ফটাঢোল

তুফান-দ্যা ড্ৰাঙ্কাৰ্ছ ষ্টৰী – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

ৰাতিপুৱাৰ পৰাই গোটেই চুবুৰিটোত হুলস্থূল আৰম্ভ হৈ গ’ল। মহিলা সন্থাই যদি কাৰোবাৰ চোতালত বহি মিটিঙখন জমাইছে, পুৰুষসন্থাই আকৌ নামঘৰৰ পদুলিতে কথাৰ মহলা আৰম্ভ কৰিছে বিষয়টোৰ ওপৰত। কাণসমনীয়া যুৱকৰ দলটোৱে আকৌ গাঁৱৰ সোঁমাজতে থকা সংঘটোত কেৰম খেলি খেলি কথাটো আলোচনা কৰিছে। ঘটনাটোৰ চাক্ষুষ বিৱৰণ দেখা পোৱালিকেইটা এখোপ চৰা। যদু মাষ্টৰে কেনেদৰে খোজকাঢ়ি গৈছিল, ৰাস্তাত কেইবাৰ পৰিছে, ঘৰ পোৱালৈকে ৰাস্তাত কিমানক গালি দিছে এফালৰ পৰা বৰ্ণনা কৰি আছে। চাইকেলখন চলাই যাব খুজি তিনিবাৰমান পৰিছিল বাবে চাইকেলখন ঠেলি ঠেলি সেইখনৰ ভৰসাতেই ঘৰ সোমাইছে

Read more

বৰ্ণিতা বৰুৱা, তুমি মোৰ মাধুৰী দীক্ষিত’-দিগন্ত কুমাৰ ভট্টাচাৰ্য

কথাটো ইকাণ-সিকাণকৈ বাগৰি গ’ল। বহুজন আশ্চৰ্য্যান্বিত হ’ল। “কোন অ’ এই ধৰ্ম বৰুৱা?” বুলি বহুকেইজন এক সাঁথৰত ডুবি ককবকালে। আচৰিত হ’বৰে কথা। হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰৰ চায়েন্সৰ ধৰ্ম বৰুৱা তেনেই এটি সাধাৰণ প্ৰাণী। তাৰ এনে কি আছে, যিটোৱে তাক আনৰপৰা পৃথক কৰিব পাৰে? নাই, একোৱেইতো নাই। আনকি আচৰিত হোৱাটো বাদেই দিলোঁ মই ধৰ্ম বৰুৱাই নিজেই আচৰিত হ’লোঁ কথাটোত। কি আছে মোৰ! মই চাপৰ। কলেজ ফিল্ডত ফুটবল খেল চলি থাকিলে দ্বিতীয় শাৰীত থিয় হ’ব লগাত পৰিলে খেলুৱৈৰ ভৰিবোৰ মই কষ্ট কৰিও দেখা

Read more

হুতাহ- কৌশিক দাস

: হেৰা, চাহ হ’লনে তোমাৰ? প্ৰায় আধাঘণ্টা ৰৈ মহেন্দ্ৰ কলিতাৰ ধৈৰ্য্য হেৰাই গৈছিল। ঘৈণীয়েককলৈ কেৰাহিকৈ চাই  চাৰিশ চৌৱাল্লিশ নোহোৱাৰ নিৰ্ভয়তাত আউজি আকৌ এবাৰ আৱাজ দিলে, : হেৰা, কি হ’ল তোমাৰ চাহ? বচ, আৰু ওপৰলৈ নোৱাৰি৷ খঙে ৰাগে অবাইচ কিছুমান শব্দই তাৰ ভিতৰখন জোকাৰি দিছিল যদিও জিভা পিচলি নগ’ল৷ ধেমালিৰ কথা নহয়! এবাৰ ৰণচণ্ডী জাগ্ৰত হ’লে মিনতিক ৰাখে কোনে? অফিচৰ কোনো মক্কেলে চাহৰ নামত কিবা এটা নিদিলে ফাইল ওলমাই ৰখা কলিতাই ঘৈণীয়েকৰ ওচৰত অনুৰূপ দমত ওফন্দি উঠিব নোৱাৰে৷ ঘৈণীয়েকে যি ভাবে,

Read more

তোমাৰ মিঠা এই চাৱনি – ৰীতা লীনা সোণোৱাল

ৰূমটো ইমান ধুনীয়া! দেখিয়ে মনটো ভাল লাগি যায়। চাদৰ ওপৰত থকা ৰূমটো এনেয়ে পৰি আছিল৷ মই অনুৰোধ কৰাৰ বাবে দুমাহৰ কাৰণে মোক ভাৰাত দিলে। এনেও মই চেলচ্‌ৰ মানুহ, সেইকাৰণে মানুহক সহজে সৈমান কৰাব পৰাত ভাল। এইখন চহৰত অৱশ্যে মোক কাম অলপ বেলেগকৈ দিছে। অফিচত বহিব লাগে বেছিভাগ সময়। সপ্তাহটোৰ প্ৰায় কেইদিন নিশাৰ ডিউটী কৰিব লাগে। আজি নাইট ডিউটী কৰি আহি পাইছোঁ অলপ আগতে৷ মূৰটো টিংটিঙাই আছে। হঠাৎ দুৱাৰত আহি কোনোবাই টুকুৰিয়ালে। চিলমিলকৈ টোপনি আহিছিল। দুৱাৰত টোকৰ শুনি খঙ উঠি গ’ল।

Read more

সোণাৰুৰ হালধীয়া হাঁহি – মৃদুল নাথ

: অই অবিনাশ, ব’ল পানবজাৰলৈ যাওঁ। কাম এটা আছে। দীপকৰ মাতত মূৰৰ পৰা ব্লেংকেটখন অলপ আঁতৰাই মূৰটো উলিয়াই অবিনাশে কোনোমতে চকু দুটা মেলি চালে। : ইমান ধুনীয়া বতৰ। শুবলৈ দে না বে। দেওবাৰটোতো শান্তি নাই তোৰ পৰা। ব্লেংকেটখনৰ মাজত অবিনাশ পুনৰ অদৃশ্য হৈ যায়। ৰূমমেট অবিনাশক দীপকে হাড়ে হিমজুৱে চিনি পায়। তিনি বছৰ হ’ল দুয়ো একেলগে থকা, ৰূম সলনি হ’লেও ৰূমমেট সলনি নহয়। ইঞ্জিনিয়াৰিং কলেজত নামভৰ্তিৰ সময়তে দুয়োৰে চিনাকি, প্ৰথম চিনাকিতে দুয়ো ভাল বন্ধু হৈ পৰে, লাহে লাহে বন্ধুত্বৰ শিপা

Read more

কোকলোঙা – কাবেৰী মহন্ত

চিপচিপীয়া বৰষুণজাক অলপ জোৰেৰে দিবলৈ আৰম্ভ কৰিছে৷ ৰাস্তাৰ গাড়ী মটৰো প্ৰায় সেৰেঙাই হৈছেগৈ, মানুহবোৰেও বতৰৰ সুবিধা লৈ হয়তো সোনকালেই ঘৰলৈ উভতিল বাবে শেষৰ বাছবোৰ খালী হৈয়েই চলি আছে! এই বাছখনতো দহজনমান পুৰুষ যাত্ৰীৰ বাদে দ্ৰাইভাৰজন আৰু কণ্ডাক্টৰজন, এজন আদহীয়া ব্যক্তি হয়তো আগৰ ষ্টপেজত নামিব। প্ৰায় এক দেড় মিনিটৰ বাবে বাছখন থমকিল বাছষ্টেণ্ডটোত, মানুহজন নামি গ’ল। হুৰমূৰকৈ ছোৱালী এজনী বাছখনলৈ উঠি আহিল। বৰষুণৰ সৈতে অহা এজাক সতেজ বতাহৰ দৰেই! বাছখনত থকা মানুহ কেইজনকো যেন সেই সতেজ বতাহজাকে চুই গ’ল! যাত্ৰীকেইজনেও নিজৰ

Read more

বেটাৰ লাক, নেক্সট টাইম – চন্দনা শৰ্মা

দৃশ্যপট ১ : কিবা এটা কোৱা। কিনো ক’ম! যি মন যায়। (হাঁহি দুয়োৰে) তুমি লগত থাকিলে একো নক’লেও বহু কথা কোৱা হৈ যায়। মোৰো! তোমাৰ মৌনতাতো মই শব্দ বিচাৰি পাওঁ। জালুকবাৰীৰ সন্ধ্যা এটাত দুটা প্ৰেমিক চৰায়ে দিগন্তৰ সিপাৰে যেন পাখি মেলি আকাশ চুমিব খুজিছে৷ আদিত্য আৰু প্ৰণামীৰ শিক্ষা সমাপ্ত হ’বলৈ আৰু কেইমাহমান বাকী৷ দুয়োৰে কথা ঘৰতো গম পায়, সংস্থাপন এটা হৈ গ’লে বিয়াৰ ক্ষেত্ৰত আপত্তি নাই বুলি প্ৰণামীৰ ঘৰৰ ফালৰপৰা ইতিমধ্যে জনাই দিছে৷ সন্ধিয়াৰ জালুকবাৰীৰ পদপথেদি দুয়ো হোষ্টেললৈ খোজ দিছে৷

Read more

মৰীচিকা – হিমাদ্ৰি বি গোস্বামী

নতুনকৈ কলেজলৈ গৈছোঁঁ৷ ৰোমানি আন্দাজ৷ ইছকিয়া মেজাজ৷ কাপোৰত নাক বৰাবৰ ইস্ত্ৰি৷ পিছকুমৰ চুলিত হাত বুলাই হিৰ’ মাফিক চ্ছাল। পৰোঁ পৰোঁকৈ থকা পকা তুলতুল প্ৰেমিক মন এটা৷ পিচে কাজলি পাতি ধৰোঁতাৰহে অভাৱ৷ প্ৰমীলাহঁতৰ চকুৰ চলিহা নুগুছে৷ গাটো চেং-চেং ভক্‌-ভক্‌ কৰে৷ ভাবোঁ, চেলকণা এজনীও জালত নপৰিবনে? নাই নপৰেহে নপৰে৷ দিন যায়, মাহ আহে৷ সেইদিনা কলেজৰ দীঘলীয়া বাৰাণ্ডাইদি ভাবত বিভোৰ হৈ তলমূৰ কৰি ক্লাছলৈ গৈ আছোঁ৷ অকস্মাৎ সন্মুখৰ পৰা এগৰাকীয়ে আহি দিলেহি মোক খুন্দা মাৰি৷ মাটিত বাগৰি পৰাৰ আগতেই মই তেওঁৰ হাতত ধৰি

Read more

কদমফুল – বৰ্ণালী এচ মুদৈ

ঘৰত থাকি থাকি হৃদয়ৰ চুলিবোৰ হৈছে গৈ কাউৰীৰ বাঁহ, দাড়িবোৰ হৈছে সন্ন্যাসীৰ দৰে। চেলুন বন্ধ থকাত মন পচন্দৰ হেয়াৰ কাট দিয়াৰ উপায় নাই। মাজে মাজে দেউতাকে কয়, : এইফালে আহ ট্রিমাৰ দি চুলিবোৰ অন্য ৰূপ এটি দি দিওঁ। কিন্তু হৃদয়ৰ সাহস নহয়। ট্রিমাৰ দি চুলি কটাৰ নামত মূৰটো চকচকাই থকা ষ্টেডিয়াম বনাই দিয়া হৈছে, এনে বহু পষ্ট নিউজফিডত ঘূৰি ফুৰিছে৷ তাৰ ওপৰিও মাক-দেউতাকৰ পচন্দৰ ষ্টাইলত চুলি নকটাৰ বাবে তেওঁলোকৰ এটা অঘোষিত আক্রোশ জমা হৈ আছে হৃদয়ৰ চুলিৰ ওপৰত। চুলি কাটিবলৈ

Read more

ডাষ্টবিন – ৰঞ্জিত কুমাৰ শৰ্মা

সন্মুখত টেলিভিছন নিউজ চেনেল আৰু ৱেব প’ৰ্টেলৰ কেইবাটাও লগ’ সম্বলিত দণ্ড, কেমেৰা আৰু ম’বাইল ফোন৷ সেইবোৰ দাঙি ধৰি আছে কেইবাজনো স্থানীয় সাংবাদিক আৰু ফটো সাংবাদিকে৷ এনে পৰিবেশত পিছফালে কেমেৰাৰ বেষ্টনিত সোমোৱাৰ চেষ্টা কৰি থকা কেইজনমান সমৰ্থকক লৈ সমাজ সচেতন ব্যক্তি এজনে কৈছে, : এই এলেকাটোত প্ৰায় দুশ পৰিয়াল আছে৷ এই দুশ পৰিয়ালৰ মাজত মাত্ৰ দুটাহে ডাষ্টবিন আছে৷ দুটা ডাষ্টবিনেৰে হয়নেকি? বাৰম্বাৰ দাবী জনাই অহাৰ পিছত ছমাহমান আগতে পৌৰসভাই ডাষ্টবিন দুটা বহুৱাইছিল৷ ডাষ্টবিন দুটা পকী হ’লে কি হ’ব? মুক্ত ডাষ্টবিন৷ পৌৰসভাই

Read more
1 26 27 28 29 30 78