ফটাঢোল

দানবীৰৰ চং- ৰঞ্জিত কুমাৰ শৰ্মা

পুৱাই হকাৰে দি যোৱা দৈনিক কাকতখনৰ পৃষ্ঠা লুটিয়াই থকা অৰ্ণৱ চৌধুৰীয়ে এটা পৃষ্ঠাত লিপ্সিত বাতৰিটো দেখিয়েই পঢ়ি চালে৷ ফটো এখনৰ সৈতে তেওঁৰ বাবে সন্তোষজনক ভাবেই বাতৰিটো প্ৰকাশ পাইছে৷ তপতে তপতে বাতৰিটো পত্নীকো দেখুৱাবলৈ চৌধুৰী উদ্‌গ্ৰীৱ হৈ পৰিল৷ অত্যুৎসাহী হৈ তেওঁ পত্নীক মাতিলে– ‘হেৰা শুনিছানে? চাই যোৱাচোন৷’ ‘কি হ’লনো, এনেকে উত্ৰাৱল হৈ মাতিলে যে?’– চাদৰৰ আঁচলত তিতা হাতখন মচি মচি পাকঘৰৰ পৰা ওলাই অহা ঘৈণীয়েকে সুধিলে৷ ‘এইটো চোৱা, কালি যে সংঘৰ ফালৰ পৰা দুখীয়া পৰিয়ালকেইটাক চাউল-দাইল দিছিলোঁ, সেই বাতৰিটো ফটো সহকাৰে

Read more

জোঁৱাই ধেমেলীয়া- টুনুজ্যোতি গগৈ

: ভঁৰালত ধান – ধনেশ্বৰ নিচাদেউৰ দুবৰিভৰা চোতালখনত আমি ‘হেই হেই হেইয়া, হেই হেই হেইয়া’ বুলি হুলস্থুল কৰি বৃত্তাকাৰে ঘূৰিবলৈ আৰম্ভ কৰাৰ ক্ষন্তেক পাছতেই পোনাকায়ে সুমধুৰ কণ্ঠেৰে কৈ উঠিল৷ ইতিমধ্যে মুখত এমোকোৰা হাঁহিৰে পাখৰিজনিয়ানী এপাদেউ টিনৰ দুৱাৰখন ঘেৰেংকৈ খুলি ওলাই আহে আৰু আগপিনৰ চালিখনৰ ভলুকা বাঁহৰ বিয়াগোম খুঁটা এটাত অাঁউজি আমালৈ চাই ৰয়৷ : হৈছে৷ – পোনাকাইৰ প্ৰতি সমৰ্থন জনাই আমি প্ৰয়োজনতকৈ বেছি জোৰেৰে চিঞৰি উঠোঁ আৰু ‘তাইহঁত কিজানি ওলাই আহিছে’ বুলি ভাবি দুৱাৰমুখলৈ চাই পঠিয়াওঁ৷ : পুখুৰীত মাছ৷ –

Read more

এটি মহৰ লগত কিছুসময়- দিগন্ত কুমাৰ ভট্টাচাৰ্য

মহটো আঁঠুৱাখনৰ ভিতৰত নে বাহিৰত আছে ধৰিব পৰা নাই মই। কাণৰ ওচৰ-পাজৰেই ঘূৰি আছে মহটো। গাৰুটো আঁঠুৱাত লাগি আছে বাবে মহটো আঁঠুৱাৰ বাহিৰেৰে আহিও কাণৰ কাষত কোনকোনাব পাৰে বুলি মই নিজকে নিজে নিশ্চিতি দিলোঁ। দুবাৰমান হাতেৰে আঁঠুৱাখন জোঁকাৰি দিলোঁ। ভাবিলোঁ সেই জোকাৰণিত কিজানিবা মহটোৱে আঁঠুৱাৰ পৰা ছিটিকি বিছনাৰ কাঠডালত খুন্দা খাই বাগৰি পৰিছে। মহটো নিশ্চয়কৈ মৰিছে। কোনকোননিটো বন্ধ হ’ল। নে সি অকল মুখত আঘাট পালে? মৰা নাই। অনুমান কৰিবলৈ চেষ্টা কৰিলোঁ। বিক্ষিপ্ত চিন্তা কিছুমান মনলৈ আহিল। মই এনেয়ো ওভোত চিন্তা

Read more

লকডাউন- অলকেশ ভাগৱতী

“লকডাউনটো বৰ ইণ্টাৰেষ্টিং বস্তুহে হিমাংশু৷ সব চাল্লা কেনেকৈ গাঁতত সোমোৱা দি সুমাই আছে দেখিছা? যিদিনা আমাৰ প্লেণ্টতো লকডাউন হয় নহয়, সিদিনা…. চাওঁ অলকেশ লাইটাৰটো দিয়া…” : ৰ’বদেই একমিনিট৷ আৰে, লাইটাৰটোচোন মোৰ পকেটত নাই৷ অহ, অলপ আগতে লাইটাৰটো কোনোবাই খুজিলে নহয়৷ কোনে ল’লে? বিজয় তুমি ল’লা নেকি? বিজয়, শুনিছানে নাই? ঐ মোৰ লাইটাৰটো ল’লা নেকি? : ধেই, কি ফাল্টু কথা কয়হে ৰামানুজ দা!মই আপোনাৰ লাইটাৰ কিয় লম? : মই ৰামানুজ নহয় বে অলকেশদাহে৷ লাইটাৰটো আছে নেকি চোৱা তোমাৰ ওচৰত৷ : আৰে

Read more

বাণিজ্যে বসতে লক্ষ্মী -অমিতাভ মহন্ত

“বাণিজ্যে বসতে লক্ষ্মী” কোনে বা কৈছিল মনত নাই৷ কিন্তু মনত সেই সৰুতেই দাগ বহুৱাই থৈ গৈছিল৷ দেউতাই বেংকত চাকৰি কৰে, লক্ষী নাই৷ বোধহয় সেইবাবেই মই ওখ হ’ব পৰা নাই, পচন্দৰ খেলাবস্তু কিনা হোৱা নাই, টিফিনতো সেই এটকা মাত্ৰ৷ এদিন গগৈ বৰতাক গৈ সুধিলোঁ, : বৰতা ব্যৱসায় মানে কি? উত্তৰ আহিল, : ব্যৱসায় মানে পুঁজিবাদীৰ ফন্দি, শ্ৰমিকৰ তেজ শুহি সম্পদ হৰণ কৰাৰ কৌশল, সোঁপন্থীৰ ষড়যন্ত্ৰ… তাৰ পিছতো কাৰ্ল মাৰ্ক্স, ষ্টেলিন, কংগ্ৰেছ, বিজেপি… আৰু কিবা কিবি কৈ আছিল৷ বিৰক্ত হৈ গুছি আহিলোঁ৷

Read more

চঞ্চল চহৰীয়াৰ সাহিত্যকৃতি- অভিজিত কলিতা

প্ৰখ্যাত, সুবিখ্যাত, সমাজ সচেতন ব্যংগ লেখক চঞ্চল চহৰীয়াক চিনি নোপোৱা মানুহ এজনো অসম দেশত নাই, কেনেবাকে কৰবাত এজন পৰিধৰি আছে বুলি কোনোবাই ভুলতে ক’লেও চহৰীয়াই বিশ্বাস নকৰে। হিংসাকুৰীয়াবোৰে এনে অপপ্ৰচাৰ চলাবই, এইবোৰক উপে‍ক্ষা কৰাই উচিত। হাতী যেতিয়া বাটেৰে যায়…………. অৱশ্যে চহৰীয়াৰ এই আত্মবিশ্বাস পকা কঠাল সৰা দি ওপৰৰ পৰা সৰি পৰা নাই, দস্তুৰমত সুদীৰ্ঘ বছৰ ধৰি নীৰৱচ্ছিন্নভাৱে, ধৰাধৰে, প্ৰতি সপ্তাহে একোটাকৈ ব্যংগ লেখা ডেলিভাৰি দি অহাৰ বাবেহে আহিছে। অসমত এনে এখন আলোচনী নাই, স্মৃতিগ্ৰন্থ- বাতৰি কাকত  নাই, য’ত চহৰীয়াৰ এটা

Read more

ৰঙা ৰুমালখন- ঈশান জ্যোতি বৰা

শান্তিপুৰলৈ সোমাই যোৱা খলা-বমা, একা-বেঁকা আৰু মাজে-মাজে বৰফপৃষ্ঠৰ দৰে মসৃণ-নিমজ পকী পথটোৰ ওপৰত হৃষ্টপুষ্ট চকা দুটা উঠিবলৈহে পালে, মুহূৰ্ততেই এক্টিভাখনৰ বেগ উদ্বেগজনকভাৱে বাঢ়ি গ’ল৷ কোনোদিনেই চল্লিছৰ ঘৰ নোচোৱা এক্টিভাচালক তৰুণে এতিয়া কেনে ৰকমৰ তাড়না আৰু বাসনাৰ দ্বাৰা পৰিচালিত হৈ সত্তৰৰ ঘৰ অতিক্ৰমি ‘আশী কিলোমিটাৰ প্ৰতি ঘণ্টা’ৰ ঘৰটো স্পৰ্শ কৰিবলৈ আগবাঢ়ি গৈছে, সেইটো ভাবিবলগীয়া আৰু একে সময়তে আচৰিত হ’বলগীয়া কথা৷ জীৱনত কোনোদিনেই দহ ৰাণৰ সীমা অতিক্ৰম কৰিব নোৱাৰা বেটছমেন এজনে হঠাৎ এদিন বেট ধৰিবলৈ আহি যদি এশ ৰাণৰ বিধ্বংসী ইনিংছ এটা

Read more

নাৰ্জীনিয়ৰৰ কৰ’ণা- জীমণি গগৈ

যোৱা কেইবাদিনো ধৰি নাৰ্জীনিয়ৰৰ মনটো অত্যন্ত অস্থিৰতা, খং আৰু হতাশাই আৱৰি আছে। এনেকুৱা লাগিছে যেন জীৱনটো তেনেই অসাৰ হৈ গৈছে। অতদিনে তিলতিলকৈ অর্জন কৰা  মনৰ প্ৰশান্তি,  চেলিব্ৰেটি ইমেজ, চাৰিওফালৰ মই মই পৰিবেশ সকলো যেন চকুৰ আগতে নিঃশেষ হৈ যাবলৈ ওলাইছে। যোৱা দিনবোৰত প্ৰতিদিনে ৰাতিপুৱা চকু মেলিয়ে ডাটা অন্ কৰাৰ পৰা ৰাতি দুপৰলৈ যেতিয়া ফে’চবুকখনৰ চাৰিওফালে কৰ’ণা বিষয়ক আপডেটবোৰ দেখি থাকে কিবা বমি বমি ভাব এটা আহে নাৰ্জীৰ। গাটো ঠিক জ্বৰ নহয় কিন্তু কিবা জ্বৰ জ্বৰ টাইপ ফিলিং এটা আহে। দিনৰ

Read more

অথঃ গীতা কোৰাণ সংবাদ- সঞ্জীব কুমাৰ ভট্টাচাৰ্য

শিখণ্ডী কৃষ্ণৰ ওচৰলৈ আহি সুধিলে, “হে বাসুদেৱ, মই আপোনাৰ অধিক সময় নষ্ট নকৰো। মোক মাথো এটা প্ৰশ্নৰ উত্তৰ দিয়ক যে পাণ্ডৱ আৰু কৌৰৱৰ এই যুদ্ধ হ’ব নে নহয়?” “চাওক শিখণ্ডী, আপোনাক দিবলৈ অধিক সময় মোৰ ওচৰত নাই, অকল মোৰেই কিয় পৃথিৱীৰ কাৰো ওচৰতেই অধিক সময় নাথাকে। মানুহৰ জীৱনটো ক্ষন্তেকীয়া। গতিকে এইখিনি সময় আমি ভাল কামত ব্যৱহাৰ কৰা উচিত। মই শান্তিদূত হৈ হস্তিনাপুৰলৈ যাবলৈ ওলাইছোঁ মহাৰাজ ধৃতৰাষ্ট্ৰক লগ ধৰিবলৈ। যুদ্ধ বিগ্ৰহ বাদ দি কৌৰৱ আৰু পাণ্ডৱৰ মাজত শান্তি প্ৰতিষ্ঠা কৰিব পাৰিলেই

Read more

আজাদী (হেবাঙৰ_দিনলিপি) : পার্থ প্ৰতীম শৰ্মা

হেবাং মানুহটো চিধা-চাধা। বেছি ভেজাল কথা সি ভালো নাপায়, বুজিও নাপায়। তাক হেনো এদিন কোনোবাই ক’লে-দেশৰ খবৰ ৰাখিব লাগে, সদায় বাতৰি চাব লাগে। সেইদিন ধৰি সি আজিলৈ এদিনো বাতৰি চাবলৈ এৰা নাই। আন একো নহ’লেও অন্ততঃ সন্ধিয়াৰ বাতৰি সি চাবই চাব। মই গাঁৱলৈ গ’লে সি মোক তাৰ হাজাৰ প্ৰশ্নৰে আগুৰি ধৰে। সিদিনাৰ কথা। মাজতে হেনো হেবাঙে সপোনত কোনোবা এজন মানুহ দেখিলে। মানুহজনৰ মুখখন ধোঁৱা ধোঁৱা। প্ৰথমে হেনো হেবাঙে ভয়েই খাইছিল ভূত-প্ৰেত কিবা হ’ব বুলি। পিছতহে গম পালে কোনোবাই চিনি পাব

Read more
1 29 30 31 32 33 78