ফটাঢোল

অব্যক্ত প্ৰেম-চবিনা ইয়াছমিন

তেতিয়া হায়াৰচেকেণ্ডেৰী প্ৰথম বৰ্ষত নাম ভৰ্তি কৰিছোঁ৷ কিবা এক অচিনাকি পৰিবেশ৷ সকলো নতুন৷ স্কুলৰ দুই এক বন্ধু-বান্ধৱী লগ পাইছোঁ যদিও বেছিভাগেই নতুন৷ তাতোকৈ ডাঙৰ কথা হ’ল স্বাধীনতাটো৷ কোনো ধৰাবন্ধা নিয়ম নাই৷ মন গ’লেই ওচৰৰ ৰেষ্টুৰাঁত চাহ একাপ খাই আহিব পাৰোঁ৷ সেইবুলি আকৌ ক্লাছবোৰ নিয়মীয়াকৈ কৰিছিলোঁঁ৷ অফ পিৰিয়ডতহে ইফালে-সিফালে কেতিয়াবা ওলাই যাওঁ৷ মই আজৰি সময়ত কেতিয়াবা কলেজৰ লাইব্ৰেৰীত কিছু সময় অতিবাহিত কৰোঁ৷ অসমীয়াত মেজৰ লৈ পঢ়া ছাত্ৰ-ছাত্ৰীৰ বাবে তাত বহুতো সংগৃহীত কিতাপ আছিল৷ প্ৰথম বৰ্ষৰ আছিলোঁ যদিও আমি লাইব্ৰেৰীৰ পৰা কিতাপ

Read more

অহা জনমত মিনুক মই বিয়া পাতিম-মৌচুমী বৰি

নব্বৈ দশকৰ কথা৷ মই মিনুৰ প্ৰেমত পৰিছিলোঁ৷ আপুনি নিশ্চয় ভাবিছে মই মিনুৰ প্ৰেমত কেনেকৈ পৰিলোঁ! আচলতে মই মিনুক টিউচন কৰিছিলোঁ৷ মই আছিলোঁ হায়াৰ চেকেণ্ডাৰী পৰীক্ষা দিয়া পিলিঙা ডেকাটি আৰু মিনু আছিল ক্লাছ নাইনৰ পাট গাভৰুজনী৷ ভাল লগাৰ কথাই, নহয়নে বাৰু?চাৰিচকুৰ মিলনেৰে আমাৰ প্ৰেমৰ জাগৰণ হৈছিল৷ মই মিনুলৈ প্ৰেমপত্ৰ লিখিবলৈ আৰম্ভ কৰি দিছিলোঁ৷ মিনুৱেও মোলৈ চিঠি দিছিল৷ আমাৰ প্ৰেম ইমান তুঙ্গত উঠিছিল যে মই মিনুক “দেহা” বুলি মাতিহে হৃদয় শাঁত পেলাব পাৰিছিলোঁ৷ মিনুৱেও মোক জানটো, সোণটো বুলি মাতিছিল৷ মিনুৰ মাকেও মোক

Read more

প্ৰেমৰ নিচা-দিম্পল কলিতা

গাঁৱত বিশাল আয়োজনেৰে বিশ্ব শান্তিৰ বাবে মহাযজ্ঞৰ অনুষ্ঠান হৈছে। দূৰ-দূৰণিৰপৰা মানুহ আহিছে। গাঁওখনত সেইকেইদিন উৎসৱমুখৰ পৰিবেশ। মানুহবোৰে এসপ্তাহৰপৰা নিজৰ নামবোৰ কমিটিৰ ওচৰত লিখিছে যজ্ঞত আহুতি দিবলৈ। প্ৰথমদিনা বহুত কমসংখ্যক সাধাৰণ মানুহে লিষ্টত নাম ভৰাব পাৰিছে। কাৰণ সেইদিনা বেছিসংখ্যক নাম ভি আই পি অতিথিৰ বাবে সংৰক্ষিত হৈ আছে।   “এইবাৰ অংকিতা হাজৰিকা আগুৱাই আহিব লাগে।”  মাইকত কমিটিৰ সদস্য এজনে নামবোৰ ঘোষণা কৰি আছে, আৰু নাম মতেই মানুহবোৰে গৈ আহুতি দি আছে।  অংকিতা হাজৰিকা (গুৱাহাটী) নামটো মতাৰ লগে লগে এজন ওখ-পাখ ল’ৰা যজ্ঞৰ

Read more

এটা পজিটিভ কাহিনী-অৰ্চন শৰ্মা

লেপটপটো খুলি অন কৰি ল’লোঁ। ঘড়ীটোলৈ চালোঁ, দহ বাজি পাঁচ মিনিট গৈছে। দেৱালত ওলমি ৰোৱা প্ৰকাণ্ড দেৱাল ঘড়ীটোৰ টিক্‌-টিক্‌ শব্দৰ লগে লগে মোৰ বুকুখনৰ ঢিপ্‌-ঢিপ্‌ শব্দবোৰেও তালত তাল মিলাই বাজিবলৈ ধৰিলে। হাত ভৰিবোৰ বৰকৈ টানি টানি ধৰিছে, নাৰ্ভৰ সমস্যাত ভুগিছোঁ নেকি বাৰু! নিজেই নিজকে সুধিলোঁ।  যোৱা দুদিনমানৰপৰা এই বিশেষ সময়কণত বৰকৈ হাত-ভৰি টানি ধৰা, বুকুৰ হাৰ্ট বিট বাঢ়ি যোৱাৰ দৰে কথাবোৰ অনুভৱ কৰিবলৈ লৈছোঁ। মা-দেউতাক ক’বলৈ বেয়া লাগে বাবে কালি নিজেই বৰুৱা খুড়াৰ ক্লিনিক পালোঁগৈ, তেওঁ নাৰ্ভৰ স্পেচিয়েলিষ্ট। : কি

Read more

ফটা প্ৰেম-মিৰাজুল ৰচিদ

বৰ দুখৰ কাহিনী বুজিছে ৰাইজ। এই কলমটো তুলি সেই হৃদয় ভঙা স্মৃতিকে লিখিবলৈ লৈছোঁ। প্ৰেম মই সৰুৰেপৰা কৰিবলৈ শিকিছিলোঁ। ক,খৰ পাছত এ,বি,চিৰ ঠাইত মই প্ৰেমপত্ৰ লিখি প্ৰেম নিবেদন কৰিবলৈ শিকিছিলোঁ চিধাই৷ তেতিয়া মই চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ। আমাৰ ঘৰত এখন হিৰো চাইকেল আছিল। মই চাইকেলখনৰ চিটত বহি চলাব পৰাকৈ ওখ নাছিলোঁ। তথাপি কম বস্তু নে মই! চাইকেলৰ পেডেল ঢুকি নাপালেও মনত দুখ নাছিল, নিজে মনটোক বুজাইছিলোঁঁ, “বি পজিটিভ মিৰাজ৷” তাৰ পাছত চাইকেলখনৰ চিটত সোঁ-হাতেৰে ভেজা দি এখন ভৰি মাজেৰে ইফালৰপৰা সিফালে

Read more

বীজেন্দ্ৰ সংবাদ-দিব্যজ্যোতি কলিতা

আমাৰ ঘনকান্ত আৰু বতাহীবাইৰ পুতেক বীজেন্দ্ৰ বিপ্লৱ বৰা। অ’ ৰ’ব ৰ’ব। বাপেক মাকৰ নামৰ সৈতে পুতেকৰ নামৰ এনে আকাশ-পাতাল পাৰ্থক্য দেখি নিশ্চয় সোঁহতীয়াসকলৰ সোঁহাতখনে আৰু বাওঁহতীয়াসকলৰ বাওঁহাতখনে মূৰৰ ওপৰলৈ উঠি গৈ ৰহিলা পেহীৰ ওকণি খজুওৱাৰ শৈলীত খৰক্ কৈ এখজুৱনী মাৰিলেই। পিচে ৰ’ব। টিলিকতে মই আপোনাসৱৰ হাতবোৰ নমাই অনাৰ ব্যৱস্থা কৰোঁ৷ আচলতে ঘনকান্ত আৰু বতাহীৰ ল’ৰা সন্তানটি জন্ম হোৱাৰ পিছতে বটাহীয়ে ঘনকান্তক কৈছিল, : বোলো, আমাৰ দিন গ’ল। এতিয়া মদনৰ যুগ৷ (ৰাইজৰ মুখত শুনা মডার্ণ যুগক নিৰক্ষৰ বতাহীবায়ে মদনৰ যুগ বুলিয়েই

Read more

মোৰ কবিতাৰ ছন্দ লাগি-অজান অনুভৱ বৰা

“লেপ তুলি গাৰু-কভাৰ, তুমি মোৰ প্ৰথম লভাৰ।” কবিতা ভালপোৱা তাইজনীক এনেকৈয়ে প্ৰথম আকৰ্ষণৰ চেষ্টা আছিল সেয়া! কবিতা লিখিব নজনা মই, কবিতাৰ নামত সেইষাৰেই ওলাইছিল। কি কৰোঁ‌! আৰু কি লিখোঁ‌ …. ইফালে শুনিছোঁ‌ তাই হেনো কবিতা লিখা ল’ৰাৰ লগতহে বিয়া হ’ব। ঈশ্বৰক চিন্তা কৰি যি হয় হ’ব বুলি দি দিলোঁ‌ সেই দুশাৰীকে ফেচবুকৰ ইনবক্সত। অপেক্ষা কৰি কৰি এপাকত সেউজীয়া লাইটটো জ্বলিল, মোৰ কবিতাও পঢ়িলে। ইফালৰপৰা ৰিপ্লাই আহিল,  : ধেই! এই যে ‘ধেই’টো, জীৱনৰ চালিকা শক্তি; কবিতা লিখাত জনালে মোক উদগনি। উফ্

Read more

শুভচিন্তকৰ চেষ্টা-দ্বিজেন তামুলী

যেতিয়াৰ পৰা বিয়া পাতিম বুলি মনত ভাৱ এটা উপজিছিল তেতিয়াৰ পৰা মনত এগৰাকী ছোৱালীৰ কল্পনাও নকৰা নহয়৷ যিহেতু আগতে কাৰো লগত ফাইনেল লিলিমাই কৰাই নহ’ল ভাবিব লাগিবই দিয়কচোন৷ মনত ভাৱ আছিল এগৰাকী খুব মৰমীয়াল, সহজ-সৰল, পতিব্ৰতা লগতে চুলিকোছা দীঘল ছোৱালী চাম৷ মুঠৰ ওপৰত চুলিখিনিৰ বাহিৰে একদম এওঁৰ  দৰে৷ মই কিন্তু নিজে গৈ কাৰো ওচৰত পেৰেম নিবেদন কৰিব পৰা বিধৰো নাছিলোঁ৷ যি হওক, মোৰ দুজন ‘শুভচিন্তকে’ এজনী ছোৱালীক মোৰ কথা কৈ বাৰুকৈ মোৰ প্ৰতি আকৰ্ষিত কৰিছিল৷ কথাটো মই ঘুনুক-ঘানাককৈও শুনা নাছিলোঁ৷

Read more

পলাল ঐ তাই পলাল – নয়নজ্যোতি বৰঠাকুৰ

প্ৰথম প্ৰেমৰ জুইকুৰা নুমাবলৈ নাপালেই চাগে, ওচৰৰ বৌ এগৰাকীৰ ককায়েকৰ বিয়া খাবলৈ বুলি লগৰ এটাৰ লগত গ’লোঁ৷ সি বাৰে বাৰে কৈছিল যে সি থাকিব নোৱাৰে, ঘূৰি আহিলেহে যাব৷ ময়ো হ’ব বুলি কৈ লৈ গ’লোঁঁ৷ বিয়া ঘৰত সোমোৱাৰ পাছতে ৰভাতলত বহি থাকোঁতেই দেখিলোঁ, এজনী ৰঙা টপ আৰু ব্লেক স্কাৰ্ট পিন্ধা বৰ ধুনীয়া ছোৱালীয়ে চফ বিলাই ফুৰিছে৷ আমাকো দিলেহি৷ মোৰ আকৌ তাইৰ চকুযোৰত আগৰ সেই প্ৰেমিকাৰ চকুযোৰ দেখাৰ দৰে লাগিল, লগে লগে দেহৰ ভিতৰত এক অবুজ শিহৰণ প্ৰৱাহিত হ’ল৷ এনে লাগিল যেন

Read more

ডেমকেয়াৰণীৰ প্ৰেমত-নীলাঞ্জনা মহন্ত

হোষ্টেলৰ ডাঙৰ গে’টখনৰ সিপাৰে ছোৱালীবোৰে পাৰ্টি কৰি আছিল৷ ইপাৰে ৰাতি বাৰ বজাৰ লগে লগে ল’ৰাৰ হোষ্টেলবোৰৰ পৰা কেইটামান সৰু সৰু জাকৰ লাহে লাহে আগমন হ’বলৈ ধৰিলে৷ তাৰ ভিতৰত বিজয়ো আছে৷ এইবছৰ কলেজত তাৰ শেষ ছেমিষ্টাৰ৷ গতিকে লগৰবোৰে জোকাই থকা দুবছৰ জুনিয়ৰ ডেমকেয়াৰণী ভন্টিজনীক মনৰ কথা আৰু পিছত কোৱাৰ সুযোগ নাপাব সি৷ লগৰকেইটাৰ জেক খাই বিজয়ে সিহঁতৰ হোষ্টেলৰ বাগিচাত আন্ধাৰে-মুন্ধাৰে গোলাপ নে নাৰ্জিফুল যি পালে দুপাহমান ছিঙি ছাৰ্টৰ তলত লুকুৱাই আনিছে৷ গোলাপ নহয় চাগে, থকা হ’লে বুকুত কাঁইটে বিন্ধিলেহেঁতেন কিজানি! বিজয়ৰ

Read more
1 3 4 5 6 7 31