ফটাঢোল

চাইকেলৰ বেকচিটৰ লটি ঘটি- হিমাংশু শৰ্মা

অষ্টম শ্ৰেণীত পঢ়ি থকা সময়ৰ ঘটনা। সেই পকা ৰবিবাৰটোত দুষ্টালিৰে ভৰা দিনটো আৰম্ভ হৈছিল ঠিক ৰাতিপুৱা ৬.৩০ মান বজাৰপৰাই। ইতিমধ্যে মই শোৱাপাটী এৰি মুখ-হাত ধুই ‘বেলকনি’ত সৰু টেবুল আৰু চকীখন লৈ কিতাপ মেলি লৈছিলোঁ আৰু মাক আব্দাৰ কৰি আছিলোঁ চাহৰ বাবে। সেইদিনা মাও আচৰিত হৈ পৰিছিল৷ আচলতে ল’ৰাটোৰ হ’ল কি? গালি নিদিয়াকৈয়ে শুৱাৰপৰা উঠিল, উঠিয়েই পঢ়া আৰম্ভ কৰিলে! হয়তো মা সেইদিনা অলপ সুখী হৈছিল মোৰ পৰিৱৰ্তন দেখি। তেওঁ দৌৰা-দৌৰিকৈ খোৱাৰ যোগাৰ কৰি দিলে৷ চাহ আৰু লগত কি আছিল পাহৰিলোঁ। দেৰি

Read more

দৰাৰ জোতা- কমলা দাস

মামাৰ ল’ৰা ভাইটিৰ বিয়া। বিয়া বুলি ক’লেই হাঁহি স্ফূৰ্তি অলপ হয়েই। দৰা কইনা দুয়ো ঘৰেই গুৱাহাটীয়া। গতিকে বিয়াৰ নিয়মবোৰ অসমীয়া সমাজৰ পৰম্পৰা মতেই হৈছে যদিও দুই এটা ফিল্মী পৰম্পৰাও মাজতে সোমাইছে। তাৰে এটা হ’ল – দৰাৰ জোতা লুকুওৱা পৰ্ব। (এইটো এটা ধেমেলীয়া পৰ্ব। এইটো পৰ্ব আজিকালি অকল গুৱাহাটীয়েই নহয়, অসমৰ প্ৰায়বোৰ ঠাইতেই চলে) দৰা গৈ কইনা ঘৰ পালে, পদূলিতে কলৰ তলত ভৰি ধুৱাই আদৰাৰ নিয়ম। দৰাই জোতা খুলি বৰপীৰাত উঠি থিয় হ’লে, কইনাঘৰীয়া কোনোবা সৰু ছোৱালীয়ে দৰাৰ ভৰি ধুৱাই দিয়ে।

Read more

ল’ৰালি আৰু মোৰ হাৰ্কিউলিছ – অৰবিন্দ গোস্বামী

এয়া নব্বৈৰ দশকৰ কথা। আমি চাইকেল চলাই স্কুললৈ যাওঁ। সঁচা কথা যদি কওঁ, তেন্তে  ক’বই লাগিব যে দেউতাই প্ৰথম ‘হাৰ্কিউলিছ’ কোম্পানীৰ চাইকেল এখন কিনি আনি দিয়াৰ দিনা এনে লাগিছিল, যেন মোতকৈ সুখী প্ৰাণী এই পৃথিৱীত আৰু কোনো নাই। মই অলপ চাপৰ হোৱাৰ বাবে ২২ ইঞ্চিৰ ‘হাৰকিউলিছ’ চাইকেল এখন আনি দিছিল। নতুন চাইকেলখনৰ চিকমিকনিয়ে মনতো এক চিকমিকনিৰ সৃষ্টি কৰিছিল।লাহে লাহে ময়ো দুই এজন বন্ধুৰ সৈতে ৰাস্তাত শাৰী পাতি চাইকেল চলাই আহিব পৰা সন্মানৰ অধিকাৰী হ’লোঁ। এই চাইকেলখনক লৈ এটা অহঙ্কাৰে মনত

Read more

বিয়াৰ যৌতুকৰ ফণিখন – মৃদুল নাথ

মাহটোত দেওবাৰকেইটাৰ উপৰিও প্ৰথম আৰু তৃতীয় শনিবাৰ দুটা বন্ধ পাওঁ। ইয়াৰ বাবে অৱশ্যে বাকী দিনকেইটাত প্ৰতিদিনে অতিৰিক্ত সময় অফিছৰ বাবে দিবলগীয়া হয়। তাৰ বাবে আক্ষেপ নাই, কাৰণ কিবা পাবলগীয়া হ’লে কিবা এৰিবলগীয়া হ’বই, এয়াই প্ৰকৃতিৰ নিয়ম। সেয়ে মাহৰ প্ৰথম আৰু তৃতীয় শনিবাৰ দুটা মিলাই কৰিবলগীয়া কিছু কামৰ বাবে আগতীয়াকৈ প্লেন কৰোঁ। ওচৰে পাজৰে যাবলগীয়া হ’লে, নতুবা এটা সৰুকৈ ‘গেট টুগেদাৰ’ জাতীয় (আচলতে আড্ডা, মেহফিল আদি শব্দবোৰহে সঠিক হ’ব) পাতিবলৈ এই শনিবাৰ দুটাৰ এটাক বাছি লোৱা হয়। লকডাউনৰ বাবে বাহিৰলৈ ঘূৰিবলৈ

Read more

মেখেলা উজোৱা – কমলা দাস

এইটো লকডাউনৰ বহু যুগ আগৰ ঘটনা৷ সেই সময়ত বিয়া সবাহ বুলি ক’লে আজিকালিৰ দৰে বাতিৰ চেট লৈ সন্ধিয়া দৰা-কইনাক দেখা দি অভিনন্দন, কংগ্ৰেচুলেচন জনাই  চিধাই বুফে’ত জপিয়াই পৰাৰ নিয়ম নাছিল৷ বিয়া মানে পাৰিলে জোৰণৰ তিনিদিন মান আগতে পো-পোৱালি সহিতে উঠা দি যোৱাৰ নিয়ম হে আছিল৷ তেনেবোৰ দিনতে দূৰণিৰ বিয়া এখন খাবলৈ ঘৰৰ মানুহখিনিৰ সৈতে হিলদল ভাঙি ওলালোঁ চহৰৰ পৰা ২০ কিলোমিটাৰ মান দূৰৰ গাঁও এখনলৈ। একদম বাৰজনীয়া সজাতী দল সহিতে। যিহেতু মানুহ বহুত, আৰু কাকো কোনেও এৰা এৰিকৈ নাযায়, গতিকে

Read more

পুৰণি ক্ৰাছ যেতিয়া চকুত পৰে – অংকুমণি ডেকা

লগৰজনৰ ফোন আহিল, : ফেব্ৰুৱাৰীৰ ২৩ তাৰিখে দাদাৰ বিয়া, তোলৈ নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ৷ এবাৰ দেখা দিবি বুলি আশা থাকিল। ঘনিষ্ঠ বন্ধুৰ ককায়েকৰ বিয়া, তাতে আকৌ সকলোবোৰ পুৰণি বন্ধুৰ লগত আড্ডা জমোৱাৰ সুবিধা পাম, নোযোৱাকৈ থাকিব পাৰোঁ নে! গতিকে ফোনতে যোৱাৰ নিশ্চয়তা দিলোঁ। বিয়াৰ আগদিনাৰ পৰাই থৌকিবাথৌ মন, কি ৰঙৰ চুৰিডাৰৰ লগত কি ৰঙৰ কাণফুলি মিলিব, কোনটো ষ্টাইলৰ ক্লিপ লগালে মেটছিং হ’ব! এইবোৰ ভাবনাতে ৰাতি ভালকৈ শুবই নোৱাৰিলোঁ। ৰাতিপুৱা আকৌ আমাৰ চুবুৰিৰে বিউটি পাৰ্লাৰত কাম কৰা নমিতা বায়ে এপাকত আহি ফেচিয়েল

Read more

কুম্ভকৰ্ণৰ অত্যাচাৰ – অভিজিত গোস্বামী

তেতিয়া মই বেংগালুৰুত এম.বি.এ কৰি আছিলোঁ। মোৰ কলেজ আকৌ মোৰ থকা ঠাইৰ পৰা প্ৰায় ২০ কি:মি: আঁতৰত আছিল, গতিকে সদায় মই বাইক লৈ অহা যোৱা কৰিছিলোঁ। কিন্তু মোৰ কলেজীয়া লগৰ বন্ধুবোৰ প্ৰায় কলেজৰে হোষ্টেলত থাকিছিল। এম.বি.এ বুলিলে, অত্যাধিক প্ৰজেক্ট আৰু এচাইনমেণ্টৰ অত্যাচাৰে আমাৰ দৰে নিৰীহ জীৱবিলাকৰ জীয়াই থকা আৰু নথকা প্ৰায় একেই কৰি পেলাইছিল। ইফালে মই থকা ঠাইত মোৰ কলেজৰ কোনো নথকাৰ বাবে আৰু গ্ৰুপবিলাকও প্ৰায় হোষ্টেলৰ ল’ৰাবোৰৰ লগত পৰাৰ বাবে, মই প্ৰায়ে ৰাতি শেষ নিশালৈকে হোষ্টেলত কাম কৰি পুৱতি

Read more

লোকৰ প্ৰেমত লটি ঘটি – অগ্নিভ দত্ত

আমি হ’লো মান্ধাতা যুগৰ মানুহ৷ আমি সেই সময়ৰ মানুহ যি সময়ত আজিৰ দৰে স্মাৰ্ট ফোনটো বাদেই মোবাইল ফোনেই নাছিল, আছিল যদি কোনোবা এঘৰ দুঘৰত লেণ্ডলাইন ফোন আৰু সেই ফোনে শোভাবৰ্ধন কৰিছিল সেইসকলৰ চ’ৰাঘৰত৷ সেই তেনেকুৱাবোৰ দিনতে আমাৰ লগৰ এটা পৰিল এজনী ছোৱালীৰ প্ৰেমত৷ কৈছোঁৱেই আমি যি যুগৰ মানুহ সেই যুগত মোবাইল, ফেচবুক এইবোৰৰ দূৰ দূৰলৈকে কোনো দেখা দেখি নাছিল৷ ল’ৰা প্ৰেমত পৰিল ক’ৰবাত এদিন ভুটুংকৈ ছোৱালীজনী দেখি৷ এদিন দেখাৰ পাছত মানে সেই হৃদয়ত গীটাৰৰ ঝনঝননিৰ পাছত আৰু দেখা দেখি নাই৷

Read more

শ্ৰেণীকোঠাৰ মেকুৰী- ধূৰ্জ্জটি কাকতি

আমি স্কুলৰ দিনত লগাতকৈ বেছিয়েই উৎপতীয়া আছিলোঁ৷ তাতে অকল ল’ৰাৰ স্কুল, উৎপাত এনেয়েও বেছি হয়৷ পাঠদান চলি থকাৰ মাজতে শিক্ষকে নেদেখাকৈ কোনোবাই কটাকটি খেলি থাকে, কোনোবাই চোৰ পুলিচ, কোনোবাই দবা খেলে৷ এনেবোৰ কাৰণত মোটামুটি দৈনিক পিটনো খাইছিলোঁ বাৰু৷ বেঞ্চৰ ওপৰত উঠিবলৈ দিয়াটো সাধাৰণ কথা আছিল৷ আমাৰ ছাৰ এজনে কৈছিল, “তহঁত হিমালয়ত আৰোহণ কৰাৰ যোগ্য”৷ মানে এদমাণ্ড হিলাৰী হ’বলৈ সন্মান কৰি কোৱা নাছিল, ছাৰৰ মতে যিহেতু গছবোৰ পাহাৰৰ ওপৰৰপৰা অনা হয়, তাৰ কাঠ কাটি বেঞ্চ বনোৱা হয়, গতিকে বেঞ্চত উঠা মানে

Read more

আপদীয়া মাস্ক – জয়ন্ত গগৈ

হৰিনামৰ প্ৰসাদ ভাগিৰ সতে দিয়া থুৰীয়া তামোলখনি চূণ-ধঁপাত লগাই মুহুদি মাৰি ভকত বৈষ্ণৱ সবৰ লগত বাঘজানৰ জুইকুৰাৰ কথা আলচ কৰি আছিলোঁ। লোহিত বাপে ভূ-কম্পন, মাগুৰি মতাপুং বিলত সিচৰতি হৈ থকা তৈল পদাৰ্থৰ বিষয়ে সোধাত, মই মোৰ তৈলক্ষেত্ৰৰ সতে জড়িত অভিজ্ঞতাৰ ওপৰত ঠাৱৰ কৰি দুৱাষাৰ মান ভকত বৈষ্ণৱৰ আগত কৈ আছিলোঁ। বাহিৰত কিনকিনিয়া বৰষুণজাক দি থকাৰ বাবেই পাক ধৰি থকা তামোলৰ পিক নেপেলোৱাকৈ কথাৰ মহলা মাৰিছিলোঁ। আলোচনাৰ বিষয়বোৰো ইণ্টাৰেষ্ট্ৰিং হৈ গৈ আছিল। মুখত লাহে লাহে জমা হৈ অহা পিক অলপ কথাৰ

Read more
1 24 25 26 27 28 70