ফটাঢোল

ভালপোৱা-বন্দিতা জৈন

মেট্ৰিক তথা হায়াৰচেকেণ্ডেৰী প্ৰথম বৰ্ষলৈকে প্ৰেমৰ  লগত চিনাকি নাছিল৷ মানে মই নিজেই জানো মোক বিশেষ ভাবে ভালপোৱা কোনো থাকিব নোৱাৰে৷ কাৰণ মই তেতিয়া লৈকে ৰাস্তাৰ শিলগুটি গণি গণি যোৱা বিধৰ আৰু দেখাতো সুন্দৰীৰ শাৰীত নপৰোঁ। তেনে এটা দিনৰে কথা৷ মই তেতিয়া হায়াৰচেকেণ্ডেৰী প্ৰথম বৰ্ষত৷ জাগীৰোড কলেজলৈ ঘৰৰ পৰা বাছেৰে আহিব লাগে৷ অলপ পুৰণা হৈছোঁগৈ আৰু৷ সেইফালৰ পৰা বহুত ছাত্ৰ-ছাত্ৰী আহে জাগীৰোড কলেজলৈ৷ গতিকে ইমান মোৰ ভাবিবলৈ নাথাকে বা মোৰ স্বভাৱটোৰ বাবে চিনাকিখিনিৰ বাদে নতুনকৈ চিনাকি নহওঁ। লাহে লাহে মন কৰোঁ

Read more

মাংস-ভাষ্কৰজ্যোতি ৰাভা

বহুত বছৰৰ আগৰ কথা। সেইদিনা আছিল অমাৱস্যাৰ ৰাতি। পুৰণি বাজাজ স্কুটাৰখন লৈ অভিজিত টাউনৰপৰা আহি আছিল। হওঁতে সেইদিনা তাৰ আনদিনাতকৈ অলপ ৰাতিয়েই হ’ল। সন্ধিয়া ৰেললাইনৰ কাষত বহা বজাৰৰপৰা পাচলি কিনি থাকোঁতে ‘দাদা, লাষ্ট বজাৰ লৈ যাওক, ২০ টকা কমত দিছোঁ’ বুলি গাহৰি মাংস এক কেজি চিনাকী বেপাৰীজনে জোৰকৈ কিনালে তাক। পাচলি আৰু মাংস লৈ স্কুটাৰ ষ্টাৰ্ট দিবলৈ লওঁতেই সি বহুত বছৰ কোনো সংযোগ নথকা পুৰণি বন্ধু পৰীক্ষিতক লগ পালে। মানুহটো গোটেই হাড়ে-ছালে লাগি গৈছে। কিবা ডাঙৰ বেমাৰ হৈছে নেকি বাৰু

Read more

কৃপণ বৰ্তা-নন্দিতা তালুকদাৰ

বহুতেই  ভবাৰ দৰে সকলো উকীলে ডকা-হকা দি পইচা নলয়। বহুত বেছি কৃপণ ক্লায়েণ্ট পাইছোঁ। এজন ক্লায়েণ্ট আছিল। মই বৰ্তা  মাতিছিলোঁ। বহুত বেছি ধনী। মই নতুনকৈ ক’ৰ্টত জইন  কৰাৰ সময়ৰ কথা। বৰ্তাৰ কিবা মাটিৰ লেঠা লাগিল সোণাপুৰত। মই গৈ ঠিক কৰিলোঁ। মই আচল খৰছ মানে অফিছলৈ অহা যোৱা খৰছ ক’লোঁ ১৫০০ টকা। তেওঁ মোৰ ফিজ নিদিয়াকৈ অকল খৰছটো দিলে অহা যোৱাৰ। মোৰ খং উঠিল যদিও একো নক’লোঁ। বৰ্তা বৰমা গ’ল অসমৰ বাহিৰলৈ ফুৰিবলৈ। আকৌ এটা কামৰ বাবে মোক মাতিলে। বেমাৰী মানুহ

Read more

সূৰ্য্যমুখী-নাজিয়া হাচান

অসহ্য গৰম। প্ৰায়ে ৰাতি কাৰেণ্ট নাথাকে! ইফালে ঘৰৰ গোটেইবোৰ মানুহে আজিকালি নিষ্কর্মাৰ দৰে বেছিভাগ দিন ঘৰতেই থাকিব লগা হৈছে। স্কুল বন্ধ, কলেজ বন্ধ। ক’ৰ্ট কাছাৰী বন্ধ। চবৰে আৰাম। মাজে মাজে লকডাউন দিলে দোকানী, ড্ৰাইভাৰবোৰেও আৰাম কৰে; ঘৰত শুই বহি। মাথোঁ আৰাম নাই গৃহিণীবোৰৰহে। ৰাতিপুৱা কোনো শুই নুঠোতেই বেলিটোৱে সাৰ পায় আৰু বেলিয়ে সাৰ পোৱাৰ ঠিক পিছতেই ৰহমান চাহাবৰ গৃহিণীগৰাকীয়েও সাৰ পায়। পুৱা চকুহাল মেলাৰপৰা ৰাতি বিছনাত পৰি চকুহাল মুদালৈকে মানুহগৰাকীৰ ঘৰখনত কামৰ অন্ত নাই! চাৰিটা ল’ৰা ছোৱালী আৰু পতিদেৱৰ সৈতে

Read more

স্থিতিস্থাপকতা-পূৰৱী কাকতী

কেইবাদিনো বৰষুণ দিয়াৰ পাছত আজি ৰাতিপুৱাই বেলিটোৱে খাওঁ খাওঁ মূৰ্তি ধৰি ওলাই আহিছে। পৰ্দাৰ ফাঁকেৰে চকু চাট মাৰি ধৰা ৰ’দটো সোমাই খনীন্দ্ৰ ৰৰুৱাৰ মুখতে পৰি চিকুণ টোপনিটো ভাঙি দিলে। ধৰফৰাই উঠি তেওঁ বিচনাতে বহি খিৰিকীখনলৈ চাই স্বগতোক্তি কৰিলে – “আজি গৰমে ৰাইজক এসেকা ভালকৈয়ে দিব দেই।” উঠি আহি হাত-ভৰিকেইটা অলপ পোনাই লওঁ বুলি  তেওঁ চোতালতে দুপাক খোজ কাঢ়ি “নহ’ব দেই মোৰদ্বাৰা” – বুলি খৰধৰকৈ  ভিতৰলৈ সোমাই আহিল। “হেৰা, দেখিছানে কি আচৰিত বতৰ! কালিলৈকে শুবলৈ পাতল কাপোৰ এখন গাত ল’বলগীয়া হৈছিল

Read more

অভাৱী আই-দীক্ষিতা বৰা

(বাস্তৱৰ জুমুঠিৰ আধাৰত) ব্যস্ততাহীন মোৰ বন্ধ দিনৰ পুৱাটো মোল্লা নাছিৰুদ্দিন, বীৰবলৰ সাধুবোৰে ৰঙীয়াল কৰি আছিল। পৃষ্ঠাই পৃষ্ঠাই মোৰ শৈশৱৰ সুবাস। “আটাইতকৈ আপোন কোন হয়, নিশ্চয় সন্তান?” আকবৰৰ এই প্ৰশ্নৰ উত্তৰ দিবলৈ বীৰবলে পোৱালি সহিতে বান্দৰী এজনী ধৰাই আনি গাঁতত সোমোৱাই থ’বলৈ নিৰ্দেশ দিছিল। পিছদিনা পুৱা বীৰবলে শিকাইছিল আকবৰক মায়া মোহৰ প্ৰকৃত পাঠ। বান্দৰীজনী থকা গাঁতটোত পানী ঢালিবলৈ নিৰ্দেশ হৈছিল। পোৱালিটো লৈ সাঁতুৰি বাছিবলৈ চাইছিল তাই, নোৱাৰিলে। শেষত পোৱালি এৰি দি নিজেই কোনোমতে সাঁতুৰিবলৈ ল’লে, প্ৰাণৰ মায়া। তেতিয়া বীৰবলে ক’লে আকবৰক

Read more

জেঠুৰ চিকিৎসা-মৃদুলা গগৈ

টিং টং ..টিং টং ..টিং টং………. আৰে, একেৰাহে কলিং বেলটো কোনে বজাই আছে! দৰ্জাখনতে প্ৰহৰীহৈ ৰৈ থাকোঁ বুলি ভাবে নেকি বাৰু এই মানুহবোৰে!  টিং টং ..টিং টং……. উফ! গৈছোঁ গৈ আছোঁ। কাপোৰ কেইটামান চাৰ্ফত জুবুৰিয়াইছিলোঁহে। হাতখন ধুবলৈও ৰক্ষা পোৱা নাই। চাদৰৰ আঁচলেৰে হাতখন মচি মচি দুৱাৰ খুলি দেখোঁ বীণা জেঠাই উচ পিচ কৰি আছেহি।  : কি হ’ল অ’ জেঠাই। ইমান উধাতু  খাই আহিছে যে।  : তোৰ গিৰিয়েৰ আছে নে ঘৰত? : আছে আছে। আগতে আপুনি ভিতৰলৈ আহকচোন।  : ঐ পৱন,

Read more

পাঁচ বছৰৰ পাছত – ঈশান জ্যোতি বৰা

: ইয়াৰ নিচিনা হেবাং ল’ৰা নায়েই নেকি এই ভূ-ভাৰস্তত! ডাঙৰ হ’লে কেনেকৈ যে খাব! : তাকেইতো৷ ল’ৰা-ছোৱালী আজিৰ যুগত অলপ ইচমাৰ্ট নহ’লে নহয়, বুজিছেনে বৰুৱানী! আমাৰ আকৌ জুনুকা এইবিলাকত বিৰাট চোকা৷ সেইদিনা কি কৰিলে জানে?: কওকচোন! : ফটা দহটকীয়া নোট এখন মোৰ হাততে বহুদিনৰে পৰা আছিল৷ কোনেও নলয়, বোলো-থাকক মোৰ হাততে৷ পৰহি জুনুকাই নোটখন দেখি মোৰ পৰা সাউতকৈ লৈ গ’ল আৰু চাৰিআলিৰ দোকানৰ পৰা তাৰে ৰচগোল্লা দুটা লৈ আহিলেগৈ নহয়৷ ফটা নোটখন সি কেনেকৈনো চলালে-নাজানো আৰু! : ৱাহ! এইবোৰহে ল’ৰা-ছোৱালী!

Read more

লোভ – হেমন্ত কাকতি

ভগবানে যেতিয়া ছয় ৰিপুৰ সৃষ্টি কৰিছিল, মানে ‘কাম’ আৰু ‘ক্ৰোধ’ৰ পিছতে বৰ ভয়ঙ্কৰ ৰিপু এটা মানৱ জাতিক দি গ’ল৷ তেওঁ ভালকৈ বুজি উঠিছিল যে এই কাম আৰু ক্ৰোধ অকলে ‘চাষ্টেনেইবল্‌’ নহ’ব৷ লগত দুটামান মছলাদাৰ বস্তু নোসোমালে গোটেই মানৱ জীৱনটোৱেই ব’ৰিং হৈ যাব৷ গতিকে লোভক ‘ইণ্ট্ৰ’ডিউচ’ কৰিলে৷ বচ, তাৰ পিছতেই মানৱজাতিৰ মাজত আৰম্ভ হৈ গ’ল জেং৷ বাৰু, মানৱজাতিৰ যি হওক, হৈ থাকক; মোক কিন্তু বৰ বেয়াকৈ প্ৰভাবিত কৰিলে, এই লোভ নামৰ ৰিপুটোৱে৷ মাছ মাংসৰ লোভটো বেছি নিদিলেও ‘টকা’ৰ লোভটো অলপ বেছিয়ে

Read more

ভাবীপত্নী – নীলাক্ষী কাকতি

:উফ! নোৱাৰি আৰু দেই ৷ বুঢ়া আঙুলিটোৰে কপালৰ পৰা ঘামখিনি পেলাই অচিন্ত্যই আকৌ এবাৰ জেঠমহীয়া ৰ’দজাকৰ ফালে চালে৷ তাৰ সৰ্বশৰীৰ ঘামেৰে তিতি গৈছে৷ ইফালে অফিচত আজি ছুটী লৈছে ভাৰাঘৰ এটা বিচাৰিবলৈ৷ তাৰ আগৰ ভাৰাঘৰটো ভালেই আছিল, পিছে মালিকৰ জীয়েকৰ বিয়াৰ বাবে মালিকে সকলো ভাৰাতীয়াক ৰুমবোৰ খালী কৰিবলৈ কৈছে। সেয়ে সি যেনেতেনে ভাৰাঘৰ এটা আজি ঠিক কৰিবই লাগিব। ইফালে আজিহে তাৰ বাইকখন বেয়া হ’বলৈ পালে। মুঠতে বিড়ম্বনা আহিলে একেলগে আহে। দিন বেয়া চলিলে উটৰ ওপৰত উঠিলেও কুকুৰে কামোৰে৷ অচিন্ত্যৰ অণ্ঠ-কণ্ঠ শুকাই

Read more
1 24 25 26 27 28 78