ফটাঢোল

ভেৰিফিকেচন- ৰিংকু সমাদ্দাৰ

: কাকা, মই আজিকালি সিগলা্খান কাম নক্ৰু। কিত্তা বাতে বাদ দিছু। তই ভয় কইৰবা নাংগে, আহ। – গিণ্টুদাই দূৰৰপৰাই চিঞৰি চিঞৰি মানুহজনক ক’লে। : …………………………… : তই বিশ্বাস কৰ, এতে সেগলা্ কাম নোহৈ। মই সঁচাকে কৈছু। লাগা হ’লি তই এতে বেলেগ কাবাক  সুধি চা। :  ………………………….. : তই যদি মোৰ তাতে ভয় কৰা, বেলেগে কৈৰবো আহ তোনধোৰ কাম। তই খালী মাহনুটু আহ। গিণ্টুদাৰ পিছে পিছে চুচুক-চামাককৈ মানুহজন হলঘৰটোৰ ভিতৰলৈ সোমাই আহিল। চকুত বিশ্বাস-অবিশ্বাসৰ দোমোজাৰ ভাব, কিছু শংকা আৰু ওচৰে-পাজৰে থকা 

Read more

পৰীক্ষা- নাজিয়া হাচান

পুতুকণৰ মাকৰ পুতুকণকলৈ বৰ চিন্তা। মানুহগৰাকী একমাত্ৰ পুত্ৰৰ পঢ়া শুনাক লৈ খুবেই চিৰিয়াছ। পুত্ৰই যদি কেতিয়াবা পৰীক্ষাত তেওঁ বিচৰা মতে নম্বৰ নাপাই তেওঁ তেতিয়া এটা সপ্তাহ চাদৰৰ মূৰটো চকুপানীৰে চপচপীয়া কৰি ৰাখে। পুতুকণৰ দেউতাক ৰহমান চাহাব কিন্তু এই বিষয়ত একেবাৰে পত্নীৰ বিপৰীত। অফিচৰ কামৰ মাজতো খেলা ধুলা, হাঁহি ফুৰ্তি কৰি ভালপোৱা মানুহজনে পুতেককো নিজৰ মতেই ৰাখিব বিচাৰে। কিন্তু পত্নীৰ শক্তিশালী ৰুল ৰেগুলেচনবোৰৰ আগত তেওঁ এইক্ষেত্ৰত একো ক’বলৈ, মাতিবলৈ বৰ এটা সাহস নাপায়। তথাপি পুত্ৰৰ মন বুজি, তাৰ শৈশৱৰ আনন্দখিনি নেহেৰাওক

Read more

মাইকেলৰ অসম দৰ্শন- অঞ্জলি গগৈ বৰগোহাঞি

বাপুকণৰ লগৰ মাইকেল বোলাটো আহিল নহয় বুজিছে। এয়া আপুনি আকৌ বাপুকণক চিনিকে নাপাওঁ বুলিয়ে ক’লে নহয়নে? আৰু সেইটো ক’ৰ মাইকেল বুলিহে সুধিলে ন? শুনক তেনে…বাপুকণ মানে আমাৰ সেই হৰকান্ত দাইটিৰ পেটমুচা পুতেকটো আকৌ৷ বুজিছে সৰুৰে পৰা বাপুকণ পঢ়াত বৰ চোকা আছিল নহয়, গতিকে পাছত কিবা হেনো চৰকাৰী জলপানি লৈ বিলাতত পঢ়িবলৈ গ’ল৷ গ’ল যি গ’ল একেবাৰে তাতেই থিতাপি ল’লে৷ বাপুকণক বাদ দি হৰকান্ত দাইটিৰ বাকী চাৰিটা ল’ৰা পিতাকৰ পৈতৃক মাটিখিনিকে লৈ খোৱা-কামোৰা কৰি গাঁৱৰ ঘৰতে থাকিল বাৰু৷ সেইখিনি কথা অৱশ্যে

Read more

সন্দেহ-ধৰ্মজ্যোতি ভট্টাচাৰ্য

আনক সন্দেহ কৰা স্বভাৱটো বৰুৱাৰ বাবে এটা এৰাব নোৱাৰা অভ্যাস৷ সৰুতে পৰীক্ষাত আগৰ বেঞ্চত বহা ল’ৰাটোক প্ৰশ্নৰ উত্তৰ সুধি সি কোৱা উত্তৰটো নিলিখি আন এটা লিখি থৈ অহা (পিছত যেনিবা ল’ৰাটোৱে কোৱা উত্তৰটোৱেই শুদ্ধ আছিল), সৰুতে মাকে তেওঁক কমকৈ মৰম কৰে আৰু ভনীয়েকক বেছিকে মৰম কৰে বুলি সন্দেহ কৰা, কোনোবাই তেওঁক কিবা খাবলৈ দিলে ঔষধ মিহলি কৰি দিছে বুলি সন্দেহ কৰা, মাজনিশা ৰাস্তাৰ কাষত সৰুপানী চুবলৈ গৈ কাৰোবাক দেখিলে পিছলা ভুত বুলি সন্দেহ কৰা, লুঙী পিন্ধা মানুহ দেখিলেই সেইজাত বুলি

Read more

মেৰী য়ু আৰ চ’ কিউট- নয়নজ্যোতি বৰঠাকুৰ

দেৱজিতৰ ঘৰত বিয়াৰ পূৰ্ণ আয়োজন চলিছে। ছোৱালী দেখুওৱা মানুহে দিয়া ছোৱালীৰ ফটোৰে মাকৰ বিচনাতল ভৰি গৈছে। সি মাত্ৰ ঘৰ পাইয়ে মাকে দিয়া পাত্ৰীৰ ফটোবোৰ এফালৰপৰা ৰূমত সোমাই চাই যায়। হেঁপাহ পলুৱাই চায় হয়, কিন্তু তাৰ পাছতে নামটো গম পালেই ছোৱালীজনীক জীৱনসংগিনী কৰিব নিবিচাৰে৷ বৰ পুৰণা নাম৷ সেইবোৰ নাম তাৰ বায়েকহঁতৰ দিনত মাক দেউতাকে দিয়া নামৰ দৰেই৷ নাই যিয়েই নহওক সি ইমান দিন ৰখিলে যেতিয়া আৰু অলপ ধৈৰ্য ধৰিব৷ তাৰ বন্ধুমহলৰ আগত নামটোৰ বাবেই সি কেতিয়াও লাজত পৰিব নোৱাৰে৷ সেইদিনা মাকে

Read more

সন্তান- পাৰ্থ গোস্বামী

(১) অপেক্ষা “আইতা আপোনাক কিমান ক’ম যে আপোনাৰ  কোনো ক’ল নাই অহা। আহিলে মই আপোনাক নিশ্চয় ক’ম। ” …. সাত বছৰ আগতে অৱসৰ লোৱা বৰা বাইদেউৰ অপেক্ষাৰ আজি অন্য এটি দিন। একমাত্ৰ পুত্ৰ বিদেশলৈ যোৱাৰ পৰা আজিলৈকে ভালকৈ এবাৰো কথা পতা নাই হোৱা। যাওতে মাথো কৈ গৈছিল যে সি আহি তেওঁক লৈ যাব আৰু বৃদ্ধ আশ্ৰমৰ নংটো নিজৰ ডাঙৰ ম’বাইলটোত চেভ কৰি লৈছিল। তেতিয়াৰ পৰাই বৰা বাইদেউৰ দিনটোৰ বেছিভাগ সময় পুতেকৰ পৰা আহিবলগীয়া ফোনটোৰ বাবে অপেক্ষা কৰোতেই যায়। পুৰণা চকী

Read more

ৰংমিলীৰ মিচিকিয়া হাঁহি- মৌচুমী হাজৰিকা

: মিলী! মিলী ঔ! হ’ল নে তোৰ। হঞে, শুনিছনে মিলী ঔ। ইমান দেৰি লাগেনে বাৰু? ৰাইজখন আহিলেই চাগে ঐ! মিলী! মিলী…. : ঐ মিলী! জুলী ঐ! ঐ পাহি কপৌফুল লাগে যদি বিহুৱান এখন এখন লৈ আহিবি হ’লে! নহ’লে নেপাৱ কিন্তু দেই! বুলি উকিয়াই থৈ যোৱা মাতটো শুনি বুকুখন যেন ধুক কৈ গল ৰংমিলীৰ! উস্‌! হয় সেয়া যে ৰংমন! তাইৰ ৰংমন! শোৱা কোঠাৰ সৰু বাঁহৰ খিৰিকীখনৰ চিল্ক কাপোৰৰ পৰ্দাখনৰ চুক এটা দাঙি ডিঙিটো উজাই চালে তাই। চাইকেল লৈ পাৰ হৈ যোৱা

Read more

দেউতাকৰ চখ-মিনতি ভাৰ্চেজ মিনি- মানস শইকীয়া

: ৰাহুল, তহঁতৰ বছক দেখিলোঁ৷ বাঃ! আবে, চানগ্লাছ  লগাই বুলেট চলাই যি চালত গৈছে নহয়, কিছু লাগিছে৷ ৰচোন দেই, তই বুলেট কেতিয়া কিনিলি? : কিনিলি নহয় দেউতাই কিনিলে, কালি৷ দেউতাৰ সৰুৰে পৰাই চখ আছিল, বুলেট এখন চলাই ৰাজকীয় ষ্টাইলত ঘূৰি ফুৰাৰ৷ কেবাবাৰো মোক কৈছিল৷ সিদিনা মই গাড়ীখন কিনি আনোতে দেউতাই বুলেট কিনাৰ কথা কৈছিল যদিও ভৱা নাছিলো সঁচাই কিনিব বুলি৷ ৰাহুলৰ দেউতাক মানে ৰমেন্দ্ৰ কুমাৰ বৰুৱা ওৰফে ৰমেন বৰুৱাৰ কথা কাণ্ডবোৰ এনেকুৱাই৷ সৰুতে যথেষ্ট কষ্টৰ মাজেৰে পঢ়াশুনা কৰি চাপ্লাই অফিচত

Read more

বান্ধোন- ৰূপাংকৰ চৌধুৰী

অইন দিনাতকৈ আজি অলপ সোনকালে সৰলা বজাৰলৈ আহিল৷ আজিৰ দিনটো এক বিশেষ-সৰলাৰ বাবে৷ সিহঁতৰ গাঁৱৰ পৰা চহৰলৈ অহা পুৱাৰ প্ৰথমখন গাড়ীতেই আহিল৷ চহৰৰ দৈনিক বজাৰখনৰ নিজৰ পচন্দৰ ঠাই এদোখৰত বস্তাটোৰ নমাই তাই কিছু সময় জিৰালে৷ চহৰখনৰ এটি অতি পুৰণি পুখুৰীৰপাৰত বহা এই বজাৰখন বহুত বেছি পুৰণি নহয়৷ সৰলাহঁত সৰু থাকোঁতে যেতিয়া চহৰলৈ আহিছিল তেতিয়া এই বজাৰখন নাছিল৷ কিন্তু দিনক-দিনে গাঁৱৰ পৰা মানুহ উঠি আহি চহৰ ভৰি অহাৰ লগে-লগে চহৰৰ মূল হাটখনৰ পাচলি আৰু মাছৰ দৈনিক বজাৰখনে ক্ৰেতাৰ চাহিদা পুৰণ কৰিব

Read more

নীলপৰী নীলাঞ্জনা- বৰ্ণালী এছ মুদৈ

হাইয়াৰ চেকেণ্ডৰী পঢ়ি থকা সময়তে ফেচবুকত ‘নীলপৰী নীলাঞ্জনা’ আই.ডিৰ এজনী জুনিয়ৰ ভণ্টিৰ লগত প্রায়ে কথা হৈছিল। ৰাতিৰ সাঁজ খোৱাৰ পাছত তাই নিজেই মোক মেচেজ কৰিছিল। তাই কথাবোৰৰ মাজত অধিকাংশই প্রশ্ন থাকে, সেইবোৰ আকৌ মেকআপ, ড্রেচ আপ সম্পর্কে। “আচ্ছা বা, কোন ব্রেণ্ডৰ লিপষ্টিক ভাল? বা, পিংক কালাৰ কাপোৰ ধুনীয়া লাগে নে  ব্লু কালাৰ? হাই হিল চেণ্ডেলে মোক ভাল লাগিব নে বা?” যদিও সেইবোৰৰ সম্পর্কে মোৰ তেনে কোনো বিশেষ ধাৰণা নাছিল তথাপিও তাইক সৰু সুৰা ছাজেষ্ট কৰি দিছিলোঁ, আফটাৰ অল ভণ্টি বুলি

Read more
1 30 31 32 33 34 78