ফটাঢোল

প্ৰেমপত্ৰ- মৌচুমী শৰ্মা

তেতিয়া সপ্তম কি অষ্টমমানত পঢ়ি আছোঁ৷ প্ৰেম ভালপোৱা আদি শব্দ তেতিয়া লাজ লগা কথা৷ বান্ধৱীবোৰৰ মাজত গোপনে গোপনে আলোচনা হয়, তাকো ফুচফুচ ফাচফাচ৷ তেতিয়া প্ৰেমিক-প্ৰেমিকাৰ মনৰ ভাৱ বিনিময় কৰা মাধ্যম হিচাপে চিঠি আৰু গোপনে গোপনে ক’ৰবাত লগ ধৰা, বাটত দেখিলে লাজ লাজকৈ ইংগিত দিয়া আদিৰ বাহিৰে একো নাছিল৷ আজিকালিৰ দৰে হাতে হাত ধৰি, দিনৰ দিনটো ফোন বা মেচেজ কৰা কল্পনাৰ বাহিৰৰ কথা৷ সেই সময়ত এই প্ৰেম ভালপোৱা কি বস্তু বুজা হৈ উঠা নাছিলোঁ যদিও ওচৰ-চুবুৰীয়া দাদা-বাইদেউৰ প্ৰেমৰ মাধ্যম হোৱাৰ সুভাগ্যইনে

Read more

লটিঘটি – মনালিছা বৰা

জনাহোৱাৰে পৰা বৰ ইচ্ছা আছিল চাইকেল চলোৱাৰ।দাদাহঁতে চলাই থকা দেখো যে। দেতাক অত ক’লো বোলো লোহা এডুখৰি মোকো দিয়া। ঘৰৰ চতুৰ্থ সন্তান মই তাতে ঘৰৰ লগতেই স্কুলখন। গতিকে লেডি চাইকেল নহ’ল আৰু! ময়ো কম নহয়, দাদাহঁতৰ খনকে টানি ফুৰিছিলো। বোধহয় চেভেনমানত কোনোমতে ল’ৰাৰ চাইকেলখন চলাব পৰা হ’লোগে আৰু। তাৰপিছত কোনে পায়! টাউনলৈ যাবলৈ কোনোবাই থৈ যোৱা খনকে লৈ দিনটো টানি ফুৰো। এবাৰ বাৰ লগৰ এজনীয়ে চাইকেলখন থৈ গল স্কুললৈ কিবা কামত। ময়ো মজাই পালোঁ। পিচে ফুল চেইন কভাৰ লগোৱা চাইকেলখনত

Read more

আস্থালিন, বৰলিনহঁতৰ সাংস্কৃতিক অনুষ্ঠান পতাৰ আঁচনি-মৌচুমী বৰি

আস্থালিনে ৱ’মেন হৰলিক্সক ক’লে- : বাইদেৱে ফোনত কথা পাতি থকা শুনিছিলোঁ আলহী আহিব বোলে! : অ’ হয় নেকি? তেনে আমাৰ স্থান সলনি হ’ব কেইদিনমানৰ বাবে! – ৱ’মেন হৰলিক্সে ক’লে বিটাডিন, ফলিক এচিড, কেষ্টৰ অইল, নাৰিকল তেল আৰু তিল তেলে খিকখিক কৈ হাঁহি উঠিল! : আমাৰ বাইদেউ যে আৰু,  এই ডাইনিং টেবুলখনতে আমাক দিনে-ৰাতিয়ে বহুৱাই থ’ব আৰু আমিনো ইমান এলাগী নে আলহী অহাৰ লগে লগে ভিতৰৰ কোঠালৈ গতিয়াই মতিয়াই লৈ যাব, বিটাডিনে হুমুনিয়াহ কাঢ়ি ক’লে৷ : এলাগী বুলি নাভাবে অ’, আলহীক

Read more

চিনেমাহলত -মানৱজ্যেতি   বৰা

শিৱসাগৰৰ জিলাৰ কথা ৰাইজে জানেই, সেই ঐতিহাসিক শিৱসাগৰ জিলালৈকে এদিন মই গৈছিলো । মোৰ লগত আছিল মোক আবৃত্তি শিকোৱা গুৰু গোলাপ বৰা ছাৰ। ছাৰ গৈছিল আবৃত্তি ৰ  পৰীক্ষা লবলৈ শিৱসাগৰৰ কালুগাঁওলৈ আৰু ছাৰৰ মৰমৰ ছাত্ৰ হোৱা বাবে মোকো লৈ গৈছিল লগতেযাতে ছাৰৰো অলপ সহায় হয় । আমাৰ প্লেন মতে সেইদিনা শিৱসাগৰত অলপ ঘুৰি ফুৰি (লগতে পৰীক্ষাৰ কামটোও সমাধা কৰি ) আমি পিছ দিনা নামৰূপলৈ যাত্ৰা কৰাৰ কথা । যথাসময়ত ছাৰ আৰু মই বাছেৰে গৈ শিৱসাগৰৰ কালুগাঁৱত উপস্হিত হলোগৈ. যেহেতু আমাৰ

Read more

বিজয় চুপাৰ- জয়ন্ত গগৈ

শ’লগুৰি আলিয়েদি গ’লেই চকুত পৰে এখন বৃহৎ খেলপথাৰৰ সৈতে চেচাসত্ৰ একাডেমি হাইস্কুলখনি। আৰু এই স্কুলৰ বিপৰীতেই আলিৰ দাঁতিতে “পূৰ্ণিমা ফেব্ৰিকেচন”ৰ দোকানখনি গঢ় লৈ উঠিছে। এক পৰম আকাংক্ষিত সুবিধা আগবঢ়োৱাৰ বাবেই বৃহৎ অঞ্চলটিৰ ৰাইজে অশেষ কৃতজ্ঞতা জনাইছিল ইন্দ্ৰ কাইটিক। নহ’লে সেই সময়ত ফেব্ৰিকেচনৰ কিবাকিবি কাম থাকিলে এই অঞ্চলৰ ৰাইজ নগৰলৈ বুলি বাটকুৰি বাই যাব লগীয়াত পৰিছিল। এতিয়া গাঁৱতে সেই কাম কৰাৰ সুবিধা পাই সকলোৱে পৰম আনন্দিত। দুৱাৰ-খিৰিকী, গেট আদি লোৰ সামগ্ৰী ওচৰতে তৈয়াৰ কৰি ল’ব পৰা হৈছে। এনেও ইন্দ্ৰ কাইটি এক

Read more

নবোৱাৰীৰ তামোলৰ বটা-পল্লৱী কলিতা৷

বিয়া হৈ আহি শহুৰৰ ঘৰত পিছদিনা৷ অসংখ্য মানুহ৷ ৰাতিপুৱাই উঠি কামটোতো নহ’লেই, ইপিনে ওৰণি লৈ সেৱা ভাগি দি সকলোকে আঁঠুকাঢ়ি কাঢ়ি চাহ দি দি গৈ আছোঁ‌৷ কাক কাক সেৱা কৰিছোঁ‌ নাৰ্ভাচৰ কোবত ওপৰলৈ চোৱা নাই অলপো৷ তেনেতে সৰুকে মাত এটা আহিল বোলে, “খুৰী, মোক সেৱা কৰিব নেলাগে, মই আপোনাৰ ভতিজাহে৷”  উফ ৰাম! তেতিয়া পুৰা নাৰ্ভাচ ব্ৰেক ডাউন আৰু৷ গোপনে গোপনে হৈ গ’ল বাৰু সেই কাণ্ড৷ ওচৰ চুবুৰীয়া মানুহ আহি আছে গৈ আছে৷ চাহ তামোল দি দি ঘৰৰ সব মানুহ মোৰ

Read more

কৃষ্ণ গোঁসাই নাচে কদম তলে-প্ৰসেনজিৎ গোস্বামী

তৃতীয় বা চতুৰ্থ শ্ৰেণী মানত পঢ়ি থকা সময়ৰ কথা হ’ব চাগে! কাহিনীৰ নায়ক আমি দুজন সহপাঠী তথা সম্বন্ধীয় ভাতৃ।  আমাৰ স্কুল খন ঘৰৰ পৰা মাত্ৰ অলপ মান হে দূৰত। কিন্তু সেইখিনিও আমি নিজৰ ঘৰৰ বাৰীৰ পাছফালৰ হাবিয়েদি ‘চৰ্তকাট’ মাৰিছিলো। বাৰীৰ পাছফালৰ সেই হাবিতলিয়া ৰাস্তাটোৰে সদায় অহাযোৱা কৰো, কিন্তু আমি পুলি কিছুমান এদিনো মন কৰা নাছিলো! এদিন দেখিলো কিছুমান গছৰ পুলি নতুনকৈও গাজিছে। দেখাত সাইলাখ কদম গছৰ দৰেই পাত। স্কুল চুটিৰ পিছত আমি দুইজন আহি সেই গছ পুলিৰ কাষত ৰলোহি। ময়েই

Read more

লটিঘটি-পাপৰি আৰ কুমাৰী 

ৰিব্ ৰিব্ ..ৰিব্ মিহি মিহিকৈ বতাহজাক মাৰি আছে. তাতে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে মই উৰিছো.. মানে বাইকত লগৰ এজনৰ লগত. বহুদিনৰ মূৰত চানগ্লাছযোৰো পিন্ধিছো.পিন্ধি একেবাৰে বাইকৰ পিছফালে বহি গৈ আছো। মই  কামকৰা বিদ্যালয় খন ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ কাষত অৱস্হিত। তাতে ফাগুনৰ মাহ সমাগত।গৈ থাকোতে লগৰজনক ক’লো-  ” এহ আজি পুৱাৰ পৰা বতৰটো ইমান গোমা, বৰষুণ দিব চাগে। ৰেইনকোট  টোও নানিলো নহয়”। লগৰজনে তপৰাই ক’লে “কি কয় বাইদেউ!  বতৰটো ভালেই দেখোন । ইমান ৰ’দ দিছে,  বৰষুন নাই কাৰনে ৰাস্টাত ধূলি হৈ আছে”। লগৰ

Read more

বাইদেউৰ চেঞ্চাছ -মাধৱ লহকৰ

মোৰ এগৰাকী সম্পৰ্কীয় বাইদেউ৷ তেখেতে প্ৰাথমিক বিদ্যালয়ত কাম কৰে৷ আজি তেখেতৰ কৰ্ম জীৱনৰ সঁচা ঘটনা এটাকে লিখোঁ৷ ঘটনাটো আজিৰ পৰা প্ৰায় দহ এঘাৰ বছৰ মান আগৰ অৰ্থাৎ ২০০৬/০৭ চনৰ ঘটনা৷ তেখেতে তেতিয়া মৰিগাওঁ জিলাৰ ভিতৰুৱা অঞ্চলৰ বিদ্যালয় এখনত কাম কৰিছিল৷ অঞ্চলটোত বাস কৰা প্ৰায় ৯০% মানুহেই ট্ৰাইবেল আছিল৷ বাইদেৱে কাম কৰি ভালেই পালে৷ কাৰণ মানুহ বোৰ বৰ মৰমিয়াল আছিল৷ সাধাৰণতে ট্ৰাইবেল মানুহ বোৰ বৰ চিধা চাধা সহজ-সৰল মানুহ হয়৷ চাওঁতে চাওঁতে এবছৰ মান পাৰ হ’ল৷ বাইদেউৰ চেঞ্চাছ ডিউটিত নাম আহিল

Read more

নাটনিৰ এশিকনি- সবিতা হাজৰিকা 

যোৱাবছৰ মোৰ সৰু মাছৰ ব্যৱসায়টোত আয়তকৈ ব্যয় বেছি হ’ল । গুৰু শনিদেৱৰ আশীৰ্বাদপুষ্ট জীৱন মোৰ। সেয়ে নাটনি দেৱীয়ে লগ নেৰাই হৈছে মোৰ ।  মই মানুহজনী “আকালো নাই ভঁৰালো নাই” বিধৰ, যি পাওঁ তাৰেই মোটামুটি চলি যায় । ধোৱাখুলীয়া বুলি মাতাশ্ৰীয়ে ভোৰভোৰাই থাকে যদিও মই মানি নলঁও । দৰকাৰী বস্তুকেইপদ কাকো খাতিৰ নকৰাকৈ যোগাৰ কৰি লঁও ।  “আজি হাঁহি আছো,ক’বতো নোৱাৰোঁ.. কালিলৈ বা কি হ’ব….!” এনেধৰণৰ গান টেটুফালি গাই মাক শুনাই শুনাই সুখত থাকিব বিচৰা বিন্দাছ প্ৰানী মই। বয়স বাঢ়ি অহালৈ

Read more
1 30 31 32 33 34 70