ফটাঢোল

কথোপকথন – অৰ্চনা কলিতা

১ম বন্ধু- আমাক যে আনিবৰ পৰত ইম্মান সুন্দৰ আবৰণেৰে সজাই আনে! অথচ আবৰণ খোলাৰ পাছতেই কি যে বিৰম্বনা কৰে ঐ৷ ২য় বন্ধু- ঠিকেই কৈছা দোস্ত৷ কাইলৈ-পৰহিলৈ যেতিয়া গিৰিহঁতে আবৰণ খুলি আমাক দেখিব কেনেকুৱা যে পেংলাই কৰিব! ৩য় বন্ধু- ইস্ থোৱা হে গিৰিহঁতৰ পেংলাই, আকৌ নতুনকৈ আবৰণ পিন্ধাই তেঁৱো আমাক অইন এঘৰলৈ নপঠিয়াই নে? ৪ৰ্থ বন্ধু- দুখেই লাগে অ’, গিৰিহঁতে আবৰণখন খুলিয়েই যেতিয়া সেয়া আমি বুলি গম পায়, আমাক কঢ়িয়াই অনা মানুহজনক দিয়া গুৱাল-গালিবোৰ শুনি দুখ-লাজ একাকাৰ হৈ যায়৷ ৫ম বন্ধু-

Read more

কৌতুক – শিল্পাশ্ৰী দাস

শিক্ষক : কচোন টিলৌ, সংগীত বুলিলে কি বুজ ? টিলৌ : ছাৰ, আমাৰ লগৰ সংগীতাৰ ভায়েকটোৰ নাম সংগীত । শিক্ষক : মূৰ্খ এয়াহে শিকিছ…. অ এইবাৰ ক, অসমৰ ৰাজধানী ক’ত আছে ? টিলৌ : গুৱাহাটী আৰু ডিব্ৰুগড় ৰেলৱে ষ্টেচনত ছাৰ। শিক্ষক : গৰু তোৰ মূৰটো… শেষ প্ৰশ্ন সুধিম। ভালকৈ উত্তৰ দিবি। নহ’লে পিঠি ফালিম আজি। অসমত বানপানী মূলতঃ কি কাৰণত হয়? টিলৌ : আমেৰিকা, ইংলেণ্ড, চীন সকলোতে বানপানী হয়, অসমত নহ’বনে ছাৰ? ☆★☆★☆

Read more

কৌতুক – ইফতিকাৰ হুছেইন

কলেজৰ পৰা দক্ষিণ ভাৰতলৈ গৈছিলোঁ। শিক্ষামূলক ভ্ৰমণ। মাদ্ৰাজৰ সাগৰৰ পাৰত শামুকৰ কিবাকিবি কিনিলোঁ। শামুকৰ মালাও কিনিলোঁ। মাদ্ৰাজৰ পৰা অহাৰ পিছত কোনোবা এটা ষ্টেচনত বহুত সময় ৰ’ব লগীয়া হৈছিল। ষ্টেচনৰ কাষৰ দোকানবোৰত পিটপিটাই ফুৰিলোঁ। পিন্ধনত মোৰ হাফপেণ্ট আৰু স্পৰটিং। মূৰত হেট। ডিঙিত শামুকৰ মালা। কলীয়া শৰীৰতো নিজকে চাহাব যেন লাগিল। লগৰ এজনক ক’লোঁ – ”ইয়াৰ মানুহে মোক বোধহয় ফৰেইনাৰ বুলি ভাবিছে ‌!” সি উত্তৰ দিলে – ” ভাবিছে ভাবিছে। তই শ্ৰীলংকাৰ পৰা আহিছ বুলি ভাবিছে।” কি ক’লি? ৰহ তোক। সি দৌৰি

Read more

সাত্বিক আহাৰ – অতুল নাথ

দেওবাৰ ,বজাৰ অকনমান কৰো  বুলি ওলাই আহি চক পাইছো।দেখিলো লগৰে মানে আমাৰ ষ্টাফৰ দেউ এজন বাছ খনৰ পৰা নামিছে।খুৰীয়েক ঢুকাল আজি চাৰিদিন হ’ল।কালি তিলনি কৰি আজি কোৱাৰ্টাৰলৈ আহিছে ছাগে।ওচৰলৈ গৈ সবিশেষ খবৰ ললোঁ। “বাপ,তেনেহলে ব্ৰততে আছে  এইকেদিন?”মই সুধিলোঁ। “দস্তুৰমত ব্ৰত কৰিব লগা হৈছে, একেবাৰে নিজৰ খুৰী যে” বাপৰ উত্তৰ। ” পিছে বাপ,দায় নধৰিব কথা এফেৰি সোধো,আপোনাৰ মুখত যে ভেকেটা ভেকেট গোন্ধ এটা পালোঁ, মানুহটোও একেবাৰে প্ৰফুল্ল প্ৰফুল্ল দেখিছোঁ, ৰাতিপুৱাই নাড়ী শুদ্ধি (তেওঁলোকৰ ভকতীয়া ভাষাত ঘটং বিধ ধৰাটোক নাড়ী শুদ্ধি বুলি

Read more

প্ৰেমিক-প্ৰেমিকা – ৰিমঝিম বৰঠাকুৰ

প্ৰেমিকা: তুমি মোক কিমান ভালপোৱা? প্ৰেমিক: মোৰ বুকুৰ ধপধপনি শুনি অনুমান কৰাচোন মোৰ ভালপোৱাক। ফোনটো বুকুতে লগাই প্ৰেমিকে ক’লে। প্ৰেমিকা: অহ এম জি, ইমান ঢপঢপনি তোমাৰ বুকুৰ। প্ৰেমিক: এতিয়া কোৱা তোমাক মই কিমান ভালপাওঁ। প্ৰেমিকা: হুহ হ’ব সেইবোৰ যে মোৰ প্ৰতি থকা ভালপোৱাৰ কাৰণে হোৱা ধপধপনি হ’বই নোৱাৰে। সেইবোৰ তোমাৰ বুকুত জমা হোৱা কফৰ ঘূৰঘূৰণিহে। সদায় কিমান কওঁ চিগাৰেট কমাই খাবলৈ, কথা ক’লে শুনিলেহে। প্ৰেমিকাই কথাকেইটা কৈ শেষ কৰিলে কি নকৰিলে সিফালৰ ফোনটো কটা গ’ল আৰু এতিয়ালৈকে বোলে প্ৰেমিকৰ নম্বৰটো

Read more

বাইদেউ-ভিনিৰ কথা – নিবিৰ মৌচম

বাইদেউৱে লেনিয়াই ভিনিক সুধিলে … বাইদেউঃ হেৰি, মোক নো আপুনি কিমান ভাল পাই হয়নে? ভিনিঃ সেইটো নো সুধিব লগিয়া কথানে? মই তোমাক নিজতকৈও বেছি ভাল পাওঁ। বাঃ মিছা কথা ন’কবা!! আপুনি মোৰ কথা অলপো চিন্তা নকৰে। ভিনি: চোৱা ভালপোৱাৰ ক্ষেত্ৰত চিন্তা কৰিবলৈ কোনোৱে সময় নাপাই হে। বাঃ হ’লেও আপুনি মোৰ আনন্দ ফূৰ্টিৰ বাবে কিবা এটাতো ভাৱক। ভিনি: কিয় নেভাবিম বাৰু? চোৱা অহা জানুৱাৰী মাহত আমাৰ বিয়াৰ দহ বছৰ হ’ব। সেইকাৰণে মই তোমাক ফুৰাবলৈ আন্দামান-নিকোবৰ দ্বীপপুঞ্জত যাম। বাঃ সচাঁ‌নে??? শুনিয়েই কিবা

Read more

যেনে কুকুৰ তেনে টাঙোন – অনিমা দাস 

পল: ঐ বাবলু তই টাঙোন ডালত কিয় ক’লা ৰং ঘঁহি আছ? বাবলু: যোৱা কালি তোৰ দেউতাই মোৰ দেউতাৰ লগত কথা পাতি থাকোঁতে কোৱা শুনিছিলো যেনে কুকুৰ তেনে টাঙোন দিব লাগে হেনো। আমাৰ বাটত কেইটামান ক’লা কুকুৰে সদায়েই কাজিয়া লাগি থাকে। সেয়ে সিহঁতক কোবাবলৈ ক’লা ৰং ঘঁহি আছোঁ। ☆★☆★☆

Read more

শিক্ষক আৰু ছাত্ৰ – অনিমা দাস 

শিক্ষক-(পিটকনক উদ্দেশ্য কৰি) ঐ পিটকণ যোৱা সপ্তাহত “আমাৰ গাঁও” কবিতাটো মুখস্থ কৰিবলৈ দিছিলোঁ হ’লনে মুখস্থ? পিটকণ- প্ৰথমৰ খিনি হৈছে ছাৰ।মাজৰ খিনি অলপ অলপ পাৰো ছাৰ। শিক্ষক – যেনেকৈ হৈছে তেনেকৈয়ে মুখস্থ দিয়া। পিটকণ – আমাৰ গাঁও শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা ডাল ভৰি ভৰি ফল ফুল লাগে নাই যে তল সৰা। শিক্ষক – পিছৰ লাইনটো বেলেগ হ’ল যে? পিটকণ- হয় ছাৰ। তল সৰা ফল নাথাকেই। সব বান্দৰে খাই তহিলং কৰে। শিক্ষক- ইয়াৰ পিছৰ খিনি মুখস্থ দিয়া। পিটকণ- শুৱনি

Read more

কৌতুক – মমীতা দাস

আজিকালি ঘৰত বহি বহিয়েই মোবাইলৰ দ্বাৰাই সকলো বস্তু বুকিং কৰিব পৰা যায় বাবে পাপুৱে মিঠাইৰ বাবে হোটেল এখনলৈ ফোন কৰিলে। ক্ৰিং ক্ৰিং – হেল্ল’ মিষ্টিমুখৰ পৰা আপোনাক স্বাগতম। কওঁক আপোনাক কি ধৰণেৰে সহায় কৰিব পাৰো। আপোনাক মিঠাই লাগে যদি – ৰসগোল্লাৰ বাবে ১ টিপক। গোলাপ জামুৰ বাবে ২ টিপক। ৰসমোল্লাইৰ বাবে ৩ টিপক। লাড্ডুৰ বাবে ৪ টিপক। পাপুয়ে ৪ নং বুটামটো টিপিলে। এইবাৰ – বুন্দিয়াৰ লাড্ডুৰ বাবে ১ টিপক। নাৰিকলৰ লাড্ডুৰ বাবে ২ টিপক। গমৰ বাবে ৩ টিপক। পাপুৱে ১নং

Read more
1 21 22 23 24 25 32