ফটাঢোল

অশ্বত্থামা হত কিন্তু ইতি গজ – অমূল্য কুমাৰ কলিতা

অভিযন্তা পাপুৰ কলেজ শিক্ষয়ত্ৰী পত্নীয়ে পাঁচ দিন একেলগে কলেজ বন্ধ থকা বাবে, বন্ধ কেইদিন তাৰ কোৱাৰ্টাৰত কটোৱাৰ উদ্দেশ্যে আজি ৰাতিপুৱা দহবজাত আহি পাবহি। তাৰ বিয়া হোৱা বেছি দিন হোৱা নাই; এই প্ৰথমবাৰৰ বাবে তাৰ থকা ঠাইলৈ আহিব তাই। সেয়েহে ৰাতিপুৱা পাঁচবজাতে উঠি সি ড্ৰাইভাৰজনৰ সৈতে মিলি কোৱাৰ্টাৰটোত চাফাই অভিযান চলাইছে। চাফাই কৰিবলৈ বিশেষ একো নাই; মাথোন আজি ছমাহমান ধৰি বেডৰুমৰ কাষৰ ৰুমটোত জমা কৰি থোৱা, সি পান কৰা সোমৰসৰ খালী বটলবোৰ এটা ডাঙৰ বস্তাত ভৰাই বস্তাটো সম্পূৰ্ণ হোৱাত মুখখন ভালদৰে

Read more

হোষ্টেলৰ হেৰোৱা সুবাস বিচাৰি – মানৱেন্দ্ৰ কুমাৰ শৰ্মা

আমাৰ সময়ত হোষ্টেলৰ ‘নিউকামাৰ্চ’ আৰু ফুটবল এটাৰ মাজত কিছুমান চিনিয়ৰৰ দৃষ্টিত বিশেষ তফাত নাছিল; মনোৰঞ্জনৰ নামত নিজ লিপ্সা চৰিতাৰ্থৰ সময়ত তেখেতসকলৰ ধাৰণাত দুয়োটাৰ ভূমিকা প্ৰায় একেই আছিল৷ আমাৰ গাঁৱৰ ফালে হোষ্টেলৰ কিছুমান কথা অহুকাণে-পহুকাণে শুনি হোষ্টেললৈ কাৰোবাক পঠোৱা কথাটো বিয়াৰ পিছত ‘ছোৱালী যমে নিলেও নিয়া জোৱাই নিলেও নিয়া’ কথাটোৰ সমাৰ্থক বুলিও ভাবিছিল৷ কিন্ত উপায়ো নাছিল, অভিভাৱকসকলে সন্তানৰ সু-ভৱিষ্যতৰ আশাত হাতলৈ অহা এনে সুযোগ হাত-বাগৰি যাব দিয়াৰ পক্ষপাতীও নাছিল৷ তেনেকুৱা এটা পৰিৱেশৰ পৰা অহা এই নিমাখিত বালকজনৰ হোষ্টেলত প্ৰথম পদাৰ্পণৰ সময়ত

Read more

বাগানীয়া মন – ডলী তালুকদাৰ

আঠ বছৰ চাহ বাগানত কটাই আহিছোঁ। বহুতো অভিজ্ঞতা বুকুত বান্ধি লৈ আহিছোঁ যদিও বেছিভাগেই ৰসাল। যিবোৰ মনত পৰিলে এতিয়াও ওঁঠত হাঁহি বিৰিঙে। স্বামীৰ কৰ্মসুত্ৰে আমি যিখন চাহ বাগানত আছিলোঁ সেইখন বাগানত ঘটা ৰসাল ঘটনাবোৰ মই কেতিয়াও পাহৰিব নোৱাৰোঁ। কাহিনী আৰম্ভ হয় চড়ক পূজাৰে। আমি থকা বাগানৰ গাতে লাগি আছিল আৰু দুখন চাহ বাগান। এখন বাগানত চড়ক পূজা পতা হয়। বাকী দুখন বাগানেও তাত সহযোগ কৰে। সাধাৰণতে চাহ মজদুৰসকল উৎসৱ বুলি ক’লে পাগল। তুচু পূজা, দূৰ্গা পূজা, কৰম পূজা, বাসন্তী পূজা

Read more

ভুতুনী – নিলাক্ষী কাকতি

:মা আজি বিনয় আৰু মই ৰূপমৰ ৰুমত থাকিম৷ ফিজিক্সৰ প্ৰজেক্ট এটা একেলগে কৰিব লাগিব৷ সমীৰে মাকক জোখতকৈ মাতটো কোমল কৰি কথাষাৰ ক’লে৷ :কোনো দৰকাৰ নাই৷ জানো নহয় মই৷ পঢ়িব গৈ তহঁতে কি কৰিবি৷ আড্ডা মৰাৰ বাহিৰে বেলেগ কিবা আছে জানো তহঁতৰ? দিনৰ দিনটো ক্লাচ, টিউচনৰ নামত ধিতিঙালি কৰি থাক৷ মবাইলটোয়েও ত্ৰাহি মধুসূদন দেখে তহঁতৰ উৎপাতত৷ ৰূপম ভাল ল’ৰা৷ দেউতাকে ভাৰাঘৰত ৰাখি কষ্ট কৰি পঢ়ুৱাইছে৷ পৰীক্ষালৈ বেছি দিন নাই৷ খবৰদাৰ তাকো দিগদাৰ নিদিবি আৰু নিজেও ঘৰৰ পৰা নোলাবি৷ :মা মা প্লিজ

Read more

অনুস্বৰং বিসৰ্গং সংস্কৃতঃ – জয়দ্বীপ

শৰ্মা খুৰাৰ তিনিজনী ছোৱালী, এজন ল’ৰা, ডাঙৰ দুজনী ছোৱালীৰ বিয়া হৈ গৈছে, সৰু ছোৱালী আৰু ল’ৰাজন এতিয়াও স্কুলীয়া ছাত্ৰ। ডাঙৰ জোঁ‌ৱাই সংস্কৃতত বিশাৰদ, লগতে কলেজ এখনত অধ্যাপনা কৰা এজন পণ্ডিত ব্যক্তি। খুৰাৰ মাজু জীয়েক দেখাত অতীৱ সুন্দৰী। হ’লে কি হ’ব জীয়েকে কলেজত পঢ়ি থাকোঁ‌তেই কলেজৰ গেটৰ বাহিৰত আড্ডা মৰা এক লাবেলদাৰ আত্মবিশ্বাসী পালছাৰৱালাৰ প্ৰেমত পৰি এদিনাখন ঘৰৰ পৰা চম্পটুছ মাৰিলে। প্ৰথমতে খুৰাই কেইছটো মানি ল’বপৰা নাছিল যদিও পিছলৈ উপায়বিহীনে মানি ল’লে। সৰু জোঁ‌ৱাইৰ ঘৰৰ অৱস্থা ভালেই যদিও, লিখা-পঢ়াতহে ঠন ঠন

Read more

খালত সোমোৱা চেল্ফি – কুকি কল্পিতা মহন্ত

যোৱাবছৰৰ ছেপ্টেম্বৰ মাহৰ কথা। মোৰ হোষ্টেলৰ দৰ্জাৰ মুখতে থকা ৰুমৰ আৱাসী, মোৰ সুখ দুখৰ লগৰী, ৰাতিপুৱাৰপৰা গধূলিলৈকে যাৰ লগত দুৱাৰখন মেলি বাৰ্তালাপ কৰি কৰিয়ে কটাওঁ, চাহ ভাত চব একেলগে খাওঁ, আমাৰ সকলোৰে মৰমৰ সুকণ্যা বা গৱেষণাৰ কাম সামৰি হোষ্টেল এৰি একেবাৰে ঘৰলৈ যাবলৈ ওলাল। ইতিমধ্যে মোৰো গৱেষণাৰ কাম শেষ হওঁ হওঁ। ময়ো অলপ দিনৰ পাছত হোষ্টেল এৰাৰ কথা। যিমানেই হোষ্টেল এৰিবৰ সময় চমু চাপি আহিছিল সিমানেই কিবা হোষ্টেলৰ ৰুমটোৰ প্ৰতি মোহ বাঢ়ি আহিছিল। সুকণ্যা বা আমাৰ আটাইকেইজনীৰ ভিতৰত সোনকালে যাবলৈ

Read more

পেদেল মাৰি মাৰি – মিনতি মহন্ত

বহু বছৰৰ আগৰ কথা। সৰুতে হেনো মই মাটিৰ ভালুকৰ দৰে আছিলো। কোনোবাই কিবা এষাৰ ক’লে টেপেককৈ কেইবাটাও উত্তৰ দিছিলো। তাৰমানে ইমানেই কথাচহকী আছিলো। বলে নোৱাৰা শিল দাঙিবলৈ বিচৰাৰ দৰে। আজিকালিৰ তুলনাত আমাৰ দিনত বহুত কম বয়সতে ছোৱালীক বিয়া দিয়া হৈছিল। (ছোৱালী মানেই হাৰমাল বুলি ভবা হৈছিল চাগৈ) সেই পাল্লাত মইয়ো পৰিলো। সেইকাৰণে সন্তানৰ মাতৃ হোৱাৰ পাছতো মনবোৰ চঞ্চল হৈ আছিল। ল’ৰাই কৰা কামবোৰ কৰিবলৈ বৰ মন গৈছিল। কিবা দেখিলেই হ’ল, শিকি বা কৰিহে গাটো শাঁত পৰিছিল। সেয়া আছিল অসমত প্ৰথম

Read more

তীখৰ পূৰাণ – সুষ্মিতা দাস

তীখৰে আজিকালি গাড়ী চলাব পৰা হ’ল৷ মানে তাৰ ১৮ বছৰ পাৰ হ’ল বাবে আজিকালি ৰাস্তাত গাড়ী উলিয়াব পৰা হ’ল৷ মনৰ উলাহত আজিকালি তীখৰে দেউতাকক অফিচলৈ থ’বলৈ যায়৷ এনেই তীখৰে ভালেই গাড়ী চলায়৷ স্পিড লিমিট ৪৫-৫০ ৰ ভিতৰতে ৰাখে৷ বাওঁকাষেৰে অভাৰটেক কৰাৰ স্বভাৱ তাৰ নাই৷ চিগনেল মানি চলে আৰু গধূলি হ’লে পাৰ্কিং লাইট জ্বলাই ৰাখে৷ কিন্তু কথাটো হ’ল যে তীখৰে গাড়ী চলালে ইংৰাজী গানহে বাজে মিউজিক চিষ্টেমত৷ কিবা বোলে সেই লিংকিন পাৰ্কৰ গান(?) আৰু বোলে কিবা বোলে শনাহীটোৰ নাম কি আছিল,

Read more

যৌথ ব্যৱসায় – সুকুমাৰ গোস্বামী

কিছুদিনৰ আগতে মাৰ্কেট ভিজিটৰ বাবে ৰঙিয়ালৈ গৈছিলোঁ। ডিলাৰ এখনৰ ওচৰত বহি কথাৰ মহলা মাৰি থাকোঁতে দেখাত অজলা ধৰণৰ এজন পুৰুষ আৰু এগৰাকী মহিলাই ব্যৱসায়িক প্ৰতিষ্ঠানটোত প্ৰৱেশ কৰিলে। পুৰুষজনৰ তুলনাত মহিলাগৰাকীৰ পিন্ধন ওৰণ যথেষ্ট মাৰ্জিত আৰু কথা বতৰাও যথেষ্ট সপ্ৰতিভ। নিজকে পতি পত্নী বুলি চিনাকি দি আগমনৰ উদ্দেশ্য বেকত কৰিলে। উদ্দেশ্য আছিল ধুপকাঠী বিক্ৰী কৰা। সহজ সৰল চহা অসমীয়া দম্পত্তীৰ এই ব্যৱসায়িক প্ৰচেষ্টাক উদগনি জনোৱাৰ সৰ্বোত্তম উপায় হিচাপে সকলোৱে তেওঁলোকৰপৰা ধুপকাঠী কিনাৰ সিদ্ধান্ত ল’লো আৰু উপস্থিত থকা চাৰি পাঁচজন মানুহে সমস্ত

Read more

হোদাংৰ বস্ত্ৰহৰণ – প্ৰান্তৰ ভাগৱতী

যোৱাটো শতিকাৰ সত্তৰ আশী দশকমানৰ কথা। আমি সৰুতে শুনিছিলোঁ। তেতিয়া গাঁওবোৰত প্ৰায়বোৰ মানুহ যাৰ খেতি মাটি বেছি আছিল তেওঁলোকৰ ঘৰত এজন হালোৱা মানুহ ৰাখিছিল। কিছুমান মানুহ হালোৱা খাটিবলৈ দূৰদূৰণি গাঁৱৰ কাৰোবাৰ ঘৰত আছিলগৈ আৰু পিছলৈ সেইখন গাঁৱতে বিয়া বাৰু পাতি তাৰেই বাসিন্দা হৈছিল। আমাৰ ওচৰৰ গাঁও এখনলৈ তেনে এজন লোকে আহি এঘৰত হালোৱা খাটি আছিলহি। সেই মানুহজনৰ নাম আছিল মদন। তেওঁ এজন ভাল কামিলা আৰু সৰবৰহী লোক আছিল। গাঁৱৰ সকলো অনুস্থানত তেওঁ ভাগ লৈছিল। বিহু, ভাওনা, সবাহ, বিয়া বাৰু সকলোতে

Read more
1 45 46 47 48 49 70