ফটাঢোল

কৌতুক – পদ্মলোচন ভৰদ্বাজ

আমাৰ বন্ধু গ’ল বেলেগ এটা বন্ধুৰ বিয়াৰ খবৰ ল’বলৈ । দৰা : ঐ কিবা এটা উপায় দে মানুহজনীক  ইম্প্ৰেছ কৰিব পৰাকৈ। : তইতো মদ নাখাৱ নহয়, বিয়াৰ পাছত এদিন ঘৰলৈ মদৰ ফুল বটল লৈ যাবি। দেখিয়ে তোৰ ৱাইফৰ চিঞৰ বাখৰ আৰম্ভ হৈ যাব। তেতিয়া তই বটলটো ভাঙি ক’বি, “তুমি বেয়া পোৱা যেতিয়া জীৱনলৈ মুখত নিদিওঁ।” বিয়াৰ পাছত এক সন্ধিয়া, উপদেশ মতেই দৰা মদৰ বটলৰ সৈতে পৰিবাৰৰ আগত ওলাল। হাতত বটল দেখি পৰিবাৰে মাত দিলে “মোক কিন্তু চ’দা লাগিব দেই!” ☆

Read more

কৌতুক – কৃষ্ণ দাস

চিদা দা :- হেৰা  হয়নে? অ’ ভাগ্যৱতী, আজি ৰন্ধা এই তৰকাৰিখনৰ কি নামনো? মিনতী খুৰী :- কি হ’লনো, কিয় সুধিলে? চিদা দা :- আস্  মোকতো স্বৰ্গত সুধিব, তই কি খাই মৰিলি বুলি? ☆ ★ ☆ ★ ☆

Read more

কৌতুক – গৌৰীশংকৰ শৰ্মা

পুৰুষ : ছাৰ…. ছাৰ…. মোৰ মানুহজনী হেৰাল….!!! ছাৰ : হেৰৌ মূৰ্খ,  পুলিচ ষ্টেচনলৈ যা। এইটো ৰে’লৱে ষ্টেচনহে…!!! পুৰুষ : ফূৰ্তিতে ক’বই পৰা নাই ছাৰ, ক’লৈ আহিলোঁ…..!!! ☆ ★ ☆ ★ ☆

Read more

কৌতুক – বিজয় মহন্ত

কাজিয়া লাগি ঘৈণীয়েক মাকৰ ঘৰলৈ গুচি গ’ল৷ বেচেৰা গিৰিয়েকে বাৰে বাৰে তাইলৈ ফোন কৰি থাকে৷ ফোনটো ধৰে শাহুৱেকে৷ শাহু : কিমানবাৰ কৈছোঁ তাই তোমাক বেয়া পাইছে আৰু তাই কাহানিও তোমাৰ ঘৰলৈ ঘূৰি নাযায়৷ কোৱাৰ পিছতো তুমি বাৰে বাৰে কিয় ফোন কৰি আছাহে? গিৰিয়েক : ( সন্তুষ্টিৰে) আপোনাৰ এই কথাখিনি শুনি কিমান ভাল লাগে, আপুনি কি বুজিব৷ ☆ ★ ☆ ★ ☆

Read more

লাগিলে দিম-দেৱজিত শইকীয়া

বিজয়ৰ পাল্লাত পৰিলে মানুহ যে পগলা হয় তাৰ এটা সৰু উদাহৰণ পেচ কৰিলোঁ৷ সিদিনা তাৰ লগত গুৱাহাটীলৈ যাওঁতে তাক সুধিলো বোলো তহঁতৰ ঘৰত কোমোৰা গছ আছে নেকি? সি ক’লে, “আছে দাদা, লাগিলে দিব পাৰোঁ৷” মই বোলো লাগেই বুজিছনে। তই এই দুশ টকা ল, ভাল চাই কোমোৰা দুটা দিবি৷ তাৰপিছত আৰু তাৰ খবৰ খাতি নাই৷ সিদিনা ফোন কৰি সুধিলোঁ৷ সি বোলে, “আপুনি আমাৰ ঘৰত কোমোৰা গছ আছেনে নাই সুধিছিল হয়নে নাই?” মই বোলো হয়৷ “মই আছে বুলি কৈছিলোঁ৷ হয় নে নহয়?”

Read more

কৌতুক-ডাঃ পাৰ্থসাৰথি ভূঞা

১) গাঁৱৰ ল’ৰা খগেন, পঢ়া শুনা বিশেষ নকৰিলে। বৰ্তমান ভাড়া গাড়ী এখন চলাই গুৱাহাটীত থাকে। ফেচবুকতে তাৰ গুৱাহাটীৰ স্মাৰ্ট ছোৱালী এজনীৰ লগত চিনাকি হ’ল। কথা বতৰা আগবাঢ়ি দুয়ো অলপ ঘনিষ্ঠ হ’ল। এদিন ৰেস্তোৰাঁ এখনত দুয়ো লগ কৰাৰ প্লেন কৰি লগ হ’ল। কথাৰ মাজতে ছোৱালীজনীয়ে সুধিলে, “তোমাৰ ষ্টাৰ চাইন কি?” থতমত খাই খগেন ভাবিলে, এইটো বা কি বস্তু, সেয়ে বুদ্ধি কৰি ক’লে, “আগতে বাৰু তুমি কোৱা তোমাৰ কি?” ছোৱালীজনীয়ে বোলে, “মোৰ স্কৰপিয়’”। খগেনে ডাঙৰকৈ হাঁহি এটা মাৰি ক’লে, “অ’ হয় নেকি?

Read more

কৌতুক-ৰিন্টুমনি দত্ত

(১) ডাক্টৰ: আপুনি মুৰত আঘাট কেনেকৈ পালে? ৰোগী: শুদ্ধ উত্তৰ দিবলৈ গৈ! ডাক্টৰ: বুজা নাই,ভালকৈ কওঁকচোন৷ ৰোগী: মোৰ পত্নীয়ে আজি আহি মোক প্ৰশ্ন কৰিলে” হেৰা মোৰ ৪ কেজি ওজন কমিল,তুমি লক্ষ্য কৰিছা নে?” ডাক্টৰ: আপুনি কি উত্তৰ দিলে? ৰোগী: মই ক’লো “ডিক্সনেৰীৰ পৰা ৪-৫ খিলা পেজ নোহোৱা হৈ গ’লে জানো ধৰিব পাৰি!” তাৰ পাছত বহু সময়লৈকে একো মনত নাই,কি হ’ল৷ সাৰ পোৱাৰ পাছত দেখিলো মুৰত ডাঙৰ টেমুনা এটা আছে৷ (২) আইনাৰ মুখত থিয় হৈ পত্নীয়ে স্বামীক সুধিলে….  ” মই বাৰু

Read more

কৌতুক-পদ্মলোচন ভৰদ্বাজ

ভোলা শইকীয়া বৰবৰুৱা থানাৰ অ’ চি। সাতবছৰীয়া পুতেক বিকিক শিকাইছে বোলে, “তোমাক মানুহে নামটো সুধিলে বিকি শইকীয়া বুলিতো ক’বাই লগতে তুমি যে অ’ চি ভোলা শইকীয়াৰ ল’ৰা সেইটোও ক’বা৷” বিকিৰ মাকে কথাটো বৰ ভাল নাপালে, কিবা অহংকাৰ কৰিবলৈ শিকোৱা নিচিনা পালে। তেওঁ ল’ৰাক সেইটো ক’বলৈ মানা কৰি দিলে। এদিন ভোলা শইকীয়াৰ কোৱাৰ্টাৰলৈ গুৱাহাটীৰপৰা তেওঁৰ পুৰণি বন্ধুকেইজনমান আহিল। তেওঁলোকৰে এজনে মৰম লগা বিকিক দেখি সুধিলে, “তুমি অ’চি ভোলা শইকীয়াৰ ল’ৰা নহয় জানো?” বিকিয়ে তপৰাই উত্তৰ দিলে, “দেউতাই কৈছে কিন্তু মায়ে নহয়

Read more

কৌতুক-আদিত্য জ্যোতি বৰঠাকুৰ

প্ৰেমিকা : অ’ জান, মোলৈ মনত পৰিলে বা মোক মিচ কৰিলে তুমি কি কৰা? প্ৰেমিক : মই তুমি ভালপোৱা কেডবেৰি চকলেট খাই দিওঁ৷ আৰু তুমি কি কৰা, মোক মিচ কৰিলে? প্ৰেমিকা : ময়ো তোমাৰ ফেভাৰিট কমলা পচন্দ গুটকা খাই দিওঁ৷ ☆ ★ ☆ ★ ☆

Read more

বৰা দা-ডঃ ৰুলী বৰঠাকুৰ।

বৰা দা মানে মনোৰঞ্জন বৰা ছেঙেলীয়া কালৰপৰাই ভোমোৰা হৈ নতুন নতুন ফুলত পৰাত প্ৰায় সিদ্ধহস্ত। নতুন ফুলপাহ পুৰঠ হোৱা যেন দেখিলেই তেওঁৰ সীমিত জ্ঞানেৰে উপযাচি টিউচন কৰা এটা অভ্যাস আছিল। পিছত যেনিবা মাক দেউতাকে তেওঁৰ স্বভাৱৰ অনুমান পাই তেওঁক বিদায় দিয়ে বা লিলিমাই কৰাই কৰি থাকে। এনেকৈ কৰোঁতে কৰোঁতে  তেওঁৰ  শ্ৰীকৃষ্ণৰ দৰে এশ গোপী  নহ’লেও বৰ বেছি কমো নাছিল। কিন্তু বিয়াৰ বাবে কাকো ধৰি ৰাখিব নোৱাৰিলে। একালৰ সেই ফুলকেইপাহিয়ে বিয়া-বাৰু কৰাই মাকৰ ঘৰলৈ আহি যেতিয়া নিজৰ সন্তানক বৰাক দেখিলে ‘বৰ্তাক

Read more
1 6 7 8 9 10 32