ফটাঢোল

টকৌ চাৰৰ জপৌ কইনা — গীতিকা শইকীয়া

হলঘৰটোত ইংৰাজীৰ ক্লাছ চলি আছে। এই ক্লাছটো দ্বাদশ শ্ৰেণীৰ গোটেইকেইটা শাখা মিলাই কৰা হয়। ৱৰ্ড্চৱৰ্থৰ কবিতাৰ ওপৰত বুজাই আছে চাৰে। “আই ৱান্ডাৰেড ল’নলী এজ এ ক্লাউড” কবিতাটোত চাৰে দিয়া বিশেষ ব্যাখ্যাৰ অৰ্থই ছাত্ৰ-ছাত্ৰীসকলক বাৰুকৈয়ে আকৰ্ষণ কৰে। চাৰ মানে টকৌ চাৰ। প্ৰকৃত নাম মোহন চন্দ্ৰ বৰুৱা। কিন্তু ছাত্ৰ-ছাত্ৰীবোৰে চাৰৰ অজ্ঞাতে টকৌ চাৰ বুলি কয়। মূলতে ৱৰ্ড্চৱৰ্থেই হওক অথবা পি বি শ্বেলীৰ “এ ড্ৰিম অৱ দ্য আননৌউন”-য়েই হওক, টকৌ চাৰে দিয়া সেই কবিতাবোৰৰ অন্তৰ্নিহিত ব্যাখ্যা শুনিলে শুনি থাকিবৰ মন যায়। অৱশ্যে ল’ৰা-ছোৱালীবোৰে

Read more

মিছা কথাৰ ঠেং চুটি — অভিজিত মেধি

এক : আৰম্ভণি মধ্যাহ্ন বিৰতিলৈ তেতিয়াও এটা ক্লাছৰ ব্যৱধান। পাচে ৰৈ থাকিবলৈ মোৰ সময় নাই। ফিজিক্সৰ ক্লাছটোৰ পাছত ইংৰাজীৰ ক্লাছটো বাংক মাৰি চিধাই হোষ্টেল পাইছিলোঁ। ইংৰাজীৰ ক্লাছটো দেৱেন দত্ত ছাৰৰ আছিল। হাতত অদৃশ্য তৰোৱাল এখন লৈ ক্লাছটোত পায়চাৰি কৰি তেওঁ মেকবেথ জাতীয় কিবা এটা পঢ়ুৱালেহেঁতেন। কিন্তু মোৰ হাতত তেতিয়া মেকবেথৰ জীৱন বৃত্তান্ত শুনাতকৈ বেছি জৰুৰী কাম। প্ৰায় লৰ মাৰি হোষ্টেল পাইছিলোঁহি। হাতত গোলপীয়া ৰঙৰ এখন মেমোবুক। আঃ কবিতা কবিতা গোন্ধোৱা এখন মেমোবুক, গুড় খাই মৰি যাব পৰাকৈ মতলীয়া কৰি তুলিব

Read more

দিল দেকে দেখো — চৈয়দা চেমিন ইছলাম

“দিল দেকে দেখো, দিল দেকে দেখো…” গানটো গাই গাই যোৱা দুমাহে নন্দুৱে ৰাধিকাৰ পিছ লৈছে৷ পিচে তাইহে তাক অলপো পাট্টাই দিয়া নাই। এষাৰ কথা পতাটোতো দূৰৈৰ কথা তাৰ পিনে এবাৰলৈও ঘূৰিও নাচালে ইমান দিনে। কাঁচৰ আইনা লগোৱা চেপেটা কাঠৰ বাকচটোৰ ভিতৰত কনমানি ছোৱালীজনীৰ পৰা বৃদ্ধা মহিলা এজনীলৈকে সকলোৰে বাবে কাণৰ-নাকৰ-হাতৰ সকলোখিনিয়েই মজুত আছে নন্দুৰ ওচৰত। বিন্দি, মেহেন্দী, পুতলা, ক’লা সূতা, ৰঙা সূতা আনকি সেন্দুৰৰ টেমাটোও আছে তাৰ এই যাদুকৰী বাকচটোত। চাইকেলখনৰ পিছ ফালৰ চিটটোতো মাইকী মানুহৰ মেক্সি, পেটিকোট আদি কিছুমান

Read more

আই. চি. ইউ. — পাৰ্থ প্ৰতীম শৰ্মা

মই একোৱেই নাজানোঁ বুজিছে। কালি গধূলি ঘপহকৈ এওঁৰ বুকুখন কিহবাই হেঁচা মাৰি ধৰিলে, উশাহ লোৱাত কষ্ট হ’বলৈ ধৰিলে। তাৰপিছত, এওঁ দেখোন মুখৰ এফাল লৰচৰ কৰিব নোৱাৰা হ’ল। মন কৰি দেখিলোঁ – এওঁৰ দেহৰ এফাল অলৰ-অচৰ, দেহৰ বাওঁফালৰ কোনো অংগতেই সংবেদনা নাই। মই ভালকৈ বুজি নোপোৱাত কাষৰ ঘৰৰ ৰুবুলক মাতিলোঁ। ৰুবুলে কিবা “পেচাৰ ষ্টক” হোৱা বুলি তেওঁক ততাতৈয়াকৈ প্ৰাথমিক চিকিৎসালয়লৈ লৈ গ’ল। পিছে তাত ডাক্তৰে নাৰাখিলে। সেইখনত হেনো কিবাকিবি সুবিধা নাই। ৰাতিয়েই আমি এই ডাঙৰ হস্পিটেলখনলৈ আহিলোঁ। ইয়াত হেনো সকলো সুবিধা

Read more

নৈশবাছত মই — মানস শইকীয়া

ঠিক ধৰক, ৰাতি আপুনি ভাতকেইটা খাই উঠি বিছনালৈ আহিছে৷ আপোনাৰ গোটেই দিনটো যথেষ্ট পৰিশ্ৰম হৈছে৷ আপুনি ভাবিছে বিছনাত পৰিলেই আপোনাক লালকাল টোপনিয়ে হেঁচি ধৰিব৷ কিন্তু, এয়া কি? নিদ্ৰাদেৱীয়ে দেখোন আজি ঠেঁহ পাতিছে৷ নাই কোনোপধ্যেই টোপনি নাহে৷ কি কৰিব আপুনি? ওলোটাকৈ নেওতা মাতিও টোপনি আনিব পৰা নাই৷ নৈশ চকিদাৰবোৰৰ এটা কথা মন কৰে নে? তেওঁলোকৰ মাজৰাতি উদ্ভট আচৰণ কিছুমান, এই ধৰক ঘটংকৈ কিবা এটাত মাৰ মাৰি দিলে, মৰমতে নিজৰ টিফিনৰ ৰুটি খুওৱা কুকুৰটোকে গোৰ এটা মাৰি দিলে ইত্যাদিবোৰ৷ কিয় কৰে জানে

Read more

ড্যা ট্ৰেপ – ভাস্কৰজ্যোতি দাস

পুহ মাহৰ এটি ঠাণ্ডা পুৱা৷ চৰাইপুং ব’ৰ্ডাৰ আউটপ’ষ্ট৷ পুৱা প্ৰায় চাৰে-চাৰি বাজিছে৷ ব’ৰ্ডাৰ আউটপ’ষ্টৰ চ’লাৰ লাইটবোৰৰ পোহৰ কমিছে৷ এইকেইদিন ৰ’দ নাই বাবে বেটেৰীবোৰ চাৰ্জ লোৱা নাই৷ পুলিচ বেৰেকটো শান্ত হৈ আছে৷ সমানে শান্ত হৈ আছে চি.আৰ.পি.এফৰ ফিল্ড ইউনিটটো৷ ইনফৰ্মেচনটো অহাৰে পৰা ডি.এচ.পি. বিজয় কলিতা, ব’ৰ্ডাৰ মেজিষ্ট্ৰেট অভিজিত কাকতি, এচ.ডি.পি.অ’ ৰিমঝিম দত্ত, প্ৰ’বেচ্যনাৰ আই.পি.এচ. ৰিণ্টুমণি কলিতা আহি পুলিচ বেৰেকটোত আছেহি৷ একেদৰে চি.আৰ.পি.এফ.ৰ ফিল্ড ইউনিটত যোগ দিছে ডেপুটী কামাণ্ডেণ্ট দেৱজিত বৰঠাকুৰ আৰু দিম্পল মহন্তই৷ বিজয় কলিতাৰ ম’বাইলটো বাজি উঠিল৷ সিমূৰত সেই এলেকাটোৰ

Read more

পুৰুষ-কাপুৰুষ – সুনীল দত্ত

“পুৰুষ সদায় পুৰুষৰ দৰে হ’ব লাগে। বিয়া কৰাই আনিছ যেতিয়া পাকঘৰৰ হেতা কেৰাহীৰ লগত আকৌ কিহৰ মিতিৰালি পাতিছ সৰুবাপু? ৰন্ধা-বঢ়া, ধোৱা-পখলা এইবোৰ ঘৈণীয়েৰৰ কাম। ঘৈণীয়েৰক বেছি লাই নিদিবি। নহ’লে পিছত নিজেই পস্তাবি। কোনদিনা ঘৈণীয়েৰে মেখেলা ধুবলৈ দিয়ে গমেই নাপাবি।” – চাকিবলৈ আগুৱাই দিয়া মাংসৰ বাতিটো হাতত তুলি লৈ হৰেণ খুড়া গৰজি উঠিল। হৰেণ খুড়াৰ কথাৰ ওপৰত কথা কৈ লাভ নাই বুলি জানিও লাহেকৈ মাত দিলোঁ – “নহয় মানে খুড়া, এওঁৰ মূৰটো বিষাইছে হেনো। সেইকাৰণে গধূলিৰপৰা শুই আছে। মইতো ঘৰত নাথাকোৱেই,

Read more

মৰীচিকা – অঞ্জলি গগৈ বৰগোহাঁই

স্নেহা! সেইজনী স্নেহা এটা সময়ত আছিল অনুজৰ স্কুলীয়া লগৰী। শ্ৰেণীত সিহঁত দুয়োৰে বাবে সদায় প্ৰথম আৰু দ্বিতীয় স্থান দুটা ধৰা বন্ধা থাকে। একেই শ্ৰেণীত পঢ়ে যদিও সাধাৰণতে সিহঁতে ইটোৱে সিটোৰ লগত কথা নাপাতিছিল। স্নেহাই যিদৰে অনুজক এৰাই চলিছিল ঠিক তেনেকৈ অনুজেও স্নেহাক। উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সিহঁত দুয়ো আশা কৰাৰ দৰেই ফলাফল ভবাৰ দৰেই হ’ল মানে ডিষ্ট্ৰীংচনসহ পাছ কৰিলে। তাৰপিছত একেখন স্কুলতে স্নেহাই ক’লা শাখাত আৰু অনুজে বিজ্ঞান শাখাত নাম ভৰ্তি কৰিলে। উচ্চতৰ মাধ্যমিক পঢ়োতে অনুজৰ চকুৱে লাহে লাহে স্নেহাক

Read more

উভটনি যাত্ৰা – ৰিতন বৰুৱা

সময়মতে সুকলমে বিয়াখন পাৰ হৈ গ’ল। ন-কইনা আহি দৰাৰ ঘৰ সোমালহি। ন-বোৱাৰী চাবলৈ ওচৰৰ মহিলাসকল মাজে মাজে এগৰাকী দুগৰাকীকৈ এতিয়াও আহি আছে। চহৰখনৰ মাজমজিয়াতে থকা প্ৰকাণ্ড অট্টালিকাটো শান্তনুৰ ককাক-আইতাক, মাক-দেউতাক, ককায়েক-বৌয়েক, ভতিজা-ভতিজীৰে পৰিপূৰ্ণ হৈ আছে। পঢ়ি থকা সময়তে কোনোবা এদিন শান্তনু আৰু ৰৌজিৰ মাজত ক’ব নোৱাৰাকৈ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। ভৱিষ্যত গঢ়াৰ তাগিদাত দুয়ো সময়ৰ ধামখুমীয়াত নিজৰ নিজৰ লক্ষ্যৰে বাট বুলিছিল যদিও যোগাযোগ ঠিকেই ৰাখিছিল। ৰৌজিয়ে শান্তনুক মৰমতে চানু নাম দি মাতিছিল আৰু শান্তনুৱে ৰৌজিক ৰ’জ বুলি মাতিছিল। সময়ৰ

Read more

ৰূপান্তৰ – প্ৰশান্ত মল্ল বুজৰবৰুৱা

এইবাৰ বাটৰ আমজোপা বেছিকৈ মলিয়াইছে৷ এইজোপা আমৰ বিষয়ে গাওঁখনৰ কোনেনো নাজানে৷ গোটেই গাওঁখনত বিছাৰিলেও তেনে আম দ্বিতীয় এজোপা পাবলৈ নাই৷ শুনিবলৈ পোৱা মতে সাবিত্ৰী বৰুৱা বোৱাৰী হৈ অহা বছৰৰে পৰা হেনো এই আমজোপা মলিয়াইছিল৷ বোৱাৰী হৈ আহিয়েই নিজৰ মাত কথা, ব্যৱহাৰেৰে সকলোৰে হিয়াত ঠাই লৈছিল এই সাবিত্ৰী বৰুৱাই৷ গাৱঁৰ সকলোৱে কৈছিল এজনী লখিমী বোৱাৰী বুলি৷ সময় আগবাঢ়ি গৈ থাকিল৷ এদিন বোৱাৰী হৈ অহা সাবিত্ৰী বৰুৱা আজি নিজেই তিনিজনী বোৱাৰীৰ শাহু হ’ল৷ অৱশ্যে ঘৰখনত সাবিত্ৰী বৰুৱাৰ সৈতে সৰু ল’ৰা পৰেশ আৰু

Read more
1 44 45 46 47 48 78