ফটাঢোল

বান – জুমি ভূঞা বৰা

মোবাইলৰ ভাইব্ৰেশ্যনত অৰূপৰ টোপনি ভাগিল। গেট গাৰ্ড মতিৰ ফোন “ছাৰ পানী সোমাল।” – কি ??? কাষতে শুই থকা পপীও খপজপকৈ উঠি বেলকনিলৈ ওলাই আহি তললৈ চাই দেখে ইতিমধ্যে সিহঁতৰ প্ৰকাণ্ড ঘৰটো জলমগ্ন। কোটি টকীয়া মাটিখিনি কিনোঁ‌তে সিহঁতে প্ৰথম পানী সোমাই নে নাই এইখিনিত বহুতকে সুধি লৈছিল। পিছে… চৰকাৰক, হোৱাই নোহোৱাই ঘৰ বনাই টকাৰ বাহাদুৰী দেখুওৱা মানুহক, অৰূপক কথা শুনাই শুনাই বিছনালৈ গ’ল পপী। অৰূপ বেলকনিতে ৰ’ল। আকাশলৈ চালে গুৰু পূৰ্ণিমাৰ জোনটোৰ কোনো চিন চাব নাই। ক’লা ডাৱৰে আৱৰি আছে গোটেইখন।

Read more

ফটাফট – টুইংকল পাঠক

পদুমী দৌৰি গৈ খুৰীয়েকৰ ওচৰ পালে। খৰকৈ উশাহ লৈছে তাই খুৰীয়েকৰ ওচৰ পায়। খুৰীয়েকে তাইক দেখি ক’লে, : কি হ’ল অ’ ইমান দৌৰি কিয় আহিছ? লাহে লাহে আহিলে নহয়নে তোৰ? : নহয় খু বৰ ডাঙৰ কথা, মায়ে তোক মাতিছে আমাৰ ঘৰলৈ। তাই খৰ খৰকৈ উশাহ‌ লৈ‌ উত্তৰ দিলে। : কিয় মাতিছে অ’? কাৰোবাৰ কিবা হ’ল নেকি? : ধেৎ একো হোৱা নাই, আমাৰ ৰঙিলী বাইক চাবলৈ ‌দূৰৈৰ পৰা ল’ৰা এজন ঘৰৰ মানুহৰ লগত আহিছে। তোক মাতিছে বায়ে কি কি কথা কেনেকৈ

Read more

ভৌতিক – সমুজ্জল কাশ্যপ

সীমা বাইদেউ। ক্লাছত সকলোৱে ভয় কৰা আমাৰ স্কুলৰ ইংৰাজীৰ শিক্ষয়িত্ৰীগৰাকী। অসীমা তালুকদাৰ তেওঁৰ নাম। আমাৰ সৰু চহৰখনত সীমা বাইদেউ বুলিয়েই সকলোৱে জানে তেওঁক। তেওঁৰ মুখত হাঁহি খুব কম দেখা যায়। সকলোৱে তেওঁক সমীহ কৰি চলে। খুবেই খঙাল বুলি তেওঁৰ নাম আছে। চিঞৰ-বাখৰ, হাহি-খিকিণ্ডালি কৰি থকা ক্লাছটো তেওঁ সোমোৱাৰ লগে লগে নিমাত নিস্তব্ধ হৈ পৰে। অৱসৰ ল’বলৈ হয়তো আৰু বেছি সময় নাই বাইদেউৰ, তেওঁৰ বহুকেইগৰাকী ছাত্ৰীয়ে ইতিমধ্যে একেখন স্কুলতেই শিক্ষকতা কৰি আছে। ক্লাছতো তেওঁ বেছি কথা নকয়। তেওঁ পঢ়াবলগীয়াখিনি সামৰি নিজৰ

Read more

চিপেশ্বৰ – মাতু কুকুৰাছোৱা

চিপেশ্বৰ নামটো শুনি চাগৈ আপোনালোকে ভাবিছে আগে পিছে নুশুনা কেনেধৰণৰ অদ্ভুত নাম এইটো! পিছে এই নামটো কেনেকৈ আৱিষ্কাৰ হ’ল জানানে, শুনো আহক। আমাৰ গাঁৱৰে বৰ খঙাল মানুহ এজন আছিল। ঘৰৰ গিৰিহঁতনীৰ সৈতে নাইবা আন কাৰোবাৰ সৈতে এখুন্দা লাগিলেই হ’ল। ঠেন ঠেন, মেন মেনকৈ হাউচ্ হাউচ্ উশাহ দুটানমান টানি শোৱনি কোঠাৰপৰা কপাহী চাদৰ এখন লৈ ফু- ফুৱাই ওলাই যায় চিপ ল’বলৈ আৰু সকলো নিশা শুৱাৰ পাছত ঘৰলৈ থেৰো গেৰোকৈ উভতি আহি মনে মনে শুই থাকে। এতিয়া আপুনি চাগে ভাবিছে, চিপ লোৱা

Read more

ফেমিলি – সম্পূৰ্ণা শৰ্মা

আজি কেইদিনমানৰপৰা নিলাক্ষীৰ শহুৰেকৰ গা খুবেই বেছি বেয়া। কাৰণটো নিলাক্ষীয়ে নজনা নহয়। তাই আৰু অভিজিতৰ সৰুৰেপৰা চিনাকি আৰু সেই সূত্ৰেই বিয়া। ৫ বছৰ ধৰি সিহঁতৰ সংসাৰ সুখেৰেই চলি আছিল। পিছে, অভিজিতে নতুনকৈ লোৱা স্মাৰ্ট মোবাইলটোৰ বাবেই সিহঁতৰ কাজিয়াখন হ’বলৈ পালে। ৰাতি ৰাতি হোৱাট্চ আপত অনলাইন থকাৰ কাৰণ অভিজিতৰ নতুন ফেচবুক ফ্ৰেন্দ উপাসনা। চিনাকি হোৱাৰপৰাই ভাল বেয়া সকলো খবৰ ইজনে সিজনৰ ৰাখিয়েই আছে। প্ৰথম অৱস্থাত উপাসনাৰ কথা নিলাক্ষীক সি কৈছিল। পিছলৈ নোকোৱা হ’ল। ঘৰৰ কাষৰে জিতেনৰ পুতেকৰ এটা স্মাৰ্ট ফোন আছে।

Read more

নাইপিয়া – পৰিস্মিতা বৰদলৈ

ল’ৰাটোৰ বয়স তেতিয়া মাথো ৯ বছৰ আছিল, যেতিয়া ৰতন মাষ্টৰে তাক ৰে’ল ষ্টেচনটোত কান্দি থকা দেখা পাই লৈ আহিছিল আৰু মাণিকী বুঢ়ীক গটাই দিছিল। ল’ৰাটোৱে কোৱামতে চাপৰিৰ পিনে ঘৰ আছিল সিহঁতৰ, বলীয়া বানৰ কবলত মাক দেউতাক আৰু ভনীয়েক সকলোকে হেৰুৱালে৷ সি কোনোমতে বাচি গ’ল৷ তাৰপিছত আৰ ঘৰত এদিন তাৰ ঘৰত এদিনকৈ কাম কৰি কৰি এদিন এখন লাইন হোটেলত ‘পোৱালি’ চাকৰি পালে। কেতিয়াবা চাহকাপ ঠাণ্ডা হ’লেও চৰটো আকৌ কেতিয়াবা ৰুটিখন টান হ’লেও ভুকুটো ‘পোৱালি’ য়েই খাব লগা হয় গ্ৰাহকৰ পৰা। এদিন

Read more

তৃপ্তি –জিমী শ‌ইকীয়া

আঢ়ৈ বছৰীয়া পুত্ৰ গীতৰ কথাত হতচকিত হ’ল সীমা আৰু মন।দুয়ো দুয়োৰে চকুলৈ চালে ।আজি প্ৰথম সি এইকেইটা শব্দ কৈছে ।ফুটা নুফুটা শব্দ কেইটা শুনি হাঁহিও উঠিছে । ভাত খাবলৈ মন নকৰি দুষ্ট কৰি থকা গীতক ধমক দি খুৱাবলৈ চেষ্টা কৰিছিল সীমাই। সমান ধমক দিয়ে কণমানি গীতে আঙুলি টোৱাই মাকক ক’লে,”কেনা,থুটমালনি।নাকাওঁ যা।” ভাত খাই থকা মন কোনোমতে চৰ্চণি নোখোৱাকৈ ৰ’ল। “ক’ত শিকিলে ই।আমাৰ ঘৰততো কোনেও এনেকৈ নকয়।” “তাকেইতো।এইবোৰ কোনে শিকাইছে বাৰু ইয়াক !” “দেউতাৰ আগত নক’লেই ৰক্ষা আৰু! দেউতাই বেয়া পাই

Read more

বিভ্ৰাট–কৰবী দত্ত

ফোনটো হাতত লওঁতেই টুং কৈ বাজি উঠিল। মেচেঞ্জাৰত মেছেজ আহিছে। এইখিনি সময়ত কোননো হ’ব পাৰে সুৰঞ্জিতাৰ বাহিৰে? হয়, সুৰঞ্জিতাই হয়। ফোনৰ স্ক্ৰিনত এশাৰী প্ৰশ্নবোধক চিন। বুজিলোঁ; মই কি কৰি আছোঁ সুধিছে। শুবলৈ লৈছোঁ বুলি উত্তৰ দিয়াৰ লগে লগে আকৌ এটা মেছেজ। আজি কিছুদিনৰ পৰা আমাৰ এইটো অভ‍্যাসেই হৈ পৰিছে। মেছেঞ্জাৰত দীঘলীয়াকৈ কথা পতা। সুৰঞ্জিতাক মই আজিলৈকে লগ পোৱা নাই। কিন্তু আমাৰ বন্ধুত্বই ইতিমধ্যে চাৰিমাহ অতিক্ৰম কৰিছে। প্ৰথমে তায়েই ফেচবুকত বন্ধুত্বৰ প্ৰস্তাৱ আগবঢ়াইছিল। মোৰ দৰেই তাইৰো কোনো প্ৰফাইল ফটো নাছিল। তাইৰ

Read more

প্ৰতিপক্ষ – দীপাঙ্ক বৰা

হেলমেটটো মূৰত সুমুৱাই খেল পথাৰৰ ভিতৰত খোজ দিবলৈ লওঁতেই কলেজ টিমৰ কেপ্তেইনে পিঠিত ঢকিয়াই ক’লে, : তই যেনেতেনে এক ৰাণ লৈ আজাদক ষ্ট্ৰাইক দি দিবি৷ ভয় নকৰিবি৷ চাল্লা! ভাল ভাল গোটেইকেইটা বেটচমেনে ছয় সাত ৰাণ কৰি পেভেলিয়নলৈ ঘূৰি আহিছে; ইফালে জিকিবলৈ তেতিয়াও নব্বৈ ৰাণ লাগে৷ আঠটা উইকেট গ’লেই। হৰাটো প্ৰায় নিশ্চিত। এতিয়া কেপ্তেইনে মোৰ পিঠিত ঢকিয়াই সাহ দিবলৈ আহিছে! আনহাতে নিজে এক ৰাণ কৰিয়েই আউট হ’ল। ক্ৰিজৰ ফালে আহি থাকোঁতে মোৰ ক্ষীণ-মীন, ছুটি-চাপৰ চেহেৰা দেখি প্ৰতিপক্ষৰ ছোৱালীতো বাদেই আমাৰ কলেজৰ

Read more

টিট ফৰ টেট — পৰশমণি কাশ্যপ

জাৰৰ দিন। ব্লেংকেটখন মূৰলৈকে টানি শুই আছিলোঁ। চাগে সাতমান বাজিছিল। বাহিৰত চিঞৰ-বাখৰ শুনি সাৰপাই গ’লোঁ। ভালকৈ কাণ উনালোঁ। মায়ে কাৰোবাক গালি দি আছে। সচৰাচৰ মায়ে কাকোৱেই গালি নিদিয়ে। এই পুৱাই পুৱাই কাৰ লগত কি লাগিলনো! এলাহ লাগিল। তথাপিও চুৱেটাৰটো গাত সুমুৱাই উঠি আহিলোঁ। : এনে অসভ্য মানুহ থাকিব লাগেনে! মায়ে তেতিয়াও গালি দিয়ে আছে। দেউতা কি বাটত…. : কি হ’ল অ’ মা। কাক গালি পাৰি আছ? : চাগৈ চোন বাটত। নতুন দেৱালখনত কোনোবাই তামোলৰ পিক্ পেলাই থৈছে। : কি? একে

Read more
1 42 43 44 45 46 78