ফটাঢোল

কৌতুক-কৃষ্ণ দাস

বাবলুৰ আৰু বিয়া কৰোৱা নহ’ল। অলপ কিছু বেছি বয়সতেই বেচেৰা বাবলুয়ে বিয়া কৰিবলৈ ওলাইছিল। ঘৰৰপৰা ঠিক কৰা আধুনিকা ছোৱালীক প্ৰথম লগ কৰিবলৈ আনে নিয়াৰ দৰে বাবলুৱেও এখন ডাঙৰ ৰেষ্টুৰেণ্টলৈ লৈ গ’ল। ছোৱালী চাকৰিয়াল, বেচ শিক্ষিতা, গতিকে বাবলুৱে ইংৰাজীতে কথা পতাই ভাল হ’ব বুলি ভাবি সুধিলে, : ইংৰাজী চলিবনে? ছোৱালীজনীয়ে অলপ লাজ লাজ কৈ বাবলুলৈ চাই ক’লে, : পিয়াজ আৰু চানাচুৰ থাকিলে দেশী হ’লেও হ’ব। ☆ ★ ☆ ★ ☆

Read more

কৌতুক-জ্ঞান বৰদলৈ

হেকা দাৰ ঘৰৰ ওচৰৰ নাট্য মঞ্চতো ত এজন কবিয়ে মাইক ত ইটোৰ পিছত সিটো স্ব- ৰচিত কবিতা পাঠ কৰি আছে। ষ্টেজৰ তলত হেকাদাই এখন প্ৰকাণ্ড দা লৈ উত্তেজিত ভাবে ইফালৰ পৰা সিফালে তহল দি ফুৰিছে। মঞ্চত কবিতা পাঠ কৰি থকা কবিয়ে ৰব নোৱাৰি হেকাদাক উদ্দেশ্যি কৈ উঠিল, মহাশয় মই আৰু মাত্ৰ এটা কবিতাহে গাম এইটোৱেই হব মোৰ অন্তিম কবিতা। প্ৰচণ্ড খংত থকা হেকা দাই উত্তেজিত কন্ঠেৰে কৈ উঠিল – নহয় কবি মহাশয়, আপুনিতো আমাৰ অতি সন্মানীয় আমন্ত্ৰিত অতিথি, আপুনি নিশ্চিন্ত

Read more

ঘটক-বিজয় মহন্ত

আদিত্য বৰঠাকুৰে এবাৰ জ্যোতিষ চৰ্চা কেন্দ্ৰ এটা খুলিলে৷ প্ৰথম দুদিনমান মাখি মাৰি পাৰ কৰাৰ পাছত আহিল এজন মানুহ, পুত্ৰ আৰু হ’ব লগা বোৱাৰীৰ কুণ্ডলী (সোঁৱৰণী) লৈ৷ বহু গণনাৰ অন্তত দুইখন কুণ্ডলী হুবহু সকলো গুণেই মিলি যোৱা পাই বৰঠাকুৰে মানুহজনক ক’লে, “খুব কম এনেকুৱা কেছ পাওঁ, য’ত পতি পত্নীৰ মাজত ইমানবোৰ মিল দেখা যায়৷ বৰ সুন্দৰ সংসাৰ হ’ব৷ বিয়া ফাইনেল কৰি দিব পাৰে।” দৰাৰ পিতৃ : কোনো কাৰণতেই নোৱাৰি দেই৷ যদি দুয়োৰে সকলো গুণ মিলি গৈছে, তেন্তে মোৰ সেইটো ঘৰ গুচি

Read more

গেলা বতৰৰ জ’ক -পার্থসাৰথি ভুঞা

নগেনে মালতীক বিয়া কৰাই অনাৰ পাছত তাইক অলপ স্মাৰ্ট বনাবলৈ কিছুমান ইংৰাজী শব্দ শিকাবলৈ ল’লে। ভাত খাওক বুলি কোৱাৰ পৰিৱৰ্তে আহক, লান্স কৰি লওক বা ডিনাৰ ৰেডী কৰিলোঁ জাতীয় শব্দ ক’বলৈ শিকালে। এদিন দুপৰীয়া মালতীয়ে নগেনক মাতিলে, : আহক ডিনাৰ দিছোঁ, খাই লওক! নগেনে মৰমেৰে ক’লে, : মালতী এতিয়া দুপৰীয়া ডিনাৰ নহয় অ’, লান্স বুলি ক’বা। মই তোমাক আগতে কৈছোঁৱেই দেখোন, দিনৰ সাঁজ লান্স আৰু ৰাতিৰ সাঁজ ডিনাৰ। মালতীয়ে বোলে, : মোৰ মনত আছে, কিন্তু আজি এয়া কালি ৰাতিয়েই বনোৱা

Read more

ঝাকাচ সাধু  -ৰিণ্টুমণি দত্ত

চাৰিটা পৰুৱা মদৰ নিচাত ঢলং পলং হৈ বাটেৰে গৈ আছিল। হঠাতে সন্মুখত এটা হাতী দেখা পাই সিহঁত ৰৈ গ’ল। প্ৰথম পৰুৱাটোৱে ক’লে, : ইয়াক মাৰিয়ে পেলাওঁ নেকি? দ্বিতীয়টোৱে ক’লে, : ধেৎ চিকা মাৰি হাত গোন্ধাওঁনো কিয়! এটা কাম কৰোঁ ইয়াৰ ঠেং কেইখনেই ভাগি দিওঁ। গম পাব আমি কি বস্তু! তৃতীয়টোৱে ক’লে, : এটা কাম কৰোঁ ইয়াৰ শুৰডালকে চিঙি পেলাওঁ ন’হলে! চতুৰ্থটোৱে ক’লে, : হেৰ’ ইজ্জত বোলা বস্তু এটা আছে‌ নহয়, বেলেগে শুনিলে কি বুলি ভাবিব! সি হ’ল অকলে আৰু আমি

Read more

হাতী আৰু পৰুৱা -মিলন চন্দ্র দাস

পৰুৱা এটাই বিয়া পাতিবলৈ বুলি এজনী হাতীক চাবলৈ গ’ল। লগত বন্ধু দুজনকো লৈ গ’ল। হাতীক বিয়া কৰাব খোজাৰ কাৰণটো হ’ল, সমাজে পৰুৱাক অতি ক্ষুদ্ৰ প্ৰাণী বুলি ঠাট্টা বিদ্ৰূপ কৰে। সভাই সমিতিয়ে উচ্চ আসন,  বিষয়-বাব নাপায়। হাতীক বিয়া কৰালে তেওঁৰ বংশধৰ  সকল বৃহৎ কলেৱৰৰ হ’ব আৰু সমাজে তেওঁক উচ্চ আসনত বহুৱাব। হাতীৰ ঘৰলৈ গৈ পৰুৱাই তাইক ভৰিৰ পৰা মূৰলৈ চালে। হাতীৰ কাণ দুখনৰ চাইজো ঠিকেই পালে। পৰুৱাটোকো হাতীয়ে পচন্দ কৰিছিল। হাতীজনীৰ মাকে বিচৰা ধৰণে যৌতুক দিবলৈয়ো সন্মত হৈছিল। কিন্তু বিয়াখন অৱশেষত

Read more

শইকীয়া জুনিয়ৰ -জয়ন্ত প্ৰীতম

শইকীয়াৰ ল’ৰাটো  তৃতীয় শ্ৰেণীত পঢ়ে। কৰ’না হৈ যোৱাৰ পিছত স্কুল নতুনকৈ খুলিছে। শিক্ষকে কৰ’নাৰ ওপৰত এখন ৰচনা লিখিবলৈ দিলে।আহকচোন চাওঁ শইকীয়াৰ পুত্ৰই কি লিখিলে, কৰ’না : কৰ’না এটা নতুন উৎসৱ। ফাকুৱা উৎসৱৰ পিছত ই আহি বহুত দিনলৈকে থাকে। বহুত খাদ্য বনোৱা হয় ক’ৰনা উৎসৱত যেনে, ডালগ’না, লালমোহন, জেলেপি ইত্যাদি।সকলোৱে ঘৰত একেলগে থাকে। স্কুল বহুতদিন বন্ধ থাকে। পৰীক্ষাবোৰ নহয়। দোকান আৰু অফিচ বন্ধ থাকে। সকলোৱে মমবাতি জ্বলাই, ঘণ্টা আৰু কাঁহি বজাই এই উৎসৱ পালন কৰে। ক’ৰনা উৎসৱত মুখত মাস্ক পিন্ধি নমস্কাৰ

Read more

চিটিকা : দুলুমণি গগৈ

দুখীয়া ঘৰৰ মৰমলগা কলেজীয়া ছোৱালীজনীক আহোঁতে যাওঁতে অকলে পাই ভৰত বৰাই জালখন পেলাওঁ বুলি ভাবিলে। একেখন বাছতে সদায় অহা-যোৱা কৰোঁতে কেতিয়াবা চকলেট, কেতিয়াবা মিঠা-পাণ দিবলৈ ল’লে। এদিন তাইক লগ কৰিবলৈ বুলি আধাতে অফিচ এৰি থৈ আহিল তেওঁ। কথা দিয়া মতেই নিৰ্দিষ্ট ঠাইত এঘণ্টা খাপ পিটি ৰৈ থাকিল। পিচে দুয়ো একেলগে চাহ খাবলৈ হোটেলত সোমাওঁতেই বৰানীয়ে পালে। : ব’লক ঘৰলৈ। আজি চাহ খুৱাম! : মানে! তেওঁ ইপিনে সেপ ঢুকি থাকোঁতেই বৰানীয়ে ছোৱালীজনীক দুহেজাৰটকীয়া নোট দিয়া দেখি বৰাই প্ৰমাদ গণিলে। বৰানীক হোটেলত

Read more

কৌতুক– ডা° পাৰ্থসাৰথি ভূঞা

১) ৰীতাৰ গিৰিয়েক প্ৰাইভেট কোম্পানী এটাত চাকৰি কৰে। ঘৰ আহি পাওঁতে সদায় সন্ধিয়া সাতমান বাজে। এদিন তেওঁ নিশা দহ বজালৈকে ঘৰ আহি নোপোৱাত ৰীতাৰ বৰ চিন্তা হ’ল। মোবাইলত ফোন কৰিও পোৱা নাই। চিন্তাতে তাই বান্ধৱী লীনাক ফোন কৰিলে। ৰীতা : ঐ শুনচোন, পংকজ এতিয়াও অফিচৰপৰা অহা নাই। ফোন কৰিলেও নট ৰিচ্ছেবল পাওঁ। ইয়াৰ কাৰোবাৰ লগত এফেয়াৰ আছে চাগে বুজিছ, নাজানো আৰু ক’ত ফূৰ্তি কৰি আছে, হুক হুক… লীনা : হেই এইজনী। ৰহচোন, পটকৈ বেয়া কথাবিলাক নাভাবিবি। ডিউটিৰপৰা বাইকত আহি থাকোঁতে

Read more

কৌতুক : বন্দিতা জৈন

আমাৰ বিজু দা যে, জানেনে কোনোবাই, ৰ’ব মই পৰিচয় পিছত দিম৷ তেখেত ভগৱানৰ ভক্তিত গদগদহৈ থাকে আৰু সদায় এটা আপত্তি ভগৱানলৈ পঠিয়াই থাকে৷ তাকে দেখি ভগৱানৰ দয়া ওপজি তেওঁক দেখা দি কি ক’লে আৰু বিজু দাৰ আপত্তিবোৰ চাওঁ আহকচোন৷ : ভগৱান, নোটবন্দীৰ বাবে বহুত লোকচান হ’ল৷ GSTৰ বাবে বহুত সমস্যাৰ সৃষ্টি হৈছে; পেট্ৰ’ল, ডিজেলৰ দাম বাঢ়ি গৈছে; বিজুলী, পানীৰ বিলত ৰেট্‌ বাঢ়ি গৈছে; সোণ, ৰূপ ৰ দাম বাঢ়ি গৈছে; শ্বেয়াৰ মাৰ্কেটত ঘাটি হৈ আছে৷ উফ্‌ ভগৱান আজি ইমান ঠাণ্ডা! হে

Read more
1 7 8 9 10 11 32