ফটাঢোল

নাম বিভ্ৰান্তি – কাজল প্ৰীয়া

প্ৰখৰ ৰ’দ। ৰ’দত ৰৈ ৰৈ পিঠিখন গৰম অঙঠাত সেকুতে চেলেকা চুবিয়া হৈ বখলা বখল হোৱা পাপৰ খনৰ নিচিনা হল। ঠেং দুটাইও গ্লুকোজ খাওঁ বুলি আন্দোলন কৰি আছে, চিধা নহয় হে নহয়। কিবা দেখোন জ্যামিতি বাকচটোৰ কোণ কেইটাৰ নিচিনা ভাঁজ লয়! ধুই চাল্লা এইটো আৰু জীৱন হ’ল নে? অৱশেষত মোৰ যত সব যন্ত্ৰণাৰ ওৰ পেলাই বুক কৰি থোৱা উবেৰ খন আহিল। মইও হাতেৰে  স্বৰ্গ ঢুকি পোৱা যেন পালো। জাপমাৰি পিছৰ  চিটত ঠেং মেলি আৰামত বহিলো, আহ কি ধুনীয়া জীৱনটো! পিছে মোৰ

Read more

“বাৰ্থডে” –ডা: পাৰ্থসাৰথি ভূঞা

ৱাইফৰ বাৰ্থডেৰ নিশা দিয়া পাৰ্টিটোত সকলোৱে খানা পিনা কৰি নাচি বাগি থকাৰ মাজতে, অকণমান আঁতৰি আহি নিজৰ গিলাছটোৰ পৰা আৰু অলপ বিলাতী সুৰা পান কৰি দত্তই বেঁকা হাঁহি এটা মাৰি বৰুৱাক কলে “বুজিছে বৰুৱা, আজি অনুভৱ কৰিছোঁ, মানৱ সভ্যতাৰ আজিলৈকে আবিষ্কাৰ হোৱা আটাইতকৈ কামৰ বস্তুটো হৈছে ফেচবুক, আজি ফেচবুকে চিৰিমতীৰ বাৰ্থডে বুলি মনত পেলাই নিদিয়া হলে, হে হে বুজিছেই আৰু মোৰ কি গতি হল হেতেন!” ☆★☆★☆

Read more

ওফাই-দাং মৰা জোঁৱাই – ৰিমঝিম বৰঠাকুৰ

ওফাইদাং মৰা জোঁৱায়েক এইবাৰ দুদিনমান থকাকে শহুৰেকৰ ঘৰলৈ গৈছে । বিয়াৰ সাতবছৰমান হৈ গ’ল এইবাৰেই চাগে প্ৰথমবাৰৰ বাবে দীঘলীয়াকৈ শহুৰেকৰ ঘৰত থাকিব। ইমান বছৰৰ মূৰত জোৱায়েক দুদিনমান থকাকৈ আহিছে শাহু-শহুৰৰ ফূৰ্তিটে গাত তত নোহোৱা হৈ আছে। শহুৰেকেটো বহুত প্লান কৰি থৈছে জোৱায়েক আহিলে কি খুৱাব, কি দেখুৱাব, ক’লৈ ফুৰাবলৈ নিব ইত্যাদি। প্ৰথমতে ঘৰৰ ফল-মূলৰ বাগিছাখনকে দেখুওৱা যাঁওক বুলি লৈ গ’ল জোৱায়েকক। প্ৰথমতে ৰবাব টেঙাৰ গছৰ পৰাই আৰম্ভ কৰিছে। শহুৰ: বুইছা এইকেইজোপা ৰবাব টেঙাৰ গছ কেনেকৈ হ’ল গমেই নাপালো মাত্ৰ গুটিকেইটা

Read more

অনামিকা কেতিয়াৰ পৰা অনামিকা হ’ল – নৱজিৎ বৈশ্য

পুৰা হতশ্ৰীনাং গণনা প্ৰসঙ্গে কনিষ্ঠিকাধিষ্ঠিত হৃষিকেশঃ৷ অদ্যাপি তত্তুল্য কৱেৰভাবাদ্ অনামিকা সাৰ্থৱতী বভূৱ৷৷ পুৰণি কালত এবাৰ ফটাৰাজ্যৰ খৰ্বকায় বৰলা(ফটাভাষাত হতশ্ৰী) সকলৰ সংখ্যা গণনা কৰিবলৈ লোৱা হৈছিল৷ গণনাকাৰীয়ে প্ৰথমে কনিষ্ঠা আঙুলি চুই হৃষিকেশৰ নামেৰে আৰম্ভ কৰিলে৷ তাৰ পিছত যেতিয়া কনিষ্ঠাৰ কাষৰ আঙুলিটো চুই গণনাকাৰীজনে হৃষিকেশৰ সৈতে তুলনা কৰিব পৰা দ্বিতীয় এটা নাম মনলৈ আনিব নোৱাৰিলে, তেওঁ অনামিকা বুলি ক’লে৷ তেতিয়াৰ পৰাই কনিষ্ঠাৰ কাষৰ আঙুলিটোৰ নাম অনামিকা হৈ পৰিল৷ ☆★☆★☆

Read more

আমাৰ পেহী – নৱকৃষ্ণ কৃশ

দুহেজাৰ চাৰি চনৰ কথা৷ নতুনকৈ দোকান আৰম্ভ কৰিছোঁ৷ মেচিনৰ লগতে পাণ-তামোলৰ সৰু বক্স এটাও গোটাই লৈছিলোঁ৷ দিনটো মই চাওঁ, সন্ধিয়া দাদা বহে৷ এদিন এগৰাকী পেহী আহিল আৰু মোক সুধিলে, তোমাৰ তাত ঘাটিকা চেম্পু আছে নেকি? মই হতভম্ব …….পেহী তেনেকুৱা নামৰ চেম্পু নাই নহয়………পেহীয়ে জাঙুৰ খাই উঠিল, ঐ গজমুৰা সৈটো কি? পঢ়িব নাজান’ নেকি? অ পিতাই মইহে এতিয়া পঢ়িব নজনা হলো? সেইটো ঘাটিকা নহয় বেং, ভাটিকা চেম্পুহে৷ আন এদিন আকৌ আহিল৷ দেখিয়েই সুধিলোঁ পেহী ঘাটিকা চেম্পু লাগে নে? পেহীয়ে শান্ত ভাবে

Read more

স্মাৰ্ট আংকোলৰ স্মাৰ্ট উত্তৰ – কবিতা ডেকা

আমাৰ আংকোল সৰুৰে পৰাই স্মাৰ্ট বুলি সৰ্বজনবিদিত৷ তেওঁৰ প্ৰিয় খাদ্যৰ তালিকাত যেনেকৈ প্ৰথমতে চেনি আছে, ঠিক সেইদৰে তেওঁৰ প্ৰিয় বিষয়ৰ তালিকাৰ নাম্বাৰ ওৱানত আছে… অ’, ঠিকেই অনুমান কৰিছে হিংলিছ মানে আমাৰ গাঁৱলীয়া মানুহৰ ভাষাত অংৰেজী৷ মই আকৌ সেই বিষয়ত একেবাৰে অপৈণত৷ মোৰ ল’ৰাৰ পৰীক্ষা পালেহি৷ তাক ইংৰাজী পঢ়াই থাকোঁতে সুধিলে বোলে মা entry শব্দৰ বিপৰীত শব্দ কি? মই বিমোৰত পৰিলোঁ৷ ভাবিলোঁ আংকোলকে সুধি লওঁ! লগালগ ফ’ন লগালো মই — :হেল্ল আংকোল নিকি? আংকোল:ইয়াহ, ইট্চ মি, হাই কেন আই হেল্প ইও?

Read more

জন্মদিন – হিৰণ্য জ্যোতি দাস

সময় ৰাতি দুই বাজিছে ৷ ঘৈণীয়েকে গিৰিহঁতক মাতি আছে– “হেৰা শুনিছানে ?” :”কি হ’ল এই মাজৰাতি?” :”চাৰজাহত যে শচীন টেন্ডুলকাৰে চেন্চুৰী মাৰিছিল , শ্বেন ৱাৰ্ণক যে তামাম দিছিল , কাপ জিকিছিল যে , কেতিয়া হৈছিল বাৰু?” :” ২৪ এপ্ৰিল /১৯৯৮, কিন্তু এই ৰাতি তোমাক সেইটো কিয় লগা হ’ল?” :”ৰাতিপুৱাৰ পৰা ৰাতিলৈ বাট চালো, কিজানি হেপী বাৰ্থদে দিয়াই ৷ আজি মোৰ জন্মদিন আছিল ৷ “ ☆★☆★☆

Read more

বাঘ আৰু গাধ – ভাস্কৰ গগৈ

এদিন এটা বাঘ আৰু গাধৰ মাজত তর্ক হ’ল। বাঘে ক’লে আকাশখন নীলা আৰু গাধই কলে কলা।দুয়োটাই ৰাজ দৰবাৰ পালেগৈ।ৰজাই বিবাদ শুনি বাঘক জেইলত ভৰাবলৈ আদেশ দিলে।বাঘে কলে মইটো শুদ্ধ আছিলো, মোক কিয় জেইল দিলে? ৰজাই কলে, তই গাধৰ লগত তর্ক কৰিছিলিয়ে  বা কিয়? ☆★☆★☆

Read more

ইঔ ইঔ – প্ৰণব জ্যোতি দত্ত

গুৱাহাটীৰ ৰেল ষ্টেচনত ট্ৰেইনৰ বাবে অপেক্ষা কৰি কৰি ভাৰতীয় ৰেইলউৱেৰ পোহনীয়া ম’হ কেইটা বধি আছো৷ এফালে গেলা গৰমৰ মৰমৰ অত্যাচাৰ৷ তেনেতে সন্মুখত ইঔ এটাৰ আবিৰ্ভাৱ৷ মূৰত বাতি এটা ভৰাই কটা চুলি, কপালত মামৰে ধৰা দুদালমান পৰি আছে৷ পিন্ধনত পঞ্জাৱী চাৰ্ট এটা তলৰ ডুখৰ কাটি পিন্ধী লৈছে ( তেনে কিবা নতুন ফেচনৰ চুলা উলাইছে যদিও নাজানো দেই)৷ আঁঠুৰ ওপৰৰ পৰা ফুলি থকা তলৰখিনি চেপ খোৱা(আগতে চিনেমাত প্ৰাণে ৰজা দিনৰ ভিলেইন ল’লে তেনেকুৱা পেণ্ট জাতীয় কিবা পিন্ধা দেখিছিলো) পেণ্ট জাতীয় কিবা আৰু

Read more

তিনিটা কৌতুক – হিৰণ্যজ্যোতি দাস

(১) এদিন এজন মানুহে পাহাৰ বগাই আছিল৷ এনেতে ক’ৰবাৰ পৰা শব্দ এটা আহিল,-“ৰ’বা৷” মানুহজন ৰৈ গ’ল৷ লগে লগে এটা প্ৰকাণ্ড শিল মানুহজনৰ আগেৰে পাৰ হৈ গ’ল৷ মৃত্যুৰ মুখৰ পৰা মুহূৰ্তৰ কাৰণে মানুহজন বাচি গ’ল৷ মানুহজনে অদৃশ্য চিঞৰটোৰ প্ৰতি ধন্যবাদ জনালে৷ কিছুদিন পাছত মানুহজনে ৰাস্তাৰে খোজকাঢ়ি গৈ আছিল৷ হঠাৎ অদৃশ্য চিঞৰটো আহিল,-“ৰ’বা”৷ লগে লগে লগে এখন ট্ৰাক তেওঁৰ একেবাৰে কাষেৰে পাৰ হৈ গ’ল৷ মানুহজন এক মুহূৰ্তৰ কাৰণে মৃত্যুৰ দুৱাৰডলিৰ পৰা বাচি গ’ল৷ মানুহজনে অদৃশ্য চিঞৰটোৰ প্ৰতি ধন্যবাদ জনাই আগবাঢ়ি গুছি গ’ল৷

Read more
1 22 23 24 25 26 32