বৰ্ণমালাৰ মেল-নীলাঞ্জনা মহন্ত
কই বোলে আনা কলম, লিখিম এটা পদ্য৷ খই বোলে আনা মলম, খৰ হৈছে বৈদ্য৷৷ গই বোলে পৰিছে গৰম, আনা এঘটি পানী৷ ঘই বোলে ঘামত তিতি ছিগিল ফটাকানি৷৷ ঙই বোলে খঙতে হেনো পৰিল ৰঙাচিঙা৷ চই বোলে চকুত পৰিছে কিবা চগাৰ পাখি৷ ছই বোলে ছাঁতে শুকাল মুঠিতে লুকাল দেখি৷৷ জই বোলে জহকাল নাহোঁতেই কিহৰ বিননি ঝই বোলে ঝৰ্ণাৰ পানীকে দিম নেকি আনি৷ ঞই বোলে চিঞৰিব নালাগে হেৰা মহাৰাণী৷৷ টই বোলে টাকুৰী ঘূৰাদি আছোঁ তাঁতবাতি৷ ঠই বোলে ঠগি নাখাওঁ নিজৰে কাঁহীবাতি৷৷ ডই বোলে
Read more