ফটাঢোল

নাটকৰ ভাও- সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

দৃশ্যাংশ ১ সৰুতে আমাৰ গাঁৱৰ সংঘৰ বেনাৰত প্ৰতিবছৰে ৰঙালী বিহু আৰু পূজাৰ সময়ত নাটক কৰা হৈছিল। নাটক মানে পূৰ্ণাংগ সামাজিক নাটক আৰু মূল নাটকক মঞ্চলৈ আগবঢ়াই আনিবলৈ এখন গীতি নৃত্য-নাটিকাও আছিল লগত। আমি তেতিয়া ক্লাছ ফাইভত পঢ়ি আছিলোঁ, মূল নাটকত অভিনয় কৰাৰ সুযোগ নাপালেও নৃত্য-নাটিকাত অভিনয় কৰাৰ সুযোগ প্ৰায় প্ৰতিবছৰে পাইছিলোঁ আৰু মঞ্চত উঠাৰ দুৰ্বাল হেঁপাহৰ বাবে সন্ধিয়াৰ পৰা হোৱা আখৰাৰ সময়ত দৈনিক উপস্থিত আছিলোঁ। অঞ্চলটোৰ বিখ্যাত বিখ্যাত অভিনেতা পৰিচালকৰ, অভিনয় পৰিচালনা চোৱাৰ চাক্ষুস অভিজ্ঞতা হৈছিল। নাটকৰ অভিনেতা কিছুমানৰ বাবে

Read more

ভূঞাদাৰ চ্যুটকেচ- অৰবিন্দ গোস্বামী

ভূঞাদাই বোলে চ্যুটকেচ এটা কিনিলে।ভূঞা মানে পশু চিকিৎসক বুলি নিজকে জহাই ফুৰা সদানন্দ ভূঞাদাৰ কথা কৈছো।চ্যুটকেচটো কিনিবলৈহে পালে,তাৰ পিছদিনাৰপৰাই চ্যুটকেচটোতে হাথিয়াৰবোৰ,মানে পশু চিকিৎসাৰ বাবে প্ৰয়োজনীয় হাথিয়াৰবোৰ লৈহে ফিল্ডৰ কামলৈ যোৱা হ’ল।বৌৱে কিমান বুজালে বোলে…… “আপুনিনো গৰু ছাগলী খুচি বিন্ধি ফুৰা হাথিয়াৰবোৰ চ্যুটকেচত নিব লাগেনে?হেৰৌ মানুহে হাঁহিব।” নাই, ভূঞাদাই নুবুজে।তেওঁৰ যুক্তি হ’ল চ্যুটকেচটো কিনি ঘৰত থৈ দিলে মানুহে কেনেকৈ জানিব যে তেওঁৰো চ্যুটকেচ এটা আছে।মুঠতে মানুহজনৰ ফুটনি মৰা স্বভাৱটো নগ’ল। এদিন ভুঞাদাই ফিল্ডলৈ যাবলৈ ওলাই দেখে যে স্কুটীৰ চকা ফুটিল।অগত্যা সেইখন

Read more

ষ্টেট্ অৱ ইকুৱিলিব্ৰিয়াম – জয়ন্ত দত্ত 

এনেকুৱা সময়তে বৰ অসুবিধাত পৰোঁ। ৰাতি টোপনিৰ চলেৰে শ্ৰীমতীৰ গাত ভৰিখন উঠাই থৈ দিছোঁ, শ্ৰীমতীয়েও টোপনিৰ জালতেইনে নিজৰখন বুলি ভাবিয়েই মোৰ ভৰিখনকে খজুৱাই আছে। আৰামতে মোৰ চকু দুটা মুদ খাই আহিছে। অলপ পিছতে সিখন ভৰিৰ সৰুগাঁঠিৰ ওচৰত এটা পিৰপিৰনি অনুভৱ কৰিলোঁ, বোধহয় আঁঠুৱাৰ ভিতৰত ম’হ সোমাইছে। চুপে-চাপে পৰি থাকিলোঁ কিছুসময়। পিৰপিৰনিটো ক্ৰমাৎ তীব্ৰ হৈ আহিল। হাতখন পিৰপিৰনিটোৰ ফালে আগুৱাই গৈয়ো ৰৈ গ’ল। ঠাইডোখৰ খজুৱাবলৈ হ’লে মই ইখন ভৰি লৰাব লাগিব, তেতিয়াহ’লে বৰ্তমান যিটো সাম্য অৱস্থান বজাই ৰাখিছোঁ সেয়া ভংগ হ’ব।

Read more

নাইটমেয়াৰ-লোনা বৰা

ৰাতি সাৰ পালোঁ। সময় দুই বাজি দহ মিনিট গৈছে। ঠাণ্ডা দিনত ৰাতি মাজে মাজে কেতিয়াবা উঠিবলগীয়া হয়। এলাহ আৰু ঠাণ্ডাত কোনোমতে বাথৰূমলৈ গৈ খৰধৰকৈ আকৌ লেপৰ তলত সোমাই ল’লোঁ। উফ, কি আমেজ… চকুহাল লাহেকৈ মুদি নিজকে টোপনিৰ কোলাত এৰি দিলোঁ। ক্ৰমান্বয়ে আশ পাশৰ সকলোবোৰ মন মগজুৰ পৰা ধূসৰ হৈ আহিল। টোপ..টোপ..টোপ..টোপ… প্ৰায় ডেৰ, দুই ছেকেণ্ডৰ ব্যৱধানত প্ৰতিটো টোপৰ শব্দ। টোপনিৰ আৱেশ আঁতৰি ঠাণ্ডাৰ অনুভৱখিনি আকৌ লাগিল। কাণখন থিয় কৰি টোপ, টোপ শব্দটো মন দিবলৈ ল’লোঁ। নাই তেনে কোনো শব্দ কাণত

Read more

মহাজন দা, চিদা দা আৰু বিজয়-আদিত্যৰ ৰাস উৎসৱৰ আয়োজন-দেবজিত শৰ্মা

ঘটনাটো বহুদিন আগৰ৷ আমাৰ বিজয় আৰু আদিত্যৰ চিনাকি একেবাৰে “কুঁহিপাত কুমলীয়া গছৰ আগত”ৰ দিনৰে পৰা৷ বৰশী বোৱা, লুকাভাকু খেলা, প্ৰেম পত্ৰ লিখা আদি সকলো কামতে দুয়ো দুয়োৰে সহচৰ৷ ঘটনাৰ পটভূমি ৰাস উৎসৱৰ সময়ৰ৷ দুয়ো অষ্টমমানত ভৰি দিছে সেইবছৰ৷ আদিত্য বিজয়ে থিৰাং কৰিলে সেইবাৰ ৰাস শিৱসাগৰতে চাব৷ পৰাপক্ষত মাজুলীৰ ৰাসেই উজনীত বিখ্যাত যদিও সকলোৰে শ্ৰদ্ধাৰ চিদানন্দ বৰাদা সেইবাৰ কিবা কামৰ সংক্ৰান্তত শিৱসাগৰত চেপ্টেম্বৰ মাহৰে পৰা থাকিবলৈ লৈছিল৷ গতিকে তেখেতৰ উৎসাহতে ভাস্কো মহাজনৰ নেতৃত্বত ৰাস উৎসৱ পতাৰ সিদ্ধান্ত লোৱা হ’ল৷ নিমন্ত্ৰণ পোৱাৰ

Read more

নাৰিকলৰ লাড়ু-মানসী বৰা

উৰ্বীধৰ বৰুৱাক চুগাৰে পালে। সহধৰ্মিনী বৰুৱানীয়ে বৰুৱাৰ চাহত চেনী নিদিয়া হ’ল। লগতে মিঠা বস্তুসোপাকে দিয়া বন্ধ কৰিলে। জীয়েক-পুতেকহালে গুগল চাই চাই আজিকালি বৰুৱাই খোৱা খাদ্যবোৰ তদাৰক কৰা হ’ল। মাটিৰ তলত হোৱা বস্তু যেনে- আলু, কঁচু, মাটিমাহ, কাঠআলু, মূলা, গাজৰ, ৰঙালাও আদিবোৰ বৰুৱাৰ খাদ্যৰ পৰাৰ একেবাৰে বাদ পৰিল। জিকা, জাতিলাও, বেঙেনা, কোমোৰা, কুন্দুলি, আদিবোৰ অৱশ্যে খাদ্যৰ তালিকাত আগৰ দৰে থাকিল। থাকিল বৰুৱাৰ প্ৰিয় মাছৰ-টেঙা আঞ্জাখনো। তাৰ লগতে সঘনাই খাদ্যত সংযোগ ঘটিল আন এটি উপকৰণ। সেয়া হ’ল তিতা। তিতা ভেঁকুৰি, তিতা কেৰেলা,

Read more

বিশেষ্য, বিশেষণ ইত্যাদি-জ্যোতিৰূপা কোঁৱৰ খাটনিয়াৰ  

“গুড মৰ্ণিং বৌ৷“  টুথপেষ্টেৰে ফেন বুৰবুৰ হৈ থকা মুখেৰেই বৌক পুৱাৰ সম্ভাষণ জনালোঁ৷ বৌ মোৰ ‘ভাড়া মেট’– মানে আমি একেজন মালিকৰ ঘৰতে ভাড়া থাকোঁ৷ অন্য দিনা হোৱা হ’লে বৌয়ে হাঁহিৰ ডুলি লুটিয়াই মোকো গুড মৰ্ণিং দিলেহেঁতেন কিন্তু আজি বতৰ গোমা৷ আমাৰনো আৰু কি গুড মৰ্ণিং বুলি বৌয়ে দুখৰ বস্তা বাকী দি কাপোৰ ধোৱাত লাগিল৷  : অ’ লাড়ুৰ নাম ঠিক হোৱাই নাই মানে.. নকবলগীয়া কথা এষাৰ ব’মৰ দৰে বৌৰ মনৰ নাগাছাকি, হিৰোচিমাত পেলাই দিলোঁ মই৷ ভুল কথা ক’লেই কালী গোঁসানীৰ দৰে

Read more

এজ ইজ জাষ্ট এ নাম্বাৰ-বৰ্ণালী ফুকন

: দুইজনী অকলশৰীয়া মানুহ ট্ৰেইনত যাম মোৰ চিন্তাই লাগিছে৷ বাইদেউৰ কথাশুনি মই অবাক লাগি তাইলৈ চালোঁ৷ : মইচোন অকলেই অহাযোৱা কৰি আছোঁ৷ : তথাপি অকলশৰীয়া দুজনী ছোৱালী দেখি কোনোবাই…… : কোনোবাই কি? : কোনোবাই চল পাব পাৰেতো! জোকাই যদি৷ : কি? কাক জোকাব? : আমাক  দুজনীক আক’৷  : তই মই এতিয়া ছোৱালী হৈ আছোঁ?পঞ্চাশ একাৱন্ন বছৰীয়া ছোৱালীনে? : ছোৱালীয়েইতো! : হ’ব মই লৈ যাম দে তোক সুৰক্ষিত কৰি৷ গুৱাহাটীলৈ এইবাৰ মোৰ লগতে বাইদেউও যাবলৈ ওলাইছে৷ যোৱাৰ দুদিনৰ আগতে মোলৈ ফোন

Read more

কুকুৰ-পুৰাণ-চন্দামিতা শৰ্মা 

হৰিপ্ৰসাদ চৌৰাচিয়াৰ বাঁহীৰ দীঘলীয়া ৰিংট’নটোত খকমককৈ সাৰ পালোঁ। স্ক্ৰীণত দেখিলোঁ চিনাকি নাম্বাৰ। কিবা হ’ল আকৌ! ফোনটো ৰিচিভ কৰি ‘হেল্লো’ বুলি কোৱাৰ আগতেই বন্ধুৰ মাত ভাঁহি আহিল,   : ইমান সময় লাগে নে ফোনটো ৰিচিভ কৰোঁতে, শুই আছিলি? ……. :  কি হ’ল  অ’? শুনি আছনে তই? কি কৰি আছনো ? নামাত  যে! ‘…’ : মই ইমান আঁতুৰত ফোন কৰিছোঁ,  সমস্যা এটাৰ কথা ক’বলৈ, তই আকৌ  এনেকুৱাখন কৰিছ! : মইনে তই? : মই? মই আকৌ  কি কৰিলোঁ!  তইহে ফোন ৰিচিভ  কৰিও একো নমতাকৈ  আছ।  : কাষত

Read more

বৰুৱাৰ কবিতা-মানস শইকীয়া

জীৱনৰ কোনো কালতে কবিতাৰ ‘ক’ লিখিব নোৱাৰা বৰুৱা মাষ্টৰে কবিতাপুথি প্ৰকাশ কৰিব বুলি কোৱাত ওলাই অহা হাঁহিটো কোনোমতে পেটতে ৰাখি উৎসাহ দি ক’লোঁ, : বঢ়িয়া হ’ব৷ আগবাঢ়ক৷ তাৰপিছতেই তেওঁ আৰম্ভ কৰিলেই৷ ৰ’ব৷ বৰুৱা মাষ্টৰ মানে নবীন বৰুৱা৷ হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হৈ স্নাতকৰ প্ৰথম বৰ্ষতে কলেজ এৰি মাষ্টৰ হ’লহি৷ আচলতে, নবীনে গড়কাপ্তানি বিভাগৰ কেৰাণী চাকৰিৰ বাবে ওপৰৱালা চাহাবক ঘোচ দিয়ো নোপোৱাত, সেই টকাৰে গাঁৱৰে এম ই স্কুলখনত শিক্ষকৰ চাকৰিটো কিনিলে৷ তাৰপিছত অৱশ্যে, কোনোবা নাম নুশুনা বাহিৰৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক, স্নাতকোত্তৰো হ’লগৈ৷

Read more
1 6 7 8 9 10 70