ফটাঢোল

কৌতুক-মিলন চন্দ্ৰ দাস

১)নগেনে এশ টকা সৰকাবলৈ পৰিকল্পনা কৰি আহি খগেনক প্ৰশ্ন কৰিলে। নগেন:-ঐ খগেন, প্ৰতিটো শব্দতে আকাৰ লগাই বাক্য এটা কচোন? ক’ব পাৰিলে পঞ্চাছ টকা দিম। খগেন:-মই নোৱৰিম৷ তয়ে কচোন? তোক মই এশ টকা দিম৷ নগেন:- ঠিক আছে বাৰু চেষ্টা কৰি চাওঁ। তই এশ টকাটো টেবুলত থ’ আৰু শুন। আপা হাপা মাৰা চাবা নাযা? ইয়াৰ পিছত নগেনৰ সেইদিনাৰ গৰম পানীৰ খৰচ ওলাই গ’ল। ২) হাতী আৰু পৰুৱা এটা বৰ বন্ধু। পৰুৱাতো হাতীৰ পিঠিত উঠি ঘূৰি ফুৰে। এইদৰে গৈ থাকোতে দুয়ো আগত এখন

Read more

নিৰ্বাচনী প্ৰচাৰ-ৰিণ্টুমণি দত্ত

দেখাক দেখি বিজয় মহন্তৰো নিৰ্বাচন খেলিবলৈ মন গ’ল৷ পাতিহাঁহৰ ছবিক প্ৰতীক হিচাপে লৈ তেওঁ মনোনয়ন দাখিল কৰাৰ পাছত আদিত্য আৰু দেবজিত শৰ্মাক লৈ হাঁহ ভিক্ষা, অপচ্‌ কিবাহে কওঁ, মানে ভোট ভিক্ষা কৰিবলৈ নিৰ্বাচনৰ প্ৰচাৰ কৰিবলৈ গ’ল৷ আগতেই দুই একক খবৰ দিয়া হৈছিল৷ সভা আৰম্ভ হ’ল৷ ভাষণ দিবলৈ লৈয়ে বিজয় মহন্তই ক’লে, : ৰাইজ আপোনালোকৰ কি কি সমস্যা আছে কওঁকচোন? ৰাইজ : আমাৰ ইয়াত খোৱা পানীৰ বৰ সমস্যা৷ বিজয়: ঠিক হৈ যাব৷ ৰ’ব, এতিয়াই কথা পাতোঁ৷ এই বুলি বিজয়ে কাণত ফোনটো

Read more

উৎকৰ্ষ-কাবেৰী মহন্ত

দেবজিত, শংকৰ, গৌৰীশংকৰ, দিম্পল, ভাস্কৰ বৰডেকা আদিৰ দৰে ফটাঢোলৰ বৰলাবোৰৰ উদ্গতি নোহোৱা দেখি বহু চিন্তাচৰ্চা কৰি হেডমিন বিজয় মহন্তই গোলাঘাটৰ বিখ্যাত জ্যোতিষী আদিত্য জ্যোতি বৰঠাকুৰৰ কাষ চাপিল৷ বৰঠাকুৰে যদিও এইটো টপিকত একো কৰিব নোৱাৰে, তথাপি উপায়হীন হৈ সকলোকে এবাৰ তীৰ্থ ভ্ৰমণ কৰাই অনাৰ উপদেশ দিলে৷ লগতে দুই-এটা চৰ্তও আৰোপ কৰি দিলে৷ যথা সময়ত তীৰ্থযাত্ৰাৰ বাবে সকলো সাজু হ’ল৷ নেতৃত্বত হেডমিন বিজয়৷ যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে বিজয়ে সকলোকে উদ্দেশ্যি ক’লে, “চোৱা, এই যাত্ৰাত নাৰী বিশেষকৈ ছোৱালীৰ পৰা সম্পূৰ্ণ দূৰত থাকিব লাগিব৷

Read more

কৌতুক-দেবজিত শৰ্মা

মোৰ বন্ধু আদিত্যৰ ঘৰলৈ দহজন আলহী একেলগে আহিল৷ পত্নীয়ে ভিতৰলৈ মাতি নি ক’লে, ‘ঘৰত চেনী নাই৷ কি কৰোঁ?’ বৰঠাকুৰ: তুমি চাহ বনাই আনিবা চেনী নোহোৱাকৈ৷ বাকী মই চম্ভালিম৷ চাহ আহিল৷ বৰঠাকুৰে ক’লে, “আজি খেল এটা খেলিছোঁ৷ একাপ চাহত চেনী দিয়া নাই৷ যাৰ ভাগত সেই কাপ চাহ পৰে কাইলৈ আমি তেওঁৰ ঘৰত চাহ খাবলৈ যাম৷” সকলোৱে মনে মনে চাহ খাবলৈ ধৰিলে৷ আলহীৰ মাজৰে এজনে আকৌ মন্তব্যও কৰিলে, “মোৰ চাহ কাপত ইমান চেনী দিছে, ডায়বেটিচ নহ’লেই হয়৷” ☆ ★ ☆ ★ ☆

Read more

কৌতুক-পূৰ্ণময়ী মেধি

দৰাৰ লগত গৈছোঁ, কইনা আনিবলৈ। বাছত সব একেলগে উঠিছোঁ। হাঁহি ফুৰ্তি কৰি গৈ আছোঁ, মাজে মাজে বিহু লগাই দৰাৰ লগৰবোৰে নাচিছে। অলপ দূৰ গৈয়ে এজনৰ চিঞৰ বাখৰ আৰম্ভ হ’ল, “হেৰৌ, ৰহ! বাছ ৰখা, বাছ ৰখা”! ড্ৰাইভাৰে শুনাই নাই, কোনেও গুৰুত্ব দিয়া নাই। বাছ গৈ আছে। এবাৰ সি “ৰহ ঐ (অশ্লীল), মোবাইল পৰিল” – বুলি চিঞৰাত জোৰত ড্ৰাইভাৰে ব্ৰেক মাৰিলে। সবৰে ইচ ইচনি, এঃ গ’ল মোবাইল ইয়াৰ। সিও জাপ মাৰি নামি আহি আকৌ উঠিল। সব ব্যস্ত হৈ পৰিল। সুধিলে ঠিকে আছেনে

Read more

কৌতুক-ডাঃ পাৰ্থসাৰথি ভূঞা

হোমৰ গুৰিত দৰা আৰু কইনা। পূজাৰীৰ মন্ত্ৰপাঠ চলি আছে। এইবাৰ পূজাৰীয়ে দৰা কইনা দুয়োকে থিয় হ’বলৈ দিলে আৰু মন্ত্ৰ মাতি থকাৰ লগে লগে হোমৰ জুইৰ কাষে কাষে ঘূৰিবলৈ নিৰ্দেশ দিলে।  পূজাৰী : মই মন্ত্ৰ মাতি যাম, দুয়ো হোমৰ কাষে কাষে ঘূৰিব, কইনা আগে আগে দৰা পাছে পাছে….ঔম,  ধৃং ক্ৰিং প্ৰজাপতেয়….. তেনেতে দৰা কইনাতকৈ আগবাঢ়ি গ’ল, পূজাৰীয়ে বোলে,  : হেই হেই…কইনা আগত, দৰা পাছত, ঔম মঙ্গলম ভগবানে…….” এইবাৰ আকৌ দৰা কইনাতকৈ আগ পালেগৈ। পূজাৰীয়ে অতিষ্ঠ হৈ বোলে,  : বাচা, কথা বুজি

Read more

কৌতুক- বিজয় মহন্ত

1. নগেনে কথা ক’লে সদায় ৰেফ এদাল লগাই কৈছিল ভাবিছিল তেনেকে ক’লে ইচমাৰ্ট শুনি৷ টেট বাইদেউঃ লিখাচোন বছৰত কেইমাহ থাকে নগেনঃ বাৰ্ টেট বাইদেউঃ বাৰৰ কথা কোৱা নাই মাহৰ কথা কৈছো নগেনঃ এক ডজন থাকে বাইদেউ৷ টেট বাইদেউঃ গুড! নগেন ফিলিং ইচমাৰ্ট এগেইন! 2. ইচকুলত বাইদেউ নতুন৷ সকলোৰে নাম আৰু ঘৰ ক’ত সুধিছে এফালৰ পৰা৷ যদুঃ যদু বৰা, মধুপুৰ৷ মধুঃ মধু গগৈ, কমলাবাৰী৷ কমলাঃ কমলা দেৱী, মাখনিগাওঁ৷ মাখনীঃ মাখনী বৰা, গজমূৰা গাওঁ৷ নগেনৰ পাল পৰিল৷ সি দোধোৰমোধোৰত পৰিল৷ এতিয়া নগেন

Read more

অভ্যাস-আদিত্য জ্যোতি বৰঠাকুৰ

এবাৰ কেইজনমান নাবিকে সাগৰেদি যাত্ৰা কৰা অৱস্থাত প্ৰচণ্ড ধুমুহাৰ সন্মুখীন হ’ল৷ তাৰে চাৰিজনৰ কোনোমতে প্ৰাণ ৰক্ষা পৰিলেও ঢৌৱে নি তেওঁলোকক এটা দ্বীপত আবদ্ধ কৰি পেলালে৷ নাওখন ধ্বংস হোৱাৰ ফলত মানুহৰ বসতি নথকা দ্বীপটোত তেওঁলোক যোগাযোগ হীন হৈ পৰিল৷ প্ৰথম দুই এদিনত অসুবিধা পালেও লাহে লাহে দ্বীপটোৰ পৰিবেশৰ লগত অভ্যস্ত হৈ পৰিল৷ পূৰ্বৰ দৰে কামো নোহোৱা হ’ল জীৱনটোত৷ কেৱল খোৱা, শুৱা আৰু আড্ডা মৰা বা তাচ খেলা (এজনৰ পকেটত কেনেবাকৈ তাচপাতৰ পেকেট এটা আছিল, দ্বীপলৈ অহাৰ সময়তে)৷ এনেদৰেই দিন পাৰ হৈ

Read more

কৌতুক-ৰিন্টুমনি দত্ত

নগেনঃ কালি এটাক ভাল পিটন দিলোঁ মানে বৈদ্য পিটন। খগেনঃ কাক দিলি ঔ? চোৰ এটাক। সি আমাৰ বিছনাৰ তলত আহি সোমাইছিলহি৷ চিনি পোৱা নাই কাৰ লগত খেলিবলৈ আহিছে! তাৰপিছত? তাৰপিছত আৰু কি? বিছনা তলৰ পৰা উলিয়াই আনি এনেকুৱা পিটন দিলোঁ চকুৰে সৰিয়হ ফুল দেখি গৈছে চোৰে। কোনোমতে জীৱটো লৈ চুঁচৰি বাগৰিহে পলাইছে মোৰ হাতৰ পৰা। আচ্ছা। কালি কেতিয়া? কালি ৰাতি। ৰাতি কেইটা বজাত? তই দেখোন সন্ধিয়াতে শুৱ। ৰাতি নেদেখই। ৰাতি কেইটা বজাত? ধেই বজা চজা মনত নাই। মই আৰু সপোনটো

Read more

কৌতুক – ডা৹ পাৰ্থ সাৰথি 

 (1)   আয়ুৰ্বেদিক পান সন্ধিয়া ওলাই গ’লে পাণ এখন খাওঁ। আজি দোকানখনত ৰৈ থাকোঁতে এজনে আহি দোকানীজনক ক’লে, : মোক দুখন আয়ুৰ্বেদিক আৰু দুখন এল’পেথিক পেক কৰি দিবা। দোকানীজনে হ’ব বুলি কৈ পাণ বনাবলৈ ল’লে। মই কৌতূহলেৰে লক্ষ্য কৰি দেখিলোঁ, দুখন জৰ্দা আৰু দুখন মিঠা পাণ বনাইছে। মিঠা কেইখন চাগে আয়ুৰ্বেদিক, মানে চাইড এফেক্ট নাই! (2)   মূৰ্গ মাছাল্লাম সন্ধিয়া বজাৰলৈ যাওঁতে চিনাকি নাপিত এজনে মাত লগালে : ছাৰ, নমস্কাৰ মই বোলো, : অ’ নমস্কাৰ, আজি দেখোন ধুনীয়া কাপোৰ পিন্ধি ওলাইছা? ক’লৈ

Read more
1 5 6 7 8 9 32