ফটাঢোল

অজগৰ-জয়ন্ত দাস

: মাজনীক এটা ফোন কৰকহে৷ তাইচোন অইন দিনা ইমান সময়লৈ কলেজৰপৰা আহি পায়। আজি দেৰিয়েই হ’ল বহুত। চাহৰ কাপত চুমুক দি দি  নীলাক্ষীৰ মাক গৰিমাই গিৰিয়েকক কথাষাৰ ক’লে৷ : ৰ’বাহে, তুমি এনেই চিন্তা কৰা৷ সদায় একেখিনি সময়তেই আহি পাবনে? কেতিয়াবা অলপ দেৰী হ’বই৷ মই ফোন নকৰোঁ‌। ইমান যদি চিন্তা লাগিছে তুমিয়েই কৰা। দেউতাক অজয়ে নিৰুদ্বেগভাবেৰে উত্তৰ দিলে৷”হুহ” বুলি এটা মৃদু শব্দ কৰি মাকে নীলাক্ষীলৈ ফোন লগালে৷ : হেল্ল’ মাজনী ক’ত আছা? দেৰি হ’লচোন ঘৰ পোৱাহি নাই যে এতিয়াও? : মা

Read more

এটা প্ৰেমৰ গল্প-বিদৰ্ভ বৰুৱা

গাড়ীৰ দুৱাৰখন মাৰি সন্মুখৰ মনিটৰখনত পৰা নিজৰ প্রতিবিম্বটোলৈ চকু দি আৰিফ সন্তুষ্ট হ’ল। মিচিককৈ হাঁহি এটা ওলাই আহিল। সুহুৰি এটা বজাবৰ মন গ’ল তাৰ। কিবা এটা ভাবি সি স্বয়ংক্রিয় গাড়ীখনক গন্তব্যস্থানৰ নির্দেশ দিবলৈ জিপিএছ মনিটৰখনত মনােযােগ দিলে। নতুন গাড়ী; গাড়ীৰ চালক কম্পিউটাৰৰ যান্ত্রিক অভিবাদন গ্রহণ কৰি সি সময়টোলৈ চালে। ৫ বাজি ২০ মিনিট ৩৯ ছেকেণ্ড! সন্মুখৰ ক্ৰীনখনত গন্তব্যস্থান পাবলৈ ১ ঘণ্টা ৪৫ মিনিট ১৪ ছেকেণ্ড লাগিব বুলি দেখুৱাইছে। এই গুগুল গাড়ীবিলাক ব্যৱহাৰ কৰাৰ পৰা সময়ৰ হিচাপবিলাক বৰ বেছি নির্ভুল হােৱা

Read more

বিশেষ প্ৰয়োজন-জয়ন্ত কুমাৰ ডেকা

অসমৰ এখন অখ্যাত ঠাই। তেতিয়া চাকৰিত জইন কৰা মোৰ প্ৰায় দুসপ্তাহমান হৈছিল। মোৰ এটা সমস্যা আছে, নতুন ঠাই আৰু নতুন মানুহৰ লগত চিনা-পৰিচয় হ’বলৈ মোৰ অলপ সময় লাগে। সেয়ে দিনটোৰ ব্যস্ততাৰ অন্তত আবেলিটো মোৰ বাবে আছিল আমনিদায়ক। ইণ্টাৰনেটৰ সহায়ৰেও সময় পাৰ কৰিব পৰা নাছিলোঁ। মানে ঠাই টুকুৰাত কাৰেণ্ট নাযায়, বছৰত বিহু অহাৰ দৰে আহেহে। তাৰোপৰি কিতাপবোৰো লগত নিয়া হোৱা নাছিল। এক কথাত ক’বলৈ গ’লে ভীষণ বিৰক্তিদায়ক আছিল সেই আবেলিকেইটা। এদিন পুৱাই কাষৰে থানাৰপৰা চিপাহী এজন আহিল মোক লগ কৰিবলৈ। –

Read more

নাও-বিতোপন দাস

: নাওখন গ’ল বোলে! : কেতিয়া? : কালি, গৰাখহনীয়াত। আঁহত জোপাও গৈছে বোলে উভালি। : ভালেই হʼল দে। একেলগে গʼল। বুলি হুমুনিয়াহ কাঢ়ি সৰুকণে মহাজনৰ ঘৈণীয়েকে দিয়া চাহকাপত মুখ দি বঙলাৰ পিনে চালে। মহাজন আৰু সৰুকণ সৰুৰেপৰা বন্ধু, দুয়োৰে দেউতাক আন্দোলনৰ সময়ত একেলগে আছিল। মহাজনৰ চোতালৰপৰা বঙলাৰ মূধচখন ধুনীয়াকৈ দেখি। পুৱাৰ কিৰণত মূধচখন এতিয়াও জিলিকি আছে। বঙলাৰ আগেৰে ধূলিয়ৰি ৰা‌স্তাটো গৈছিল গাঁওখনৰ সোঁমাজৰেই। এসময়ৰ ধানে-মাছে ভৰপূৰ নৈপৰীয়া গাঁওখনত কিনো কালকেতূৰ চকু পৰিল, সেইবছৰৰপৰা এতিয়ালৈকে ধান ভাল হোৱা নাই। যোৱাবছৰো অসময়ত

Read more

পাৰ্থিৱ- শৰ্মিষ্ঠা শইকীয়া

ৰীণাৰ শাহুয়েকৰ ওপৰত বৰ খং উঠিল। আজি তিনিদিন হল শাহুয়েকে-শহুৰেকক মাতবোল কৰা নাই। শহুৰেকে নিজৰ ভ্নীয়েকলৈ পঠিওৱা টকা কেইটাৰ ওপৰতে চকু তেওঁ‌ৰ। শহুৰেকে পেঞ্চনৰ কিছু অংশ প্ৰতিমাহে ভ্নীয়েকলৈ পঠিয়ায়। চাকৰি কৰি থকা দিন ধৰি এই কাম শহুৰেকে কৰি আহিছে। ভনীয়েকৰ অৱস্থা বেয়া বাবে অলপ সহায় কৰে ককায়েকে। ৰীণাই গিৰিয়েকৰ পৰা শুনা মতে সেই একেটা কথালৈয়ে বিয়া হোৱা দিন ধৰি যি মাজে সময়ে হাই কাজিয়া চলি থাকে, সেয়া আজি পৰ্য্যন্ত মাৰ যোৱা নাই। গিৰিয়েক যিটো কথাত সলনি নহয় বুলি গম পাইছেই,

Read more

সপোনৰ শেষত-কমলা দাস

বিয়াখন যিমানেই ওচৰ চাপি আহিছে, সিমানেই কিবা এটা উত্তেজনা বাঢ়ি গৈ আছে মোৰ। লগৰবোৰে বিয়াক লৈ মোৰ লগত কৰা হাঁহি ধেমালিবোৰত যদিও দেখাত হাঁহি আছোঁ, ভাগ লৈ আছোঁ, কিন্তু অন্তৰত মোৰ সাগৰ সম জোৱাৰ ভাটাই তোলপাৰ লগাই আছে! মই যেন মানুহটো যন্ত্ৰৱত চলি আছোঁ। সকলোবোৰ কথা, কাম, যেনেদৰে দূৰন্ত গতিৰে আগবাঢ়ি গৈ আছে, তাৰপৰা মুকলি হৈ মই নিজাকৈ একো চিন্তাই কৰিব পৰা নাই। সকলোৰে হাঁ ৰ লগত হাঁ মিলাই মুখত ব্যৱসায়িক হাঁহিটো লৈ কামবোৰ কৰি গৈ আছোঁ। মা, দেউতাক যিমান

Read more

কেষ্টো জনী ৰাজ : এক ফ্লপ গল্প- দিগন্তকুমাৰ ভট্টাচাৰ্য

গল্প লিখিবলৈ বহিলে এনেকৈ ভাবিব লাগে – চাল্লা আপুনইছ্ ভগৱান হ্যে! নৱাজউদ্দিন ছিদ্দিকীয়ে তেনেকৈয়ে ভাবে। নৱাজ ভায়ে কলমটো হাতত তুলি ল’লে। মুখত বহু দিনৰ নুখুৰোৱা ডাড়ি। লকডাউনত বাহিৰলৈ যাব লগা হোৱা নাছিল। চুলি-ডাড়িৰতো কথাই নাই, নাকাটিলে-নুখুৰালেও একো নাই। চিগাৰেট এটা জ্বলালে। বেছি চিগাৰেট খাবলৈও ভয়। কিজানিবা নৰোত্তমৰ পাণদোকানখন আকৌ বন্ধ হয়। ওচৰতে ভাড়া কৰি থকা সুবিমল তালুকদাৰৰপৰা আকৌ ধাৰত চিগাৰেট খুজিবলৈ মন নাযাব। পাঁচটা দীঘলীয়া হোপা মাৰি চিগাৰেটটো নুমুৱাই কাণৰ ওপৰৰ অংশত গুজি ল’লে। গল্প লিখিব নৱাজে। চাল্লা ৰাইটাৰবোৰে সঁচাকৈয়ে

Read more

পুতলা নাচ-অমিতাভ মহন্ত

মই জয়, জয় পাটোৱাৰী৷ এইবাৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত৷ মা দেউতাহঁতে মোক এতিয়াও সৰু ল’ৰা বুলিয়েই ভাবে৷ মায়ে ভাতৰ পাতত মোক মাছৰ কাঁইট বাচি দিয়ে, বাইদেৱে ৰাতি মোৰ বিছনাখন পাৰি দিয়ে, গধূলি দেউতাই টিউশ্যনৰপৰা আনিবলৈ সদায় আগুৱাই যায়৷ তেওঁলোকৰ ধাৰণা যে মই নিজে একো কৰিব নাজানোঁ, কৰাৰ বয়সেই হোৱা নাই৷ তেওঁলোকৰ পিছে ধাৰণাই নাই যে এই সৰু ল’ৰাটোৱে তলে তলে এটা ডাঙৰ কাণ্ড কৰি থৈছে৷ এই ঘৰ-কলেজ-টিউশ্যনৰ একঘেয়ামী জীৱনৰ মাজতে মই মনে মনে বিয়া পাতি থৈছোঁ৷ ঘৰত মামা-মাহী, খুৰা-খুৰীহঁত আহিলে মোক

Read more

ছ’ কিউট  – ঈষাণ জ্যোতি বৰা

বেজবৰুৱাই পদূলিৰপৰাই সেই অদ্ভুত শব্দ দুটা শুনা পালে৷ মানুহজন কেইছেকেণ্ডমানৰ বাবে থৰ হৈ গ’ল৷ ভাবিবলৈ ধৰিলে, এইটো তেওঁ কেনেৰকমৰ বস্তু শুনিলে! হেমকোষৰ প্ৰণেতা বৰুৱা চাহাব ঢুকোৱাৰো ভালেমান দিন হ’ল৷ তেন্তে অসমীয়া অভিধানত ইয়াৰ উৎপত্তি হ’ল কেতিয়া! বিকাশেইবা কৰিলে কোনে? বৰনগৰৰ শুকান মাছৰ বজাৰত জলহস্তী এটায়ে সাঁতুৰি আছে বুলি দিনদিয়েক আগতে শুনা গৈছিল৷ পাছত গোমৰ ফাঁক হ’ল৷ সেয়া বোলে জল বিভাগৰহে ‘ডেমো’ আছিল৷ বেজবৰুৱা আশ্বৰ্যচকিত৷ বানপানীত উটি অহা মাছক ধৰিবলৈ ৰাইজে সাঁতোৰ শিকিব লাগিব বুলি শুনিছিল, কিন্তু জলহস্তী উটি আহিব, আৰু

Read more

সন্মানীয় কবি-মানসী বৰা

লতিকা বৰুৱা চমুকৈ বৰুৱানী,মেলে-মিটিঙে ঘূৰি ফুৰা মানুহ। মহিলা সমিতি, সাহিত্য সভা,ৰাস-সমিতি,  লেখিকা সমাৰোহ, জেষ্ঠ নাগৰিক সভা, মহিলা মঞ্চ, মহিলা গোট আদি  ক’ত নাই তেওঁ। সেয়ে প্ৰায় সকলোৱে চিনি পায়। কাঢ়া ইষ্ট্ৰী কৰা পাটৰ মেখেলা-চাদৰ পিন্ধি সভাই সমিতিয়ে সকলোতকৈ আগতে গৈ পোৱা মহিলাগৰাকীয়েই হৈছে বৰুৱানী। একক পৰিৱেশন নকৰিলেও কোৰাছ গোৱা গায়িকা বৰুৱানী। আন  মহিলাৰ সৈতে শাৰী পূৰাই সাজপাৰ মিলাই কোৰাছো গাই তেওঁ। সুৰটো কেতিয়াবা লাগি ধৰে, কেনেবাকৈ টানিব নোৱৰা যেন পালে ৰৈ দিয়ে, শব্দ মুখেৰে ফুটাব নোৱাৰিলে কিবা কৈ লিপচ মিলাই।

Read more
1 17 18 19 20 21 78