ৱাইফ মোৰ শ্লিম -দিগন্ত কুমাৰ ভট্টাচাৰ্য
যোৱাবছৰৰ এদিন। কৰ’ণাৰ প্ৰথমভাগ সন্ত্ৰাস কিছু কমাৰ পাছতে জালুকবাৰীৰ ওচৰত চিনাকি এঘৰত বিয়াৰ নিমন্ত্ৰণ আছিল। বিয়া বা আন তেনেধৰণৰ নিমন্ত্ৰণ থাকিলে আমি সাধাৰণতে সেইদিনা ঘৰত বিশেষ একো নাখাওঁ। পাৰিলে খাৰ খাওঁ। খাৰ খালে হেনো হজম হোৱাৰ পাছত বেছিকৈ খাব পাৰি। সেইদিনাও আমি পুৱাৰে পৰা একো খোৱা নাছিলোঁ। দুপৰীয়া অকল ভাত, ডাইল আৰু খাৰ। আচলতে, আমি বহুত হিচাপ কৰি চলিবলগীয়া হয়। অহা-যোৱাৰ বাহিৰে উপহাৰৰ খৰচটোও থাকে। গতিকে, ভালকৈ পেট পূৰাই খাই নাহিলে অশান্তিয়ে আগুৰি ধৰে মনটো। আবেলি বিয়ালৈ যাবলৈ ওলোৱাৰ সময়ত
Read more