তেজীমলাৰ নাম তেজীমলা নাছিল৷ তাই জোনালীহে৷ ঘৰৰ একমাত্ৰ সন্তান৷ হওঁতে সাধুত লিখাৰ দৰে বাপেক সদাগৰেই হয়,মাথোঁ এই সদাগৰৰ ঘৰৰ কাষৰ নদীখনৰ সিপাৰে থকা চহৰখনত গেলামালৰ দোকান এখন আছে ৷ আনফালে

Read more

সীতাৰামৰ ডিগ্ৰী – দেৱজিৎ শইকীয়া

“কা হৌ চকীয়াবাবু? আজকল দেখল নাই খে?” সীতাৰামৰ দোকানৰ আগেদি তাক নেদেখাৰ ভাও ধৰি চাইকেলখন চোঁচোৰাই পাৰ হৈছিলোঁহে৷ মাতিয়েই দিলে নহয় ৰেডিঅ’টোৱে৷ মই বোলোঁ-“নাই অ’ ৷ চুলি কটাবলগীয়া হোৱা নাই৷ সেয়ে তোৰ তালৈও অহা নাই৷” সীতাৰামে বোলে-“এ লাম্বা চুল লহি কিনে ৷ আপনি কহিছে কি ছুল না হৈছে?” মই বোলোঁ-“এইটো ফেছন বুজিছ৷ আজিকালি মাজ-মূৰত দীঘল কৰি ৰাখি কাণৰ গুৰি দুটা তালুলৈকে গুৰি চপাই কটা ফেছন৷” সীতাৰামে বোলে-“ঔ চব বাটচা লড়কা কৰিলে ভাল দেখে, আপনিটো বুঢ়া হৈছে না?” টিঙিচকৈ খংটো উঠি

Read more

কমলা পছন্দৰ ৰস – ৰক্তাভ কুমাৰ

“ঐ মইনুল ফক্স, এখন হাতৰ খুচুৰা হ’বনে?”-পাঁচশ টকীয়াখন আগবঢ়াই গলিটোৰ মূৰতে থকা দোকানখনত ৰজনীগন্ধা কিনিবলৈ সোমালোঁ। “দাদা, মোৰ নামটা তোহ মইনুল হক হে,তুমি কি আৰু ফক্স লগাই মাতা! বিবিয়ে শুনিলে তেনেকেএ মাতা কৰবো মোক!”-এইবুলি হাঁহি হাঁহি কথাষাৰ কৈ মই আগবঢ়োৱা নোটখন আচল নে নকল-সেইয়া সি নিজে আৱিষ্কাৰ কৰা ষ্টাইলটোত চাবলৈ ধৰিলে। “ভাই,সৰুতে কবি হ’বলৈ খুউব মন আছিলে৷ নোৱাৰিলোঁ যেতিয়া মানুহৰ নামৰ উপাধিৰ লগত জীৱ-জন্তুৰ নাম ছন্দ মিলাই মাতি নিজকে কবি-কবি ফিল কৰাওঁ। বাই দা ৱে, শিয়াল মোৰ প্ৰিয় জন্তু!” এইবুলি

Read more

সফল ভাড়াতীয়া হোৱাৰ টিপছ্ – দিলীপ ৰঞ্জন কাকতী

পঢ়িবৰ বাবেই বহুতে ঘৰৰ পৰা দূৰত মেছ,হোষ্টেল নাইবা ভাড়াঘৰত থাকিবলগীয়া হয়। সেইসময়ত আপুনি যিমানেই ধনী ঘৰৰ নহওক কিয়,সদায় ‘ডেফিচিট’ বাজেটতেই চলিব লাগে। প্ৰতিটো মাহৰ শেষৰ দিনবোৰ বৰ দুখজনক হয়গৈ। এনে অৱস্থাত “আনৰ মূৰত কঁঠাল ভাঙি খোৱা” বা “আনৰ পিঠাৰে বিহু পতা” আদি যোজনাবোৰ মানি চলিবলগীয়া হয়। লগতে কেতবোৰ কথা মানি চলিলে ভাড়াঘৰীয়া জীৱনটো নিয়াৰিকৈ চলাই নিব পাৰি। তাৰে কেইটামান কিটিপ পাঠক ৰাইজৰ বাবে আগবঢ়োৱা হ’ল- ১) ঘৰৰ পৰা খৰছৰ বাবে কিমান টকা পায় কাকো নক’ব। ২) পাৰিলে অকলে থাকিব লাগে।

Read more

বীৰেন সংবাদ – মানস শইকীয়া

(খণ্ড-১) আপোনালোকে ইতিমধ্যে ভাস্কৰজ্যোতি বৰুৱাৰ ‘ফেচবুকত কুৰুক্ষেত্ৰ’ত পোৱা বীৰেন নামৰ অসমীয়া ডেকাৰ চৰিত্ৰটো সম্বন্ধে অৱগত৷ তেখেত কোন, ক’ৰ, কেনে- এনেবোৰ কথা জানিবলৈ মন নাযায়নে? সেই উৎকণ্ঠাতে এই স্বয়ঙে নিজাববীয়াকৈ অনুসন্ধান কৰি কিছু কথা জানিব পাৰিছোঁ-তাকে দুআষাৰ কওঁ৷ মাজুলীৰ কোনোবা এখন অখ্যাত গাঁৱত কাতিমহীয়া কোনো এটা নিশাত এগৰাকী ধাই কেঁচুৱা এটা প্ৰসৱ কৰাই কঁপি উঠিছিল৷ কেঁচুৱাটো জন্মৰ পিছৰে পৰা মাতবোল নাই৷ তেওঁৰ জ্ঞান-বুদ্ধিমতে সকলোখিনি কৰাৰ পিছতো কেঁচুৱাটোৱে কন্দা নাই৷ এনেতে, আকাশত এক বিজুলীৰ চমক৷ লগতে, কাণতাল মাৰি যোৱা গাঁজনি৷ সকলো আচৰিত৷

Read more

ৰিক্ত হৃদয় – ধৃতিস্মিতা বৈশ্য

তেতিয়া নতুনকৈ কলেজলৈ গৈছোঁহে মাথোন।চকুৱে-মুখে অলপ এটিটিউড সানি ৰাখোঁ৷ ল’ৰাবোৰক তেনেকৈ পাত্তা নিদিওঁ। ক্লাছৰ কিছু ল’ৰাই এটিটিউদটোৰ কাৰণে মোৰ পৰা নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখে৷ তাৰ মাজতো দুই-এটাই প্ৰেমৰ উৰাজাহাজখন মোৰ কুমলীয়া কলিজাত লেণ্ড কৰাবলৈ চেষ্টা নকৰা নহয়।মই পিছে সেইকেইটাৰ আগত অলপ বেছি গহীন হৈ দেখুৱাওঁ,যেন বিল গেটছৰ জীয়েকজনীহে।পিছে গহীন স্বভাৱটো বেছিদিন বৰ্তি নাথাকিল ৷ অতি শীঘ্ৰে মই চঞ্চলা হৈ পৰিলোঁ। এদিন কলেজৰ পৰা যাবলৈ ওলাওঁতেই দেখিলোঁ এজন সুদৰ্শন যুৱক৷ আই অ’,এক নজৰতেই ‘প্যাৰ হো গয়া’।চকুৱেই চাবা নে হাঁহিয়েই চাবা-একেবাৰে ৰোমাণ্টিক

Read more

তোমাৰ নাম বাইদো – দীপিকা ডেকা

আজিকালি ল’ছালিবোৰ আগতকৈ সিয়ান হ’ল। মুখত মাত ফুটিলেই আগতে A,B,C,Dহে শিকে। সেয়েহে থিয়দঙা দিব পৰা হোৱাৰ পৰাই অভিভাৱকৰ স্কুল বিচৰা আৰম্ভ হয়েই। আমাৰ বিদ্যালয়লৈও এইবাৰ অকণমানি কেইজনমান আহিছে। কেইদিনমানৰ আগতে তাৰে এজনক মই নাম ক’বলৈ শিকাইছোঁ এইদৰে- “কোনোবাই তোমাৰ নাম সুধিলে নমস্কাৰ দি নামটো ক’ব লাগে-“নমস্কাৰ, মোৰ নাম অমুক (তাৰ নামটো)৷” দুবাৰমান এনেকৈ বুজাই দিলোঁ ৷ সি হ’ব বুলি ক’লে। মই ক’লোঁ –“ঠিক আছে ৷ এইবাৰ তেনেহ’লে তুমি কোৱাচোন “নমস্কাৰ মোৰ নাম……” ৷ সি একো নকৈ বহুপৰ মনে মনে মোৰ

Read more

দুটা ‘ছ’ছিয়েল’ জীৱন-চিত্ৰ – মৌচুমী বৰি

(১) “টানিষ্কাৰ দিনপঞ্জী” টানিষ্কাই হোৱাটচাপৰ ৰেকৰ্ডিং অপচনত বুঢ়া আঙুলিৰে হেঁচি ধৰি পাৰ্থিৱক ফুচফুচাই ক’লে– -আই লাভ ইউ….শুই যোৱা জান ৷ -আই লাভ ইউ টু দেহা ….শুই যোৱা –সিফালৰ পৰা পাৰ্থিৱৰ মেচেজ আহিল৷ টানিষ্কাই সেউজীয়া ঘাঁহ-বন,নদীৰ পাৰ,পাহাৰ আদিত পাৰ্থিৱৰ স’তে নাচি থকা সপোন দেখি দেখি টোপনিত ঢলি পৰিল৷ কলেজ বন্ধ৷ ৰাতি দেৰিলৈকে পঢ়ি থকা বুলি ভবা টানিষ্কাৰ মাকে টানিষ্কাক ৰাতিপুৱা সোনকালে নজগালে আৰু তাই এঙামুৰি এটা দি এঘাৰ বজাতহে বিচনাৰ পৰা উঠিল৷ উঠিয়েই গাৰুৰ তলত থোৱা স্মাৰ্ট ফোনটো হাতত তুলি লৈ

Read more
1 4 5 6 7 8 9